দিহা- অ’ সখিহে আজি কেনে নুপুহাই ৰজনী পদ- এ প্ৰথম প্ৰহাৰ ৰাতি শয্যাৰ মাজে আছোঁ বহি ৰত্নময় পালঙ্গ সজায়। পিৰা পাৰি সাজু কৰি লৈ আছোঁ আগবাঢ়ি নাহিল কানু পৰৰ নাৰী পায়।। দ্বিতীয় প্ৰহাৰ ৰাতি নিৰ্দ্দয় পুৰুষ জাতি আশা দিয়া কৰিলা নৈৰাশ। পৰত আশ যাৰ নিস্ফল জীৱন তাৰ অভাগিনীৰ ৰৈলা অভিলাষ।। হে প্ৰাণ সখিহে, এহে আমাৰ কেনে দুৰ্ভাগ্য কপাল তৃতীয় প্ৰহাৰ কালা সুগন্ধি পুষ্পৰ মালা লৈ আছিলোঁ আহিব গোপাল। অভাগিনীৰ কৰ্ম্মফলে নাহিল কানু মোৰ ধৰে অভাগিনীৰ ৰৈলা অভিলাষ। যমুনাৰ তীৰতে মোহন কলিয়া বাঁসিতে মাৰিছে গান, বাঁসিৰ সুৰ শুনি ৰাধিকা সুন্দৰী বাঁসি লৈ কৰিছে কাণ এ। অনন্তৰে হৰি বায়ে বংশী ধৰি বাঁসিতে উঠিছে ৰাৱ। ৰাধিকাৰ মনতে মাতে যেন পাৱে নাচি নাচি আহে গাৱ।। যমুনাৰ তীৰতে বাজে কাৰ বাঁসিটি ঐ অ’ সখি শুনি মন মজিয়া ৰ’ল। বাঁসিতে সুৰ তুলি মাতে ৰাধিকা বুলি অ’ সাখ মাতিনো কেনে গুনি গ’ল। কেঁচা খৰি কেঁচা আঙাৰ কিনাৰে দিয়া ধোৱাঁই খোৱাৰ চলে কান্দোঁ। বংশীৰ শুনিয়া ৰাওঁ চট-ফট গাৱ ঘনে বাহিৰলৈ আহোঁ।। পানী আনিবৰ চলে কাষত কলসী লৈলোঁ গৃহৰ পৰা ওলালোঁ ছেগ চাই। তিনি সখিৰ সঙ্গ কৰি চলিল ৰাধিকা দেৱী দেখি পাছে বুলিলা কানাই।। কাষতে কলসী এ অ’ ৰাধে লাহেকৈ থওঁ কৰ্পূৰ তামোল দিওঁ ৰাধা আঞ্চোল পাতি লৌ।। কানাই বোলন্ত শুনা ৰাধা গুণৱতী। এক কথা কওঁ মই শুনা কাণ পাতি।। আহোঁতে যাওঁতে ৰাধা ঘাটে দেখোঁ তোক। মুখত লাজে পেটত ভোকে নামাতাহা মোক। নকৰা নৈৰাশ ৰাধা বোলোঁ এক বাণী। আলস্য নকৰি ৰাধা লোৱা তামোল খানি।। কৰ্পূৰ তামোল খাই ৰাধা মনত পাবি ভাল। কপালত ঘাম বৱ মুখত বৱ লাল। কৰ্পূৰ খাবি, তামোল খাবি আৰু খাবি গুৱা। কদম তলে যায় দুয়ো খেলাইবোঁহো জুৱা।। জুৱা খেলাম পাশা খেলাম বান্ধি ছাটি লম। মই যদি হাৰো ৰাধা তোৰে বন্ধা হম।। তই যদি হাৰা ৰাধা মোৰে বন্ধা হবি। হবিনে নহবি ৰাধা সত্য কৰি কবি।। সখি গণৰ সঙ্গে ৰাধা মনে লজ্জা পায়। বিমৰিষি বোলে ৰাধা কনাইৰ মুখ চায়।। অ’ হেৰা সখিয়া সৌ চোৱা কলিয়া কেনেনো লাজ নাই তাৰ। অ’ হেৰা সখিয়া চকু চাই মাৰে দেখোঁ থাৰ।। আই বোপাইয়ে গালি পাৰিবেক লোকে বুলিৰে মন্দ। কুলৰ কলঙ্ক হবে অথন্তৰ স্বামীয়ে কবিৰে দন্দ।। অ’ হে মোৰ কানাই এ অ’ কানাই কিনো বুলি শিকাম মই তোক। অ’ কানাই কিনো বুলি বুজাম মই তোক। অ’ কানাই ঘাটে-বাটে নামাতিবি মোক এ। নাখাওঁ তোমাৰ কৰ্পূৰ তামোল নাখাওঁ তোমাৰ পাণ যমুনাত জাপ দিয় ত্যাজিম পৰাণ হে মোৰ। অ’ ৰাধে কিনো দায় লগালোঁ ধেমালি কৰোঁতে। মুখ চাই নামাতাহ মোকে বিহ খাই মৰিবি, জলে জাম্প দিবি, গলতে লগাবি ফাঁচি। সেই সময়তে মই কানু ওলামগৈ মাৰি যে মেকুৰী-হাঁচি। পাৰ হৈ উৰিম গৈ তোৰে বৰ ঘৰতে মাখি হৈ পৰিম গালতে।। তামোল জানো খোৱা যমুনালৈ যোৱা কথাতো ৰাখিবা মনতে। কদম্বৰ তলতে লগ দিবি তই ভৰ দুপৰীয়া পৰতে।। কিনো জঞ্জাল খন পাতিলি তই বাটতে হাতে নাযাওঁ বাটে নাযাওঁ পানীক নাযাওঁ লাজে। আই বোপাই নাম থৈলা কলঙ্কিণী ৰাধে। সখি গণৰ সঙ্গে যেবে আহোঁ কদাচিত। বাটত মিলয় আহি কাৰ্য্য বিপৰীত। চম্পা নাগেশ্বৰ প্ৰাণেৰ বান্ধৱ চম্পা, নাগেশ্বৰ প্ৰাণেৰ বান্ধৱ এ মাথাতে খুচিয়া লৈবোঁ নন্দেৰ নন্দন শ্ৰীমধুসূধন অ’ আজি মই মোৰ ঠাই যাইবোঁ সুবৰ্ণ বঁটাতে তামোল কাটি থৈবোঁ অ ৰুপৰ বটাতে পাণ। শীতল মন্দিৰে শয্যা পাৰি থৈবোঁ অ আহিলে যৌৱন দিম দান। কহয় মাধৱ প্ৰাণৰ বান্ধৱ। এ ডাকি বোলা ৰাম ৰাম। লিখকঃ ফণীন্দ্ৰনাথ কলিতা