সত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁ অসমৰ বিভিন্ন ঠাইত সত্ৰ প্ৰতিষ্ঠা কৰিছিল। সত্ৰ সমূহে অসমীয়া সমাজ সংস্কৃতিক এক নতুন জীৱন দিলে। সমাজৰ ঐক্য শান্তি বজাই ৰখাত সত্ৰ সমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মহাপুৰুষজনাই তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। সেইদৰে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মাজুলীৰ ধুৱাহাটতো সত্ৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ অকল মাজুলীতেই ৬৫ খন সত্ৰ প্ৰতিষ্ঠা কৰিছিল। কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ বাবে বৰ্তমান মাজুলীৰ বহুকেইখন সত্ৰৰ অস্তিত্ব লুপ্ত হৈছে । শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ মাধ্যম হিচাপে অংকীয়া নাট ভাওনাৰ সৃষ্টি কৰিছিল আৰু সেইবোৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিল। তেওঁ একেধাৰে ভক্তিমূলক বৰগীত ৰচনা কৰিছিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ধৰ্ম প্ৰচাৰ কৰি গৈ থাকোতে ঠায়ে ঠায়ে মহাপুৰুষ দুজনাই কিছুমান প্ৰাৰ্থনা গৃহ স্থাপন কৰিছিল। পিছত সেই গৃহবিলাক 'থান' অৰ্থাৎ সংস্কৃতিৰ কেন্দ্ৰস্থললৈ ৰূপান্তৰিত হয়। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে বৰপেটাত স্থাপন কৰা সত্ৰখনেই আছিল সকলোতকৈ ডাঙৰ সত্ৰ। শংকৰদেৱৰ প্ৰিয় বাৰজন শিষ্যই অসমৰ বিভিন্ন ঠাইত স্থাপন কৰা থানসমূহেই পৰৱৰ্ত্তী সময়ত সত্ৰ নাম লয়। সত্ৰৰ মূল অংশসমূহ সত্ৰৰ মূল অংশসমূহ হ'ল- নামঘৰ আৰু মনিকূট, গুৰুগৃহ, ভঁৰাল, বৈষ্ণৱ গৃহ চাৰিহাটী, কৰাপাট, অতিথিশালা, নাট্যশালা আৰু ভোগঘৰ। প্ৰতিখন সত্ৰত এগৰাকীকৈ সত্ৰাধিকাৰ থাকে। তেওঁ হ'ল সত্ৰৰ ধাৰ্মিক আৰু আধ্যাত্মিক গুৰু। সত্ৰাধিকাৰৰ পিছৰজন গুৰুক 'ডেকা অধিকাৰ' বুলি জনা যায়। সত্ৰাধিকাৰৰ অনুপস্থিতিত ডেকা অধিকাৰে সত্ৰ পৰিচালনাৰ দায়িত্ব লয়। সত্ৰত থকা আন লোকসকলক ভকত বুলি কোৱা হয়। তেওঁলোকক মহাপ্ৰভু বুলি কোৱা হয়। সত্ৰত থকাসকলৰ সাজপোছাক বেলেগ। তেওঁলোকে ধুতি-চোলা পৰিধান কৰে, কান্ধত চেলেং চাদৰ আৰু গামোছা লয়। কপালত চন্দনৰ ফোঁট লয়। চুলি দীঘলকৈ ৰাখি খোপা বান্ধে। অসমৰ কেইখনমান সত্ৰ হ'ল আউনিআটী সত্ৰ, দক্ষিণপাট সত্ৰ, কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ আদি। মহাপুৰুষজনাৰ জন্মস্থান বটদ্ৰৱা থান অসমৰ ভিতৰতে উল্লেখযোগ্য এখন থান। সত্ৰসমূহে ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ইয়াৰ উপৰিও সত্ৰসমূহত পুৰণি পুথিপাঁজি, শংকৰ-মাধৱৰ সৃষ্টিৰাজি আৰু আন আন বুৰঞ্জীমূলক সমল সংৰক্ষিত হৈ আছে। নামঘৰ নামঘৰ শঙ্কৰদেৱৰ এটি অমূল্য অৱদান। অসমীয়া সমাজ গঠন প্রক্রিয়াত নামঘৰে এক অনবদ্য ভূমিকা পালন কৰি আহিছে। নামঘৰ সাংস্কৃতিক আৰু আধ্যাত্মিক বিকাশৰ প্রাণকেন্দ্র স্বৰূপ। নৱবৈষ্ণৱ ধৰ্মলৈ জাগৰণ অনা অসমৰ কলা-কৃষ্টি সংস্কৃতিৰ প্ৰাণপুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকদেৱে প্ৰতিষ্ঠা কৰা নামঘৰসমূহৰ এটা সুকীয়া বৈশিষ্ট্য আছে। নামঘৰ অসমীয়া জন-জীৱনৰ সাংস্কৃতিক সম্পদ। নামঘৰত গুৰুজনাই সৃষ্টি কৰিছিল সত্ৰীয়া সংস্কৃতিৰ অপূৰ্ব সৃষ্টি অংকীয়া নাট। গ্ৰামাঞ্চলত ধৰ্ম চৰ্চাৰ উপৰিও ৰাইজৰ বিচাৰ, অংকীয়া ভাওনা আদি নামঘৰত অনুষ্ঠিত হয়। নামঘৰ কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয়, সামাজিক, বৌদ্ধিক সকলো দিশৰে উত্তৰণ ঘটাই আধ্যাত্মিক চিন্তা-চৰ্চাৰ পাঠ শিকোৱা সাংস্কৃতিক কেন্দ্ৰ। গাঁৱে-ভূঞে-নগৰে চহৰে সিঁচৰিত হৈ থকা নামঘৰবোৰ অসমীয়া বৈষ্ণৱ সমাজৰ ৰাজহুৱা উপাসনাথলী। পবিত্ৰ ভাদ মাহত উজনি-নামনি, মধ্য অসমৰ সকলো নামঘৰ বৈষ্ণৱপ্ৰাণ ভক্তৰ সমাগম আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। নামঘৰ প্ৰতিষ্ঠাৰ প্ৰধান দিশসমূহ নামঘৰসমূহৰ স্থাপত্য কলা লক্ষণীয়। মহাপুৰুষজনাৰ দূৰদৃষ্টি আৰু সৰ্বসাধাৰণৰ মাজত আপোনভাৱ সৃষ্টিৰ প্রয়াসেৰে মন্দিৰ নিৰ্মাণৰ উপকৰণ শিল, বালি, ইটা, কৰালৰ ঠাইত স্থানীয়ভাৱে উপলব্ধ কাঠ, বাঁহ, ইকৰা, খাগৰি, খেৰ, মাটিৰ উপকৰণেৰে নিৰ্মাণ হ'ল মণ্ডপসদৃশ নামঘৰ বা কীৰ্তনঘৰ। মণ্ডপৰ পূৱদিশে স্থাপন কৰা হয় মণিকূট। মণিকূট সহজে দৃশ্যমান হ'বৰ বাবে সন্মুখভাগৰ দুৱাৰ যথেষ্ট আহল-বহল যাতে সাতখলপীয়া (কোনো কোনো ঠাইত তিনি বা পাঁচ খলপীয়া) সিংহাসনৰ দৃশ্যই সাধাৰণ ভক্তগণক আকৃষ্ট কৰিব পাৰে। নামঘৰৰ স্থাপত্য কলাই আমাক আশ্চর্যান্বিত নকৰাকৈ নোৱাৰে। জাতীয় ঐক্য আৰু সম্প্রীতিৰে আধ্যাত্মিক জীৱন ধাৰণৰ এনে এক অভিনৱ উদ্ভাৱন কেৱল মহাপুৰুষৰ পক্ষেহে সম্ভৱ হ'ল। মণিকূট অসমীয়া আধ্যাত্মিক সম্পদৰ যাদুঘৰ। মণিকূটৰ মধ্যস্থলত প্রতিষ্ঠা কৰা চাৰিকোণীয়া সিংহাসনৰ প্ৰতিটো কোণত থাকে একোটা সিংহৰ প্রতীক। ই হ'ল ভগৱন্তস্বৰূপ নামসিংহৰ প্ৰতীক। হাবিত থকা সিংহ নহয়। এই সিংহৰ গঠন বন্য সিংহতকৈ পৃথক। এই সিংহই আঁঠু লৈ থকা হাতীক আগ ভৰি দুখনেৰে হেঁচা মাৰি ৰাখে। এই হাতী হ’ল শ্রীমদ্ভাগৱত পুৰাণৰ গজেন্দ্ৰৰ প্ৰতীক। একেবাৰে তলত কূর্ম অৱতাৰৰ কাছ। ধৈর্য আৰু সহিষ্ণুতাৰ প্ৰতীক। সিংহাসনৰ ওপৰত স্থাপন হয় অক্ষৰ ব্ৰহ্মৰূপী ভগৱানৰ বায় ৰূপৰ প্ৰতীক গুণমালা, ভাগৱত বা ঘোষা পুথি। সিংহাসনৰ ওপৰৰ এই অংশক কোনো ঠাইত আমৰি ঘৰ বুলি কয়। কীৰ্ত্তনৰ ধ্যান বর্ণন অধ্যায়ত সিংহাসনৰ ওপৰত ‘চন্দ্ৰতাপ চয় আচয় টানি। আঁৰিলা জিঞ্জিৰি সুৱৰ্ণৱলী।'— বুলি বর্ণনা কৰিছে। সিংহাসনৰ ওপৰত চন্দ্ৰতাপ (চন্দ্রাতপ) তৰি দিয়া হয়। পশ্চিম দিশে সন্মুখ হৈ থকা সিংহাসনৰ বাঁওফালে এখন থগাত পাঠৰ বাবে ধর্মপুথি ৰখা হয়।