বৰ্তমান পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় সামাজিক যোগসূত্ৰৰ মাধ্যম হ’ল ফেচবুক। যিকোনো লোকে ইচ্ছা কৰিলেও ফেচবুকত নিজৰ একাউন্ট খুলিব পাৰে। কিন্তু ইচ্ছা কৰিলেই তেওঁ একাউন্টটো চিৰদিনৰ বাবে নোহোৱা কৰিব নোৱাৰে। এই লেখাটোৰ যোগেৰে এটা ফেচবুক একাউন্ট সম্পূৰ্ণ আৰু স্থায়ীভাৱে কেনেকৈ নোহোৱা কৰিব পাৰি সেই সম্পৰ্কে আপোনাক অৱগত কৰিব বিচাৰিছোঁ। ফেচবুকৰ একাউন্ট চেটিংৰ পৰা একাউন্টটো Deactivate (অস্থায়ী) কৰিব পৰা যায় কিন্তু স্থায়ীভাৱে নোহোৱা কৰিব নোৱাৰি। যদিহে আপোনাৰ ফেচবুকৰ একাউন্টটো স্থায়ীভাৱে আঁতৰাব খুজিছে তেনেহ’লে এই লিখনিয়ে আপোনাক সহায় কৰিব বুলি আশা কৰিছোঁ। আতংকিত নহ’ব। তলত দিয়া উপায়সমূহ কৰাৰ পিছত আপোনাৰ একাউন্টটো লগে লগেই নোহোৱা হৈ নাযায়। ফেচবুক কৰ্তৃপক্ষই আপোনাক ১৪ দিনৰ সময় দিব আৰু সেই ১৪ দিনৰ ভিতৰত আপুনি সিদ্ধান্ত ল’ব লাগিব যে আপুনি একাউন্টটো সঁচাই স্থায়ীভাৱে নোহোৱা কৰিব বিচাৰিছেনে নাই? ফেচবুক একাউন্ট আঁতৰোৱাৰ পদ্ধতি ১) একাউন্ট নোহোৱাৰ কৰাৰ আগতে আপুনি ভালকৈ ভাবি চাই লওক: সঁচাকৈয়ে ফেচবুক একাউন্টটো নোহোৱা কৰাৰ প্ৰয়োজন হৈছেনে? ২) যদি এতিয়া ভালকৈ সিদ্ধান্ত ল’ব পৰা নাই তেতিয়া হ’লেও আপুনি ১৪ দিনৰ সময় পাব। এই ১৪ দিনৰ ভিতৰত যদি আপুনি এবাৰ আপোনাৰ ফেচবুক একাউন্টটো লগ ইন কৰে তেন্তে আপোনাৰ একাউন্টটো লগ ইন কৰে আপোনাৰ একাউন্টটো ডিলিট নহ’ব। ৩) ফেচবুক একাউন্ট ডিলিট কৰাৰ বাবে আপুনি ফেচবুকত লগ ইন কৰাৰ পিছত আন এটা ব্ৰাউজাৰ খুলি তাৰ এড্ৰেছ বাৰত তলত দিয়া লিংকটো কপি কৰি পেষ্ট কৰক বা লিখক http://www.facebook.com/help/contact.php?show_form=delete_account ৪) ইয়াৰ পিছত আপুনি Submit বুটাম টিপক আৰু পৰৱৰ্তী ১৪ দিন ফেচবুকত লগ ইন নকৰাকৈ থাকিলেই আপোনাৰ ফেচবুক একাউন্টটো নোহোৱা হৈ থাকিব। উৎস: ইন্টাৰনেট।