শ্ৰীকৃষ্ণৰ বিলাপৰ গীত দিহা- অৰে অ’ আই কি দোষ কৰিলোঁ তোৰ, বিনা অপৰাধে আমাক বান্ধিলি ধৰিলি লৱণু চোৰ। পদ- বসুদেৱৰ ঘৰে মই জনম ধৰিলোঁ আই বুলি মাতিলোঁ তোক। তই কাঠ-বাজী কৈত পুত্ৰ পাইলি বিগুঠি মাতিলি মোক।। পঞ্চম বৰিষে মই গৰু চাৰিলোঁ বনে বনে খালোঁ ভাত। পেটৰ ভোকত গোপীৰ গৃহত খুজিয়া নাপালোঁ মাত। মই লৱণু নাখাওঁ বলাই লৱণু খালে বালকে লগাইল খল। তই কাঠ-বাজী আমাক বান্ধিলি বান্ধি থলি উৰুখল।। কহয় মাধৱ শুনা বন্ধু সৱ এৰিয়া বিষয় ধান্দা। বিষয় আল-জাল বিষয় জঞ্জাল হৰি নাম গলে বান্ধা।। কানাইৰ চাতুৰী দিহা- আলো মাই, গালি তুমি নাপাৰিবা মোৰে। যত অপমান মোৰে দিয়া আছা বাৰে বাৰে ভালে আমি সৈয়া আছোঁ তোৰে।। পদ- কোন ছাৰ পুৰাতন সে কড়া দুইৰ ধন কলসী ভাঙ্গালোঁ দেখি ৰাগে। হৈবাৰ নৰৈল মোৰ যেন মায়া খট-চোৰ বান্ধিলা গৰুৰ লৈয়া পাঘে।। এহি অপমান খানি নসৈলা নন্দৰ বাণী আৱৰ সহিবা তুমি কি। তোমাৰ লক্ষণ দেখি জগতে জানিলা তুমি যেন বৰ মানুহৰ ঝী।। তপ জপ যজ্ঞ যত নাহি দান পুণ্য ব্ৰত আছিলা জনম আণ্ঠুকুৰি। আমি পুত্ৰ হুৱা আসি সি দোষ কৰিলোঁ দূৰ আৱে তোমাৰ আমাত চাতুৰী।। আতি নিদাৰূণ জানি যুৱা কালে নুপজিলোঁ বৃদ্ধ কালে পুত্ৰ ভৈলোঁ এথা। সামান্য নাৰীও জানে, বৃদ্ধ হুয়া নজানিলি আপোন পুত্ৰৰ দায়া-বেথা।। জগত ঢাকিয়া ঘোৰ দুৰ্যশ থাকিল মোৰ নাকৈলা আমাৰে কোন কাম। যত উপকাৰ গুণ সকলে ঢাকিলা দিয়া আমাক লৱণু চোৰ নাম।। ৰাজ্যৰ কুমাৰ হৈয়া গৰু চাৰি খাওঁ ভাত দুৰ্গম সঙ্কটময় বনে। তথাপিতো আমি ভাল বোলাইবাক নপাৰিলোঁ আৰ ভাল বোলাইৰো কমনে।। সহিয়া থাকিলে ভাল সকল জগতে বোলে উচিত কহিলে লাগে দ্বন্দ্ব। যত বোল মাত মানে সকলো শুনিলোঁ আমি তথাপিতো আমি ফৈলোঁ মন্দ।। অপমান সহিবাক নপাৰি পলাই যাইবোঁ কংসৰ নগৰী মধুপুৰ। আমাকে নপায়া লাগ কান্দিয়া মৰিবা পাছে সকল ভাৱনা হৈব দূৰ”।। যাহাৰ মায়াৰ অন্ত ব্ৰক্ষ্মা হৰে নপাৱন্ত হেন হৰি চাতুৰী খেলাই। কহয় মাধৱ প্ৰভু আৰ কিছু নুবুলিয়ো তোমাৰ জননী দুখ পাই।। * মাধৱদেৱৰ ৰচিত “বৰগীতৰ” পৰা সংগৃহীত। বিৰহিণী বোৱাৰীৰ বিলাপ দিহা- শূণ্য ঘৰ চাই থাকোঁ কেনেকই অ’ই ও’ মোৰ শাহু আই, শোকে পুৰে তোক মোক। নগৰে নগৰে বিচাৰি আহিলু ঐ ও’ মোৰ শাহু আই, স্বামীক লাগাল পাম ক’ত। পদ- কোন সন্ন্যাসী নিমাইক লগ পাই। ও’ মোৰ শাহু আই, এৰি গৈলা তোক মোক।। মৰম তেজিয়া কিনো কিনো চিতে গৈলা। ও’ মোৰ শাহু আই, শোকে বিদাৰিলা মোক। চোতালৰ আগতে সাৰ পানী দিয়া। ও’ মোৰ শাহু আই, ৰুলোঁ ছিৰী ফলৰ গাছ।। হাত যেন পাতিয়ে বেহাবা নাপালোঁ। ও’ মোৰ শাহু আই, কালে ধৰি আছে পাছ।। বিহানে উঠিয়া কাহাকে জগাবোঁ। ও’ মোৰ শাহু আই, চন্দ্ৰ মুখ দেখিবোঁ কাৰে।। অবলা ৰমণী জানিবা সদায়। ও’ মোৰ শাহু আই, শূণ্য ঘৰ হৈলা মোৰ এ।। নবীন বয়সে স্বামী এৰি গৈলা। ও’ মোৰ শাহু আই, অভাগীৰ কৰমৰ দোষে।। সুগন্ধি ফুলৰে হাৰমাল গাঁথি। ও’ মোৰ শাহু আই, পিন্ধিবো কাহাৰ গলে। পিঠা পৰমাণ, বঁটা ভৰা পাণ। ও’ মোৰ শাহু আই, তুলি দিবোঁ কাহাৰ হাতে। মোৰ দুঃখৰ কথা কাহাতে কহিবোঁ। ও’ মোৰ শাহু আই পদ ধূলা লৈবোঁ মাথে। সৰ্ব্ব অলঙ্কাৰে পিন্ধোঁ হেমহাৰ ও’ মোৰ শাহু আই, সদায় ভাল বস্তু খায়। অৱলা ৰমণী জানিবা সদায়। ও’ মোৰ শাহু আই, মনত সুখ শান্তি নাই।। এহিয় কাৰণে আহিয়া ভূতলে। ও’ মোৰ শাহু আই, সাবিত্ৰী বেহুলা সতী।। নিজৰ শক্তিৰ গুণে দেৱতাৰ ভূৱনে। ও’ মোৰ শাহু আই, শুনা ৰাম জীয়ে আনে। পগলা-পাগলীৰ গীত দিহা- দেউতাৰ পদূলিত গোন্ধাইছে মালতী। কেতেকী মলে-মলাই ঐ গোবিন্দাই ৰাম।। দহ- তেতেলিৰ তলতে কাৰো তাঁতে ৰাতি। পাহৰি আহিলোঁ কুচি ঐ গোবিন্দাই ৰাম।। কুচিৰে লগতে পগলাই কিলাব যামে আইৰ ঘৰলৈ গুচি ঐ গোবিন্দাই ৰাম।। মাৰৰ ঘৰলৈ যাৱ তই পাগলী বাটত খাপে দিয়ে ধৰিম ঐ গোবিন্দাই ৰাম।। বাটত খাপে দিয়ে ধৰ তই পগলা হাবিত লৰে মাৰি সোমাম ঐ গোবিন্দাই ৰাম।। হাবিত লৰ মাৰি সোমাৱ তই পাগলী হাবিত জুই দিয়ে ধৰিম ঐ গোবিন্দাই ৰাম।। হাবিত জুই দিয়ে ধৰ তই পগলা ধোঁৱাৰে লগতে উৰিম ঐ গোবিন্দাই ৰাম।। ধোঁৱাৰ লগতে উৰ তি পাগলী হাঁকুটী জোৰায়ে ধৰিম ঐ গোবিন্দাই ৰাম। হাঁকুটী জোৰায়ে ধৰ তই পগলা তোৰে বৰ পুখুৰীত পৰিম ঐ গোবিন্দাই ৰাম।। মোৰ বৰ পুখুৰীত পৰ তই পাগলী জুলুকি বায়ে ধৰিম ঐ গোবিন্দাই ৰাম।। জুলুকি বাইয়ে ধৰ তি পগলা শামুকৰ জনমে ধৰিম ঐ গোবিন্দাই ৰাম।। শামুকৰ জনমে ধৰ তই পাগলী তোকে চূণ পুৰি খামে ঐ গোবিন্দাই ৰাম।। মোকে চূণ পুৰি খাৱ তই পগলা। দুগালে ডাকিয়ে পেলাম ঐ গোবিন্দাই ৰাম। মোৰ দুগালে ডাক তই পাগলী তোক তেল দিয়ে গুচাম ঐ গোবিন্দাই ৰাম।। অ’ ৰাম জয় হৰি জয় ৰাম বোলা জয় হৰি বোলা গৃহস্থক কুশলে ৰাখক হৰি বোলা।। কয়ামূৰীৰ গীত দিহা- হায়, হায়, কয়া মুৰী এ। পদ- হাল বাব যাওঁ মই। ভাত ৰান্ধি থবি তই।। ভাত ৰান্ধি নথওঁ মই। পীৰা জোৰাই ঘোমাম মই।। পীৰা জোৰাই ঘোমহ তই। হাউলাৰ লৰুৰে কোবাম মই হাউলাৰ লৰুৰে কোবাহ তই। মাইৰ ঘৰলৈ গুছি যাম মই। মাইৰ ঘৰলৈ গুছি যাহ তই। কান্ধত তুলি আনিম গৈ মই।। কান্ধত তুলি আন তই। কান্ধে-চান্ধে হাগি দিম মই।। কান্ধে-চান্ধে হাগি দিয়া তই নোৱা নদীত ধুম গৈ মই। নোৱা নদীত ধোৱা তই।। জনে শামুক হম গৈ মই। জনে শামুক হ যদি তই।। চূণ পুৰি খাম মই।। চূণ পুৰি খাহ যদি তই। গালে মুখে ডাকিম মই।। গালে মুখে ডাকা যদি তই। আদা জাৰি খাম মই।। আদা জাৰি খাৱ যদি তই।। আদাৰ ঢাপত হাগিম গৈ মই।। আদাৰ ঢাপত হাগাহ যদি তই। বৰ কোদালেৰে পেলাম মই।। বৰ কোদালেৰে পেলাহ যদি তই। বৰ কোদল ভাঙি থম গৈ মই।। বৰ কোদাল ভাঙি থহ যদি তই। বৰ কোদাল ভাঙি থহ যদি তই।। বৰ কমাৰৰ তালৈ নিম গৈ মই।। কমাৰ-শালিক নিলে তই। কমাৰ ককাইক হাক দিম গৈ মই। কমাৰ ককাইক হাক দি্যা যদি তই।। ঢেকীৰ থোৰাৰে কোবাম মই।। হায়, হায়, কয়ামূৰী এ। কামৰূপৰ ক্ষেত্ৰী অঞ্চলৰ ধোপগুৰি গাৱঁৰ শ্ৰীপেটাল, দুতি ঠাকুৰীয়া আদিৰ পৰা সংগৃহীত। ১৯৫৬ ইং চন। উৎসঃ ফণীন্দ্ৰ্নাথ কলিতা