আঘোনৰ মাহতে শান্তি পূৰ্ণিমাৰ জোন। ষোল্ল বছৰে শান্তিৰ ভৈলন্ত যৌৱন।। ওঠৰ বছৰে শান্তিৰ বয়স দিলা ভাঠি। পুহৰ মাহতে শান্তি অতি বড়ি কুৱা।। প্ৰাণ নাথে জীউনাথে খেলে পাশা জুৱা। পাশা খেলে জুৱা খেলে পাশাত নেদে ঢাল। কৈতে এৰি গৈলা প্ৰভু বিনন্দ গোপাল।। মাঘৰে মাহতে শান্তি ধৰমৰে তিথি। চিলানকে গৈলা শান্তি ভাগিনী সহিতি।। আগহাতে ফুল জল অগৰু চন্দন। জলতে নামিয়া শান্তি জুৰিলা ক্ৰন্দন।। ফাগুণৰ মাহতে শান্তি দেউল যাতৰা। দেউলৰ উপৰে নাচে মঠ যে মগৰা।। মঠ নহয় মগৰ নহয় জগতৰে হৰি। আলানি বিলানি কান্দে ধৰণীতে পৰি।। চৈতৰে মাহতে শান্তি পকে সৰে বেল। সেই বেল লৈয়া সাউদে বণিজকে গেল।। বণিজকে গৈয়া সউদে কিবা পালা নিধি। ডাক-ডালিম পকি আছে খাইতে নেদে বিধি।। বৈহাগৰ মাহতে শান্তি দেউতাৰ গাজনি। দেউতাৰ গাজনি শুনি মৎস্যে দেই উজনি। সিও মৎস্যে উজান দেই বছৰে একবাৰ।। আমি অভাগিনী নাৰীৰ এই পটন্তৰ।। জেঠৰ মাহতে শান্তি জেঠুৱা বড়ি খৰ। বনৰে হৰিণা পহু সিও চাপে ঘৰ।। যাকে বোলে আপোন সিও হোৱে পৰ। বিবুদ্ধিয়া সাউদৰ কুঁৱৰ ফিৰি নাহে ঘৰ।। আহাৰৰ মাহতে শান্তি আগতীয়া আগতীয়া বান। খেনে উঠে খেনে নামে পুষ্পৰ পালেং খান।। পুষ্পৰ পালেঙত শান্তিৰ নাহিলা ঘুমটি। অতদিনে সাউদৰ কুঁৱৰ নাহিলা উলটি।। শাওণৰ মাহতে শান্তি ৰোৱনৰে দিন। যিটো নাৰীৰ পুৰুষ নাইকা সকলোতকৈ হীন।। আকাশতে চন্দ্ৰ নাইকা নিজিলিকে তৰা। যিটো নাৰীৰ পুৰুষ নাই জীৱন্ততে মৰা।। ভাদৰে মাহতে শান্তি অতি বড়ি খৰ। নদী শুকাল নালা শুকাল পৰিল বালি চৰ।। কাইমে ৰাৱে কোঢ়াই ৰাৱে ৰাৱে ৰাজহাঁহ।। হাঁসিতে খেলিতে গৈলা বাৰিষাৰে ছয়মাহ।। আহিনৰ মাহতে শান্তি দেৱী পূজা খায়। হাঁহ পৰে ছাগল পৰে পাৰ জাকে জাক।। যৈতে আছে সাউদৰ কুঁৱৰ তৈতে ভালে থাক।। কাতিৰ মাহতে শান্তি কাতিয়ান ধানৰ থোৰ। বাৰ মাহৰ তেৰ গীত লওঁৰে গণিয়া। ই গীত গাইছে কোনে ফুলৱন্তী কন্যা।। ফুলৱন্তী কন্যা নহয় জগতৰ আই। যিবা শুনে যিবা গায় দুৰ্গতি খণ্ডায়।। হাতে বাৱে ঢাক-ঢোল মুখে বাৱে বাঁশী। এই গীতৰ নাম থৈছে শান্তি বাৰমাসী।। হৰিনাম বাৰমাহী ঘোষা- জয় মনমোহন মাধৱ ৰাম, হৰি হৰি বোলা সৱে এৰি আন কাম। পদ- বিষুৱ সংক্ৰান্তি কৰি বৈশাখত সাৰ, হৰি নাম ৰস ৰঙে বুৰক সংসাৰ। জেঠত সূৰুষে ঢালে কিৰণ প্ৰচুৰ, হৰিক সুমৰি তাই দুখ কৰা দূৰ। আহাৰত ধাৰাষাৰ আহে বৰষুণ, কৃষকে কিৰিষি কৰে গাই হৰিগুণ। শাওণে হৰিক চিন্তে যত নৰ-নাৰী, তুমিহে তাৰিবা প্ৰভূ বিপদ কাণ্ডাৰী। ভাদৰ অষ্টমী দিনা কৃষ্ণৰ জন্মতিথি, হৰিক সুমৰে সদা ভকতে চৌভিতি। আহিন শৰত কালে দেৱী আগমন, হৰিক চিন্তিয়া কৰে পূজা আয়োজন। কাতিমাহ কুৱঁলীৰে জাৰে দিয়ে দেখা। হৰি বিনে দুখীয়াক কোনে কৰে বেখা। আঘোণত পকা ধান ওপৰে পথাৰ, হৰি হৰি বোলে দুখী আনন্দ অপাৰ। পুহত জাবৰ কিনো মহা পৰাক্ৰম, হৰি গুণ নামে তাকো কৰে মধুসম। নিশ্চিন্ত কৃষক মাঘে অগ্নিক সুমৰে, হৰিৰ কৃপাত অগ্নি জাৰে ৰক্ষা কৰে। ফাগুণে কাঞ্চন ফুল বতাহত লৰে, হৰি হৰি বুলি লোকে ফালগুৎসৱ কৰে। চ’তত বছৰ শেষ হৰি কৃপা গুণে, নকৰিলে ৰক্ষা হৰি ৰক্ষা কৰে কোনে। হৰি নাম বাৰমাহী শুনা সৰ্ব্বজনে, হৰিদাস বিনন্দে আনন্দে ইটো ভনে। বাৰ মাহৰ খাদ্য জেঠে দৈ আহাৰে আখৈ শাওণে মৰাপাট, ভাদত ঔ আহিনত কঁচু কাতিত কল, আঘোণত পুঁই পুহত জুই মাঘৰ পঁইতা বাঘৰ বল। ফাগুণত তেল চ’তত বেল বহাগৰ লাৰু পিঠা জ্বৰতেই গেল। লিখকঃ ফণীন্দ্ৰনাথ কলিতা