আদ্যোপান্ত সুবিধাৰ বাবে মাইক্ৰ’ছফট্ অফিচ ব্যৱহাৰ কৰাৰ লগতে আপুনি মাইক্ৰ’ছফট্ অফিচ ইউজাৰ ইণ্টাৰফেচ ব্যৱহাৰ কৰি চাব পাৰে। ইয়াত ৱৰ্ড প্ৰচেচিঙৰ বাবে ৱৰ্ড, তথ্য নিৰূপণৰ বাবে এক্সেল আৰু ই-মেইল ব্যৱস্থাপনাৰ বাবে আউটলুক ব্যৱহাৰ কৰিব পাৰি। অফিচ এপলিকেচন ইচ্ছানুসৰি সজাবলৈ অথবা কাষ্টমাইজ কৰিবলৈ আৰু আপোনাৰ ব্যৱসায়িক প্ৰয়োজনত আপুনি ভিজুৱেল ষ্টুডিঅ’ ব্যৱহাৰ কৰিব পাৰে। উদাহৰণ হিচাপে ৱৰ্ডক আপুনি ঠিকনা নিৰ্ণায়ক হিচাপে পৰিৱৰ্তন কৰি ল’ব পাৰে, ইয়াক পুনৰ সম্পাদন কৰিব পৰাকৈ অথবা পুনৰ সম্পাদনা কৰিব নোৱাৰাকৈ আপুনি বিচৰা ধৰণে প্ৰস্তুত কৰি ল’ব পাৰিব। এক্সেলৰ সহায়ত বিভিন্ন প্ৰকল্পৰ বাবে স্বয়ংক্ৰিয় বাজেট ৱৰ্কশ্বিট প্ৰস্তুত কৰিব পাৰে। আপোনাৰ ব্যৱহাৰকাৰীসকলে অফলাইন অৱস্থাতো বিভিন্ন সমাধান লাভ কৰিব পাৰে। ৱেবছাইট নিৰ্ভৰতাৰ বিপৰীতে ই জটিল সমাধানবোৰৰ ক্ষেত্ৰত অধিক ব্যৱহাৰিক হিচাপে পোৱা গৈছে।

ডকুমেণ্ট-পৰ্যায়ৰ কাষ্টমাইজেচন এটা এছেম্বলিত থাকে যিটো কেৱলমাত্ৰ মাইক্ৰ’ছফট্ অফিচ ৱৰ্ড বা মাইক্ৰ’ছফট্ অফিচ এক্সেলৰ একক ডকুমেণ্ট, ৱৰ্কবুক অখবা টেম্পলেটৰ সৈতে জডিত। যেতিয়া বিশেষ ডকুমেণ্ট খোলা হয় তেতিয়াই ইয়াৰ সৈতে জডিত এছেম্বলিও খোল খায়। যেতিয়া বিশেষ ডকুমেণ্টটো খোলা থাকে তেতিয়াহে আপুনি কৰা কাষ্টমাইজ পৰিলক্ষিত হ’ব। কাষ্টমাইজেচনে অৱশ্যে বৃহত পৰিৱৰ্তন কৰিব নোৱাৰে, যেনে- মেনুত নতুন সংযোজন আৰু খোলা অৱস্থাত থকা ডকুমেণ্টৰ ৰিবন টেব।

ভিজুৱেল অফিচে ডকুমেণ্ট-পৰ্যায়ত ইচ্ছানুসৰি পৰিৱৰ্তন কৰিবলৈ আপোনাক সহায় কৰে। আপুনি পৰিৱৰ্তন কৰিব বিচৰা ডকুমেণ্ট ভিজুৱেল ষ্টুডিঅ’ত খোল খায়, য’ত ডকুমেণ্ট এটা আপোনাৰ ইচ্ছানুসৰি সজাব পাৰে আৰু ড্ৰেগ-এণ্ড-ড্ৰপ সুবিধা ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰি ডকুমেণ্ট-পৰ্যায়ত বহু সুবিধা ল’ব পাৰি ভিজুৱেল ষ্টুডিঅ’ত, ইয়াৰ ভিতৰত আছে বিভিন্ন উইণ্ড’ ফৰ্মৰ পৰিৱৰ্তন, ড্ৰেগ-এণ্ড-ড্ৰপ ডেটা বাইণ্ডিং আৰু ইণ্টিগ্ৰেটেড ডিবাগাৰ।

এপ্লিকেচন-পৰ্যায়ৰ এড-ইনসমূহো একোটা মাইক্ৰ’ছফট্ অফিচ এপলিকেচন এছেম্বলিৰ সৈতে সংযুক্ত। সাধাৰণতে যেতিয়া সংযুক্ত এপ্লিকেচন আৰম্ভ হয় তেতিয়াই এড-ইনবোৰ চলে। আনহাতে এপ্লিকেচন এটা আৰম্ভ কৰাৰ পিছতো ব্যৱহাৰকাৰীয়ে এড-ইন সংযোগ কৰিব পাৰে। আপুনি প্ৰস্তুত কৰি লোৱা এড-ইনৰ সুবিধাবোৰ এপ্লিকেচনত পোৱা যায়, এই ক্ষেত্ৰত ডকুমেণ্ট খোলা থকাৰ প্ৰয়োজন নাই।

এড-ইন প্ৰস্তুত কৰি লোৱাৰ সুবিধাও ভিজুৱেল ষ্টুডিঅ’ত আছে। এড-ইন প্ৰকল্পত একোটা স্বয়ংক্ৰিয় শ্ৰেণী উপলব্ধ যাৰ সহায়ত এড-ইন প্ৰস্তুত কৰিব পাৰি। এই শ্ৰেণীত ধৰণ আৰু যিটো এপ্লিকেচনত এড-ইন ব্যৱহাৰ কৰা হ’ব সেই এপ্লিকেচন সম্পৰ্কে, এড-ইন কেতিয়া আৰম্ভ সেই সম্পৰ্কে বিষদভাৱে উল্লেখ থাকে।

অফিচ এপ্লিকেচনৰ সুবিধাসমূহ প্ৰগ্ৰেমিঙৰ দ্বাৰা আপোনাৰ এপ্লিকেচনৰ নমুনা সাপেক্ষে কোডিং লিখি প্ৰস্তুত কৰিব পাৰি। বিভিন্ন ধৰণেৰে নমুনাসমূহ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। প্ৰতিটো অফিচ এপ্লিকেচনৰ বাবে নমুনা পৃথক।

ভিজুৱেল ষ্টুডিঅ’ৰ অফিচ ডেভেলপমেণ্ট টুল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এটা সমাধান অফিচ এপ্লিকেচনৰ নমুনা ব্যৱহাৰ কৰিবলৈ আপুনি এপ্লিকেচনটোৰ বাবে প্ৰাইমাৰী ইণ্টাৰলুপ এছেম্বলি (পি আই এ) ব্যৱহাৰ কৰিবই লাগিব। পি আই এ-ই আপোনাৰ সমাধানৰ নিৰ্ণিত কোডৰ সৈতে চি অ’ এম-ভিত্তিক অফিচ এপ্লিকেচনক সংযুক্ত কৰে।

এটা অফিচ চল্যুচন নিৰ্ণয় কৰিবলৈ, আপোনাৰ নিৰ্ণায়ক কম্পিউটাৰটোত অফিচ পি আই এ ইনষ্টল কৰিব লাগিব। ব্যবহৃত আনবোৰ কম্পিউটাৰতো নিৰ্ণিত সমাধান চলিবলৈ পি আই এ ইনষ্টল কৰাটো বাধ্যতামূলক য’ত ডটনেট ফ্ৰেমৱৰ্ক ৩.৫ বিচাৰে, আনহাতে যিবোৰত ডটনেট ৪ বিচৰা হয় সেইবোৰত অফিচ পি আই এ ইনষ্টল কৰাৰ কোনো প্ৰয়োজন নাই।

উৎস: ভাষা ইণ্ডিয়া।