দৌল-দেৱালয়ঃ

১৬১৭ শকত আহোমৰ ৰাজধানী স্থানান্তৰ কৰি মেটেকাৰ ৰংপুৰত প্ৰতিষ্ঠা কৰাৰ পাছৰে পৰা স্বৰ্গদেউ গৌৰীসিংহৰ ৰাজত্ব কাললৈকে শিৱসাগৰ জিলাত বহুতো দৌল-দেৱালয়, পুখুৰী নিৰ্মাণ কৰাৰ লগতে মঠ-মন্দিৰ নিৰ্মাণ কৰিছিল। তাৰ পাছৰ কালছোৱাতো কম বেছি পৰিমাণে হ'লেও দৌল-দেৱালয়-পুখুৰী আদি নিৰ্মাণ নকৰাকৈ থকা নাছিল।

জয়সাগৰৰ জয়দৌল:

জয়দৌল শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত। সতী জয়মতীৰ বৰ পুত্ৰ লাই অৰ্থাৎ ৰুদ্ৰসিংহ স্বৰ্গদেৱে মাকৰ পবিত্ৰ স্মৃতি ৰক্ষা কৰিবৰ বাবে জেৰেঙা পথাৰত জয়সাগৰ পুখুৰী খন্দোৱাইছিল । তেওঁ সেই পুখুৰীৰ পাৰতে জয়দৌল নিৰ্মাণ কৰি মাতৃ জয়মতীৰ স্মৃতি যুগমীয়া কৰি থৈ যায়। এই জয়সাগৰ পুখুৰী আৰু জয়দৌলে আহোম ৰাজত্বৰ এক গৌৰৱময় ইতিহাসৰ কথা সোঁৱৰায়। জয়মতী আছিল গদাপাণিৰ পত্নী। আহোম প্ৰথা অনুসৰি অংগক্ষত কোনো ৰাজকোঁৱৰেই ৰজা হ'ব নোৱাৰে। ল'ৰাৰজা আহোম স্বৰ্গদেউ হৈ থকাৰ সময়ত, পৰৱৰ্ত্তী সময়ত যাতে আন কোনো ৰাজকোঁৱৰ আহোমৰ ৰজা হ'ব নোৱাৰে তাৰবাবে তেওঁ সকলো ৰাজকোঁৱৰৰ অংগক্ষত কৰোৱাইছিল। কিন্তু গদাপাণিক অংগক্ষত কৰোৱাব নোৱাৰিলে। ৰজাঘৰীয়া মানুহৰ পৰা বাচিবৰ বাবে জয়মতীৰ কথামতে গদাপাণি নগাপাহাৰলৈ পলাই গৈছিল । ৰজাৰ লগুৱাই গদাপাণিক বিচাৰি নাপাই জয়মতীক বান্ধি লৈ যায়। বাৰে বাৰে স্বামীৰ কথা সোধা স্বত্ত্বেও জয়মতী কুঁৱৰী নিমাত হৈ থাকিল। তেতিয়া ল'ৰাৰজাই জয়মতীক জেৰেঙা পথাৰলৈ নি গছত বান্ধি চোম পাতেৰে কোৱাই, গৰম লোহা গাত লগাই দিয়ে আৰু নানা শাস্তি প্ৰদান কৰে। তথাপি জয়মতীৰ মুখেৰে এটা শব্দও উলিয়াব নোৱাৰিলে। স্বামীৰ মংগল আৰু লগতে দেশৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে নানান শাস্তি সহ্য কৰিও জয়মতী নীৰবে থাকি মৃত্যুক সাৱটি ল'লে। পিছত গদাপাণিয়ে গদাধৰ সিংহ নাম লৈ আহোম ৰাজপাটত বহে। তেওঁৰ ডাঙৰ পুতেক ৰুদ্ৰসিংহই দেশত সুখ, শান্তি আৰু শৃংখলা স্থাপন কৰে। মাকৰ স্মৃতি অমৰ কৰি ৰাখিবৰ বাবে নিৰ্মাণ কৰা এই দুই কীৰ্তিয়ে সতী জয়মতীৰ অমৰ কাহিনীৰ কথা সগৌৰৱে ঘোষণা কৰি আহিছে।

শিৱদৌল:

স্বৰ্গদেউ শিৱসিংহৰ ২য় ভাৰ্যা অম্বিকা কুঁৱৰীয়ে স্বামীৰ নাম চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে ১৭৩৪ চনত শিৱসাগৰৰ মাজমজিয়াত শিৱসাগৰ পুখুৰী খন্দোৱায়। পুখুৰীৰ দক্ষিণপাৰে তিনিটা দৌল সজায়। বিষ্ণু দৌল, শিৱ দৌল আৰু দেৱী দৌল। শিৱদৌলটো মাজত অৱস্থিত। বৰ্তমান অসমৰ মন্দিৰবোৰৰ ভিতৰত শিৱদৌল আটাইতকৈ ওখ মন্দিৰ। দৌলৰ ওপৰত থকা ২.২৯ মিটাৰ দৈঘ্যৰ সোণৰ কলচীটোৰে সৈতে শিৱদৌলৰ মুঠ উচ্চতা ৪০.৪৫ মিটাৰ। এই শিৱদৌল অসমৰ মন্দিৰ আৰু দৌলসমূহৰ ভিতৰত প্ৰসিদ্ধ আৰু অতি প্ৰাচীন কালৰ পৰাই শিৱদৌলৰ শিৱ লিংগক পূজা কৰি আহিছে। এই শিৱদৌলটোৰ চাৰিটা খোটালি আছে- গৰ্ভগৃহ, অন্তৰাত আৰু দুটা মণ্ডপ। শিৱদৌলত প্ৰতিবছৰে অতি ধুমধামেৰে শিৱৰাত্ৰি পালন কৰা হয়। দৌলৰ বাকৰিত ডাঙৰ মেলাও বহে।

শিৱদৌলৰ পশ্চিমে দেৱী দৌলটো আছে। দেৱীদৌলত কোনো মূৰ্তি প্ৰতিষ্ঠা হোৱা নাই। ইয়াত দুৰ্গা পূজা পালন কৰা হয়। শিৱদৌলৰ পূৱে বিষ্ণুদৌল অৱস্থিত।

ঘনশ্যাম দৌলঃ

জয়সাগৰ পুখুৰীৰ পশ্চিম পাৰৰ খাৱৈৰ বাহিৰত থকা দৌলটো ঘনশ্যাম দৌল বা নাতি গোঁসাইৰ দৌলৰূপে পৰিচিত। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ঘনশ্যাম খনিকৰৰ কামত সন্তুষ্ট হৈ তেওঁৰ স্মৃতিত এটা দৌল নিৰ্মাণ কৰায়। দৌলটোৰ গাত প্ৰতিষ্ঠা কৰা পোৰামাটিৰ ভাস্কৰ্যসমূহ আহোম যুগৰ এক অন্যতম সম্পদ। দৌলৰ উত্তৰে অলপ আঁতৰত তিনিখন দ্বাৰ বিশিষ্ট দুকোঠলীয়া কাৰুকাৰ্য খচিত তোৰণখনিতো মৃন্ময় ফলকৰ সংযোগ মন কৰিবলগীয়া। ইয়াৰ প্ৰৱেশ পথৰ দুৱাৰৰ ওপৰত বৰ্ণিত হৈছে ৰামায়ণৰ কাহিনী। দৌলটোৰ পূৱ আৰু পশ্চিমফালৰ জংঘাৰ বাহিৰফালে কেইবাটাও সৰু সৰু মৃণ্ময় ফলকৰ চিত্ৰ আছে।