সাউদ বণিজক যোৱা গীত দিহা- ৰামবোল হৰি বোল হে। পদ- যেতিয়া আছিলোঁ মই মাও বাপৰ ঘৰে, তেতিয়া নগৈলা কেনে লঙ্কাৰ বণিজে হে। ধনৰ কঙাল সাউদ ধনকে কৰা সাৰ বাপ মাও ধন দিব বলধে উঠিয়া। বাৰীৰে ভলুকা কাটি নাৱৰ দিলা চৈ, নালাগে সাউদ বণিজে যাব যাউক ছোট ভাই। বাৰীৰ বগৰি কাটি নাৱৰ নাৱৰ দিলা গুড়া। নালাগে সাউদ বণিজে যাব যাওঁক শহুৰ বুঢ়া।। মাঝিকে দিব টকা টকা গুৰিয়ালক দিব সোণা। আমাৰ সাউদ বণিজে যায় দিওঁ মালা। লীলাৱতীৰ কান্দনতে গৰ্ভে গৰভ লৰে। কেচাঁ বিৰিখৰ পাত সিওঁ সৰি পৰে। আমি যাইবো দূৰ দেশে মনে ৰৈব ধান্দা। আমাৰ হাতৰ মোহন বাঁশী থৈয়া যাব বান্ধা।। বালিৰ ওপৰ খাইবা ভাত, নৌকাৰ ওপৰ শুইবা। ৰজনী প্ৰভাত হইলে কাৰ মুখ চাইবা।। -হেমচন্দ্ৰ গোস্বামীৰ “অসমীয়া সাহিত্যৰ চানেকি”ৰ পৰা সংগৃহীত। কৌশল্যাৰ-বিলাপ দিহা- বনবাসে যায় ৰাম ৰঘুমণি অ’ আৰে ৰাম সৰ্ব্বলোকে কয় ৰামে ৰাজা হয়। পদ- আনন্দে নধৰে হিয়া। হে ৰাম ৰাম ৰাম হেন পুত্ৰক বনবাসে পঠাইলা। বুকুতে অগনি দিয়া। অ’ ৰাম হৰি আৰে ৰাম সৰ্ব্বলোকে কয় ৰামে ৰাজা হয়। যত ধন জন বস্ত্ৰ অলঙ্কাৰ অ’ সবাকে দিবাক পাৰু। হে ৰাম ৰাম। ৰাম হেন পুত্ৰক বনবাসে পঠাইলা ইয়াৰ সন্তাপে মৰোঁ। অ’ হৰি ৰাম। আৰে ৰাম সৰ্ব্ব্লোকে কয় ৰামে ৰাজা হয়। শুনৰে কৈকেয়ী নিদাৰুণী তই অ’ তোকে বোলো প্ৰিয় ৰাণী। হে ৰাম ৰাম।। অন্য বৰ লওঁ, ৰামে ৰাজা হয় ৰাখা মোৰ প্ৰাণ খানি। অ’ হৰি ৰাম…….। আৰে ৰাম সৰ্ব্বলোকে কয়, ৰামে ৰাজা হয়। বাৰীৰে শুভঙ্কৰ ডাব নাৰিকল অ’ মৈজাৰ শুভঙ্কাৰ লতা। হে ৰাম ৰাম। শয্যাৰ শুভঙ্কৰ সীতা। অ’ হৰি ৰাম। আৰে ৰাম সৰ্ব্বলোকে কয়, ৰামে ৰাজা হয়। ইটো বৃন্দাবনে পখাও নচৰে অ’ কি পখী পাৰে হৈ ৰাম। হে ৰাম ৰাম। অয্যোধ্যা নগৰে কান্দি কান্দি কহে ৰামৰে কৌশল্যা মাৱ।। অ’ হৰি ৰাম। আৰে ৰাম সৰ্ব্বলোকে কয়, ৰামে ৰাজা হয়। হৰিণা পহুৰ গীত দিহা- কান্দে হৰিণা পহু অৰণ্যৰ মাজেৰে। পদ- হৰি এ বিয়াধে পাতিছিল ফান্দ মাটি আৰাল কৰি। ৰে নজানি হৰিণা পহু ফান্দে দিলা ভৰি।। ৰে ফান্দে পৰি হৰিণা পহু কৰে হায়ৰে হায় অন্যে নঠগিলা মোক ঠগিল গোঁসাই।। হৰি এ লালিতে নাপাইলু প্ৰভু পালিতে নাপাইলু দুৰাই যেন ডিমা পাৰি পালিতে হৰাইলু।। ৰে ছায় সৱে লগ লাগি ক্ৰন্দন জুৰিলা। জগতৰ শ্ৰী কৃষ্ণই সাক্ষাৎ দেখা দিলে।। ৰে কহয় মাধৱ দাসে পহু ভাগ্যৱতী। ৰে জনমে জনমে হৌক কৃষ্ণতে ভকতি।।ৰে গোপী-বিৰহ দিহা- গোপিনী কান্দা হৈহা-মোৰ প্ৰাণনাথ। পদ- গোপিনী কান্দা হৈ হা-মোৰ প্ৰাণনাথ কি নিলা চোৰে ৰে ইটো বৃন্দাবনৰ মাজ এই চুপি বিৰিন্দাবন জ্বালিলা অগনি প্ৰিয় আহাৰে পুৰি যাওঁ বৃন্দাবন মৰক গোপিনী।। হে মোৰ প্ৰাণনাথ। পুৰি গৈল বৃন্দাবন উৰি গৈল ছাঁই। গোকুলৰ গোপিনী কান্দে কৃষ্ণ গুণ গাই।। এই ফালেদি গৈছে কৃষ্ণ খঞ্জ আছে পৰি। গোপিনী বিনাই কান্দে কৃষ্ণ গুণ স্মৰি।। চৈতে চতুৱা পখী কান্দে “পিয়া-পিয়া”। বিধাতাই বঞ্চিত কৰে হাতে নিধি দিয়া।। কহয় মাধৱ দাসে গোপী ভাগ্যৱতী। জনমে জনমে হৌক কৃষ্ণত ভকতি।। দ্ৰৌপদীৰ বিলাপ গীত (১) দিহা- কান্দে দৌপদী কৃষ্ণক সুমৰি অ’ ভকত বৎসল হৰিহে ৰাম ৰাম ভকত বৎসল হৰি। পদ- কান্দে দ্ৰৌপদী কৃষ্ণক সুমৰি ভকত বৎসল হৰিহে ৰাম ৰাম ভকত বৎসল হৰি। ৰজস্বলা নাৰী ৰাজ সমাজক চলি যাইবো কেনে কৰি।। অ’ হৰি হৰি……। বিহানে উঠিছে গা চিলান কৰিহে সত্য যাইবো তোৰ ঘৰে। দাসী কৰি নিয়া বিকি ধন খোৱা নিশ্চয় কৈলো তোমাৰে। অ’ হৰি ৰাম….। কেশত ধৰিহে দুঃশাসন বীৰেহে সমাজৰ মাজকে নেই। দুষ্ট দুৰ্য্যোধনৰ উৰুক দেখাইলা শোকে প্ৰাণ ফুটি যায়।। অ’ হৰি ৰাম…..। অকৰ্ম্ম দেখিছ দুনাই বিদূৰেহে সমাজৰ মাজকে গৈলা। হে হৰি হৰি অন্ধ্ৰে লাৰে পুত্ৰ দিনতে দুই চক্ষু খাইলা।। অ’ হৰি ৰাম……। আঞ্চলে ধৰিহে বিবস্ত্ৰ কৰিহে কৌৰৱৰ মনত ৰঙ্গ। বস্ত্ৰ লৈয়া হৰি আৱৰি ধৰিলা নেদেখিলা একো অঙ্গ।। অ’ হৰি ৰাম…….। গদাক ধৰিহে বীৰ বৃকোদৰহে ক্ৰোধে কৰে অঙ্গীকাৰ। দুষ্ট দুৰ্য্যোধনৰ উৰুক ভাঙ্গিবো দুঃশাসনৰ ৰক্তপান।। অ’ হৰি ৰাম। দ্ৰৌপদীৰ বিলাপ (২) দিহা- অ’ বিধিহে মই কোন ক্ষণে জনম লভিলু। পঞ্চ স্বামী সমে মই অনাথিনী হৈলু।। প্ৰাণ কৃষ্ণাই অ’ পদ- আছিল দেৱৰ বৰে জন্মিলু দ্ৰুপদ কৰে। পিতৃ নাম থৈলা যাজ্ঞসেনী। প্ৰাণকৃষ্ণাই অ’ সহদেৱে ৰাখে পালে নকুল গৈলা ঘোঁৰাশালে যুথিষ্ঠিৰে মাৰা পাশাৰ সাৰি। প্ৰাণ কৃষ্ণ অ’ যাহাৰ গদাৰ চোটে মেদিনী মেলায় ফাটে সিও ভৈলা মৎসেৰ ৰান্ধনি। প্ৰাণ কৃষ্ণাই অ’ ষাহাৰ টঙ্কাৰ ধ্বনি দেৱ লোকে থাকে শুনি সিও ভৈলা নাৰীৰ আকাৰ। প্ৰাণ কৃষ্ণ অ’ চন্দন পিষন্তে মোৰ দশ নথ ভৈলা ক্ষয় কীচকেসে চাহে হৰিবাক। প্ৰাণ কৃষ্ণাই অ’ কহয় মাধৱ দাসে প্ৰেম ভক্তি-ৰস আশে ডাকি সদা বোলা হৰি হৰি। প্ৰাণ কৃষ্ণাই অ’।। লিখকঃ ফণীন্দ্ৰ্নাথ কলিতা