জীৱন পৰিক্ৰমা ১৯২৭ — শিৱসাগৰৰ আমগুৰিৰ জালুকগাঁৱত ৮ জুলাইত জন্ম৷ পিতৃ — দুৰ্লভ চন্দ্ৰ শইকীয়া৷ মাতৃ — দুৰ্গেশ্বৰী শইকীয়া৷ ১৯৩০ — পিতৃৰ আকস্মিক বিয়োগ৷ ১৯৩৩ — প্ৰাথমিক শিক্ষা আৰম্ভ, ভূঞাহাত প্ৰাথমিক বিদ্যালয়, আমগুৰি শিৱসাগৰ৷ ১৯৩৮ — আমগুৰি এম. ই. বিদ্যালয়ত নামভৰ্তি৷ ১৯৪১ — জাঁজী হাইস্কুলত নামভৰ্তি৷ ১৯৪২ — ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ৷ ১৯৪৩ — স্বাধীনতা আন্দোলনত অংশ৷ গ্ৰেপ্তাৰ, চাৰিমাহ কাৰাবাস৷ ১৯৪৪ — পুনৰ গ্ৰেপ্তাৰ৷ ন-মাহ কাৰাদণ্ড৷ ১৯৪৫ — প্ৰাইভেট পৰীক্ষাৰ্থীৰূপে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যাৱয়ৰ পৰা৷ কটন কলেজত আই. এ.ত নাম ভৰ্তি৷ ১৯৪৭ — আই. এ. পৰীক্ষাত উত্তীৰ্ণ, কটনৰ স্নাতক মহলাত নামভৰ্তি৷ ১৯৫০ — ইংৰাজীত অনাৰ্চসহ বি.এ. পৰীক্ষাত উত্তীৰ্ণ আৰু আমগুৰি হাইস্কুলত কম সময়ৰ বাবে শিক্ষকতা৷ ১৯৫১ — কলকাতা বিশ্ববিদ্যালয়ত এম. এ.ত নামভৰ্তি৷ ১৯৫৪ — ইংৰাজী বিষয়ত এম. এ. উত্তীৰ্ণ আৰু গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন৷ ১৯৫৬ — দ্য আচাম ট্ৰিবিউনত উপ সম্পাদক ৰূপে যোগদান৷ ১৯৫৬, ১০ মাৰ্চ — প্ৰভা দাসৰ সতে বিবাহ৷ ১৯৫৯ — শান্তনুৰ (পুত্ৰ) জন্ম৷ ১৯৬৩ — দ্য আচাম ট্ৰিবিউন ত্যাগ আৰু অসম বাতৰিত যোগদান৷ প্ৰথমা কন্যা মৈত্ৰেয়ীৰ জন্ম৷ ১৯৬৪ — চুটি গল্প সংকলন ‘মায়ামৃগ’ প্ৰকাশ৷ ১৯৬৫ — ভাৰতীয় প্ৰতিনিধিৰূপে আমেৰিকাৰ ‘ইণ্টাৰনেশ্যনেল জাৰ্ণেলিষ্ট গ্ৰুপ’ত যোগদান; ছমাহৰ বাবে আমেৰিকা চৰকাৰৰ নিমন্ত্ৰণ৷১৯৬৬ — সম্পাদক ৰূপে ‘মণিদ্বীপ’ (মাহেকীয়া সাহিত্য আলোচনী)ত যোগদান৷ ১৯৬৭ — অসম বাতৰি ত্যাগ আৰু অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্ব গ্ৰহণ ১৯৬৮ — মাহেকীয়া সাহিত্য আলোচনী ‘অসমীয়া’ৰ সম্পাদক৷ ১৯৬৯ — উপন্যাস ‘এদিন’ প্ৰকাশ৷ ১৯৭১ — দ্বিতীয়া কন্যা জীনাৰ জন্ম৷ ১৯৭২ — উত্তৰকাল উপন্যাস প্ৰকাশ৷ ১৯৭৪ — নাচপতিফুল (চুটি গল্প সংকলন) প্ৰকাশ৷ ১৯৭৫ — অসমীয়া আলোচনী ‘প্ৰকাশ’ৰ সম্পাদক৷ ১৯৭৬ — উপন্যাস ‘জন্মান্তৰ’ প্ৰকাশ৷ মাতৃৰ বিয়োগ৷ ১৯৮৩ — জাৰ্মানীৰ বিখ্যাত ‘ফ্ৰাংকফুৰ্ট’ গ্ৰন্থমেলাত অংশগ্ৰহণ৷ ১৯৮৪ — গুৱাহাটীৰ জজ ফিল্ডত প্ৰথমখন গুৱাহাটী গ্ৰন্থমেলাৰ আয়োজন৷ ১৯৮৬ — অসম প্ৰকাশন পৰিষদৰ সচিব পদ ত্যাগ৷ ১৯৮৭ — চুটি গল্পৰ সংকলন ‘চক্ৰৱত’ প্ৰকাশ৷ ১৯৮৮ — দৈনিক কাকত ‘নতুন দৈনিক’ৰ সম্পাদক৷ ১৯৮৯ — চুটি গল্পৰ সংকলন ‘অংগীকাৰ’ প্ৰকাশ৷ ১৯৯১ — ‘মহাৰথী’ আৰু ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ৰ প্ৰথম খণ্ড প্ৰকাশ৷ ১৯৯৩ — নতুন দৈনিকৰ সম্পাদক পদ ত্যাগ আৰু মাহেকীয়া সাহিত্য আলোচনী ‘গৰিয়সী’ৰ সম্পাদক পদ গ্ৰহণ৷ ‘মহাৰথী’ৰ দ্বিতীয় খণ্ড প্ৰকাশ৷ ১৯৯৫ — ‘মহাৰথী’ৰ বাবে সাহিত্য একাডেমী বঁটা৷ সম্পাদকীয় সংকলন ‘দৃষ্টিকোণ’ আৰু ‘নিৰ্বাচিত সম্পাদকীয়’ প্ৰকাশ৷ ১৯৯৬-৯৮ — গৰিয়সীৰ বাবে ‘কথা’ বঁটা লাভ৷ ১৯৯৮ — ‘অসম বাণী’ৰ সম্পাদক৷ অসম সাহিত্য সভাৰ ৬৫ সংখ্যক হাজো অধিৱেশনৰ সভাপতি৷ ‘অসমৰ বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস’ সম্পাদনা৷ ১৯৯৯ — ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ৰ ২য় খণ্ড প্ৰকাশ৷ ২০০৬ — অন্তিম শয়ন৷ আগবঢ়ালে: কিৰণ খনিকৰ, মহীৰূহ