পিচি এটাত অধিক মণিটৰ সংযোগ কৰাটো উইণ্ড’জৰ অভিজ্ঞতা সম্প্ৰসাৰিত কৰাৰ আটাইতকৈ সহজ উপায়। অধিক মণিটৰ সংযোগে অধিক স্ক্ৰীণত অধি উইণ্ড’ৰে উত্পাদনশীলতা বৃদ্ধি কৰে। একাধিক মণিটৰ সংযোগ সম্প্ৰতি সাধাৰণ হৈ পৰিছে আৰু বহু কাৰিকৰী ব্যক্তি, যেনে—ডেভেলপাৰ, পেছাদাৰী গ্ৰাফিক্স ডিজাইনাৰ, আৰ্কিটেক্ট আদিয়ে ইয়াক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিছে। উইণ্ড’জ ৭ত ডেস্কটপ বেকগ্ৰাউণ্ড কাষ্টমাইজ কৰাটো অতি জনপ্ৰিয় সুবিধা আছিল। উইণ্ড’জ ৮এ বেকগ্ৰাউণ্ড কাষ্টমাইজেশ্বন ব্যৱস্থাক অধিক সুচল কৰি তুলিছে ব্যৱহাৰ কৰা প্ৰতিটো মণিটৰৰ বাবে। যেতিয়া ব্যক্তিগতকৃত থিম ব্যৱহাৰ কৰা হয়, উইণ্ড’জ ৮এ স্বয়ংক্ৰিয়ভাৱে প্ৰতিটো মণিটৰত সুকীয়া সুকীয়া ডেস্কটপ বেকগ্ৰাউণ্ড ব্যৱহাৰ কৰে।

উইণ্ড’জ ৮ত সংযোগ কৰা হৈছে শ্লাইড শ্ব’ৰ নতুন কোড যাৰ দ্বাৰা প্ৰতিটো মণিটৰত ভালদৰে খাপ খোৱা ফটোবোৰ নিৰ্বাচন কৰা হয়। উইণ্ড’জ ৮ত বহু নতুন থিম আৰু ব্যক্তিগতকৰণৰ সুবিধা প্ৰদান কৰা হৈছে।

অধিক মণিটৰৰ ব্যৱহাৰে বহু লাভ দিয়ে। ষ্টাৰ্ট, চাৰ্মছ অথবা শেহতীয়াভাৱে ব্যৱহাৰ কৰা এপ্লিকেশ্বন আদি একেটা মণিটৰতে ব্যৱহাৰ কৰাটো কৰ্ণাৰ ইউআইৰ বাবে অতি সহজ কথা, অধিক মণিটৰৰ ক্ষেত্ৰত যেতিয়া কৰ্ণাৰ অন্য স্ক্ৰীণত থাকে তেতিয়া শ্বেয়াৰ্ড এডজত মাউচ ব্যৱহাৰ কৰাটো অসাধাৰণ নহয়। এই কৰ্ণাৰো অতি প্ৰয়োজনীয় কাৰক যি অধিক মণিটৰৰ ব্যৱহাৰৰ ডিজাইন প্ৰস্তুত কৰাৰ সময়ত বিবেচনা কৰা হৈছে যাব বাবে শ্বেয়াৰ্ড কৰ্ণাৰ পদ্ধতি ব্যৱহাৰ কৰা হৈছে।

ইয়াৰ উপৰি ষ্টাৰ্ট মেনু এটা মণিটৰৰ পৰা আন এটালৈ নিব পাৰি। এটা মণিটৰৰ পৰা আন এটা মণিটৰলৈ এপ্লিকেশ্বন লৈ যাবৰ বাবে একেবাৰে ওপৰৰ বাওপিনৰ কোণলৈ মাউচ নিলে মণিটৰটোত চলি থকা এপ্লিকেশ্বনটোৰ থাম্বনেইল সক্ৰিয় হৈ পৰিব। এই মেট্ৰ’ ষ্টাইলৰ এপ্লিকেশ্বনটো ড্ৰেগ এণ্ড ড্ৰপ ব্যৱস্থাৰে এটা মণিটৰলৈ নিব পাৰি।
উৎস: ভাষা ইণ্ডিয়া।