বেটাৰীৰ আয়ুসকাল আৰু বিদ্যুত ব্যয় কম্পিউটিং উদ্যোগৰ অতিশয় গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈ আহিছে। উইণ্ড’জ ৭-এ লক্ষ্যণীয়ভাৱে বিদ্যুত ব্যয় লাঘৱ কৰিছে আৰু শক্তিৰ দক্ষতা বৃদ্ধি কৰিছে, বিশেষকৈ ম’বাইল পিচি বেটাৰীৰ আয়ুসৰ ক্ষেত্ৰত। উইণ্ড’ড ৮ত ‘হাৰ্ডৱেৰ শ্বাইন’ৰ পদ্ধতিৰ দ্বাৰা বিদ্যুত ব্যয় হ্ৰাস কৰাৰ বাবে ব্যৱস্থা ৰখা হৈছে, যাক ডিজাইন কৰা হৈছে শক্তি ব্যৱস্থাপনা ইণ্টাৰফেচৰ জৰিয়তে প্ৰণালীবদ্ধ, মানসম্পন্ন আৰু সকলো মঞ্চতে। ই মাইক্ৰ’ছফটৰ হাৰ্ডৱেৰ সহযোগী আৰু এপ্লিকেশ্বন ডেভেলপাৰসকলক প্লেটফৰ্ম হাৰ্ডৱেৰ আৰু শক্তি ব্যৱস্থাপনাৰ পৰিৱৰ্তে তেওঁলোকৰ অদ্বিতীয় উদ্ভাৱন আৰু অভিজ্ঞতাৰ ওপৰত দৃষ্টিপাত কৰিবলৈ অৱকাশ দিব।

যিকোনো উইণ্ড’জ পিচিৰ পোনপটীয়া শক্তি গ্ৰহণৰ ফলাফলত প্ৰভাৱ আছে চি পি ইউ আৰু চিপছেট, ৰেমৰ প্ৰকাৰ আৰু সংখ্যা, বেগ, প্ৰকাৰ আৰু ষ্ট’ৰেজ ড্ৰাইভৰ ক্ষমতা, ষ্ক্ৰীণৰ আকাৰ ইত্যাদি।

আমি উইণ্ড’জ ৭ আৰু উইণ্ড’জ ৭ এছপি ১ক আমাৰ বেছলাইন হিচাপে ব্যৱহাৰ কৰো আৰু আৰু সমগ্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত উইণ্ড’জ ৮ত প্ৰয়োজন হোৱা মানৰ সৈতে তুলনা কৰো।

সাধাৰণভাৱে এটা ম’বাইল উইণ্ড’জ পিচিৰ শক্তি গণনাৰ বাবে বেটাৰী লাইফ ৰানডাউন টেষ্ট ব্যৱহাৰ কৰা হয়। য’ত বেটাৰী ১০০ শতাংশ চাৰ্জ থাকে আৰু ০ শতাংশলৈ লৈ যোৱা হয়। এই পদ্ধতিয়ে কাম কৰে, কিন্তু বাৰে বাৰে বেটাৰী এটা চাৰ্জ/ডিছচাৰ্জ কৰি থকাৰ ফলত বেটাৰীৰ আয়ুস প্ৰাকৃতিকভাৱেই হ্ৰাস পায়।

উইণ্ড’জ ৮ত তিনিটা মূল উদ্ভাৱনী ব্যৱহাৰ কৰা হৈছে শক্তি ব্যয় কৰাৰ ক্ষেত্ৰত ছফটৱেৰৰ প্ৰভাৱ উন্নত কৰিবলৈ—মেট্ৰ’ ষ্টাইল এপলিকেশ্বন আৰ্হি, আইডল হাইজিন আৰু এক নতুন ৰাণটাইম ডিভাইচ শক্তি ব্যৱস্থাপনা পদ্ধতি।

শক্তি ব্যৱস্থাপনাৰ ক্ষেত্ৰত উইণ্ড’জ ৮ৰ এক নতুন উদ্ভাৱন হৈছে মেট্ৰ’ ষ্টাইল এপ্লিকেশ্বন মডেল। এই শক্তি ব্যৱস্থাপনাৰ সুফল হৈছে এয়াই যে এই মডেলে ডেভেলপাৰসকলৰ বাবে তেওঁলোকৰ এপ্লিকেশ্বন কেৱল সঠিক সময়তহে চলাটো নিশ্চিত কৰে। বেকগ্ৰাউণ্ডত চলা এপ্লিকেশ্বনসমূহ ইয়াত বন্ধ কৰি ৰখা হয় ব্যৱহাৰ নোহোৱা সময়ত সমল আৰু শক্তি ব্যৱহাৰৰ পৰিহাৰ কৰিবলৈ।

বেছিভাগ কম্পিউটাৰতে প্ৰচেছৰ আৰু চিপছেটৰ নিষ্ক্ৰিয় অৱস্থাত হাৰ্ডৱেৰবোৰক বিভিন্ন অংশৰ ছিলিকনলৈ শক্তি যোগান বন্ধ কৰা হয়। উইণ্ড’জ ৮ত ব্যৱহাৰ কৰা হৈছে বিল্ট-ইন ই টি ডব্লিউ ট্ৰেচিং, ই নিষ্ক্ৰিয়তা আৰু কিছু অতিৰিক্স উইণ্ড’জ পাৰ্ফমেন্স এনালাইজাৰৰ সন্ধান কৰে।

কম্পিউটাৰত বেটাৰীৰ আয়ুস তেতিয়াহে বেছি হয়, যেতিয়া সকলো প্ৰচেছৰ, ষ্ট’ৰেজ আৰু অন্যান্য যন্ত্ৰাংশকে ধৰি সকলোতে কম বিদ্যুতৰ প্ৰয়োজন হয়। আধুনিক কম্পিউটাৰত প্ৰায় সকলোবোৰ যন্ত্ৰতে কিছুমান শক্তি ব্যৱস্থাপনা প্ৰযুক্তি ব্যৱহাৰ কৰা হয় আৰু ৰানটাইম ডিভাইচ পাৱাৰ মেনেজমেণ্টে নিশ্চিত কৰে আমি কেনেদৰে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব পাৰে ব্যৱহাৰকাৰীৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ।

উইণ্ড’জ ৮এ সৃষ্টি কৰিছে এক নতুন ডিভাইচ পাৱাৰ ফ্ৰেমৱৰ্ক যিয়ে সকলোকে তেওঁলোকৰ উত্পাদিত যন্ত্ৰৰ শক্তি ব্যৱস্থাপনা দক্ষতা সম্পৰ্কে বিজ্ঞাপনত উল্লেখ কৰিবলৈ সহায় কৰে আৰু সকলোকে এছ অ’ চি ব্যৱস্থাৰ বাবে প্ৰস্তুত কৰা পাৱাৰ ইঞ্জিন প্লাগ-ইন বা পিইপি নামৰ নতুন ড্ৰাইভাৰেৰে একত্ৰিত কৰিছে।

উৎস: ভাষা ইণ্ডিয়া।