কম্পিউটাৰ ব্যৱহাৰকাৰীসকলে কী-বোৰ্ডৰ ওপৰ শাৰীত F1 ৰ পৰা F12 লৈ থকা কীসমূহ নিশ্চয় দেখা পাইছে আৰু বহুতেই হয়তো ইয়াৰে কিছুসংখ্যক কী ব্যৱহাৰো কৰে। কিন্তু আমি বহুতেই ইয়াৰ ব্যৱহাৰ নাজানো। এই কীসমূহৰ Funtional কীসমূহৰ ব্যৱহাৰ সম্পৰ্কে তলত উল্লেখ কৰা হ’ল: F1 ৰ ব্যৱহাৰ এই কীটোক সাধাৰণতে সাহায্যকাৰী (help) কী হিচাপে ব্যৱহাৰ কৰা হয়। যিকোনো প্ৰগেম চলাই থকাৰ অৱস্থাত কোনো সহায়ৰ প্ৰয়োজন হ’লে উক্ত কী টিপিলে এখন সহায়ক উইণ্ডো খুল খাব। F2 ৰ ব্যৱহাৰ এই কীটো সাধাৰণতে কোনো ফাইল বা ফোলডাৰৰ নাম সলনি কৰিবলৈ ব্যৱহৃত হয়। আপুনি যিটো ফাইল বা ফোলডাৰৰ নাম সলনি কৰিব বিচাৰে সেইটো নিৰ্বাচন কৰি এই Funtional Key টো টিপিলে উক্ত নাম সলনি কৰিবলৈ সক্ষম হ’ব। মাইক্ৰচফট ৱৰ্ডত ALT+CTRL+F2 টিপি আপুনি এটা নতুন ফাইল খুলিব পাৰিব। Ctrl+F2 একেলগে টিপিলে আপুনি খোল খায় থকা ফাইলটোৰ প্ৰিন্ট প্ৰিভিউ দেখিবলৈ পাব। F3 ৰ ব্যৱহাৰ এই কীটো সাধাৰণতে চাৰ্চ অপচনটো চলাবলৈ ব্যৱহাৰ কৰা হয়। এই কীটো টিপিলে এখন চাৰ্চ উইণ্ডো খুল খাব য’ত আপুনি বিচৰা বস্তুটো সন্ধান কৰিব পাৰিব। আন আন প্ৰগেমটো ই কাৰ্য্যকৰী হয়। F4 ৰ ব্যৱহাৰ এই কীটো ব্যৱহাৰ কৰি আপুনি মাইক্ৰচফট ৱৰ্ডত একেবাৰে শেষত কৰা কামটো পুনৰাবৃত্তি কৰিব পাৰি। আপোনাৰ কম্পিউটাৰত চলি থকা সকলো প্ৰগেম এই F4 কী ব্যৱহাৰ কৰি বন্ধ কৰিব পাৰিব। ইয়াৰ বাবে টিপিব লাগিব Alt+F4। আকৌ আপোনাৰ কম্পিউটাৰত চলি থকা সকলো বোৰ উইণ্ডো আপুনি ctrl+F4 টিপি একেলগে বন্ধ কৰিব পাৰিব। F5 ৰ ব্যৱহাৰ এই ১২ টা Funtional কীৰ ভিতৰত F5 টোৰ কথা বেছিভাগেই জানে। এই কীটো টিপি কম্পিউটাৰটো সহজেই Refresh কৰিব পাৰি। যদিহে ৱেব পেজ খোলা থাকে তেন্তে এই কীটো টিপি ৱেবপেজটো Refresh কৰিব পাৰে। মাইক্ৰচফট অফিচৰ ফাইল খোলা থাকিলে আপুনি Find, Replace, Go to পাবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও মাইক্ৰচফট পাৱাৰপইন্টত এই কীটো টিপিলে শ্লাইড চো আৰম্ভ হয়। F6 ৰ ব্যৱহাৰ কম্পিউটাৰত ইন্টাৰনেট চলাই থকাৰ সময়ত ব্ৰাউজাৰৰ এড্ৰেছ বাৰৰ এড্ৰেছ সম্পাদনা কৰিবলৈ এই কী ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও আপুনি যদি একাধিক মাইক্ৰচফট ৱৰ্ড ডকুমেন্ট খুলি কাম কৰিব লগা হয় তেন্তে এটা ডকুমেন্টৰ পৰা আনটো ডকুমেন্টলৈ যাবলৈ ctrl+Shift+F6 ব্যৱহাৰ কৰিব পাৰিব। F7 ৰ ব্যৱহাৰ মজিলা ফায়াৰফক্স ব্ৰাউজাৰ ব্যৱহাৰ কৰি থকাৰ সময়ত এই F7 কী টিপি আপুনি Creat Browsing আৰম্ভ কৰিব পাৰিব। মাইক্ৰচফট ৱৰ্ডত এই কী টিপি আপুনি লিখাসমূহৰ বানান আৰু ব্যাকৰণ পৰীক্ষা কৰিব পাৰিব। ৱৰ্ড খোলা থকাৰ অৱস্থাত আপুনি যদি shift+F7 টিপে তেন্তে সোঁফালে “Researce” মেনু এখন ওলাব। F8 ৰ ব্যৱহাৰ কম্পিউটাৰটো আৰম্ভ কৰাৰ সময়ত আপুনি যদি safe mood ত কম্পিউটাৰটোত প্ৰৱেশ কৰিব বিচাৰে তেন্তে F8 ত টিপক। F9 ৰ ব্যৱহাৰ এই কীটো “quark5.0” ত মেজাৰমেন্ট টুলবাৰ সক্ৰিয় কৰে। F10 ৰ ব্যৱহাৰ কম্পিউটাৰত চলি থকা প্ৰগেম বা উইণ্ডোজৰ মেনু সক্ৰিয় কৰিবলৈ F10 কী ব্যৱহৃত হয়। আপুনি যদি shift+F10 টিপে তেন্তে মাউচৰ সোঁ বুটামটোৰ দৰে কাম কৰিব। F10 ৰ দ্বাৰা আপুনি Hedden Recovery partition ত (কেৱল Hp আৰু Sony ৰ কম্পিউটাৰত)প্ৰৱেশ কৰিব পাৰিব। F11 ৰ ব্যৱহাৰ ৱেবচাইট ব্ৰাউজ কৰাৰ সময়ত F11 টিপি আপুনি ব্ৰাউজাৰটো কম্পিউটাৰ স্ক্ৰীনত সম্পূৰ্ণকৈ দেখা পাব। ctrl+F11 ৰ দ্বাৰা আপুনি Hedden Recovery partition ত (কেৱল Del কম্পিউটাৰত)প্ৰৱেশ কৰিব পাৰিব। F12 ৰ ব্যৱহাৰ মাইক্ৰ’চফট অফিচত F12 ব্যৱহাৰ কৰি Save as মেনু খুলিব পৰা যায়। shift+F12 টিপি মাইক্ৰচফট ৱৰ্ডৰ ফাইল প্ৰত্যক্ষভাৱে সংৰক্ষণ কৰিব পৰা যায়। ctrl+shift+F12 ব্যৱহাৰ কৰি আপুনি মাইক্ৰচফট ৱৰ্ডৰ ফাইল প্ৰিন্ট কৰিব পাৰিব। উৎস: ইন্টাৰনেট।