গোৱালপাৰা আৰু পঞ্চৰত্ন অসমৰ পশ্চিম প্ৰান্তৰ চহৰ গোৱালপাৰা। গোৱালপাৰাৰ নাম ল'লেই ইয়াৰ বৈচিত্র্যময় লোক-সংস্কৃতিৰ কথা মনলৈ আহিলেও পুৰাতাত্ত্বিক সা-সমল, মঠ-মন্দিৰ, সত্ৰ, দৰগাহ আদিৰ বাবেও পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলা অঞ্চলটো বিখ্যাত। প্রাগজ্যোতিষপুৰ-কামৰূপ ৰাজ্যৰ কাম, ৰত্ন, সৌমাৰ আৰু স্বর্ণ চাৰি পীঠৰ ভিতৰত এই বৃহৎ অঞ্চল ৰত্নপীঠ নামেৰে জনাজাত আছিল। এঘাৰ শতিকাৰ পূবৰ মানাহৰ পৰা পশ্চিমৰ বৰ্তমানৰ উত্তৰবংগৰ কৰতোৱা নদীলৈকে থকা 'গাল্লিটিপ্যক' অঞ্চলৰ নামৰ পৰা বা গুৱালসকল থকা বাবে 'গুৱালটুলি' নামৰ পৰা কালক্ৰমত আহি বৰ্তমানৰ গোৱালপাৰা নামটো হয়হি বুলি বিজ্ঞসকলে কয়। পুৰণি গোৱালপাৰা জিলাৰ পৰা পিছলৈ ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ আৰু বঙ্গাইগাঁও এই চাৰিখন জিলা হয়গৈ। কোকৰাঝাৰত পিছত পুনৰ তিনিখন জিলা হয়। অৱশ্যে পুৰণি গোৱালপাৰা আৰু ইয়াৰ অনন্য বৈশিষ্ট্যতাপূর্ণ লোক-সংস্কৃতি, জীৱন ধাৰাৰ কথা আলোচনা হ'লেই ইয়াত থকা জমিদাৰী প্ৰথা আৰু অভয়াপুৰী, বিলাসীপাৰা, বিজনী, গৌৰীপুৰ আৰু লক্ষীপুৰৰ জমিদাৰসকলৰ অতিকে গুৰুত্বপূৰ্ণ প্ৰভাৱৰ কথা প্রথমেই লেখত ল'ব লাগিব। প্রাচীন কালৰে পৰাই প্রাগজ্যোতিষ বা কামৰূপৰ অংশ আৰু পিছলৈ কমতা আৰু কোচ হাজো ৰাজ্যৰ গোৱালপাৰা অঞ্চল শেষত মোগল আৰু তাৰ পৰা ইংৰাজৰ শাসনলৈ যায়। উল্লেখযোগ্য যে গোৱালপাৰাৰ বহু অংশ মোগল শাসনৰ আগতে ৰাভা ৰাজ্য আছিল। ৰাজ্যখনৰ নাম আছিল শাস্তোব আৰু সোতৰশ শতিকাত ইয়াৰ ৰজা ৰাভাবীৰ পাৰ্চৰাম ৰাভাৰ কথা জনা যায়। তেওঁ মোগলব লগত পৰাক্ৰমেৰে যুঁজি শেষত পৰাজিত হৈছিল। ৰাভা ৰাজ্যৰ ৰাজধানী আছিল গোৱালপাৰাৰ দক্ষিণৰ শালমাৰীত। ইয়াৰ লগৰে কল্যাণপুৰ গাঁৱত ৰজাৰ খন্দা এটা বৃহৎ পুখুৰী আৰু পুৰণি ডাঙৰ ডাঙৰ গছ আজিও দেখিবলৈ পোৱা যায়। পৰৱৰ্তী বৃটিছ শাসন কালত অসমত বেহা-বেপাৰৰ কেন্দ্ৰ আৰু জাহাজ ঘাট হিচাপে গোৱালপাৰাৰ অসীম গুৰুত্ব আছিল। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পঞ্চৰত্ন আৰু তাৰ ঠিক উত্তৰ পাৰৰ যোগীঘোপাৰ শিলৰ গুহাই শিল্প কাৰ্যৰ উপৰি ইয়াত বসবাসকাৰী যোগীসকলৰ যোগ সাধনা আৰু ধৰ্ম কাৰ্যৰ নিদর্শন দাঙি ধৰে। গোৱালপাৰা চহৰৰ পৰা পশ্চিমে প্রায় ৬-৭কিলো মিটাৰমান বাট গ'লেই ব্ৰহ্মপুত্ৰৰ ঠিক পাৰত পঞ্চৰত্ন পাহাৰ অঞ্চল পোৱা যায়। এই পঞ্চৰত্ন পাহাৰৰ বুকুত শিৱ মন্দিৰটোৰ চাৰিওফালে সিঁচৰতি হৈ আছে প্রাচীন কোনো মন্দিৰৰ ভগ্নাৱশেষ, শিলত কটা মূর্তি, যোনিপীঠ, শিব লিংগ আদি বিভিন্ন ভাস্কর্য। পঞ্চৰত্ন পাহাৰলৈ গোৱালপাৰাৰ পৰা যাওঁতে পঞ্চৰত্ন পাহাৰৰ প্ৰথম ভাজটোতে শুৰসহ হাতীৰ মূৰৰ এটা প্রকাণ্ড শিল আছে। তাৰ অলপ দক্ষিণে আছে শিলৰ গুহাটো। ইয়াৰ পৰা কিছু দূৰ আগলৈ গৈ ৰাস্তাটোৰ উত্তৰ পিনে । ব্ৰহ্মপুত্ৰৰ কাষৰ বালি-মাটিত এটা সুন্দৰকৈ খোদিত গণেশ মূর্তি পোৱা যায়। কাষতে পৰি আছে নক্সা কটা শিলৰ টুকুৰা। ইয়াত আগতে এজন সন্ন্যাসী থাকি লৈ পূজা-পাটল কৰিছিল। পিছে কোনো স্থায়ী ব্যৱস্থা নাই। তাৰে পৰা আৰু কিছু দূৰ আগলৈ গ'লে পাহাৰৰ নামনিত আছে পঞ্চৰত্ন শিৱ মন্দিৰটো। ইয়াৰ কাষত শিলত কটা প্রকাণ্ড বৌদ্ধ স্তূপৰ চিহ্ন নে শিৱ লিংগ আছে। মন্দিৰত শিৱ লিংগ, যোনিপীঠ আৰু বিভিন্ন ওপৰৰ নক্সা কটা শিলৰ বহু টুকুৰা আছে। মন্দিৰটোৰ ইতিহাস জনা নাযায়। ইয়াত পূজা-পাতল কৰা হয় আৰু শিৱৰাত্ৰিত মেলা অনুষ্ঠিত হয় য'ত যথেষ্ট সংখ্যক মানুহৰ সমাগম হয়। মন্দিৰৰ পিছৰ পাহাৰখনৰ গাতো কোনো শিল্পীৰ হাতৰ পৰশ পোৱা বহু শিলৰ টুকুৰা পৰি থকা পোৱা যায়। গোৱালপাৰা চহৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰমান পূবত অৱস্থিত ডেক্ধোৱা গাঁৱতো বহুতো শিলৰ ভাস্কৰ্য পোৱা যায়। ইয়াৰ শিলত কটা শিৱ, গণেশ, পাৰ্বতীৰ মূর্তি, শিৱ লিংগ, যোনিপীঠ, শিলৰ গুহা আৰু খটখটা আদিৰ বিষয়ে সবিশেষ এতিয়াও জনা নাযায়।