ভাব প্ৰকাশৰ বাবে কথাৰে তথা দেহৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গৰ সঞ্চালনেৰে এজনে আন এজনৰ লগত মত বিনিময় কৰাটোৱেই কালক্ৰমত নৃত্য বা নাচৰ ৰূপ ললে বুলি সচৰাচৰ জনা যায়। মানুহৰ মনৰ আবেগজনিত বিভিন্ন কাৰকক অঙ্গ-প্ৰত্যঙ্গৰ সঞ্চালনেৰে প্ৰকাশ কৰা ভঙ্গীমাকে নৃত্য বুলিব পাৰি যি সমাজ আৰু সংস্কৃতিৰ লগতে সময়ৰ সৈতে পৰিবৰ্তনৰ খোজ মিলাই নিজৰ স্বকীয় ভঙ্গীমা বিলাক পবিৱৰ্তন ঘটাই পৰিচয় লাভ কৰে সংগীত কলাৰ এটা প্ৰধান উপাদান স্বৰূপে। মিচিং নৃত্যও ইয়াৰ পৰা পৃথক নহয়।

মিচিং ভাষাত নৃত্যক “পাকচং” বা “মাকচং” বোলে। কিন্তু সৰ্বসাধাৰণতে মিচিং লোকসকলে কৰা মিচিং বিহুক “চ’মান” মানেৰেহে জনা যায়। পৰম্পৰাগত গীত মাত, গঠনমূলক প্ৰত্যয় ধেমালি কৰা, আনন্দ কৰা বা ৰগৰ কৰা ইত্যাদিবোৰ পৰম্পৰাগত নৃত্যৰ আৰ্হিত কৰিলেও মিচিংসকলৰ মুল নৃত্য হিচাবে পৰিচায়ক হ’ল এই মিচিং বিহু বা চ’মান। নৃত্য, প্ৰত্যয়, আৰু ৰং-ৰহইচৰ মাজতে আবদ্ধ থাকে চ’মান বা আমি জনা মিচিং বিহু। চঃমানত গীত গোৱা, বাদ্যযন্ত্ৰ বজোৱা তথা পৰিৱেশৰ লগত ৰজিতা খূৱাই কৰা ৰগৰ আদিবোৰ বিষয় সন্নিবিষ্ট হৈ থাকে বাবে সাধাৰণ পাকচং বা মাকচংতকৈ ইয়াৰ জনপ্ৰিয়তাও বহুগুণে বেছি।

পৰিবেশন ৰীতি আৰু পৰিবেশৰ ওপৰত ভিত্তি কৰি মিচিং বিহুক মুলত তিনিটা ভাগত ভগাব পাৰি আৰু সেয়া হ’ল ধৰ্মীয়, বিশ্ৰামমূলক আৰু কৃষি উংসৱমূলক।

(ক) ধৰ্মীয় নৃত্য: মিচিং সমাজত ধৰ্মীয় লোকবিশ্বাস বা পূজা-পাতলক কেন্দ্ৰ কৰি কৰা নৃত্যবোৰেই হ’ল ধৰ্মীয় নৃত্য। মিচিং সকলৰ ধৰ্মীয় কামকাজ সম্পাদন কৰা পুৰোহিত জনক “মিবু” নামেৰে সম্বোধন কৰা হয়। তেওঁ জীৱকুল, তৰু-তৃণ তথা জন্ম-জন্মান্তৰৰ কথা প্ৰকাশ কৰিবলৈ যি নৃত্য কৰে তাকে “মিবু দাগনাম” নামেৰে জনা যায়। আনহাতে, মিচিংসকলৰ ধৰ্মীয় উংসৱ “পঃৰাগ”ত মিবুৱে ৰাইজৰ সামগ্ৰিক মঙ্গলৰ কাৰণে ধৰ্মীয় মঙ্গল আদি চাই তিনিকালৰ কথা কৈ ডেকা-গাভৰুক লগত লৈ নচা নৃত্যও ধৰ্মমূলক নৃত্যৰ ভিতৰতে পৰে যাক “মিবু চুমনাম” বুলি কোৱা হয়। মিচিং পুৰোহিতে কৰা “মিবু চুমলা” নৃত্য আন এটা ধৰ্মমুলক নৃত্য। মিচিং জনগোষ্ঠীৰ “কুঃচাগ” নামৰ ধৰ্মীয় অনুষ্ঠানত মিবুৱে অৰ্থাত পুৰোহিতে ডেকা-গাভৰুৰ সহযোগত এই নৃত্য কৰে আৰু ইয়াৰ আধাৰতেই ধৰ্মীয় অনুষ্ঠানটো শেষ কৰে। এই নৃত্যও সুকীয়া বৈশিষ্টপূৰ্ণ।

(খ) বিশ্ৰামমূলক: মনোৰঞ্জনৰ বাবে আজৰিপৰত মিচিংসকলে কৰা নৃত্যই হ’ল বিশ্ৰামমূলক নৃত্য। মিচিংসকলে পৰম্পৰাগত উৎসৱৰ ওপৰিও ফুৰা-চকা কৰিবলৈ ক’ৰবালৈ গ’লে ডেকা-গাভৰুৱে একেলগে নাচে। এই নাচবোৰ সচৰাচৰ ডেকা-গাভৰুৰ আমোদ-প্ৰমোদৰ নাচ আৰু ইয়াত ধৰ্মীয় নৃত্যৰ দৰে কোনো নীতি নিয়ম পালিত নহয়। তথাপি তিনিটা বিষয়ৰ ওপৰত একাদিক্ৰমে এই নৃত্য কৰা হয়। সেয়া হৈছে প্ৰথমতে “ঐনিতম” গাই নচা, দ্বিতীয়তে কৃষ্টিমূলক আৰু তৃতীয়তে অসমীয়া ভাওনাৰ ভংগীমাৰে নচা “বাউনাং নাচ | অসমীয়া ভাওনাৰ পদচালন মুদ্ৰা আৰু অংগী-ভঙ্গীৰ আৰ্হিত নচাৰ বাবে সম্ভৱত ইয়াৰ নাম বাউনাং নাচ।

অসমত অঞ্চল বিশেষে বসবাস কৰা মিচিং সকলৰ বিশ্ৰামমূলক বা আমোদ-প্ৰমোদৰ নৃত্যৰ ধৰণ সুকীয়া। কিছূ অঞ্চলত মিচিং গাভৰুৰ “আৰাম চ’মান” (কাঁহী নৃত্য) বেশেষভাবে চাবলগীয়া। ৬ ৰ পৰা ৮ গৰাকী নাচনীয়ে একেলগে আৰাম চ’মানৰ বাবে বজোৱা বিভিন্ন ঢোল-তাল তথা বাদ্যৰ চেৱে চেৱে ছন্দ মিলাই পৰিবেশন কৰা কাঁহী নাচ উল্লেখযোগ্য। ধেমাজি জিলাৰ জোনাই, বিজয়পুৰ আদি অঞ্চলত কেইবা প্ৰকাৰৰো বিশ্ৰামমূলক নাচ দেখা যায় যিবোৰ অন্যান্য মিচিং বসতিপ্ৰধান অঞ্চলত দেখা নাযায়। বৈশিষ্ট্যপূৰ্ণ এই নৃত্য বা নাচসমুহৰ ভিতৰত উল্লেখ কৰিব পৰা নৃত্যটো হ’ল “আজুক তাপুং নাচ”। “তাপুং”ৰ অৰ্থ হ’ল বাঁহী। আজুক তাপুং মিচিং সকলৰ এটা পুৰণি লোকবাদ্য | লাওৰে নিৰ্মিত এই আজুক তাপুংৰ কেইবাটাও প্ৰকাৰ আছে – যেনে দাৰিকি তাপুং, তুম্ব তাপুং ইত্যাদি। আজুক তাপুং নৃত্যত বেলেগ কোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয় কেৱল আজুক তাপুং বজায়েই নৃত্য কৰা হয় যাৰ হৃদয় বিদাৰক সুৰে নৃত্যটিক দিয়ে এক সুকীয়া মাত্ৰা।

আজুক তাপুংৰ উপৰিও ব্ৰক্ষ্মপুত্ৰৰ উত্তৰপাৰৰ কিছূ অঞ্চলত সচৰাচৰ দেখা আন এটা নাচ হ’ল “লৈৰৈলি” নাচ। লৈৰৈলি নাচৰ বাবে গোৱা গীতবোৰত মিচিং লোকগীতৰ বৈশিষ্ট, কথা তথা সুৰ সন্নিবিষ্ট হৈ থাকে। বিভিন্ন ধৰণৰ তাপুং অৰ্থাত বাঁহীৰ প্ৰয়োগ এই নৃত্যৰ মন কৰিবলগীয়া দিশ। এই নৃত্যত নাচনীৰ শৰীৰৰ অংগ সঞ্চালন তথা পদচালন শৈলী মিচিংসকলৰ পুৰ্বপৰিচিতি তথা অৰুনাচল প্ৰদেশৰ “আবুটানি” জনগোষ্ঠীৰ পাৰম্পৰিক লোকনৃত্যৰ সৈতে প্ৰায় একে আৰু ই মিচিংসকলৰ আন আন বিশ্ৰামমুলক নৃত্যৰ সৈতে নিমিলে। বিশ্ৰামমূলক নৃত্যসমূহৰ আন এক বৈশিষ্ট্ হ’ল এয়ে যে এই নৃত্যসমূহ সাধাৰণতে আবেলিৰ পৰা গধুলিৰ ভিতৰতহে কৰা হয়।

(গ) কৃষি উংসৱমূলক: প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিংসকলে পালন কৰা “আলি আয়ে লৃগাং” হ’ল মিচিং সমাজৰ প্ৰধান কৃষিভিত্তিক উংসৱ। শস্য বা বীজ ৰোপনৰ পিছত সেইদিনা আবেলি ডেকা-গাভৰুৱে মিলি গাঁৱৰ মুখিয়ালজনৰ (যাক “গাম” বুলি জনা যায়) ঘৰত প্ৰথমে নাচ আৰম্ভ কৰি একে ৰাতিৰ ভিতৰতে গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ নাচ-গান কৰি পুৱাৰ ভাগত শেষ কৰে। আজি কালিৰ মিচিং গাঁওবোৰত জনবসতি ঘন হোৱাৰহেতু সপ্তাহজুৰি সেই লৃগাং নৃত্য কৰা দেখা যায় যাৰ আন এটা নাম হ’ল “গুমৰাগ চ’মান” বা গুমৰাগ নৃত্য। এই নৃত্যত বাদ্যযন্ত্ৰ হিচাপে ঢোল , তাল, লানং (বৰকাঁহ) আৰু মাৰবাং নামৰ বাদ্য ব্যৱহাৰ কৰা দেখা যায়। লৃগাং নৃত্য সচৰাচৰ হুঁচৰিৰ দৰেই বুলিব পাৰি। ঢুলীয়া, তালিয়া তথা অন্যান্য বাদ্যযন্ত্ৰ বজোৱা লোকসকলৰ গীত মাতৰ লগতে নাচনীয়ে হুঁচৰিৰ দৰে মিচিং ভাষাৰে “ললে” গীত পদ গাই নৃত্য আৰম্ভ কৰে যাৰ বিষয়বস্তু হ’ল জীৱন ধাৰণৰ আনন্দ তথা ৰং ৰহইচ। “ললে” গীতৰ কথা এই কাৰণেই যথেষ্ট তাৎপয্যপূৰ্ণ কিয়নো এইসমুহ গীতত ডেকা-গাভৰুক একেলগে যৌৱনকালৰ আৰম্ভনিতে সময় থাকোতেই জীৱন-যৌৱন তথা ৰং-ৰহইচ উপভোগ কৰিবলৈ আহ্বান জনোৱা হয়। গুমৰাগ নৃত্যৰ প্ৰাৰম্ভিক ঢোলৰ চেওৰ এক ব্যতিক্ৰমী বৈশিষ্ট হ’ল যে ই নাচৰ চেও বা চাপৰৰ লগত নিমিলে।

গুমৰাগ নৃত্যৰ ওপৰিও মিচিংসকলৰ আন এক নৃত্য হ’ল “কে’লা চ’নাম”। এই নৃত্যও গুমৰাগ নৃত্যৰ দৰে প্ৰায় একে যদিও ইয়াত নৃত্যৰ আৰম্ভনিৰ পদচালন ঢোলৰ তাল আৰু চেওৰ সৈতে মিলে আৰু ই সমশৈলীৰ হয়। আনহাতে, ধেমেলীয়া কথাবতৰাৰে মিচিং লোকসকলে কৰা নৃত্যটো হ’ল “চেলল’য়া নৃত্য। এই নৃত্যটো ডেকা-গাভৰুৱে একেলগে বিশেষ গীত গাই গাই নৃত্য কৰে। চেলল’য়া নৃত্যত শেষৰফালে মাটিত হাত চপৰিয়াই তাল ৰাখি নচা দেখা যায়।

সমাজ গঠনৰ পৰিৱৰ্তনশীল প্ৰক্ৰিয়াটোৰ মাজত মিচিংসকলৰ পৰম্পৰাগত নাচৰ আমুল পৰিবৰ্তন ঘটিছে। গুমৰাগ নৃত্যত আজিকালি জীৱন ধাৰণৰ বাবে কৰা বিভিন্ন কাৰ্য্য যেনে কোৰ মৰা, ধানৰ বীজ সিচা, ধান কটা, কান্ধত ডাঙৰি কঢ়িওৱা, ধানমৰা, ধান খুন্দা, চালনিৰে চাউল চলা ইত্যাদিৰ লগতে গা ধোৱা, চুলিত তেল সনা আদিবোৰ ভঙ্গীমাৰে প্ৰকাশ কৰা দেখা যায়। পুৰণি গুমৰাগ নাচক আধাৰ হিচাপে লৈ সৃষ্টিমূলক সংযোজনসমুহে ইয়াক যথেষ্ট পৰিমানে আমোদজনক কৰি তোলে। মিচিং নাচ সমুহৰ প্ৰত্যেকৰে সুকীয়া বৈশিষ্ট্য আছে যদিও ইয়াৰ এটা দীশ মন কৰিবলগীয়া যে এই নৃত্যসমূহত নাচনীয়ে নাচৰ মাজত কোনো গীত বা বচন নাগায় তথা চকু আৰু ডিঙিৰ অঙ্গী-ভঙ্গীৰে গীতৰ কথাৰ অৰ্থ প্ৰকাশ নকৰে আৰু এই দুটা অংগ প্ৰায় শিথিল হৈ থকায়েই দেখা যায়। মিচিং লোক সকলৰ আন এক পৰম্পৰাগত উৎসৱ হ’ল “ডবুৰ” য’ত বিভিন্নধৰণৰ নৃত্যৰ সমাহাৰ দেখা যায়। ইয়াৰোপৰি ব্ৰক্ষ্মপুত্ৰৰ দুয়োপাৰে বসবাস কৰা মিচিং জনগোষ্ঠীৰ বিভিন্ন নৃত্যৰ সমাহাৰ দেখা যায় ঢকুৱাখনা অঞ্চলত প্ৰতিবছৰে উদযাপিত হোৱা ফাট বিহুত |

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত বড়ো জনগোষ্ঠীৰ পাছতে দ্বিতীয়টো বৃহত্তম জনজাতি গোষ্ঠী মিচিং সকলৰ পৰম্পৰাগত নৃত্যত আজি আধুনিকতাৰ প্ৰভাব বাৰুকৈয়ে পৰিছে। পুৰ্বৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰিলেও এই সাজপাৰৰ ৰং তথা পৰিধান কৰা আ-অলংকাৰৰ ধৰণ-কৰণৰ আমুল পৰিৱৰ্তন ঘটিছে। সমানে পৰিৱৰ্তন ঘটিছে ইয়াৰ গীত-মাত তথা বাদ্যযন্ত্ৰৰ। এনে পৰিৱৰ্তনে ক্ৰমবিকাশৰ ধাৰাত মিচিং নৃত্যক অধুনিকতাৰ দীশত লৈ গ’লেও মিচিং নৃত্যত দেখা কৃষি আৰু জীৱনৰ কৰ্মৰাজিৰ নিখুত উপস্থাপনৰ বাবেই এই নৃত্যসমূহ যথেষ্ট সুকীয়া আৰু স্ব-বৈশিষ্ট্যপূৰ্ণ।

লেখক :- ভাস্কৰজ্যোতি দাস