শোণিতপুৰ নামৰ উৎপত্তি সাহিত্যিক অৰ্থত শোণিতপুৰৰ অৰ্থ হৈছে তেজৰ নগৰ৷ প্ৰধানকৈ শোণিতপুৰ নামটো আহিছে সংস্কৃত 'শোণিত' (অৰ্থ তেজ) আৰু 'পুৰ' (অৰ্থ নগৰ)ৰ পৰা৷ এই ঠাইখনৰ পুৰণি নাম বৰ্তমান ইয়াৰ সদৰ ঠাই তেজপুৰ হিচাপেও জনা গৈছিল৷ তেজপুৰ শব্দটোও আহিছে সংস্কৃত 'তেজ' আৰু 'পুৰ' শব্দৰ পৰা৷ শোণিতপুৰ নামটোৰ ঐতিহাসিক কাহিনী এনেধৰণৰ৷ এসময়ত ইয়াত বাণ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল, তেওঁ আছিল অসুৰৰ ৰজা৷ বাণ ৰজাৰ জীয়ৰী উষাই সপোনত এজন কোঁৱৰক দেখা পায় আৰু তেওঁৰ প্ৰেমত পৰে৷ তেওঁ চিত্ৰলেখাৰ সহায়ত সেই কোঁৱৰজন ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ বুলি গম পায় আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক স্থাপিত হয়৷ বাণ ৰজাই সেই কথা গম পাই উষাক অগ্নিৰ দ্বাৰা আৱৰি থকা এটা ঘৰৰ মাজত বন্দী কৰি ৰাখে৷ সেই ঘৰটোকে অগ্নিগড় বোলে৷ কিন্তু অনিৰুদ্ধই উষাৰ সখীয়েক শিল্পী চিত্ৰলেখাৰ সহায়ত উষাক লাভ কৰে আৰু গন্ধৰ্ব প্ৰথাৰে বিবাহ কৰে৷ এই কথাত বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ আৰম্ভ হয়৷ এই যুদ্ধত হাজাৰ হাজাৰ যোদ্ধাৰ মৃত্যু হয় চাৰিওফালে তেজৰ নৈ-বৈ যায়৷ ইয়াৰ ফলতেই এই ঠাইৰ নাম তেজপুৰ (তেজৰ নগৰ) লাভ কৰে৷ পিছলৈ গোটেই জিলাখনকে শোণিতপুৰ হিচাপে পৰিচিত হয়৷ ভৌগোলিক অৱস্থিতি শোণিতপুৰজিলাব্ৰহ্মপুত্ৰনদীৰউত্তৰদিশেমুঠ৫৩২৪বৰ্গকিলোমিটাৰআগুৰিআছে৷আনহাতেজিলাখন২৬° ৩০’N আৰু২৭° ০১’N অক্ষাংশআৰু৯২° ১৬’E আৰু৯৩° ৪৩’E দ্ৰাঘিমাংশমাজতঅৱস্থিত৷ জিলাখনৰ চাৰিসীমা হ'ল- উত্তৰে- অৰুণাচল প্ৰদেশ দক্ষিণে-ব্ৰহ্মপুত্ৰনদী,নগাওঁজিলাআৰুগোলাঘাটজিলা পূবে-লখিমপুৰজিলাআৰু পশ্চিমে- দৰং জিলা মুঠ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা হৈছে ১,৯২৫,৯৭৫ ৷ ২০০১-২০১১ চনৰ ভিতৰত জনসংখ্যাৰ হাৰ হৈছে ১৫.৬৭%৷ আনহাতে প্ৰত্যেক ১০০০ মাইল দূৰত্বৰ ৯৪৬ গৰাকী মহিলা বাস কৰে৷ জিলাখনৰ শিক্ষিত হাৰ হৈছে ৬৯.৯৬%৷ আনহাতে জিলাখনৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা হৈছে ১,২৮৭,৬৪৬ জন আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা ২৬৮,০৭৮ (১৫.৯৪) জন৷ ইতিহাস প্ৰশাসনিক দিশৰ পৰা জিলাখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ১৯৮৩ খ্ৰীষ্টাব্দত দৰং জিলাখনক দুখন জিলা হিচাপে ভাগ কৰি পেলোৱা হৈছিল। দৰং আৰু শোণিতপুৰক দুখন সুকীয়া জিলাৰূপে ঘোষণা কৰা পিছত তেজপুৰক শোণিতপুৰ জিলাৰ সদৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কালিকা পুৰাণৰ বিৱৰণ অনুসৰি বৰ্তমানৰ দৰং, শোণিতপুৰ আৰু উত্তৰ লখিমপুৰ জিলা কেইখন বাণৰজাৰ শাসনাধিষ্ঠিত অঞ্চল আছিল। ভাষা জিলাখনত বসবাস কৰা বৃহৎ সংখ্যক মানুহৰে মাতৃভাষা হ'ল অসমীয়া ভাষা৷ কিন্তু বহু ঠাইত মিশ্ৰিত ভাষাৰো ব্যৱহাৰ হয়৷ অন্যান্য কিছু সংখ্যক মানুহে কাৰ্বি ,বড়ো, নেপালী, বাংলা আৰু হিন্দী ভাষা ব্যৱহাৰ কৰে৷আনহাতে চাহবাগানসমূহত বাস কৰা বৃহৎ সংখ্যক শ্ৰমিকৰ মাজত মিশ্ৰিত ৰূপত অসমীয়া ভাষাৰ ব্যৱহাৰ হোৱা দেখা যায়৷ জিলাৰ সদৰ আৰু মহকুমা জিলাখনৰ প্ৰধান সদৰ ঠাই হৈছে তেজপুৰ৷ ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত, ১৮১ কিলোমিটাৰ গুৱাহাটীৰ পূবত অৱিস্থত৷ বৰ্তমান শোণিতপুৰ জিলাৰ প্ৰধান নগৰ তেজপুৰ ঐতিহাসিক সম্পদৰ কাৰণে ভাৰত বিখ্যাত৷ শোণিতপুৰ জিলাৰ তিনিটা প্ৰধান মহকুমা হ'ল তেজপুৰ, বিশ্বনাথ আৰু গহপুৰ৷ গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ শোণিতপুৰ জিলাৰ এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ৷ ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয়৷ নগৰখন ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ লগত সংযোগ হৈ আছে৷ লগতে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা মাজুলী আৰু যোৰহাটৰ লগতো সংলগ্ন হৈ আছে৷ শোণিতপুৰৰ উল্লেখযোগ্য ব্যক্তিসকল কেইজনমান উল্লেখযোগ্য ব্যক্তি নাম তলত উল্লেখ কৰা হ’ল। চন্দ্ৰ কুমাৰ আগৰৱালা আনন্দ চন্দ্ৰ আগৰৱালা দন্দিৰাম কলিতা কমলাকান্ত ভট্টাচাৰ্য্য বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ফনী শৰ্মা লম্বোদৰ বৰা পদ্মনাথ গোহাঞি বৰুৱা চন্দ্ৰনাথ শৰ্মা দণ্ডিনাথ কলিতা হীৰাৱতী গোহাঞি বৰুৱা হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস লক্ষ্মীধৰ শৰ্মা গহণ চন্দ্ৰ গোস্বামী বিজয় চন্দ্ৰ ভাগৱতী গজেন বৰুৱা কনকলতা বৰুৱা মুকুন্দ কাকতি দীননাথ শৰ্মা ছবিলাল উপাধ্যায় উৎস-আই এন ডি জি দল