উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তুলিবলৈ হ'লে অঞ্চলটোত পর্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰিবৰ্তন সাধন কৰিব লাগিব। ড'নাৰ মন্ত্ৰ্যালয়ে অসমৰ কাজিৰঙাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন পর্যটনথলীক নতুন ৰূপ দিয়াৰ প্ৰয়াসেৰে ৰাজহুৱা আৰু ব্যক্তিগত সহযোগিতাত গুৰুত্ব প্রদান কৰিছে । কাজিৰঙা, জিৰ', ছ'হৰা, থেনজল, মাতাবাৰী, কিছামা, নামচি, ময়ৰাঙক বিশ্বমানৰ পৰ্যটনথলী কৰি তোলাৰ বাবে ৰাজহুৱা, ব্যক্তিগত সহযোগিতাৰ ভিত্তিত বিভিন্ন নতুন পদক্ষেপ গ্ৰহণ কৰা হ'ব। প্ৰতিখন ৰাজ্যতে কেতবোৰ বিশেষ সামগ্রিক প্ৰচাৰ কৰাৰ লক্ষ্যৰে অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে । ইয়াৰ অধীনত অসমৰ মুগা, মেঘালয়ৰ লেকাডং হালধি, মণিপুৰৰ প'ল', ছিকিমৰ জৈৱিক কৃষি আৰু ত্ৰিপুৰাৰ কুইন প্ৰজাতিৰ আনাৰসক আগুৱাই নিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে। ২০২৯ চনৰ ভিতৰত উত্তৰ-পূবৰ সকলো ৰাজ্য সম্পূৰ্ণৰূপে ৰে'ল সংযোগেৰে কাৰ্যক্ষম কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তদুপৰি ভাৰত-ম্যানমাৰ-থাইলেণ্ড ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্পই উত্তৰ-পূৰ্বাঞ্চলক নতুন ৰূপ দিব। যিয়ে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ এখন নতুন দুৱাৰ মুকলি কৰিব । উল্লেখযোগ্য যে ড্ৰ'নাৰ মন্ত্র্যালয়ে ২০২৪-২৫ বিত্তীয় বৰ্ষত সর্বাধিক ৩,৪৪৭.৭১ কোটি টকা উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নৰ বাবে ব্যয় কৰিছিল। পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত এই হাৰ ৭৪ শতাংশ অধিক। চলিত বৰ্ষত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ৰাইজিং নর্থ-ইষ্ট বিনিয়োগ সম্মিলনখনত ১০০তকৈও অধিক ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানে অংশগ্রহণ কৰে। উত্তৰ-পূবৰ সম্ভাৱনাময় পর্যটন খণ্ডটোক আগুৱাই নিয়াৰ প্রয়াসেৰে বন্দৰৰ সংখ্যা অঞ্চলটোৰ ৮ খন ৰাজ্যত বিমান বন্দৰ ১৭টালৈ বৃদ্ধি কৰা হৈছে। তদুপৰি ইক টুৰিজম ধাৰণাটোক কার্যক্ষম কৰি তুলিবলৈ বহনক্ষম কাৰ্যসূচীৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে । শেহতীয়াকৈ অঞ্চলটোত হোমস্টে আৰু ইক টুৰিজমৰ পৰিসৰ প্রায় ৪৫ শতাংশপর্যন্ত বৃদ্ধি হৈছে। পর্যটন, বিনিয়োগ, হস্তশিল্প, কৃষি, আন্তঃগাঁথনি, ক্রীড়া আৰু উত্তৰ-পূবক অর্থনৈতিক কৰিডৰ হিচাপে গঠন কৰিবলৈ টাস্ক ফ'ৰ্ট গঠনত গুৰুত্ব প্রদান কৰে । উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৰপ্তানি বৃদ্ধি কৰাৰ লক্ষ্যৰে নতুন প'ৰ্টেল কাৰ্যকৰী কৰা হৈছে । পূৰ্বৰ তুলনাত উত্তৰ-পূবত অগৰৰ ৰপ্তানি প্রায় ছগুণ বৃদ্ধি হৈছে। ইফালে নেডফিয়ে প্রায় ৫,৩০০ এম এছ এম ইলৈ বিত্তীয় সহযোগিতা আগবঢ়াইছে। ইয়াৰ জৰিয়তে ক্ষুদ্র আহযোগত উদ্যোগীসকলে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।