বিহু নৃত্যৰে অসম কন্যা দিদৃক্ষা সোনোৱালৰ দুটাকৈ বিশ্বাভিলেখ 'ৱৰ্ল্ড ৱাইড বুক অব্ ৰেকৰ্ডছ', 'গ'ল্ডেন বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছ'ত সন্নিৱিষ্ট হ'ল অভিযন্তা দিদৃক্ষাৰ নাম বিহু নৃত্যৰে বিশ্বত জিলিকিছে অসম কন্যা দিদৃক্ষা সোনোৱাল। মাত্র ৩০ ছেকেণ্ডত ৭২ বাৰ টাকুৰী ঘূৰা দি নাচি বিশ্ব অভিলেখৰ অধিকাৰী হৈছে অসম সন্তান দিদৃক্ষা সোনোৱাল। তিনিটাকৈ অভিলেখেৰে দিদৃক্ষাই অসমলৈ গৌৰব কঢ়িয়াইছে । অসম জীয়ৰীগৰাকীয়ে নিৰৱচ্ছিন্ন সাধনা আৰু কঠোৰ অনুশীলনেৰে বিহু নৃত্যক পুনৰবাৰ বিশ্ব প্রেক্ষাপটত প্রতিষ্ঠা কৰিলে । পেছাত এগৰাকী অভিযন্তা গুৱাহাটীৰ মালিগাঁৱৰ জীয়ৰী দিদৃক্ষাই 'বৰ্ল্ড বাইড বুক্ অব্ ৰেকৰ্ডৰ্ছ' আৰু 'গ'ল্ডেন বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছ'ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। একেদৰে 'ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ'তো অন্তর্ভুক্ত হৈছে দিদৃক্ষাৰ নাম। কর্মসূত্রে মুম্বাইৰ থানেত বসবাস কৰা অসম কন্যাগৰাকীৰ মাতৃ ৰীণা দেৱী হাজৰিকা আৰু পিতৃ অচিত্ৰ সোনোৱাল। তিনিচুকীয়াৰ মূল বাসিন্দা দিদৃক্ষাৰ পিতৃ-মাতৃয়ে মালিগাঁৱত চাকৰিসূত্রে স্থায়ীভাৱে বসবাস কৰি আহিছে। 'চিভিল ইঞ্জিনীয়াৰ' দিদৃক্ষাই থানেৰ 'কনষ্ট্রাকচন কেমিকেলছ ইণ্ডাস্ট্রি' এটাত কৰ্মৰত। থানেত চাকৰিৰ সমান্তৰালভাৱে অসম জীয়ৰীগৰাকীয়ে অসমীয়াৰ বাপতিসাহোন বিহুক লৈ কিবা এটা কৰাৰ অদম্য কামনাৰ ফলস্বৰূপে এই সফলতাৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে। পেছাগত জীৱনৰ সমান্তৰালভাৱে দৈনিক বিহু নৃত্যৰ অনুশীলনৰ জৰিয়তে দিদৃক্ষাই অসাধ্য সাধন কৰিলে । তেওঁৰ মতে বিগত সাত মাহে নেৰানেপেৰাকৈ টাকুৰী ঘূৰা দি নাচৰ অনুশীলন কৰি আহিছে। যোৱা ২৭ আগষ্টত মুম্বাইৰ এটা ষ্টুডিঅ'ত টাকুৰী ঘুৰা দি নৃত্যৰ ৰেকর্ডিং হয়। যি ৰেকর্ডিং আৰু আনুষ্ঠানিকতাৰ ওপৰত ভিত্তি কৰি তেওঁ দুটাকৈ বিশ্ব ৰেকৰ্ডৰ অধিকাৰী হয়। সমান্তৰালভাৱে ইণ্ডিয়া 'বুক অব্ ৰেকৰ্ডছতো সন্নিবিষ্ট হয় তেওঁৰ নাম। শেহতীয়াকৈ সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা তেওঁ অভিলেখ সম্পর্কীয় প্ৰমাণপত্ৰ লাভ কৰাৰ পিচত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে। নিজৰ মনৰ ভাব প্রকাশ কৰি দিদৃক্ষাই কয়- 'এই অভিলেখৰ অধিকাৰী হৈ বুজাব নোৱৰা সুখ অনুভৱ কৰিছো। সপোন দিঠকত পৰিণত হোৱাৰ দৰে লাগিছে। অসমৰ সাংস্কৃতিক তথা ৰাজ্যখনক এনেদৰে বিশ্বত জিলিকাব পৰাটো মোৰ বাবে সঁচাকৈয়ে সৌভাগ্যৰ বিষয়।'