১) বিশ্বৰ প্ৰথম মোবাইল ফোনটো উদ্ভাৱন কৰিছিল Motorola কোম্পানীয়ে ৷ মডেলটোৰ নাম আছিল Motorola Dyna Tac 800x. ইয়াৰ ওজন আছিল দুই কিল’গ্ৰাম ৷ ২) বিশ্বৰ প্ৰথম মোবাইলটো প্ৰদৰ্শন কৰিছিল Motorola কোম্পানীৰ ড০ মাৰ্টিন কুপাৰ আৰু জন এফ মিটচেলে, ১৯৭৩ চনত ৷ ৩) এই ফোনটো প্ৰথমবাৰৰ বাবে ১৯৮৪ চনত যেতিয়া ব্যৱসায়িক ভাৱে আমেৰিকাৰ বজাৰত উপলব্ধ হৈছিল, তেতিয়া ইয়াৰ ওজন আছিল ৭৯৪ গ্ৰাম আৰু দাম আছিল ৩,৯৯৫ ডলাৰ ৷ ৪) এই মোবাইলটোত এবাৰ বেটাৰী চাৰ্জ দি মাথোন আধা ঘণ্টামানহে ব্যৱহাৰ কৰিব পৰা গৈছিল ৷ ৫) ড০ মাৰ্টিন কুপাৰক চেলফোনৰ পিতৃ আখ্যা দিয়া হয় ৷ ১৯৭৩ চনত ৩ এপ্ৰিলত ড০ কুপাৰেই মোবাইলৰ পৰা প্ৰথমটো ফোনকল কৰিছিল ৷ ৬) ১৯৯২ চনৰ ৩ ডিচেম্বৰ ৷ সেইদিনা ২২ বৰ্ষীয়ান ব্ৰিটিছ চফটৱেৰ প্ৰগ্ৰেমাৰ নেইল পাপৱৰ্থে তেওঁৰ ঊৰ্ধতন বিষয়ালৈ প্ৰথমটো মেছেজ প্ৰেৰণ কৰে ৷ মেছেজটো আছিল "Merry Christmas" আৰু প্ৰেৰণ কৰিছিল এটা পাৰ্চনেল কম্পিউটাৰৰ পৰা মোবাইললৈ ৷ মোবাইললৈ প্ৰেৰণ কৰা সেইটোৱেই আছিল প্ৰথম মেছেজ ৷ ৭) মোবাইল ফোনেৰে প্ৰথমখন ফটো তুলিছিল ‘‘ফিলিপ কানে’’ নামৰ গৱেষকজনে ১৯৯৭ চনৰ ১১ জুনত ৷ ফটোখন আছিল তেওঁৰ নৱজাতক কন্যা ‘‘ছ’ফি’’ৰ ৷ এই ফটোখন প্ৰায় দুহেজাৰজন ব্যক্তিলৈ প্ৰেৰণ কৰিছিল কানে ৷ ৮৷ মোবাইলৰ দ্বাৰা মোবাইললৈ প্ৰথমটো মেছেজ প্ৰেৰণ কৰা সম্ভৱ হৈ উঠিছিল ফিনলেণ্ডত, ১৯৯৩ চনত ৷ ৯৷ মেছেজৰ দ্বাৰা প্ৰথম মোবাইল সংবাদ সেৱা আৰম্ভ কৰা হৈছিল ২০০০ চনত, ফিনলেণ্ডত ৷ ১০৷ "Sonim XP 3300 Force"— এই মডেলটো গীনিজ ৱৰ্ল্ড অৱ ৰেকৰ্ডৰ মতে আটাইতকৈ শক্তিশালী মোবাইল ৷ ৪৮ ফুট উচ্চতাৰ পৰা কংক্ৰিটত পেলাই দিয়াৰ পিছতো ই সফল ভাৱে কাম কৰিবলৈ সক্ষম হৈছিল ৷ ১১৷ মট’ৰলাৰ পিছত মোবাইল জগতলৈ আহে Nokia কোম্পানী ৷ প্ৰথম অৱস্থাত Nokiaৰ ব্যৱসায় আছিল কাগজ উৎপাদনত ৷ ১৯৮২ চনত Nokiaই উৎপাদন কৰা প্ৰথমটো মোবাইলৰ নাম আছিল ‘‘ন’কিয়া ম’বিৰা চিনেটৰ’’ ৷ ইয়াৰ ওজন আছিল ২১ পাউণ্ড ৷ ১২৷ SMS (ছৰ্ট মেছেজিং ছাৰ্ভিচ) সাধাৰণতে ১৬০টা চিহ্নৰ ভিতৰত সীমাবদ্ধ থাকে ৷ কাৰণটো জানেনে ? SMSৰ উদ্ভাৱক জাৰ্মান ইঞ্জিনীয়াৰ "Friedhelm Hillebrand"এ গৱেষণা কৰি পাইছিল যে, যিকোনো প্ৰশ্ন বা মনৰ ভাৱ প্ৰকাশৰ বাবে ১৬০টা আখৰ বা চিহ্নই যথেষ্ট ৷ ১৩৷ NOKIA-1100, ফিনলেণ্ডত নিৰ্মিত এই মডেলটোৱেই হৈছে বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা মোবাইল ফোন ৷ ১৪৷ "Motorola Star Tac" আছিল পৃথিৱীৰ প্ৰথমটো কম্পন প্ৰযুক্তি (Vibrating Alert Technology) যুক্ত মোবাইল ফোন ৷ ১৫৷ ১৯৯৪ চনত মোবাইলত থকা ছিম কাৰ্ড সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল "Gieseckc & Devrient"এ ৷ ১৬৷ ২০০১ চনত উন্মোচন হোৱা ‘‘Siemens SL47’’ মডেলটো কেইবাটাও কাৰণত অনন্য ৷ ই হৈছে সৰ্বপ্ৰথম এক্সপাণ্ডেবল মেমৰী আৰু MP3 প্লেয়াৰ সংযোজিত মোবাইল ফোন ৷ মডেলটোৰ লগত আছিল ৩২ মেগাবাইট MMC কাৰ্ড আৰু ষ্টেৰিঅ’ হেডফোন ৷ ইয়াক এবাৰ চাৰ্জ দি পাঁচ ঘণ্টালৈকে সংগীত বজাব পৰা গৈছিল ৷ ১৭৷ "Kyocera VP-210" মডেলটো হৈছে প্ৰথমটো ব্যৱসায়িক মোবাইল ফোন ৷ য’ত Video প্ৰযুক্তি সংলগ্ন কৰা হৈছিল ৷ ১৯৯৯ চনৰ ১৮ মে’ত এই ফোনটো জাপানত প্ৰথম মুকলি কৰা হৈছিল ৷ ১৮৷ 2G.... ইয়াক প্ৰথম মুকলি কৰা হয় ১৯৯১ চনত ফিনলেণ্ডত ৷ ১৯৷ 3G... ২০০১ চনত WCDMA ষ্টেণ্ডাৰ্ডত NTT DCMই মুকলি কৰে এই টেকন’লজী ৷ ২০৷ "Touch Screen Smart Phone" আৱিষ্কাৰ কৰিছিল ‘‘আই বি এম চিমনে’’ ১৯৯৩ চনত ৷ ২১৷ ভাৰতবৰ্ষত প্ৰথম চেলুলাৰ ফোন আৰম্ভ কৰা হৈছিল ১৯৯৫ চনৰ ৩১ জুলাইত ৷ কেন্দ্ৰীয় টেলিকম মন্ত্ৰী সুখৰামলৈ কৰা ফোনটোৱেই আছিল ভাৰতত চেলফোন ব্যৱহাৰৰ পাতনি ৷ ফোনটো কৰিছিল পশ্চিমবংগৰ ৰাজনীতিবিদ অভিষেক যাদৱে ৷ উল্লেখযোগ্য যে Nokia কোম্পানীৰ মোবাইল ফোনেৰে ভাৰতত মোবাইল ফোন ব্যৱহাৰৰ পাতনি মেলা হৈছিল ৷ ২২৷ দশম শতিকাৰ ৰজা ব্লুটুথ’ৰ নামেৰে ৱায়াৰলেছ ডাটা ট্ৰেন্সফাৰ নেটৱৰ্কৰ নাম ব্লুটুথ ৰখা হৈছে ৷ লিখক: জোনালী, https://www.facebook.com/Mahiruh.sss