হাতত পিন্ধা অসমীয়া অলংকাৰ খাৰু খাৰু তিৰোতা মানুহে হাতত এবিধ পিন্ধা অলংকাৰ। সোণ, ৰূপ, তাম, শংখ, লোহা, লা আদি বিভিন্ন ধাতুৰে খাৰু তৈয়াৰ কৰা হয়। পিন্ধোঁতাৰ ৰুচি অনুযায়ী খাৰু বিভিন্ন চানেকিৰে গঢ়াই লোৱাৰ প্ৰথা অসমীয়া সমাজৰ এক প্রাচীন পৰম্পৰা। খাৰুবোৰ গোলাকাৰ কিন্তু ওপৰৰ ফালটো চেপেটা কৰি তাত নক্সা কটাৰ নিয়ম। খাৰুৰ বিভিন্ন আৰ্হি অনুসাৰে ইয়াৰ নামবোৰো বেলেগ বেলেগ হোৱা দেখা যায়। উদাহৰণ স্বৰূপে - গামখাৰু, কংকণ, পেচন্দাৰ, কল্প, ঝুমুৰ, কেয়ুৰ, মুঠিখাৰু, খুচৰীয়া খাৰু, কৱকণ আদি। অসমৰ কোনো কোনো ঠাইত জোৰোণত বিয়াৰ কইনাক লাৰে নিৰ্মিত ৰঙা খাৰু আৰু শংখ কাটি তৈয়াৰ কৰা বগা খাৰু দিয়াৰ প্ৰথা পুৰণিকলীয়া। খাৰু অসম আৰু অসমীয়াৰ আপুৰুগীয়া সম্পদ। ভাৰতৰ আন ঠাইত এই অলংকাৰ কেইপদ দেখা নাযায়। কোনো কোনো খাৰুৰ দুইমূৰে চানেকি কৰা হাতীৰ মূৰ, সাপৰ মূৰ, সিংহৰ মুখ, বাঘৰ মুখ আদিয়ে অসমীয়া মানুহৰ প্ৰকৃতি প্ৰীতিৰো দৃষ্টান্ত ডাঙি ধৰে। অসমত বিবাহিতা অবিবাহিতা সকলো মহিলাই খাৰু পৰিধান কৰে। আকাৰ আৰু আকৃতি অনুসৰি খাৰুৰ নাম বেলেগ বেলেগ। গামখাৰু অতীজতে অসমীয়া পুৰুষ-মহিলা উভয়ে সৌন্দৰ্য বৰ্ধনৰ বাবে হাতত পিন্ধা এবিধ খাৰু হৈছে গামখাৰু । বৰ্তমান সময়ত অসমীয়া পুৰুষে কোনো ধৰণৰ অলংকাৰ পৰিধান নকৰে। পৰম্পৰাগত অসমীয়া অলংকাৰৰ ভিতৰত গামখাৰু এবিধ পুৰণি অলংকাৰ। পুৰণি দিনত ইয়াৰ ব্যৱহাৰ সাধাৰণ আছিল যদিও বৰ্তমান বিহুৰ সময়তহে নাচনীৰ হাতত গাম খাৰু দেখা যায়। এই খাৰুবিধ ৰূপৰ ওপৰত সোণৰ প্ৰলেপ দি বা কেৱল সোণৰ উপাদানেৰে নিপুণ হাতেৰে তৈয়াৰ কৰা হয়। গামখাৰু বিভিন্ন ধৰণৰ আছে, যেনে- উকা সোণৰ গামখাৰু, উকা ৰূপৰ গামখাৰু, বাখৰুৱা গামখাৰু, সোণৰ চাৰিপতীয়া গামখাৰু, গেজেৰাখাৰু, বাখৰ পতা খাৰু, কংকণ সোণৰ চাৰি পতীয়া ডলা, সোণৰ পেচন্দাৰ, কলক, বাজু আদি । অসমত বসবাস কৰা মিচিং জনগোষ্ঠীৰ মুনিহ সকলক 'গাম' নামেৰে জনা গৈছিল। অতীততে গামে পিন্ধা খাৰুৰ অনুকৰণত তৈয়াৰ কৰা বাবেই এই খাৰুক গামখাৰু নামে জনা যায় বুলি ভবাৰ থল আছে। মুঠিখাৰু মুঠিখাৰু তিৰোতা মানুহে হাতত পিন্ধা এবিধ খাৰু বা অলংকাৰ। ই সাধাৰণতে তিনিশৰীয়া হয়। অর্থাৎ তিনিপাত খাৰু গাতে গা লগাই গঢ়োৱা হয়। মুঠিখাৰুৰ আকৃতি কিছু ডাঙৰ। যথেষ্ট শ্ৰম কৰি বা খুচৰি খুচৰি এই অলংকাৰ পদ গঢ়া হয় বাবে ইয়াৰ আন এটা নাম খুচৰীয়া খাৰু। খুচৰীয়া খাৰুৰ বা মুঠি খাৰুৰ ওপৰত কৰা হাতৰ কামবোৰ অতি জটিল, সূক্ষ্ম আৰু বৈচিত্র্যপূর্ণ। মুঠিখাৰুত সততে মিনা কৰা বা বাখৰ খটোৱা হয়। সাধাৰণতে এইবিধ গহনা ৰূপেৰে গঢ়ায় যদিও আধ্যবন্ত লোকে সোণেৰেও গঢ়োৱা দেখা যায়। কিছুমানে ৰূপেৰে গঢ়োৱা মুঠিখাৰুত সোণৰ পানী চৰায় বা ইয়াক সোণেৰে পালিছ কৰে। আহোম যুগত প্রচলিত মুঠিখাৰু বোৰত হীৰা পতোৱাৰ প্ৰমাণ পোৱা গৈছে। মুঠিখাৰুৰ দুটা মূৰত কব্জা লগোৱা থাকে আৰু তাৰে সহায়ত হাতত আটিলকৈ পিন্ধা হয়। কিছুমান খাৰু লো বা পিতলৰ শলাৰে মুখ বন্ধ কৰা হয়। শলাডাল খুলি দিলে মুঠিখাৰুৰ ঘেৰটো প্রশস্ত হয় আৰু তেতিয়া ইয়াক হাতৰ মণিবন্ধত পিন্ধিব পাৰি। মুঠিখাৰুৰ নিচিনা হাতত পিন্ধা অনেক অলংকাৰ পুৰণি ভাস্কৰ্যৰ গাত খোদিত থকা দেখা যায়। বাৰুটি বাৰুটি সোণেৰে গঢ়োৱা হয়। ইয়াৰ গঢ় দুই ধৰণৰ। কিছুমান চেপেতা পাতিৰে বনোৱা আৰু কিছুমান ইকৰাৰ বাকলিৰ দৰে ঘেৰ খোৱা পাতিৰে বনোৱা। পাতিটোৰ ওপৰত নানা ধৰণৰ চানেকি কটা থাকে। ইয়াত বাখৰ পতোৱা নাথাকে। বাজু বাজু একপ্ৰকাৰৰ তিৰোতা মানুহে বাহুত পিন্ধা অলংকাৰ। এইবিধ গহনা সোণ, ৰূপ দুয়োবিধ ধাতুতে গঢ়োৱা দেখা যায়। ইয়াৰ এটা মূৰত এডাল হাকোটা থাকে আৰু আনটো মূৰত এটা ৰিং থাকে। এই হাকোটাডাল ৰিংটোত লগাই ইয়াক বাহুতে কপকপীয়াকৈ বান্ধি ৰখা হয়। পুৰণি কালত তিৰোতাসকলে এইবিধ গহনা বৰকৈ পিন্ধিছিল। বর্তমান ইয়াৰ প্ৰচলন একেবাৰে নাই বুলিয়েই ক'ব পৰা যায়। বালা বালা এবিধ অসমীয়া মহিলাই ব্যৱহাৰ কৰা হাতৰ অলংকাৰ। ই গোটা আকৃতিৰ। এইবিধ অলংকাৰ সোণ বা ৰূপেৰে তৈয়াৰ কৰা হয়। কেতিয়াবা বালাপাতৰ ভিতৰত লোহা এডাল সুমুৱাই বাহিৰত সোণ বা ৰূপৰ প্ৰলেপ দিয়া হয়। বালা পাতৰ দুয়োমূৰে সিংহ, হাতী অথবা মগৰ আদিৰ আহি কটা থাকে। এইবিধ গহনা বিবাহিতা, অবিবাহিতা সকলো তিৰোতাই পিন্ধিব পাৰে। ব্ৰেচলেট অতীতৰ অসমত বেচলেটৰ প্রচলন নাছিল। বর্তমানহে ইয়াৰ ব্যৱহাৰ দেখা পোৱা যায়। এই অলংকাৰবিধ সোণেৰেই গঢ়ায়। ইয়াত ৰঙা, বগা ইত্যাদি বিভিন্ন ৰঙৰ বাখৰ খটুৱাই ইয়াক আকর্ষণীয় কৰা হয়। এইবিধ অলংকাৰ খাৰুৰ লগত পিন্ধা দেখা যায়। অলংকাৰবিধৰ দুয়োমূৰে এক প্ৰকাৰৰ কিলিপ লগাই খুলিব মেলিবৰ ব্যৱস্থা কৰা হয়। বিবাহিতা, অবিবাহিতা সকলো মহিলাই ইয়াক ব্যৱহাৰ কৰা দেখা যায়। শাখা শংখ কাটি তৈয়াৰ কৰা এবিধ অলংকাৰ হ'ল শাখা। তিৰোতা মানুহে হাতৰ গাঁঠিত এইবিধ অলংকাৰ পৰিধান কৰে। বগা ৰঙৰ এই অলংকাৰ বিধত বিভিন্ন সাঁচ কাটি দেখিবলৈ শুৱণি কৰা হয়। বিয়াৰ কইনাক দৰা ঘৰৰ পৰা জোৰণ পিন্ধাওঁতে আন আন অলংকাৰৰ লগতে এই শংখৰ শাখা দিয়াৰ নিয়ম অসমৰ ঠাইবিশেষে প্রচলিত। শাখা মূলতঃ শংখৰ পৰা তৈয়াৰী যদিও আজিকালি পিতল, ৰূপ, প্লাষ্টিক বা লাৰে তৈয়াৰী শাখাৰ ব্যাপক প্রচলন হবলৈ ধৰিছে।