শংকৰী সংস্কৃতি -

শংকৰী সংস্কৃতিৰ অনুপম ৰূপ-ৰসেৰে সিক্ত, বিভিন্ন আপুৰুগীয়া সংস্কৃতিৰ ধ্বজাবাহক শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ ৰাইজৰ আয়ুসৰেখা ‘বাৰেচহৰীয়া ভাওনা’ অঞ্চলটোৰ, জিলাখনৰ বা অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰে এক আপুৰুগীয়া, এক বৃহৎ সাংস্কৃতিক অনুষ্ঠান৷

এই বাৰেচহৰীয়া ভাওনাৰ ঘাই সূত্ৰধাৰ হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ৷ নৱবৈষ্ণৱ ধৰ্মৰ মহৎ ফলশ্ৰুতি, জগতগুৰু শংকৰদেৱৰ মহান শিল্পকৃতি ভাওনাক তেৰাই এহাতে যেনেকৈ ভক্তিধৰ্ম প্ৰচাৰৰ এক মাধ্যম, এক সামাজিক কলা হিচাপে সৃষ্টি কৰিছিল, ঠিক সেইদৰে সংগীত-নৃত্য-নাট্যাভিনয় সমন্বিতে ব্যঞ্জনাময় বিচিত্ৰ উপাদানেৰে পূৰ্ণ কৰি ভাওনাৰ গাঁঠনিতো বৰ্ণাঢ্যতাৰ প্ৰকাশ ঘটাইছে৷

তদুপৰি সামাজিক কলা হিচাপে ইয়াৰ মাজত নিহিত হৈ আছে ঐক্য-সংহতি আৰু সমন্বয়ৰ আদৰ্শ৷ গাঁৱে-ভূঞে আজিও ই সামাজিক জীৱনৰ পৱিত্ৰ ধৰ্ম সাধনাৰ অংগৰূপে বন্দীত৷

শংকৰী কলা-সংস্কৃতিৰ মহিমামণ্ডিত ভাওনাৰ মাজত নিহিত হৈ থকা সংহতি আৰু সমন্বয়ৰ আদৰ্শত উদ্বুদ্ধ জামুগুৰিহাটৰ চহা ৰাইজে আজিৰ পৰা প্ৰায় দুশ বছৰৰ পূৰ্বেই সম্প্ৰতি অসমীয়া সামাজিক আৰু সাংস্কৃতিক জীৱন ধাৰণৰ অনুপম ৰূপৰেখা হিচাপে চিহ্নিত বাৰেচহৰীয়া ভাওনাৰ পুলি ৰোপণ কৰিছিল৷

সেই সময়ৰ পৰাই জামুগুৰিহাটত অংকীয়া ভাওনাৰ পৰা অকণো হেৰ-ফেৰ নোহোৱাকৈউলহ-মালহৰে, শ্ৰদ্ধা-ভক্তিৰে অথচ নতুন নতুন কৌশলেৰে বাৰেচহৰীয়া ভাওনা উদযাপনৰ পৰম্পৰা আৰম্ভ হয়৷ প্ৰতি পাঁচ বছৰৰ বিৰতিত অনুষ্ঠিত এই বাৰেচহৰীয়া ভাওনাৰ অৰ্থ হ’ল ‘বাৰে’— বহু, ‘চহৰ’— গাঁও বা অঞ্চল; অৰ্থাৎ বহু গাঁও লগ লাগি একে ঠাইতে পতা ভাওনা৷

সমন্বয়-সম্প্ৰীতিৰে প্ৰাণৱন্ত বাৰেচহৰীয়া ভাওনাথলীত হৰিনাম, খোল-তাল-ডবাৰ শব্দত তিনি-চাৰি দিন আকাশ-বতাহ মুখৰিত হৈ থাকে৷ জাতি-ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ মহামিলনৰ তীৰ্থত পৰিণত হয় জামুগুৰিহাট৷ ৰাইজৰ পদধূলাত জামুগুৰিহাটবাসী ধন্য হয়৷

এই মহান অনুষ্ঠানটিয়ে ধাৰাবাহিকতা ৰক্ষা কৰি অহাৰ মূলতে আছে জামুগুৰিয়া ৰাইজৰ মহান ত্যাগ, ভকতি, একতা আৰু ঐকান্তিকতা৷ প্ৰতিবাৰে এই সুবিশাল অনুষ্ঠানভাগ সাফল্যমণ্ডিত হৈ আহিছে ডেকাৰ পৰা বৃদ্ধলৈকে সকলো শ্ৰেণীৰ ৰাইজৰ কায়িক, মানসিক, আৰ্থিক তথা আন্তৰিক সহায়-সহযোগিতাৰ বাবে৷

প্ৰায় অৰ্ধশতাধিক গাঁৱৰে পৰিৱেষ্টিত জামুগুৰিহাটৰ গাঁওসমূহৰ মাজত অতীজৰে পৰা থকা আন্তৰিক বুজা-পৰা, মিলা-প্ৰীতি, একতা সমগ্ৰ অসমৰ বাবেই অনুপ্ৰেৰণাৰ উৎস৷ এয়া সম্ভৱ হৈছে কেৱল বাৰেচহৰীয়া ভাওনাৰ দৰে গৰিমামণ্ডিত সাংস্কৃতিক বৈভৱৰ বাবে৷

তদুপৰি গাঁৱে গাঁৱে থকা নামঘৰ আৰু নিয়মীয়াকৈ অনুষ্ঠিত ভাওনা সংস্কৃতিয়েও জামুগুৰিহাটৰ আন এক পৰিচয় দাঙি ধৰে৷

ভাওনা আৰু ইয়াৰ সৈতে জড়িত গীত-মাত, বচন-বিলাপ-পয়াৰ-মধ্যাৱলী-পীতাম্বৰী আদিৰ শুদ্ধ অনুশীলন আৰু শুদ্ধ পৰিৱেশনৰ প্ৰতি সদা-সচেতন জামুগুৰিয়া ৰাইজে চামে চামে এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ ভাওনা সংস্কৃতিৰ সুবাস বিলাই স্বকীয় উচ্চ সাংস্কৃতিক চেতনা আৰু দায়িত্ববোধৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে৷ এই সুউচ্চ সাংস্কৃতিক সত্তাৰে অপূৰ্ব নিদৰ্শন বাৰেচহৰীয়া ভাওনা৷

প্ৰকৃতাৰ্থত বাৰেচহৰীয়া ভাওনাই শ্ৰোতা-দৰ্শকৰ অন্তৰত আধ্যাত্মিক চেতনা জাগ্ৰত কৰি তেওঁলোকক ভগৱৎ চিন্তাত নিমগ্ন কৰি তোলে৷ প্ৰায় ১৫-১৬ একৰ মাটি জুৰি সজা এখন সুবৃহৎ পদুম ফুলৰ আকৃতিৰ মণ্ডপৰ তলত অঞ্চলটোৰ ৫০ খনৰো অধিক গাঁও বা ২০-২৫টা খেলৰ ৰাইজে একেলগে ভাওনা কৰে আৰু তাকে চাবলৈ লক্ষাধিক দৰ্শকৰ সমাগম হয়৷

অৱশ্যে বিগত বাৰেচহৰীয়া ভাওনা (২০১৩)-ৰ পৰা এই পৰম্পৰাৰ কিছু সাল-সলনি ঘটাই একতা-সদ্ভাৱ-সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক সবল কৰাৰ মানসেৰে অসমৰ বিভিন্ন ধৰ্মীয় পন্থা বা সমাজ আৰু কেইবাখনো জাতি-জনগোষ্ঠীৰ সমাজেও এই ভাওনা মহোৎসৱত একেখন ৰভাৰ তলতে একেলগে ভাওনা কৰা, নাম-প্ৰসংগ, গীত-মাত গোৱাৰ শুভ পৰম্পৰা আৰম্ভ কৰা হৈছে৷ এয়া নিশ্চিতভাৱে এক শুভ লক্ষণ আৰু সাম্প্ৰতিক অসমীয়া সমাজৰ বাবে ই এক ইতিবাচক বাৰ্তা বহন কৰে৷

মাঘ মাহৰ পৱিত্ৰ মাঘী পূৰ্ণিমা তিথিত বাৰেচহৰীয়া ভাওনাৰ ধ্বজা স্থাপনৰ পাছৰ পৰাই ৰাইজে অত্যন্ত শ্ৰম আৰু ত্যাগেৰে বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ আৰু ৰভা নিৰ্মাণত ব্যস্ত হৈ পৰে৷ ৰাইজৰ এই ৰাজহুৱা শ্ৰমদানক থলুৱা ভাষাত ‘হজ’ বুলি কোৱা হয়৷

এই ৰাজহুৱা হজ হৈছে অঞ্চলটোৰ বিভিন্ন গাঁৱৰ ৰাইজৰ একতা আৰু সদ্ভাৱ-সম্প্ৰীতিৰ অন্য এক উজ্জ্বল চানেকি৷ ৰাইজে নিজৰ নিজৰ গাঁৱৰ পৰা নৈ পাৰৰ চাপৰিলৈ গৈ খেৰ কাটি, গাঁৱৰ পৰা ডাঙৰ ডাঙৰ চোৱা গছ, তামোল গছ, পৈণত ভলুকা বা জাতি বাঁহ সংগ্ৰহ কৰি গৰু গাড়ীত তুলি হাতে হাতে দা, কোৰ, চিপৰাং আদি লৈ প্ৰতিদিনে ভাওনাথলী পকামূৰা পথাৰলৈ গৈ হজত অংশ লয়৷

ফাগুন-চ’ত মহীয়া দুপৰীয়াৰ প্ৰখৰ ৰ’দকো আওকাণ কৰি মুখত তামোলৰ সেলেঙি বোৱাই আশী-নব্বৈ বছৰীয়া বৃদ্ধ এজনেও যেতিয়া হাতত দা-কটাৰী লৈ কাঠি-কামি কৰাত, কোৰ-চিপৰাং লৈ গাঁত খন্দা কামত আত্মবিভোৰ হৈ থাকে— সেই দৃশ্য ভাওনাৰ হজস্থলীলৈ আহি নিজ চকুৰে নেদেখা জনে উপলব্ধিয়েই কৰিব নোৱাৰিব৷

ৰাজহুৱা হজত কৰ্মৰত ৰাইজে টৌখুঁটি মাৰি নিজ নিজ খলাতে ভোজ-ভাত আৰু চাহ-জলপান খোৱাৰ ব্যৱস্থা কৰি লয়৷ একুৰিৰো অধিক গাঁৱৰ ৰাইজে একেলগে এনেদৰে ভোজ-ভাত খোৱাৰ দৃশ্য নেদেখা জনৰ বাবে কল্পনাৰো অতীত৷

আকৌ, ইখন খলাৰ মানুহে গৈ সিখন খলাৰ আঞ্জাৰো সোৱাদ লয়গৈ৷ এয়াই জামুগুৰিয়া সহজ-সৰল চহা ৰাইজৰ ঐক্য-সম্প্ৰীতি আৰু সদ্ভাৱ; — যি কৌটিকালৰ পৰাই চলি আহিছে আৰু চলি থাকিব৷ শ শ মানুহ যেতিয়া ৰভা-মণ্ডপ সজাত লাগি থাকে, সেই দৃশ্য দূৰৈৰ পৰাই অতি মনোৰম আৰু ব্যতিক্ৰমী হৈ উঠে৷

ৰাইজৰ আশাশুধীয়া শ্ৰমৰ ফলত অতি কম দিনতে সুবৃহৎ প্ৰস্ফুতিত পদুমাকৃতিৰ মণ্ডপটি প্ৰস্তুত হৈ উঠে৷ কেৱল মণ্ডপেই নহয়, যিমান খলা হয়, তাৰ অনুপাতে নিৰ্মাণ কৰি উলিয়াই খলাই প্ৰতি একোটাকৈ চোঁ-ঘৰ আৰু প্ৰতি খলাৰ সন্মুখত একোটাকৈ বাটচ’ৰা৷

বাৰেচহৰীয়া ভাওনাৰ মণ্ডপৰ নিৰ্মাণ-কৌশল, নাট্যাভিনয়-কৌশল অতি ৰুচিপূৰ্ণ আৰু কলাত্মক বুলি বহু আগশাৰীৰ পণ্ডিত আৰু দেশখনৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিয়ে মতপোষণ কৰিছিল৷

আধা ফুলা পদুম ফুল এপাহৰ আৰ্হিত নিৰ্মিত এনে পৰিকল্পিত মণ্ডপটি যেন ব্ৰহ্মাৰ নাভিকমল— সৃষ্টিৰ মূলাধাৰ৷ খলাই প্ৰতি থকা চৈধ্যটা খুঁটা হৈছে হিন্দুশাস্ত্ৰৰ চৈধ্য পাৰিষদ৷ প্ৰদৰ্শনৰ দিশৰ পৰা বাৰেচহৰীয়া ভাওনাৰ গুৰুত্বপূৰ্ণ দিশ হ’ল— প্ৰদৰ্শন কৰিব লগীয়া নাটসমূহৰ প্ৰদৰ্শন নিজৰ নিজৰ খলাৰ ৰাইজে নিজ নিজ ৰুচিমতে কৰে৷

মূল থাপনা বা গুৰু আসনলৈ মুখ কৰি ঠিক পশ্চিমৰ খলাখনক এক নম্বৰ খলা হিচাপে ধৰি ক্ৰমে সোঁহাতলৈ খলাসমূহৰ বিভাজন আৰু নামকৰণ কৰা হয়৷ গন্ধোৎসৱ, প্ৰাতঃ প্ৰসংগ, দুপৰীয়াৰ নাম-কীৰ্তন আদিৰ লগতে সেৱা জনোৱা, হৰিধ্বনি দিয়া, দেউৰী বিলনীয়াই বিলোৱা, ভকত-বৈষ্ণৱসকলে প্ৰসাদ গ্ৰহণ কৰা আদি আটাইবোৰ খলাতে একেলগে হয়৷

সন্ধ্যা এক নং খলাৰ ডবাত কোব পৰাৰ লগে লগে সকলো খলাতে ডবা-কাঁহ বাজি উঠে৷ লগে লগে সকলো খলাতে জোৰা আৰম্ভ হয় আৰু সকলো খলাৰ গায়ন-বায়নে সকলো খলাতে সম্পূৰ্ণ তিনি পাক দি আহি নিজ নিজ খলাত নৃত্য-গীত সমাপ্ত কৰে৷

গায়ন-বায়নৰ দৰেই সূত্ৰধাৰ, ভাৱৰীয়া সকলোৱে শৃংখলা ৰক্ষা কৰি সকলো খলাতে এপাক মাৰি আহি নিজৰ নিজৰ খলাত অভিনয় কৰেহি৷

যেতিয়া ২০-২৫খন খলাত প্ৰতি খলাতে অৰ্ধ শতাধিক গায়ন-বায়ন, ভাৱৰীয়াই অভিনয় কৰে, তেতিয়া বাৰেচহৰীয়া ভাওনাৰ গোটেই মণ্ডপটি এক জ্যোতিৰ্ময় বৈকুণ্ঠপুৰীত পৰিণত হয় আৰু দৰ্শকসকলে নিজকে খন্তেকৰ বাবে হ’লেও পাহৰি ভগৱৎ চিন্তাত বিলীন হৈ যায়৷ প্ৰকৃততে বাৰেচহৰীয়া ভাওনাৰ মহত্ত্বও ইয়াতেই৷

মহান শিল্পী শোণিতকোঁৱৰ গজেন বৰুৱাৰ সুদূৰপ্ৰসাৰী চিন্তা আৰু সৃজনীশীল প্ৰতিভাৰ পৰশত বাৰেচহৰীয়া ভাওনা ন-ৰূপত জিলিকি উঠে আৰু দেশৰ পৰা বিদেশলৈ ইয়াৰ সৌৰভ সিঁচৰতি হৈ পৰে৷

১৯৬৯ চনৰ বাৰেচহৰীয়া ভাওনাই বৰুৱাদেৱৰ নেতৃত্বত সাংস্কৃতিক আদান-প্ৰদানৰ মাজেদি বিভিন্ন জনগোষ্ঠী আৰু পৰ্বত-ভৈয়ামৰ মাজত সমন্বয়ৰ এক সেঁতু বন্ধন কৰে৷

বাৰেচহৰীয়া ভাওনাৰ মূল তাৎপৰ্য -

বাৰেচহৰীয়া ভাওনাৰ মূল তাৎপৰ্যই হৈছে সদ্ভাৱ-সম্প্ৰীতি, ঐক্য-সংহতিৰ বতৰা বিলোৱা৷ সামাজিক ভেদাভেদ, ৰাজনীতিয়ে কলুষিত কৰা মনবোৰ ধুই নিকা কৰি হৃদয়ৰ পৰা হৃদয়লৈ মৰম-চেনেহ, আন্তৰিকতা, সমন্বয়ৰ বৰসাঁকো গঢ়ে বাৰেচহৰীয়া ভাওনাই৷

জাতি-ধৰ্ম, বৰ্ণ-ভাষা, উচ্চ-নীচ ভেদাভেদ পাহৰি সকলো শ্ৰেণীৰ ৰাইজ সমবেত হয় সমন্বয়-সম্প্ৰীতিৰ একেখনি চন্দ্ৰতাপৰ তলত৷ এই বাৰেচহৰীয়া ভাওনা দেখাৰ যাৰ সৌভাগ্য হৈছে, তেওঁহে উপলব্ধি কৰিব পাৰিব প্ৰকৃতাৰ্থত অসমীয়া সংস্কৃতি কিমান মহান আৰু ঐতিহ্যপূৰ্ণ৷

লেখক: হিমাংশু ৰঞ্জন ভূঞা

উৎস: সাহিত্য.অৰ্গ