এক্সেলত পাঠ সংৰেখন কৰাৰ অৰ্থ হৈছে চেল এটাৰ ভিতৰত পাঠ এক ৰেখাত সজোৱা। ডিফ’ল্ট সজ্জা থকা চেলবোৰত পাঠবোৰ বাওঁ সংৰেখিত, আনহাতে সংখ্যা, সময় আৰু তাৰিখবোৰ সোঁ সংৰেখিত। আমি ফৰমেটিং টুলবাৰত থকা অপচন ব্যৱহাৰ কৰি এই ডিফ’ল্ট সংৰেখন সলনি কৰিব পাৰোঁ। সংৰেখন সলনি কৰিলে ডাটাৰ প্ৰকাৰ সলনি নহয়। পাঠ সংৰেখন কৰিবলৈ- ১) সংৰেখিত কৰিব লগা চেলটো বা চেলৰ পৰিসৰটো বাছনি কৰিব লাগিব। ২) ফৰমেটিং টুলবাৰত, সঠিক সংৰেখন বুটামটো বাছনি কৰিব লাগিব। এম.এছ, এক্সেলৰ সৈতে উপলব্ধ বিভিন্ন ধৰণৰ সংৰেখনেৰে আমি লিখা কথাবোৰ সজাব পাঁৰো। বাওঁ সংৰেখনৰ সহায়ত বাওঁফালে, কেন্দ্ৰীয় সংৰেখনৰ সহায়ত সোঁফালে শাৰীবোৰ স্থাপন কৰিব পৰা যায়। পাঠ মেৰিওৱা অপচন আমি ৰেপ টেক্সট অপচন ব্যৱহাৰ কৰি চেল এটাত পাঠৰ একাধিক শাৰীত প্ৰদৰ্শিত হয়। পাঠ মেৰিয়াবলৈ- ১) আমি সজ্জিত কৰিব বিচৰা চেলবোৰ বাছনি কৰিব লাগিব। ২) ফৰমেট মেনুত, চেল্ছ ক্লিল কৰিব লাগিব আৰু তাৰ পিছত এলাইনমেন্ট টেব ক্লিক কৰিব লাগিব। ৩) টেক্সট কন্ট্ৰ’ল শাখাৰ অধীনত, ৰেপ টেক্সট চেক বাকচটো বাছনি কৰিব লাগিব। চেল একেলগ কৰা দুই বা অধিক চেলক এটা চেললৈ একেলগ কৰিবলৈ মাৰ্জ চেলছ অপচনটো ব্যৱহাৰ কৰা হয়। আমি যেতিয়া ৱৰ্কশ্বিট এখনৰ বাবে শীৰ্ষক প্ৰদৰ্শিত কৰিব বিচাৰো, তেতিয়া এই অপচনটো উপযোগী হয়। আমি কেইবাটাও স্তম্ভ বা শাৰী আগুৰি থকা চেল একেলগ কৰিব পাৰোঁ। চেল একেলগ কৰিবলৈ- ১) পাঠ থকা চেলবোৰ বাছনি কৰিব লাগিব। ২) ফৰমেট মেনুত, চেল্ছ ক্লিক কৰিব লাগিব আৰু তাৰ পিছত এলাইনমেন্ট টেব ক্লিক কৰিব লাগিব। ৩) টেক্সট কন্ট্ৰ’ল শাখাৰ অধীনত, ৰেপ টেক্সট চেক বাকচটো বাছনি কৰিব লাগিব। চেল একেলগ কৰা দুই বা অধিক চেলক এটা চেললৈ একেলগ কৰিবলৈ মাৰ্জ চেল্ছ অপচনটো ব্যৱহাৰ কৰা হয়। আমি যেতিয়া ৱৰ্কশ্বিট এখনৰ বাবে শীৰ্ষক প্ৰদৰ্শিত কৰিব বিচাৰোঁ, তেতিয়া এই অপচনটো উপযোগী হয়। আমি কেইবাটাও স্তম্ভ বা শাৰী আগুৰি থকা চেল একেলগে কৰিব পাৰোঁ। চেল একেলগ কৰিবলৈ- ১) পাঠ থকা চেলবোৰ বাছনি কৰিব লাগিব। ২) ফৰমেট মেনুত, চেল্ছ বাছনি কৰিব লাগিব আৰু তাৰ পিছত এলাইনমেন্ট টেব ক্লিক কৰিব লাগিব। ৩) টেক্সট কন্ট্ৰ’ল শাখাৰ অধীনত, মাৰ্জ চেল্ছ অপচনটো বাছনি কৰিব লাগিব। ৪) অ’কে বুটামত ক্লিক কৰিব লাগিব। মাৰ্জ এণ্ড চেন্টাৰ বুটামটো ব্যৱহাৰ কৰিব পৰা যায়। ৰ’ৰ্ডাৰ প্ৰয়োগ কৰা ব’ৰ্ডাৰ প্ৰয়োগ কৰা ব’ৰ্ডাৰ হৈছে চেল এটাৰ চাৰিওফালে থকা প্ৰান্তৰেখা। আলোকপাত কৰিবলৈ এটা চেল বা একাধিক চেলৰ পৰিসৰত ব’ৰ্ডাৰ প্ৰয়োগ কৰিব পাৰি। এক বা একাধিক চেলৰ পৰিসৰত ব’ৰ্ডাৰ প্ৰয়োগ কৰিবলৈ- ১) প্ৰয়োগ কৰিব লগা চেলটো বা চেলৰ পৰিসৰ বাছনি কৰিব লাগিব। ২) ফৰমেট মেনুত, চেল্ছ বাছনি কৰিব লাগিব আৰু তাৰ পিছত ব’ৰ্ডাৰ্ছ টেব ক্লিক কৰিব লাগিব। ৩) প্ৰিচেটছ্ শাখাত আউটলাইন ব’ৰ্ডাৰ বুটামটো ক্লিক কৰিব লাগিব। ব’ৰ্ডাৰ শাখাত ব’ৰ্ডাৰৰ পূৰ্বলোকন এটা ওলাব। ৪)অ’কে (OK) বুটামত ক্লিক কৰিব লাগিব। লিখক: কোকিল শৰ্মা, দৈনিক অসম।