ৰাষ্ট্ৰীয় ৰে'ল নেটৱকেৰে সংযোগ হ'ব মিজোৰাম উত্তৰ-পূৰ্ৱাঞ্চলৰ এখন পাহাৰীয়া ৰাজ্য হৈছে মিজোৰাম। মিজোৰাম চহকী সংস্কৃতি, ক্রীড়াপ্ৰেম আৰু সুন্দৰ পাহাৰৰ বাবে পৰিচিত। কেই বাদশক ধৰি উত্তৰ-পূবৰ পাহাৰীয়া অঞ্চলসমূহক দুর্গম সীমান্ত অঞ্চল হিচাপে গণ্য কৰা হৈছিল। পথ আৰু বিমান সংযোগ সীমিত আছিল। ৰাজধানী অঞ্চললৈ ৰে'ল ব্যৱস্থাৰে সংযোগ নাছিল।প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে যেতিয়া এক্ট ইষ্ট পলিচী আৰম্ভ কৰিলে, তেতিয়া এই সকলো সলনি হ'ল। দুর্গম সীমান্ত অঞ্চলৰ পৰা উত্তৰ-পূবক এতিয়া অগ্রণী অঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছে। ৰে'ল, পথ, বিমানবন্দৰ আৰু ডিজিটেল সংযোগৰ ক্ষেত্ৰত অভিলেখ পৰিমাণৰ বিনিয়োগৰ জৰিয়তে এই ৰূপান্তৰ সম্ভৱ হৈছে। শান্তি চুক্তিসমূহে সুস্থিৰতা কঢ়িয়াই আনিছে। জনসাধাৰণে চৰকাৰী আঁচনিৰ সুফল লাভ কৰিছে। স্বাধীনতাৰ পিচত প্ৰথমবাৰৰ বাবে উত্তৰ-পূবক ভাৰতৰ বিকাশৰ কেন্দ্রবিন্দু হিচাপে গ্রহণ কৰা হৈছে। ২০০৯-১৪ চনৰ তুলনাত অঞ্চলটোৰ বাবে ৰে'ল বাজেট আবণ্টন পাঁচ গুণ বৃদ্ধি পাইছে। কেৱল চলিত বিত্তীয় বর্ষত ১০,৪৪০ কোটি টকা আবণ্টন দিয়া হৈছে। ২০১৪ চনৰ পৰা ২০২৫ চনলৈ মুঠ ব বাজেট আবণ্টন ৬২,৪৭৭ কোটি টকা। বর্তমান ৭৭,০০০ কোটি টকাৰ ৰে'ল প্ৰকল্পৰ কাম চলি আছে। ইয়াৰ পূর্বে উত্তৰ-পূৰ্বাঞ্চলত কেতিয়াও এনে অভিলেখ পৰিমাণৰ বিনিয়োগ হোৱা নাছিল। মিজোৰাম এই বিকাশৰ আঁচনিৰ অংশ। তথাপি দশক দশক ধৰি ই মূলসুঁতিৰ সংযোগৰ পৰা একাষৰীয়া হৈ আছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিবলগীয়া বৈৰৱী-ছাইবাং ৰে'লপথ মিজোৰামৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি হৈ পৰিব। ৮,০০০ কোটিৰো অধিক টকা ব্যয়েৰে নির্মিত এই ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্রকল্পই প্ৰথমবাৰৰ বাবে আইজলক ৰাষ্ট্ৰীয় ৰে'ল নেটৱৰ্কৰ সৈতে সংযোগ কৰিব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে ছাইৰাঙৰ পৰা দিল্লী (ৰাজধানী এক্সপ্ৰেছ), কলকাতা (মিজোৰাম এক্সপ্ৰেছ) আৰু গুৱাহাটীলৈ (আইজল ইণ্টাৰচিটি) তিনিখন নতুন ৰে'লৰ সেৱাও শুভাৰম্ভ কৰিব। এই ৰে'লপথটো জটিল ভূখণ্ডৰ মাজেৰে পাৰ হৈ গৈছে। ৰে'লৱেৰ অভিযন্তাসকলে মিজোৰামক সংযোগ কৰিবলৈ ১৪৩ খন দলং আৰু ৪৫ টা সুৰংগ নিৰ্মাণ কৰিছে। ইয়াৰে এখন দলং কুটুবমিনাৰতকৈও ওখ। আচলতে এই ভূখণ্ডত আন সকলো হিমালয় লাইনৰ দৰে ৰে'লপথটোও কাৰ্যতঃ দলং, তাৰ পিচত সুৰংগ আৰু পুনৰ দলং হিচাপে নিৰ্মাণ কৰা হয়। উত্তৰ-পূব হিমালয় তৰুণ পৰ্বতৰ (Young mountains) সমষ্টি, য'ত বৃহৎ অংশ কোমল মাটি আৰু জৈৱিক পদার্থ আছে। এনে পৰিস্থিতিত সুৰংগ আৰু দলং নিৰ্মাণৰ কাম অসাধাৰণ প্ৰত্যাহ্বানপূর্ণ আছিল। কোমল মাটিয়ে নির্মাণৰ প্রত্যাহ্বানসমূহ মোকাবিলা কৰিব নোৱৰাৰ বাবে পৰম্পৰাগত পদ্ধতিসমূহ বিফল হৈ পৰিছিল। এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আমাৰ অভিযন্তাসকলে এটা নতুন আৰু সৰল পদ্ধতি উদ্ভাৱন কৰিলে, যিটো বর্তমান হিমালয়ান সুৰংগ নিৰ্মাণ পদ্ধতি বুলি জনা যায়। এই কৌশলত প্রথমে মাটি সুস্থিৰ কৰি লোৱা হয় আৰু তাৰ পিচত সুৰংগ খনন আৰু নিৰ্মাণৰ বাবে কঠিন কৰা হয়। ইয়াৰ দ্বাৰা আমি অঞ্চলটোৰ আটাইতকৈ জটিল প্রকল্প সম্পূর্ণ কৰিবলৈ সক্ষম হ'লো। আন এটা ডাঙৰ প্ৰত্যাহ্বান আছিল অতি ভূমিকম্পপ্রবণ অঞ্চলত সুউচ্চতাত অৱস্থিত দলংসমূহৰ সুস্থিৰতা নিশ্চিত কৰা। ইয়াতো বিশেষ ডিজাইন আৰু উন্নত প্রযুক্তিৰ সহায়ত দলংসমূহ সুদৃঢ় আৰু নিৰাপদ কৰি তোলা হয়। এই ঘৰুৱা উদ্ভাৱন বিশ্বৰ এনেধৰণৰ অঞ্চলৰ বাবে এক আৰ্হি। হেজাৰ হেজাৰ অভিযন্তা, শ্রমিক আৰু স্থানীয় সমুদায় একত্রিত হৈ এই কাম সম্ভৱ কৰি তুলিছে। যেতিয়া ভাৰতে নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়, তেতিয়া ই স্মার্ট নিৰ্মাণ কৰে। ৰে'লৱেক বিকাশৰ ইঞ্জিন বুলি গণ্য কৰা হয়। ই নতুন বজাৰসমূহক ওচৰ চপাই আনে আৰু বাণিজ্যিক সুযোগ সৃষ্টি কৰে। মিজোৰামৰ জনসাধাৰণৰ বাবে নতুন ৰে'ল লাইনে তেওঁলোকৰ জীৱনৰ মান উন্নত কৰিব। মিজোৰামত ৰাজধানী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ লগে লগে আইজল আৰু দিল্লী অঞ্চলৰ মাজত যাত্ৰাৰ সময় আঠ ঘণ্টা হ্রাস পাব। নতুন এক্সপ্রেছ ৰে'লসমূহে আইজল, কলকাতা আৰু গুৱাহাটীৰ মাজৰ যাত্রাও দ্রুত আৰু সহজ কৰি তুলিব। বিশেষকৈ বাঁহ খেতি আৰু উদ্যান শস্যত নিয়োজিত কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্রীসমূহ বৃহৎ বজাৰলৈ দ্রুত আৰু কম খৰচত পৰিবহণ কৰিব পাৰিব। খাদ্য শস্য, সাৰ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ সহজ হৈ পৰিব। মিজোৰামৰ প্ৰাকৃতিক সৌন্দর্য অধিক সুলভ হোৱাৰ লগে লগে পর্যটন খণ্ডও উপকৃত হ'ব। ইয়াৰ দ্বাৰা স্থানীয় ব্যৱসায়ী আৰু যুৱক-যুৱতীসকলৰ বাবে সুযোগৰ সৃষ্টি হ'ব। এই প্রকল্পৰ জৰিয়তে ৰাইজৰ শিক্ষা, স্বাস্থ্য' সেৱা আৰু কর্মসংস্থাপনৰো উন্নত সুবিধাৰ সৃষ্টি হ'ব। মিজোৰামৰ বাবে এই সংযোগে এইবোৰৰ লগতে আৰু অধিক প্রতিশ্রুতি বহন কৰিছে। এতিয়াৰে পৰা আইজল বহু দূৰৈত যেন অনুভৱ নহ'ব।