অসমীয়া লোক সাহিত্য সাহিত্য হৈছে সমাজৰ দাপোন। লিপিৰ আৱিষ্কাৰ হোৱাৰ বহু পূৰ্বৰে পৰা জনসাধাৰণৰ মাজত একপ্ৰকাৰৰ সাহিত্য প্ৰচলিত আছিল, সেয়া হৈছে লোক সাহিত্য, যাৰ একমাত্ৰ বাহক হৈছে মানুহৰ স্মৃতি। লোক সাহিত্য জনসাধাৰণৰ মুখে-মুখে চলি অহা বাবে ইয়াক জন-সাহিত্য বা মৌখিক সাহিত্য বুলিও কোৱা হয়। লোকসাহিত্যৰ ভাগ বিষয় বস্তুৰ ওপৰত ভিত্তি কৰি অসমীয়া লোক সাহিত্যক তিনি শ্ৰেণীত ভাগ কৰিব পাৰি। সেই কেইবিধ হ'ল ক)লোক গীত খ)ফকৰা-যোজনা, সাঁথৰ পটন্তৰ; আৰু গ) সাধুকথা। ক) লোকগীত : লোকগীতত অসমীয়া সাহিত্য অতি চহকী । মানুহৰ সাধাৰণ জীৱনৰ সুখ দুখ, আনন্দ-উল্লাস আদি লোকগীতবোৰৰ মাজত প্ৰকাশ কৰা হয় । এই গীতবোৰ গাঁৱলীয়া মানুহে জন্মৰপৰা মৃত্যু লৈকে পালন কৰা বিভিন্ন ধৰ্ম-কাৰ্য, আচাৰ-অনুষ্ঠান আদিৰ লগত সম্বন্ধ আছে ৷ লোকগীতবোৰক আকৌ প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি – ১) অনুষ্ঠান মূলক- যিবোৰ লোকগীত অসমীয়া সমাজত বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছে আৰু সেই অনুষ্ঠান সমূহ উদযাপনৰ সময়ত গোৱা হৈছিল সেই লোকগীতক অনুষ্ঠানমূলক লোকগীত বোলা হয়। যেনে- বিয়ানাম, বনগীত, বিহুগীত, সুবচনীৰ গীত, অপেচৰী সবাহৰ গীত, লখিমী সবাহৰ গীত, মহোহো গীত আদি ৷ ২) আখ্যানমূলক -আখ্যানমূলক গীত সমূহৰ বিষয়বস্তু হৈছে কোনো একোটা কাহিনী বা কিছুমান কাল্পনিক আখ্যান । এই আখ্যানমূলক লোকগীতবোৰক ইংৰাজী 'বেলাড' বোলে । এই গীতবোৰ বীৰত্ব ব্যঞ্জক বা আদি ৰসাত্মক কাহিনী, দুঃসাহসিক ঘটনা আদি বৰ্ণিত হয়। কিন্তু কৰুণ ৰসেই এনে গীতৰ প্ৰধান সুৰ।অসমীয়া আখ্যানমূলক লোকগীত সমুহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি – ক) বুৰঞ্জীমূলক – বুৰঞ্জীমূলক গীতবোৰ বুৰঞ্জীৰ কাহিনীৰে সমৃদ্ধ। এনেধৰণৰ গীতসমূহ ভিতৰত নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত, বৰফুকন গীত, মনিৰাম দেৱানৰ গীত আদি উল্লেখযোগ্য ।কিছুমান সম্পূর্ণ কিন্তু বেছিভাগেই অসম্পুৰ্ণ ৰূপত পোৱা যায় । ইয়াৰ ভিতৰত নাহৰৰ গীত প্ৰাচীনতম কাৰণ নাহৰ ডেকা খোৰাৰাজাৰ (১৫৫২ চনৰ পৰা ১৬০৩) কুঁৱৰী এগৰাকীৰ তোলনীয়া ল 'ৰা আছিল। মনিৰাম দেৱানৰ গীত অৰ্বাচীন ।বৰফুকনৰ গীতৰ বাহিৰে বাকীবোৰ গীত সম্পূর্ণৰূপে সংগৃহীত হোৱা নাই ।তথাপিও কৰুণ ৰসেৰে সিক্ত প্ৰতিটো গীততে ঐতিহাসিক ব্যক্তিজনাৰ প্ৰতি সহানুভূতি প্ৰকাশ পোৱা গৈছে।বুৰঞ্জীমুলক গীতবোৰ প্ৰায়ে কৰুণ ৰসাত্মক । খ) কিম্বদন্তি বা জনশ্ৰুতিমূলক -।এই গীতসমূহৰ মাজেদি মনোৰঞ্জন কাহিনী একোটা বৰ্ণিত হৈছে । ফুলকোঁৱৰৰ গীত, জীৱন নাগাভৰুৰ গীত, ময়নামতীৰ গীত, মণিকোঁৱৰৰ গীত, কমলা কুঁৱৰীৰ গীত আদি কিংবদন্তি বা জনশ্ৰুতিমূলক গীতৰ ভিতৰত পৰে ।এই জনশ্ৰুতিমূলক গীতৰ ৰচনাকাল নিৰ্ণয় কৰা টান এই গীতসমূহত অসমৰ সংস্কৃতি আৰু আহোম ৰাজত্বৰ এটি আভাস পোৱা যায় । গ) কাল্পনিক - এই গীতসমূহৰ কৰুণ ৰস প্ৰধান আৰু নায়িকাৰ প্ৰিয় বিৰহৰ বৰ্ণনা পোৱা যায় । এই গীতসমূহৰ ভিতৰত কন্যা বাৰমাহী, দুবলা শান্তিৰ গীত, মধুমতী গীত, শান্তি বাৰমাহী গীত, জয়ধন বণিয়াৰ গীত আদি । ৩) বিবিধ বিষয়ক বা কৰ্মবিষয়ক গীত -বিবিধ বিষয়ক গীত ভিতৰত নাওখেল, ধাইনাম, নিচুকনি গীত, কামৰূপৰ বৰশীবোৱা গীত, মহখেদা, নাঙেলী গীত, গৰখীয়া গীত, হাউখেলৰ গীত, গোৱালপাৰা অঞ্চলৰ চটকা গীত, জুনা গীত, বহুৰঙী গীত, মৈষাল গীত আদি বহু ধৰণৰ গীত অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত আছে । নিচুকনি গীত হ 'ল সৰু ল'ৰা ছোৱালী ওমলোৱা আৰু নিচুকুওৱা গীত ।নাওখেলৰ গীতবোৰ বিশেষকৈ নামনি অঞ্চলৰ। নাৱৰীয়া সকলে শ্ৰম লাঘৱ আৰু উৎসাহ বঢ়াবৰ বাবে বঠাৰ ছেৱে ছেৱে তাল মিলাই সমস্বৰে মন ৰঙাবলৈ এই গীতবোৰ গোৱা হয়। এই গীতবোৰৰ কোনো নিদিৰ্ষ্ট বিষয়বস্তু নাই। এই গীত প্ৰভাৱ বৈষ্ণৱ সাহিত্যৰ সাউদ বণিজলৈ যোৱা, কৃষ্ণই ৰাধাক যমুনা পাৰ কৰি নিয়া আদি কথাৰ বৰ্ণনা আছে । মলুৱাৰ গীতত অসমীয়া শিপিনীৰ প্ৰিয় বস্তু নেওঠনী, যঁতৰ, তাঁত শাল আদি উল্লেখ পোৱা যায় । খ) ফকৰা-যোজনা, সাঁথৰ, পটন্তৰ, প্ৰবচন:- লোকগীতৰ দৰেই অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ হৈছে ফকৰা-যোজনা, সাঁথৰ পটন্তৰ, প্ৰবচন। এইবোৰ ভিন্ন সময়ৰ ভিন্ন ৰুচি আৰু অভিজ্ঞতা সম্পন্ন লোকৰ সুক্ষ্মতম অভিব্যক্তি। অসমীয়া জাতীয় জীৱনৰ লগত ইয়াৰ সম্পৰ্ক নিবিড়। ৰাজনীতি, অৰ্থনীতি, সমাজনীতিৰ উপৰিও কৃষি, গৃহস্থালী, আচাৰ - ব্যৱহাৰ আদিৰ বিষয়ে সাৰুৱা উপদেশ পোৱা যায়। যোজনা হৈছে এটা কথা বুজাবলৈ আন এটা কথাৰ লগত তুলনা কৰা হয়। যোজনাক পটন্তৰ বুলিও কোৱা হয়। যেনে- "নদীৰ বন নাই খান্দে আৰু পোতে, বিষয়াৰ বন নাই ভাঙে আৰু পোতে", অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ, অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা , অল্পবিদ্যা ভয়ংকৰি। মাক চাই জীয়েক জাতি। পাগলে নকয় কি, ছাগলে নাখায় কি ইত্যাদি। সাঁথৰ হৈছে কোনো বস্তুৰ প্ৰকৃত নাম সহজে ক'ব নোৱাৰাকৈ দিয়া আওপকীয়া বৰ্ণনা। যেন- "ঘৰৰ তলত ঘৰ। তাতে পৰি মৰ (আঠুৱা)। হাবিত কাহে ওলাই নাহে (কুঠাৰ) মাক জুতুলি পুতুলি বাপেক চোকা টেকেলা (জলকীয়া) ৰজাৰ লাঠি , ঘন ঘন গাঠি (কুঁহিয়াৰ) এজনী কলী গাই , ঘাটে ঘাটে পানী খায় (বৰশী) গ) সাধুকথা( Folk-tale) অতি প্ৰাচীন কালৰে পৰা বিভিন্ন সময়ত অসমীয়া মানুহৰ মুখে মুখে সাধুকথা প্ৰচলিত হৈ আহিছে। সাধুকথাৰ কাহিনীত অলৌকিকতাই প্ৰাধান্য লাভ কৰিছে । সাধুকথা কওঁতাৰ নিজা ভংগী আছে সেই ভংগীৰে ক' লেহে তাৰ বৈশিষ্ট্য প্ৰকাশ হয়। সাধুকথাৰ চৰিত্রসমূহৰ মাজতো স্নেহ, মৰম, অসূয়া, ধূৰ্তালি আদি ভাব দেখিবলৈ পোৱা যায় । তেজীমলা, তুলা আৰু তেজা আদি সাধু কৰুণ ৰসাত্মক আৰু টেটোনা, কুকুৰীকণা জোঁৱাই, আদি সাধু সমূহ ধেমেলীয়া বিধৰ। পৰ্বত, নৈ, গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটি আদি প্ৰাকৃতিক সম্পদ সমূহৰ উৎপত্তি সম্বন্ধেও অলেখ সাধু আছে । পঞ্চতন্ত্ৰ, হিতোপদেশ, ঈছপৰ সাধু আদি গ্ৰন্থ অসংখ্য সাধুকথাৰে ভৰপূৰ । সাধুকথাবোৰ নাতিশিক্ষাৰে ভৰপূৰ।