যোহৰাটৰ গৰখীয়া দ'ল যোৰহাট নগৰৰ পৰা উত্তৰে পাঁচ কিঃ মিঃমান দূৰৈৰ বালিগাঁৱত গৰখীয়া দ'ল নামেৰে এখন দেবালয় আছে। এই দ'ল অতি জাগ্রত । বহুকালৰ আগৰে পৰা ইয়াত পূজা-সেৱা কৰি আহিছে। স্থানীয় ৰাইজৰ মাজত চলি অহা প্রবাদমতে আহোম ৰজা স্বৰ্গদেৱ শিৱসিংহৰ (১৭১৪-১৭৪৪ খ্রীঃ) দিনতে ইয়াত এটি অলৌকিক ঘটনা ঘটে আৰু তেতিয়াৰে পৰাই ৰাইজে ইয়াত গভীৰ ভক্তিভাবেৰে পূজা-সেৱা কৰি আহিছে। বর্তমান দ'লটো থকা ঠাইখন আগতে গৰু চৰোৱা আহল-বহল এখন পথাৰ আছিল। এতিয়া চিন-চাব নথকা 'আই' নামৰ এখন নৈৰ কাষতে এই গৰু চৰোৱা পথাৰখন অৱস্থিত আছিল। এই পথাৰখনত গৰখীয়া ল'ৰাবিলাক গোট খাই গৰু চৰাইছিল। তাত এজন প্ৰধান গৰখীয়া ল'ৰাই সদায় বালিৰ দ'ল সাজি ফৰিং ধৰি বলি দিয়াৰ ব্যৱস্থা কৰিছিল। এই বালিৰ দ'ললৈ প্ৰতিদিনে এজন গৰখীয়াই পাল পাতি ফৰিং ধৰি অনাৰ নিয়ম আছিল আৰু দ'লৰ সন্মুখত বিৰিণাপাতেৰে বলি দি পূজা-পাতল কৰিছিল। এদিন এজন গৰখীয়া ল'ৰাৰ ফৰিং ধৰি আনি বলি দিয়াৰ পাল পৰিছিল। সেইদিনা ল'ৰাজনে ফৰিং আনিব নোৱাৰিলে। ইতিমধ্যে বলি দিয়াৰ সময় হোৱাত গৰখীয়াজনে নিজকে বলি দিবলৈ কৈ বালিৰ দ'লৰ আগৰ বলিশালত পৰি দিলে। আন এজন গৰখীয়া ল'ৰাই আন দিনা ফৰিং বলি দিয়াৰ দৰে বিৰিণাপাতেৰে ল'ৰাটোৰ ডিঙিত ৰেপ দিলে। পিছে আচৰিতভাৱে বিৰিণাপাতৰ ৰেপতেই ল'ৰাটোৰ ডিঙিটো দুটুকুৰা হ'ল। তেতিয়া সকলো গৰখীয়া ল'ৰাই ভয় খাই চিঞৰ-বাখৰ কৰি গাঁৱৰ ৰাইজক কথাটো জনালেগৈ। গাঁৱৰ ৰাইজে ঠাইডোখৰলৈ আহি এনে আচৰিত কাণ্ড দেখি সেই ঠাইত দেৱতা আছে বুলি বালিৰ দ'ল আৰু বলি দিয়া ঠাইখিনি তৎকালে বেৰি পেলালে। পিছদিনা পুৱা ৰাইজে সেই বালিৰ দ'লৰ ঠাইত উঁই হাফলুৰ দৰে এটা দ'ল হৈ থকা দেখিবলৈ পালে। এই উঁই হাফলুৰ দৰে দ'লটো দিনে দিনে বাঢ়ি উঠা দেখি গাঁৱৰ ৰাইজে তাৰ ওপৰত এটা মন্দিৰ সাজি দিলে। লগতে এটা শিৱ মূর্তি প্রতিষ্ঠা কৰি সমীপৱৰ্তী ওৱা সত্ৰৰ সত্ৰাধিকাৰ গোসাঁইক দৈনিক পূজা চলাবলৈ দায়িত্ব দিলে। দ'ল পৰিচালনা কৰাৰ দায়িত্ব ৰাইজে বহন কৰিবলৈ ল'লে। তেতিয়াৰে পৰা আজিলৈকে দ'লত নিতৌ পূজা-পাতল চলি আহিছে আৰু ৰাইজেও মন্দিৰ চলোৱাৰ দায়িত্ব বহন কৰি আছে। শ্ৰীমন্ত শংকৰদেৱে অসমত মহাপুৰুষীয়া ধর্ম-প্ৰচাৰ কৰি সত্ৰ স্থাপন কৰাৰ বহু পাছত এই ব্যৱস্থা হয় বুলি অনুমান কৰা হৈছে। এই গৰখীয়া দ'লত নামঘৰ আৰু মণিকূট থকাটো মন কৰিবলগীয়া কথা। হাফলুৰ আগত শিৱলিংগ প্ৰতিষ্ঠা কৰা আছে। অতীজৰ সেইদিনৰে পৰা দ'লত প্ৰতিদিনে পূজা হয় আৰু মাননি দিয়ে। আগেয়ে দ'লৰ ডবাত কোব মাৰিলেই ওচৰৰ গৰখীয়া ল'ৰাবোৰ গোট খাই মাহ-প্রসাদ খাইছিলহি। ইয়াত পূজা কৰা উঁই হাফলুৰ দ'লটো প্ৰায় চাৰিমিটাৰমান ওখ। ইয়াত উঁই থকাৰ চিন আজিলৈকে পোৱা নাই। আগতে হাফলুৰ মাজৰ পৰা এযোৰ ফেঁটী সাপ মাজে মাজে ওলোৱা দেখিবলৈ পাইছিল। বর্তমান ইয়াৰ ওপৰত ইটা, বালি, টিনৰ চালিৰে সজা দ'লটো আছে। শিৱৰাত্ৰি এই দ'লত পালন কৰা প্ৰধান উৎসৱ। সেইদিনা হাফলুৰ ওপৰত নতুন বস্ত্ৰ পৰিধান কৰোৱা হয়। দ'লত সপ্তাহৰ বৃহস্পতি আৰু দেওবাৰে ভাগৱত পাঠ কৰাৰ উপৰিও ভাদ মাহত ভদীয়া নাম লোৱা হয়। ইয়াৰ বাহিৰেও দ'লৰ প্ৰাংগণত ৰাস উৎসৱ পালন কৰা হয়। — চিত্ৰ-বিচিত্ৰ অসম