কলখাৰ: অসমৰ থলুৱা প্ৰজাতিৰ এবিধ কল হৈছে ভীমকল। ভীমকল ঔষধি গুণসম্পন্ন আৰু ই খাদ্য হোৱাৰ উপৰিও অন্য কিছুমান দিশতো ইয়াৰ উপকাৰিতা অপৰিসীম। ‘খাৰ খোৱা অসমীয়া’ বুলি অসমীয়া মানুহৰ নামেই আছে। ‘খাৰ’ হৈছে অসমীয়া মহিলাই ঘৰতে প্ৰস্তুত কৰা এবিধ সামগ্ৰী। প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা এই সামগ্ৰীবিধ বহু বছৰলৈকে সংৰক্ষণ কৰি ৰাখিব পাৰে। ভীমকলৰ বাকলি আৰু শিপাৰ পৰা এইবিধ খাৰ প্ৰস্তুত কৰা হয়। কল খাই বাকলিবোৰ একে ঠাইতে গোটাই ৰখা হয়। বাকলিবোৰ শুকাই গ’লে সেইবোৰ জুইত পুৰি ক’লা ছাঁই প্ৰস্তুত কৰা হয়। ছাঁইখিনি এটা বাহেৰে নিৰ্মিত খৰাহিত থৈ তাত কম কমকৈ পানী ঢালি দিয়া হয়। ছাঁইৰ খৰাহিটো পৰিস্কাৰ পাত্ৰ এটাৰ ওপৰত ৰখা হয় যাতে ছাঁইৰ পৰা নিগৰি ওলোৱা পানী পাত্ৰটোত জমা হয়। সেইখিনিকেই কলখাৰ বুলি কোৱা হয়। কলগছজোপাৰ গুৰিটো খান্দি চকল চকলকৈ কাটি ৰদত শুকুৱাই পিছত জুইত পুৰি একে পদ্ধতিৰেই কলখাৰ প্ৰস্তত কৰে। কলখাৰ বিভিন্ন ধৰণৰ পাচলি যেনে- অমিতা, পচলা, শেৱালি ফুল, মাটিমাহ আৰু মাছৰ মূৰ আদিৰ লগত মিহলি কৰি সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হয়। কলখাৰৰ বহুতো ঔষধি গুণ আছে- হজমজনিত সমস্যা সমাধান কৰে। পেটৰ অপ্ৰয়োজনীয় বাহ্য পদাৰ্থ নিষ্কাশন কৰে। বৃক্কত হোৱা পাথৰৰ সমস্যা দূৰ কৰে। আভোক নোহোৱা কৰে। পানীলগা, কাঁহ, উচ্চ ৰক্তচাপ আদিতো দৰৱৰ দৰে কাম কৰে। এছিডিটি নোহোৱা কৰে গাঁৱে-ভূঞে কলখাৰ চুলি আৰু কাপোৰ ধুবৰ বাবেও ব্যৱহাৰ কৰে। খৰিচা: অসমীয়া খাদ্য সম্ভাৰৰ ভিতৰত অন্য এক উল্লেখনীয় থলুৱা খাদ্য হৈছে বাঁহগাজ বা খৰিচা।খৰিচা বাঁহগছৰ গজালিৰ পৰা প্ৰস্তুত কৰা হয়। শাওন আৰু ভাদ মাহত ওলোৱা বাঁহৰ গজালিৰ পৰা খৰিচা প্ৰস্তুত কৰা হয়। বাঁহৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত কাকবাঁহৰ খৰিচা খাবলৈ সোৱাদ। ঘৰৰ পুৰুষসকলে বাঁহনিৰ পৰা বাঁহৰ গাজ আনি মহিলাসকলক দিয়ে। মহিলাসকলেই এই কামত প্ৰধান অংশ লয়। প্ৰথমে বাঁহৰ গাজবোৰৰ ওপৰৰ বাকলিবোৰ এৰুৱাই পৰিস্কাৰ কৰি লয়। ভালকৈ ধুই ঢেকীত খুন্দি লোৱা হয়। আজিকালি ঢেকীৰ ব্যৱহাৰ প্ৰায় নোহোৱা হোৱাৰ বাবে পিচনা বা গ্ৰাইণ্ডাৰত পিচি লয়। পিচি উলিওৱা গাজখিনি টেঙা হবৰ বাবে কুজি থেকেৰা কেইফুলামান মিহলাই আইনাৰ বৈয়াম বা মাটিৰ কলহত ভৰাই ৰখা হয়। এনেদৰে ৰাখিলে বহুদিন ভালে থাকে। কেচা খৰিচাত হালধি সানি চোকা ৰদত শুকুৱাই ৰাখিলেও বহুদিন ভালে থাকে। এনে খৰিচাক শুকান খৰিচা বুলি কোৱা হয়। খৰিচাৰ আচাৰ প্ৰস্তুত কৰি ৰাখিব পাৰি। মাছৰ লগত খৰিচা ৰান্ধিলে এটি সুস্বাদু হয়। খৰিচাৰ উপকাৰিতা- বাঁহগাজত থকা পটাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে বিষনাশক হিচাপে বাতবিষৰ ৰোগীয়ে ব্যৱহাৰ কৰে বসন্ত ওলালে মাগুৰ মাছৰ লগত শুকান খৰিচা ৰান্ধি শুকতি খালে বসন্ত ৰোগ ভাল হয়। শোকোতা: অসমীয়া থলুৱা খাদ্যৰ অন্যতম এবিধ উপকৰণ হৈছে শোকোতা। তিতা মৰা গছৰ পাতৰ পৰা শোকোতা প্ৰস্তুত কৰা হয়। মৰাপাটৰ গছ বছৰৰ এটা সময়তহে হয় বাবে অসমীয়া মহিলাসকলে মৰা গছৰ পাত বছৰটোৰ কাৰণে শুকুৱাই থৈ দিয়ে। মৰাগছ কটাৰ পিছত পাতবোৰ ছিঙি পেলোৱা হয়। ভালকৈ ধুই খুব টান ৰ’দত মৰাপাট শুকুৱাই ল’ব লাগে। ভালকৈ শুকুৱাৰ পিছত হাতেৰে মোহাৰি বাঁহৰ খৰাহি এটাৰে চালি লব লাগে। চাল লোৱাৰ পিছত খৰাহিৰ তলত পৰা গুৰিখিনি বৈয়ামত ভৰাই থৈ দিয়া হয়। যেতিয়া খাবৰ ইচ্ছা হয় তেতিয়া শুকান মৰাপাতৰ পৰা শোকোতা প্ৰস্তুত কৰি খোৱা হয়। শোকোতাৰ স্বাদ তিতা। শৰৎ কালত ফুলা শেৱালি ফুলৰ পৰাও শোকোতা প্ৰস্তুত কৰা হয়। শেৱালি ফুলো শুকুৱাই বছৰটোৰ বাবে সংৰক্ষণ কৰা হয়। শোকোটাৰ ঔষধি গুণ: পানীলগা, কাঁহ আদিৰ কাৰণে উপকাৰী তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰাখে মধুমেহ ৰোগত শোকোতা ভাল পেলু, কৃমি নাশ কৰে। থেকেৰা টেঙা : অসমীয়া খাদ্য সম্ভাৰ আৰু ঔষধি গুণ সম্পন্ন থলুৱা বস্তুৰ ব্যৱহাৰে ঘৰুৱা চিকিৎসা পদ্ধতিত প্ৰাচীন কালৰ পৰা অতি গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে। তাৰ ভিতৰত থেকেৰা অন্যতম । থেকেৰা বহুত প্ৰকাৰৰ পোৱা যায়। বৰ থেকেৰা, কুজি থেকেৰা আৰু ৰূপহী থেকেৰা। খুব সহজ পদ্ধতিৰে থেকেৰা বহু দিনৰ কাৰণে সংৰক্ষণ কৰি ৰাখিব পাৰি। সংৰক্ষণ কৰি ৰখা থেকেৰা বিভিন্ন ব্যঞ্জনত দি সুস্বদু খাদ্য ৰান্ধি অসমীয়া লোকসকলে বছৰ বছৰ ধৰি উপভোগ কৰি আহিছে। তিনিবিধ থেকেৰাৰ ভিতৰত কুজি থেকেৰা সংৰক্ষণৰ বাবে বেছি উপযোগী। কুজি থেকেৰা গছৰ ফলবোৰ জেঠ আহাৰ মহীয়া পুৰঠ হয়। পকা ফলবোৰ পাৰি আনি তাৰ ভিতৰৰ গুটিবোৰ উলিয়াই লৈ ওপৰৰ বাকলি বোৰ ভালকৈ ধুই ল’ব লাগে। আঠাজাতীয় পদাৰ্থ থকাৰ বাবে অলপ সময় পানীত তিয়াই ৰাখিব লাগে। তাৰ পিছত সৰু সৰুকৈ কাটি বাঁহৰ চালনী বা খৰাহীত মেলি লৈ চোকা ৰ'দত শুকুৱাব লাগে কিছুদিন । শুকাই যোৱাৰ পিছত থেকেৰাখিনি ক’লা পৰি যায়। ক’লা পৰা থেকেৰাখিনিত মিঠাতেল ঘঁহি এদিন বা দুদিন আকৌ ৰ’দাব লাগে। তাৰ পিছত শুকান থেকেৰা খিনি চিচাৰ বৈয়ামত ভৰাই ৰাখিব লাগে। এনেদৰে থলে বহুত বছৰলৈ সেইখিনি থেকেৰা ব্যৱহাৰ কৰিব পাৰি। থেকেৰাৰে ৰন্ধা মাছৰ জোল, থেকেৰা দিয়া মগু মাহৰ দাইলখন, পদিনাৰ ছাটনি, সৰু আলুগুটি আৰু থেকাৰা আঞ্জা সকলো অসমীয়াৰে প্ৰিয়। থেকেৰাৰ পৰা বনোৱা জুৰণি (থেকেৰা তিয়াই থৈ গুৰ দি প্ৰস্তুত কৰা চৰবত) গৰমৰ দিনত প্ৰখৰ ৰদত কাম কৰি থকা পথৰুৱাসকলৰ অতি প্ৰিয়। থেকেৰাৰ ঔষধি গুণ : পেটচলা, কৌষ্ঠকাঠিন্য, পেট কামোৰণি আদি পেটৰ যিকোনো সমস্যাত থেকেৰা উপকাৰী প্ৰস্বাৱ জ্বলা পোৰা কৰা, প্ৰস্বাবৰ সংক্ৰমণৰ বাবে থেকেৰা উপযোগী। এগিলাচ পানীত কেইফুটামান থেকেৰা তাল মিছিৰিৰ সৈতে এৰাতি তিয়াই ৰাখি পিছদিনা খালি পেটত খালে উপশম পোৱা যায়। নিয়মীয়াকৈ থেকেৰাৰ চৰবত খালে মেদবহুলতা কমে।