(১) দিহা- অ’ বান্ধৱ কোন বনে গৈলা মোক এৰি থৈ পদ- বনতে কান্দে ঐ বনৰে হৰিণী। বিৰিখে কান্দে কুলি।। আকুলি-বিকুলী যশোদাই কান্দে ঐ মোৰে ৰাম কানু বুলি।। কাহাকে খুৱাইবোঁ কাহাকে ধুৱাইবোঁ কাহাকে শোৱাম মই খাটে। গধূলি বেলিকা পদূলি ওলাই কাহাকে নিৰিখিম মই বাটে।। চালতে শুকাইল এ ৰঙ্গ মালতী ভাৰাতে শুকাইল দৈ। দিনৰে দিন মান কৃষ্ণকে ভাবিলোঁ ভাৰাতে লৱনু থৈ।। প্ৰভাতে উঠিয়া কাহাৰ মূৰতে পিন্ধাম মই ময়ূৰৰ চূড়া। সুঠাম কাংকালে কাহাকে চৰাম মই সূক্ষ্ম পীত বস্ত্ৰ ধৰা।। ক্ৰুৰ অক্ৰুৰে হিয়া খালি কৰি হৰি নিলা ৰথে তুলি।। দূৰৰ পৰাহে কোনেনো মাতিব। আই ক্ষীৰ দিয়া বুলি।। যশোদাৰ মন পোৰে ঘনে ঘনে ঘন কান্দে বৃন্দাবনক চাই। কৃষ্ণ পদ ধূলি শিৰে লৈয়া তুলি মূৰুখ মাধৱে গাই।। যশোদাৰ বিলাপ গীত (১) দিহা- যশোদাই ডাকে ঐ মোৰ বাছা কৃষ্ণ হে কোন বনে গৈলি মোক এৰি ঐ।। পদ- আজি কৃষ্ণই অন্নকে খোৱা নাই বেলি গৈলা ভাটিয়াই। এনে লাহোৰ কাংকাল বায়ুতে হালে ঐ দেখি প্ৰাণ ফাটি যায় হে।। আজি শ্ৰী কৃষ্ণক অক্ৰুৰে লৈয়া যায় গোপীৰ চেতনা নাই। চেতন লভিয়া কান্দিব লাগিলা কৃষ্ণৰ গুণ বৰ্ণাই হে।। চালতে শুখাইল ঐ ৰঙ্গ মালতী ভাৰাতে শুখাইল দৈ। দিনৰ দিনটো কৃষ্ণকে ভাবিলোঁ ভাৰাতে লৱণু থৈ হে।। তোমাৰ বাঁহীটি ঘৰে ৰৈলা পৰি আৰো শিঙা বেত বেনু সকল বালকে গো ধেনু চাৰে ঐ ঘৰে নাই ৰাম কানুহে।। যশোদাৰ মন পোৰে ঘন ঘন কান্দে বৃন্দাবনক চাই। কৃষ্ণ পদ ধূলি লৈয়া শিৰে তুলি দীন মাধৱে গুণ গায় হে।। লিখকঃ ফণীন্দ্ৰনাথ কলিতা