অসমীয়া সমাজত তামোল-পাণ তামোল আৰু পাণ দুবিধ সুকীয়া কৃষিজাত সামগ্রী। সুকীয়া হ’লেও ইটোৰ লগত সিটোৰ ওতঃপ্রোত সম্পৰ্কৰ বাবেই প্রায়েই একেলগেই ব্যবহাৰ হয়। তামোল-পাণ অসমীয়া সমাজ-জীৱনৰ এক অপৰিহার্য উপাদান। পুজা-পাৰ্বণৰ পৰা আৰম্ভ কৰি অতিথিক সেৱা-শুশ্ৰষা কৰা, বিভিন্ন সামাজিক অনুষ্ঠানত ব্যৱহাৰ কৰা আৰু গৃহস্থই নিজে খাই-বৈ উঠি 'মুখ শুদ্ধি' বা মুহুদি কৰালৈকে সকলোতেই তামোল-পাণৰ প্রয়োজন। ঘৰলৈ আলহী-অতিথি আহিলে প্ৰথমে তামোল-পানৰ বঁটাৰে সম্ভাষণ জনোৱা হয়। তামোল-পাণৰ বাৰী এখন নহ'লে অসমীয়াৰ ঘৰ এখন সম্পূর্ণ নহয়। তামোলৰ অন্য এক নাম হ'ল গুৱা। ইংৰাজীত ইয়াক Areca nut বা Betel nut বোলা হয় । সমগ্র অসমৰ বাহিৰেও ভাৰতবৰ্ষৰ বিভিন্ন প্রদেশত বেলেগ বেলেগ ধৰণে ইয়াৰ ব্যৱহাৰ দেখা যায়। বহুতে কেঁচা তামোল শুকুৱাই চুপাৰি কৰি খায়। কিন্তু কেঁচা তামোলৰ লগত পাণ খোৱা অসমীয়া সমাজৰ এক বিশেষত্ব। কেৱল তামোল আৰু পাণেৰেই তামোলৰ জুতি নোলায়। তামোল-পাণৰ লগতে বগা খোৱা চূণ, ক’লা ধপাত আৰু অকণমান গুৱামুৰি খালেহে তামোল আচল পাগ উঠে। তামোল গছ এবিধ শাখা-প্রশাখাবিহীন তাল জাতীয় উদ্ভিদ। তামোল হিচাপে খোৱা ফলবোৰ এই গছত ঠোঁকে ঠোকে লাগে। জেঠ-আহাৰ মাহত তামোল পূৰঠ হয়। পাণ এবিধ লতা জাতীয় উদ্ভিদ। অসমীয়া মানুহে সাধাৰণতে তামোল গছতে পাণ গছ বগাবলৈ সুবিধা কৰি দিয়ে। কোনো কোনোবে অৱশ্যে অন্য গছ আৰু চাঙ পাতি পাণ বগাবলৈ দিয়। পাণক ইংৰাজীত Betel leaf বোলা হয়। কেইবাটাও প্রজাতিৰ পাণ আছে, যেনে-গান্ধ পাণ, সাঁচীপাণ, মিঠা পাণ, আউলী পাণ ইত্যাদি। তামোল পুলি ৰোৱা ঠাইডোখৰত পানী জমা হ'ব নালাগে। একে জোপা গছত এবাৰতে কেইবাটাও তামোলৰ ঠোক ধৰে। গছ ৰোৱাৰ ৫-৬ বছৰৰ পিছত ফল লাগিবলৈ আৰম্ভ কৰে। অসমীয়া মানুহে অভিনব পদ্ধতিৰে তামোল সংৰক্ষণ কৰে। পকা তামোলবিলাক যথা সময়ত সংগ্রহ কৰি আনি ভাল-বেয়া, ডাঙৰ-সৰু ভাগ কৰে। তামোলবিলাক শুকাই নষ্ট নহ'বৰ কাৰণে মাটিত গাঁত খান্দি পুতি থয়। ৩/৪ ফুট দ' গাঁত খান্দি গাঁতৰ তলত আৰু চাৰিওকাষে তামোলৰ ঢকুৱা পাৰি দি হিচাপ কৰি (১ পোণ, ২ পোণ) তামোলেৰে গাঁতটো পূৰাই দিয়া হয়। গাঁতটো পূৰ হ'লে পুনৰ ঢুকোৱাৰে তামোলখিনি ঢাকি দি তাৰ ওপৰত বতাহ সোমাব নোৱৰাকৈ টানকৈ মাটি চপাই দিয়া হয়। এই পদ্ধতিক তামোল গোৰোৱা বুলি কোৱা হয়। ইয়াৰ ফলত বাহিৰৰ বাকলিখন গেলি গৈ ভিতৰৰ খোৱা তামোল ফলটো বহু দিনলৈকে ভালে থাকে। গোৰোবা তামোলৰ আদৰ সুকীয়া। অস্থায়ীভাবে ঘৰত ব্যৱহাৰ কৰিবলৈ বহুতে মাটিৰ কলহ বা টেকেলীত পানী ভৰাই তামোল ডুবাই থয়। তেতিয়াও বাকলি গেলি যায় যদিও ভিতৰৰ তামোল টান হৈ বহুদিনলৈ বেয়া নোহোৱাকৈ থাকি যায়।