বৰ্তমান যুগত আমি প্ৰতিজনেই প্ৰতিদিনেই কম বেছি সময় ফেচবুকত কটাও। বিনোদনৰ লগতে এই ফেচবুকৰ যোগেৰে আমি যথেষ্ট নৱতম তথ্য লাভ কৰিবলৈ সক্ষম হওঁ। ফেচবুক ব্যৱহাৰৰ সময়ত বিভিন্ন বিষয়ত কম সময়তে কাৰ্য্য কৰিবলৈ কিছুমান চৰ্তকাট পদ্ধতি আছে। সেই পদ্ধতিসমূহ ব্যৱহাৰ কৰি আপুনি কম্পিউটাৰ আৰু ইন্টাৰনেটৰ সময় ৰাহি কৰিব পাৰিব। তলত কেইটামান এনে চৰ্তকাট ছাবি দিয়া হ’ল: ALT+1: হোম পৃষ্ঠা ALT+2: আপোনাৰ প্ৰফাইল (ৱাল) ALT+3: কোনে আপোনালৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে (ৰিকুৱেষ্ট নাথাকিলে কাম নকৰে) ALT+4: কোনে আপোনালৈ বাৰ্তা পঠিয়াইছে (বাৰ্তা নাথাকিলে কাম নকৰে) ALT+1: কি কি নটিফিকেছন আহিছে (নটিফিকেছন নাথাকিলে কাম নকৰে) ALT+1: একাউন্ট চেটিংছ ALT+1: একাউন্ট প্ৰাইভেছি ALT+1: ফেচবুকৰ ফ্ৰেণ্ড পৃষ্ঠা ALT+1: ফেচবুকৰ ৰাইট এণ্ড ৰেচপনচিবিলিটি ALT+1: ফেচবুক হেল্প চেন্টাৰ ALT+M: নতুন বাৰ্তা লিখিবলৈ হ’লে ALT+?: চাৰ্ছ বক্সলৈ কাৰ্চাৰ আনিবলৈ উৎস: ইন্টাৰনেট।