কণ্ঠহাৰ ই ডিঙিত দীঘলকৈ পিন্ধা এবিধ অলংকাৰ। ই দুই শ্ৰেণীৰ হ'ব পাৰে আৰোপ্য আৰু বন্ধনীয়। বান্ধির নলগাকৈ মৰ সুমুৱাই পিন্ধা অলংকাৰক আবোপ্য অলংকাৰ বোলে। বন্ধনীয় অলংকাৰ বোৰ পিছফালে গাঁঠি দি ওলোমাই ৰখা হয়। কণ্ঠহাৰক কণ্ঠমালা বুলিও কয়। কণ্ঠহাৰত সাধাৰণতে লটকন বা বিৰি ওলোমাই পিন্ধা হয়। ছোৱালী বা সধবা তিৰোতাই ডিঙিত অতি সাধাৰণ ধৰণৰ হলেও এডাল কণ্ঠহাৰ পিন্ধে; অৱস্থাপন্ন পুৰুষেও কণ্ঠহাৰ পিন্ধে। বিশেষকৈ বিয়াৰ দিনা দৰাই এডাল কণ্ঠহাৰ পিন্ধিব লাগে। কণ্ঠহাৰৰ নিৰ্দ্ধাৰিত জোখ নাই। সাধাৰণতে অলংকাৰ পৰিধান কৰোঁতা নাৰীগৰাকীৰ ডিঙি বা উচ্চতাৰ জোখত ইয়াক ছুটি বা দীঘলকৈ তৈয়াৰ কৰা হয়। সাধাৰণতে আর্থিকভাৱে স্বচ্ছল লোকে সোণৰ আৰু আন লোকে ৰূপৰ বা পিতলেৰ তৈয়াৰী কণ্ঠহাৰ পৰিধান কৰে। বিভিন্ন প্ৰকাৰৰ কণ্ঠহাৰ তলত উল্লেখ কৰা হ'ল- কণ্ঠি কণ্ঠি হ'ল পুৰুষে ডিঙিত পিন্ধা এডাল মোটা এধৰীয়া মণি। চন্দ্ৰহাৰ ই মহিলা বা তিৰোতাই পৰিধান কৰা কণ্ঠহাৰ। ইয়াত চন্দ্ৰ আকৃতিৰ সভসৰু মোহৰ লগোৱা থাকে। চিপাতমণি এইবিধো এক প্ৰকাৰৰ ডিঙিত পিন্ধা মালাৰ আৰ্হিৰ গহনা। সোণৰ আৰু পোৱালৰ মণি মিহলাই চিপাতমণি গাঠি উলিওৱা হয়। চিতাহাৰ কণ্ঠহাৰডাল যেতিয়া অকল সোণেৰে বহলকৈ ফুলকটা আর্হিত তৈয়াৰ কৰা হয় তেতিয়া সেই হাৰক চিতাহাৰ বোলা হয়। এইবিধ হাৰ বিবাহিতা অবিবাহিতা সকলো মহিলাই পৰিধান কৰে। পুৰুষে এই হাৰ পৰিধান কৰা দেখা নাযায়। নীক্ষা ই কেঁচা সোণৰ মোহৰ বা টকাক মাজেৰে ফুটা কৰি গঠা কণ্ঠহাৰ। মগৰদানা ই সম্ভ্রান্ত আৰু অভিজাত শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰা এপদ আপুৰুগীয়া অলংকাৰ। ইয়াক সচৰাচৰ ব্যৱহাৰ কৰা চকুত নপৰে। পুথি-পাজিতো ইয়াৰ বিষয়ে পোৱা নাযায়। মগৰদানা অৰ্দ্ধ গোলাকাৰ; কিছুমান ডেৰ ইঞ্চিমান দীঘল সোণৰ টুকুৰা দুডলীয়া সুতাত গুঠি লৈ ইয়াক প্ৰস্তুত কৰা হয়। ই শুদ্ধ পাত সোণেৰে নিৰ্মিত। ইয়াত বাখৰ পতোৱা থাকে। সোঁমাজৰ টুকুৰাকেইটা ডাঙৰ আৰু তাৰপৰা টুকুৰাবোৰ ওপৰলৈ ক্ৰমে সৰু হৈ যায়। অৱশ্যে কিছুমানৰ সকলো টুকুৰাই সমান। মণিমাল এইবিধ বিভিন্ন মণি সুতাৰে গুঠি প্ৰস্তুত কৰা একপ্ৰকাৰ ডিঙিত পিন্ধা অলংকাৰ। সাধাৰণতে সোণৰ মণিৰ লগত মাজে মাজে একোটা ৰুদ্ৰাক্ষৰ সৰু সৰু মণি গুঠি দিয়া হয়। আজিকালি বিভিন্ন ধৰণৰ ধাতু বা প্লাষ্টিকৰ মণিৰেও ইয়াক প্ৰস্তুত কৰা হয়। এনে মণিবোৰ হল গার্নেট, ক্ৰিষ্টেল মণি, প্লাষ্টিকৰ মণি, শংখৰ মণি ইত্যাদি। এইবিধ অলংকাৰ বিবাহিতা-অবিবাহিতা সকলোৱে পৰিধান কৰে। মণিৰে গঠা বিশেষ আৰ্হিৰ অলংকাৰক চেও মণিও বোলা হয়। মুক্তামালা এইবিধ কণ্ঠহাৰ মুকুতা বা মুক্তাৰে তৈয়াৰ কৰা হয়। মুক্তাবোৰ সুতাৰে সুন্দৰকৈ গাঁঠি ডিঙিত মালাৰ দৰে পিন্ধা হয়। সাতসৰী ই এক প্ৰকাৰৰ ডিঙিত পিন্ধা গহনা। ই এডাল দীঘল শিকলি বা হাৰ। এই শিকলিডাল সাত পেচমাৰি ডিঙিত পিন্ধা হয়। পেচবোৰ এটাৰ পাছত এটাকৈ ক্রমান্বয়ে দীঘলকৈ ওলোমাই ৰখা হয়। ইয়াক সোণেৰে গঢ়োৱা হয়। আগৰ দিনত সম্ভ্রান্ত পৰিয়ালৰ বিবাহিতা মহিলাসকলেহে ইয়াক পৰিধান কৰিছিল। বৰ্তমান ইয়াৰ প্রচলন দেখিবলৈ পোৱা নাযায়। জোন বিৰি জোনবিৰি দেখাত কাঁচি জোন অৰ্থাৎ অৰ্ধচন্দ্ৰৰ দৰে বাবে ইয়াক জোনবিৰি বোলা হয়। আজিকালি কেঁচা সোণেৰে অসমীয়া সোণাৰীয়ে এইবিধ গহণা তৈয়াৰ কৰে। ডুগডুগী ডুগডুগী এবিধ লটকন বা বিৰি। ইয়াৰ আকৃতি পাণ এখিলাৰ দৰে। ইয়ান সোণত ডালিম গুটীয়া বাখৰ খটুৱাই সজা হয়। ইয়াক শিকলিত লগাই ডিঙিত পৰিধান কৰা হয়। ঢোলবিৰি ই ডিঙিত পিন্ধা শিকলিত লগাই লোৱা এবিধ বিৰি। বিৰিটো ঢোলৰ আৰ্হিৰ। ঢোলটো ৰঙা বা সেউজীয়া বা ৰঙা-ক'লা মিশ্রিত বা ৰঙা-সেউজীয়া মিশ্রিত বিশেষ অসমীয়া বাখৰেৰে গঢ়োৱা হয়। অতীজতে কেৱল মতা মানুহে পৰিধান কৰিছিল বাবে ঢোলবিৰিক মতাবিৰি বুলিও কোৱা হৈছিল। আজিকালি অৱশ্যে এইবিধ অলংকাৰ মহিলাইহে পৰিধান কৰে। গলপতা গলপতা ডিঙিত পিন্ধা হাৰ বা মালাৰ দৰে। ই সাধাৰণতে সোণ বা অন্যান্য ধাতুৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ ওপৰত বিভিন্ন ফুল বা আন ডিজাইন খোদিত কৰা থাকে। গলপতা অসমীয়া মহিলাসকলৰ এক জনপ্ৰিয় অলংকাৰ।