অসমৰ জাতীয় জীৱন -

সমসাময়িক সভ্যতা আৰু সমাজ ব্যৱস্থাইহে একোগৰাকী ক্ষণজন্মা মহান ব্যক্তি অথবা মহিয়সী নাৰীৰ জন্ম দিয়ে। এনে এক পটভূমিত বিচাৰ কৰিবলৈ গলে দেখা পাওঁ যে সামন্তবাদী বা ৰাজকীয় সমাজব্যৱস্থাৰ বিশৃংখল-বেমেজালি, অত্যাচাৰ-অনাচাৰৰ গৰ্ভত সৃষ্টি হৈছিল জয়মতীৰ। অসমৰ জাতীয় জীৱনলৈ জয়মতীৰ অৱদানৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে আজিৰ পৰা প্ৰায় চাৰিশ বছৰৰ আগতে আগবঢ়াই যোৱা অৱদানৰ কথা উল্লেখ কৰিবই লাগিব।

স্বাৰ্থান্বেষী, ক্ষমতালোভী বৰফুকনৰ অত্যাচাৰে জুৰুলা কৰা জনসাধাৰণৰ মনত বিদ্ৰোহৰ জুই উমি উমি জ্বলিছিল। কোঁৱৰসকলক অংগক্ষত কৰি ৰাজ সিংহাসন নিষ্কণ্টক কৰিব খোজা ব্যৱস্থাই জনমানসত ত্ৰাসৰ সৃষ্টি কৰিছিল।

তথাপিও জনসাধাৰনে গোটবান্ধি মুক্তভাৱে বিদ্ৰোহ ঘোষণা কৰিব পৰা নাছিল। কিন্তু দৃঢ়মনা দেশপ্ৰাণা জয়মতীৰ নীৰৱ প্ৰতিবাদে জনসাধাৰণক জাগ্ৰত কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী বিপ্লৱী মনীষাৰ মানসিকতা বিশ্লেষণ কৰি আমি প্ৰধানকৈ তিনিটা কথা দেখা পাওঁ।

প্ৰথম কথা নিজকে তিলতিলকৈ শেষ কৰি জয়মতীয়ে জনসাধাৰণৰ মনত শাসনব্যৱস্থাৰ প্ৰতি বিদ্ৰোহ তীব্ৰ কৰি তুলিছিল। দ্বিতীয়তে স্বামীৰ প্ৰতি থকা অন্তহীন প্ৰেমৰ বাবেই স্বামীক গোপনে পলুৱাই পঠাইছিল। তৃতীয়তে তেওঁ বিচাৰিছিল স্বেচ্ছাচাৰী শাসনব্যৱস্থাৰ ওৰ পৰক, সমাজত শান্তি স্থাপন হওক আৰু দেশে ভবিষ্যতে লাভ কৰক এজন যোগ্য শাসক।

সামন্তবাদী শাসনত ৰজাই ৰাজনীতি, অৰ্থনীতি আৰু সমাজব্যৱস্থাৰ সৰ্বেসৰ্বা ব্যক্তি। এনে এক সামন্তবাদী পটভূমিলৈ লক্ষ্য কৰিয়েই জয়মতীক কেৱল পতিব্ৰতা সতী আখ্যা নিদি দেশপ্ৰাণ বীৰাংগণা বুলি কোৱাৰ যুক্তি নিশ্চয় আছে।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদেও কৈ গৈছে ‘এটুপি, দুটুপি তেজে তিনিটুপি দেশৰ হকে জয়াই গলে বিলাই…’। এতিয়া কথা হ’ল জয়মতীৰ আত্মত্যাগৰ ফলত অসমৰ জাতীয় জীৱনত কি প্ৰভাৱ পৰিল।

প্ৰকৃৰ্তাথত জয়মতীয়ে আত্মত্যাগ নকৰাহ’লে বৰফুকনৰ হিংসামূলক কাৰ্যৰ ধাৰাবাহিকতা চলি থাকিলহেঁতেন। গদাপাণিয়ো ৰজা নহ’লহেঁতেন। হয়তো সিংহাসনৰ বাবে সুযোগ্য কোনো কোঁৱৰ নাথাকিলহেঁতেন, হয়তো চুকাফাই গঠন কৰা বৃহত্জাতি কোন দিশলৈ গতি কৰিলেহেঁতেন তাৰ কোনো ঠিকনা নাথাকিলহেঁতেন। গতিকে জয়মতীৰ আত্মত্যাগে সমাজলৈ সুস্থিৰতা ঘূৰাই অনাৰ লগতে অসমৰ জাতীয় জীৱনৰ প্ৰতিটো দিশলৈ সুস্থিৰতা ঘূৰাই আনিলে।

তাৰ ফলশ্ৰুতিতেই সৃষ্টি হ’ল পৰৱৰ্তী সভ্যতা। সৃষ্টি হ’ল ৰূদ্ৰসিংহৰ দৰে আহোমৰ সৰ্বশ্ৰেষ্ট ৰজা। ধোদসকলেও ধোদৰ আলি বান্ধিবলৈ বাধ্য হ’ল। গতিকে জয়মতীক অসমৰ ইতিহাস সৃষ্টিকাৰী নাৰী বুলি কোৱাৰ থল আছে। আনহাতে গদাপাণি আৰু ডালিমীৰ প্ৰেমৰ মাজেদি পাহাৰ-ভৈয়ামৰ সম্বন্বয়ৰ ভেটি এটাও পৰোক্ষভাৱে জয়মতীৰ আত্মত্যাগে ৰচনা কৰি গ’ল বুলি ক’ব পাৰি।

বুৰঞ্জীৰ পুনৰাবৃত্তি হয় -

বৰ্তমান গণতান্ত্ৰিক সমাজব্যৱস্থাটোত আমি দেখিবলৈ পাওঁ বহু ল’ৰাৰজাৰ চৰিত্ৰ, লালুকসোলাৰ চৰিত্ৰ। এনে শোষক শাসকৰ বিৰুদ্ধেও বহু ত্যাগ স্বীকাৰ কৰা অথবা বিদ্ৰোহ ঘোষণা কৰা নাৰী চৰিত্ৰ আমি দেখা পাওঁ। কনকলতা, ভোগেশ্বৰী, চন্দ্ৰপ্ৰভা শইকীয়ানী দৰে নাৰীয়েও বিদ্ৰোহ ঘোষণা কৰিছিল সমাজৰ পৰিৱৰ্তনৰ বাবে, অধিকাৰ সাৱ্যস্ত কৰিবৰ বাবে।

অসমৰ সাহিত্য সংস্কৃতিৰ দিশতো জয়মতী চৰিত্ৰৰ অৱদান উল্লেখনীয়। জয়মতীৰ আদৰ্শই অনুপ্ৰাণিত কৰা বাবে বেজবৰুৱাৰ হাতত সৃষ্টি হৈছিল ‘জয়মতী’ নাটকৰ,জ্যোতিপ্ৰসাদেও লিখিছিল— “জয়াৰে কীৰিতী দেশে বিদেশে চহৰে নগৰে ফুৰিবি কৈ”।

আইদেউ সন্দিকৈৰ চৰম ত্যাগেও অসমৰ নাৰীসকলৰ বাবে সংস্কৃতিৰ এখন নতুন পথাৰ মুকলি কৰি দিছিল।

নেপোলিয়নে কৈছিল ‘মোক এগৰাকী নাৰী দিয়া মই এটা জাতি দিম’। জয়মতী এগৰাকী প্ৰকৃত নাৰী যিয়ে অসমীয়া জাতি গঠনত এক গতি দি গ’ল।

কিছুলোকে জয়মতীক কেৱল সতী আখ্যাতেই থব খোজে আৰু সমাজৰ প্ৰতিগৰাকী নাৰীক সেই কথা সোঁৱৰাই দি পুৰুষৰ আনুগত্য সকলো সময়তে মানি চলিবলৈ বাধ্য কৰায়। কিন্তু জয়মতীৰ আদৰ্শই মাথো তাকেই নকয়।

জয়মতীৰ আদৰ্শই আমাক শিকাই যে বঞ্চিত শ্ৰেণীয়ে নিজৰ অধিকাৰ সাৱ্যস্ত কৰিবলৈ, এখন সুস্থিৰ সমাজ গঢ়িবলৈ অনেক ত্যাগ স্বীকাৰ কৰিব লাগিব। তাৰ লগতে পুৰুষ আৰু নাৰীৰ পৰস্পৰৰ প্ৰতি থাকিব লাগিব প্ৰেম, শ্ৰদ্ধা আৰু সহযোগ।

লেখিকা: প্ৰীতিমা চাংমাই নেওগ

উৎস: সাহিত্য.অৰ্গ