সত্ৰীয়া নৃত্য: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে অসমৰ বিভিন্ন ঠাইত সত্ৰ প্ৰতিষ্ঠা কৰিছিল। সত্ৰসমূহ আধ্যাত্মিক ভাৱধাৰাৰ কেন্দ্ৰস্থল। সত্ৰসমূহত ধৰ্ম চৰ্চা কৰাৰ উপৰিও নৃত্য গীতৰ অনুশীলন কৰা হয়। সত্ৰীয়া নৃত্যৰ মূল হ'ল আধ্যাত্মিক। সত্ৰীয়া নৃত্য গীতৰ বিষয়বস্তু হ'ল ভগৱান শ্ৰীকৃষ্ণৰ গুণাণুকীৰ্তন আৰু ই ভাৰতীয় ধ্ৰুপদী আৰু শাস্ত্ৰীয় নৃত্যৰ অন্তৰ্গত । গায়ন বায়ন, ঝুমুৰ, চালি, ওজাপালি, ভোৰতাল আদি সত্ৰীয়া নৃত্যৰ অন্তৰ্গত। শংকৰদেৱে প্ৰৱৰ্তন কৰা অংকীয়া নাটৰ প্ৰধান এটা অংশ হ'ল সূত্ৰধাৰ। এই সূত্ৰধাৰৰ নৃত্যও সত্ৰীয়া নৃত্যৰ অন্তৰ্গত। সত্ৰীয়া নৃত্যত ব্যৱহৃত সাজপাৰ, আ-অলংকাৰ আদি সত্ৰতেই প্ৰস্তুত কৰা হয়। সত্ৰীয়া নৃত্য কেৱল পুৰুষেহে পৰিবেশন কৰিছিল। কিন্তু আজিকালি নাৰীয়েও সত্ৰীয়া নৃত্য পৰিবেশন কৰে। অসমৰ অঞ্চলভেদে সত্ৰীয়া নৃত্যৰ তিনিটা ঘাই ধাৰা আছে। এই ধাৰা তিনিটা হ'ল- বৰদোৱাধাৰা, বৰপেটাধাৰা আৰু মাজুলীধাৰা। বিভিন্ন সত্ৰত চৰ্চা হৈ থকা সত্ৰীয়া নৃত্যৰ ভংগিমাসমূহ সুকীয়া সুকীয়া। ওজাপালি: ওজাপালি অসমৰ এটা প্ৰাচীন অনুষ্ঠান। ওজাপালি প্ৰধানকৈ আধ্যাত্মিক ভাৱৰ লগত জড়িত। ওজাপালিৰ গীতসমূহ অসমীয়া গীতি সাহিত্যৰ অংশ। ওজাপালি অনুষ্ঠানক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হৈছে- বিয়াহ বা ব্যাসৰ ওজাপালি আৰু সুকন্নানী ওজাপালি। ওজাপালি অনুষ্ঠানে অসমীয়া সমাজ সংস্কৃতিৰ ঐক্যসংহতি ৰক্ষাত এক উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। কেইবাজনো সদস্য লগ লাগি ওজাপালি অনুষ্ঠান পৰিবেশন কৰে। তেওঁলোক ক্ৰমে ওজা, দাইনাপালি আৰু পালি। দলৰ মুখ্য পৰিচালক জনেই হ'ল ওজা। অনুষ্ঠান পৰিৱেশনৰ সময়ত ওজাই গীতবিলাক গায় আৰু দাইনাপালিয়ে সহায় কৰে। ওজাজনে কোনো আখ্যানৰ দিহা লগাই দিয়াৰ পিছত পালিসকলে সেই দোহা সুন্দৰভাৱে দোহাৰে। বিভিন্ন ৰাগ-তালৰ গীত পৰিবেশনৰ লগে লগে ওজা আৰু দাইনাপালিয়ে নৃত্য পৰিৱেশন কৰি অনুষ্ঠানৰ সৌন্দৰ্য বৃদ্ধি কৰে। ওজাপালি অনুষ্ঠানত ব্যৱহৃত বাদ্য ওজাপালি অনুষ্ঠানত বিশেষ বাদ্য ব্যৱহাৰ নহয় যদিও খুটি তাল, জয়ঢোল আৰু ভোৰ তাল ব্যৱহাৰ হয়। ইয়াৰ সদস্যসকলৰ সাজপাৰো সাধাৰণ। ওজা, দাইনাপালি আৰু পালিসকলে মূৰত এটা পাগুৰি মাৰে, ধূতি-চোলা আৰু কঁকালত চুৰিয়া পিন্ধে। কান্ধত চেলেং লয়। কপালত একোটা চন্দনৰ ফোঁট লয়। খুলীয়া ভাউৰীয়া অসমৰ দৰং জিলাৰ এক ঐতিহ্যমণ্ডিত সম্পূৰ্ণ লোকনাট্যানুষ্ঠান হৈছে খুলীয়া ভাউৰীয়া। খোলৰ গুৰুত্ব আৰু ভাউৰীয়াৰ অন্যতম ভূমিকাৰ বাবে এই লোকনাট্যানুষ্ঠানক খুলীয়া ভাউৰীয়া বোলা হয়। অংকীয়া নাট্যানুষ্ঠানৰ দৰে খুলীয়া ভাউৰীয়া এক নাট্যনুষ্ঠান। খোল বাদনেৰে অনুষ্ঠানৰ আৰম্ভণি হয়। খুলীয়াবোৰে খোল ঘাটেনীৰ অনুষ্ঠান আৰম্ভ কৰাৰ পিছতে সোঁহাতত চোঁৱৰ লৈ নাচি নাচি ওজাই প্ৰৱেশ কৰে। ওজাই পদেৰে নাটকৰ কাহিনীভাগৰ আগজাননী, নাটকৰ বিৱৰণী দিয়ে। প্ৰয়োজনসাপেক্ষে কোনো চৰিত্ৰ অথবা বহুৱাৰ সৈতে সংলাপ প্ৰয়োগ কৰে। মঞ্চত চৰিত্ৰসমূহ প্ৰৱেশ কৰাৰ আগে আগে আৰিয়া ধৰাৰ ব্যৱস্থাও আছে। নৃত্য-ভংগীৰে খুলীয়া ভাউৰীয়াৰ চৰিত্ৰসমূহে প্ৰৱেশ-প্ৰস্থান কৰে আৰু চৰিত্ৰসমূহে পদ্যধৰ্মী সংলাপ ব্যৱহাৰ কৰে। একাধিক বহুৱাই নাটকৰ কোনো গুৰু-গম্ভীৰ মুহূৰ্তত প্ৰৱেশ কৰি দৰ্শকক হাস্যৰসৰ সোৱাদ দিয়ে। 'চং' পৰিবেশনো এই অনুষ্ঠানৰ অন্যতম বৈশিষ্ট্য। খুলীয়া ভাউৰীয়ানাট্যানুষ্ঠানৰ কাহিনী নাটকৰ কাহিনী ৰামায়ণ-মহাভাৰতৰ আধাৰত নিৰ্মিত। বিশেষকৈ যুদ্ধ বিষয়ক বধ-কাব্যসমূহৰ আধাৰত ৰচিত কাহিনীক খুলীয়া ভাউৰীয়া অনুষ্ঠানত অগ্ৰাধিকাৰ দিয়া হয়। 'যুদ্ধ' খুলীয়া ভাউৰীয়াৰ অপৰিহাৰ্য অংগ। পয়াৰ অথবা বিলাপো এই অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ অংগ। ভাউৰীয়াসকলে স্থানীয় ৰং আৰু পোছাক পৰিচ্ছেদেৰে সাজসজ্জা কৰে। পুৰুষেই মহিলাৰ চৰিত্ৰত অভিনয় কৰে। মুখাৰ ব্যৱহাৰ অপৰিহাৰ্য। অনুষ্ঠানৰ শেষত সমূহ কলা-কুশলীয়ে আচাৰ-খোলালৈ আহি 'অপৰাধ বিনাশন' পদ গাই সমৱেত দৰ্শকৰ সন্মুখত আঁঠু লৈ অনুষ্ঠান সামৰে।