অঙ্কীয়া ভাওনা পুৰণি অসমীয়া সাহিত্যত অঙ্কীয়া নাটবোৰৰ ঠাই মন কৰিবলগীয়া। অসমীয়া বৈষ্ণব সাহিত্যক যদি আমি এটি স্বভাব-সম্পূর্ণ পদার্থ বুলি ধৰি লওঁ, তেনেহ'লে ভাওনা-সাহিত্যক তাৰ পৰা বাদ দিলে সি এটি বিকলাংগ পদাৰ্থৰ দৰে হ'ব। বেলেগ বেলেগ বিভাগৰ বৈষ্ণৱ সাহিত্যবোৰ চকুৰ আগত একেলগে ৰাখি পর্যবেক্ষণ কৰি চালে এনেহে লাগে যে, মহানুভর অসমীয়া ভক্ত-কবিসকলে সেই আটাইবোৰৰ ভিতৰেদি এটি অতীব মনমোহা বেলেগ বেলেগ ছোৱা প্রকাশ কৰা হৈছে। বৰগীত পুথিত গীতবোৰ কোনো এটি বিষয় ক্রম নোহোৱাকৈ খেলি-বস্তু প্ৰচাৰ কৰিছিল- শ্রীকৃষষ্ণৰ ঐশ্বৰিক চৰিত আৰু পুৰুষত্ব। পুৰণি বৈষ্ণৱ কাব্যবোৰতো শ্রীকৃষ্ণ-চৰিত্রবেই মেলি হৈ আছে। কিন্তু সেইবোৰক যদি প্রতিপাদ্য বস্তুৰ ক্রম অনুসাৰে ওলট-পালটকৈ ভাঙি বাছি উলিওৱা যায়, তেনেহ'লে তাৰ ভিতৰতো ভক্ত-বৎসল শ্রীকৃষ্ণৰ চৰিতৰ বেলেগ বেলেগ অংশ, বিশেষতঃ শিশুলীলা খণ্ড ওলাব। কীর্তন পুথিতো আমূল কৃষ্ণ-চৰিত্ৰই ওলাব। অঙ্কীয়া নাটবোৰো কৃষ্ণ-লীলা প্ৰচাৰ কৰিবৰ উদ্দেশ্যেই লিখা। ভট্টদেৱৰ সংক্ষিপ্ত কথা-ভাগৱতো সকলোৱে বুজিব পৰাকৈ গদ্যত কৃষ্ণ-চৰিত্ৰ প্ৰকাশৰে চেষ্টা। এতেকে দেখা গ'ল, পুৰণি অসমীয়া বৈষ্ণৱ সাহিত্যৰ কেৱল বিশাল উদ্যম পদ্য, গদ্য, গীত, ভাওনা সকলোৰে ভিতবেদিয়েই প্ৰচাৰ কৰা শ্ৰীকৃষ্ণৰ ভক্ত-বৎসল চৰিত্ৰত্র। শ্রীকৃষ্ণ-চৰিত্ৰকেই কেন্দ্ৰ কৰি সকলো অসমীয়া বৈষ্ণব সাহিত্য বর্তি আছে। কেৱল এটি বিষয়ত আৰম্ভ হৈও কৃষ্ণ-চৰিত্ৰ ফুটি নোলাল। চিত্র-বিদ্যাত পুৰণি অসম অইন অইন ভাৰতীয় প্রদেশবোৰৰ আগ নহ'লেও পিছত নপৰে। কেইবছৰমান আগতে অসম চৰকাৰে যেতিয়া পুৰণি পুথি গোটায়, তাৰ ভিতৰত চিত্রবিদ্যাৰ চূড়ান্ত-অভিব্যক্তি-প্রদর্শক এনে কিছুমান পুথি ওলাইছিল যে, সেইবোৰ দেখি বিদেশী পণ্ডিতসকলো মুগ্ধ হৈছে। সাঁচিপতীয়া পুথিৰ আধাডোখৰত পদ আৰু আধাডোখৰত সেই পদবোৰৰ অৰ্থব্যঞ্জক চিত্র। চৰকাৰে গোটোৱা পুথিৰ ভিতৰত 'হস্তী-বিদ্যাৰ্ণৱ' নামে পুথি এখন আছে। তাত নানা তৰহৰ হাতীৰ চিত্ৰ আছে। মহাভাৰতৰ এছোৱা সাঁচিপতীয়া ভাঙনি আছে, তাৰ আধাডোখৰত পদ, আধাডোখৰত চিত্ৰ। বৰপেটাৰ সত্ৰাধিকাৰৰ ঘৰত বনমালীদেৱৰ চৰিত এখন আছে। তাৰো প্ৰত্যেক পাতৰেই আধাডোখৰত পদার্থ-ব্যঞ্জক চিত্র। পুৰণি অসমৰ চিত্ৰ-বিদ্যাৰ বিষয়ে অনুসন্ধান কৰিলে, পুৰণি অসমীয়া সভ্যতাৰ জেউতি বঢ়োৱা বহুত তথ্য যে ওলাব, তাত কোনো সন্দেহ নাই। যি হওক এই চিত্র-নৈপুণ্য কৃষ্ণ-চৰিত্ৰ প্ৰচাৰত নিয়োজিত হৈও নহ'ল। শঙ্কৰদেৱে যেতিয়া প্রথমে চিহ্ন-যাত্রা ভাওনা কৰে, তেওঁ নিজ হাতেৰে বৈকুণ্ঠৰ পট আঁকি বাইজক দেখুৱায়। এটি ক্ষুদ্র ঘটনাৰ পৰাই চিত্র-বিদ্যাই যে কেনে বিকাশ লাভ কৰিছিল জনা যায়। এজনী বুঢ়ীয়ে শঙ্কৰদেৱৰ চিত্রিত বৈকুণ্ঠ পটত অকণমানি খুঁত উলিয়াই দিয়ে। সম্ভ্রান্ত মানুহৰ ঘৰত যে চিত্ৰ-বিদ্যাৰ চৰ্চা আছিল, ইয়াৰ পৰাই অলপ অনুমান কৰিব পাৰি। তাত বাজেও কোচবিহাৰৰ নৰনাৰায়ণ ৰজাৰ অনুৰোধত শঙ্কৰদেৱে পুৰণি পাটবাউসীৰ অন্তৰ্গত তাঁতীকুছি নামে ঠাইত ৬৩ তাঁতীৰ হতুৱাই কাপোৰ বোৱাই, কাপোৰত ফুলেৰে নিজ তত্ত্বাৱধানত বৈকুণ্ঠ-লীলা তোলাই দিছিল। বৈষার আন্দোলনত চিত্র-বিদ্যাই যে কৃষ্ণ-চৰিত্ৰক স্পর্শ কৰা নাছিল, এনে নহয়; কিন্তু গীত, কাব্য, ভাওনা আদিয়ে শ্রীকৃষ্ণ-চৰিত্ৰ আঁকোৱালি ধৰি যি পৰিণতি লাভ কৰিছে, চিত্র-বিদ্যাই সেইখিনি কৰিব নোৱাৰিলে। চিত্র-বিদ্যা ব্যয়সাধ্য, কষ্ট-সাধ্য আৰু ছপা-যন্ত্র ওলোৱাৰ আগেয়ে ইয়াৰ পৰিসৰ সম্ভ্রান্ত পৰিয়ালবোৰৰ মাজত আবদ্ধ থাকিব লগাত পৰিছিল। কিন্তু বৈষ্ণব আন্দোলনৰ স্বতঃপ্রেৰিত উদ্দেশ্যই আছিল সামাজিক সম্ভ্রম নির্বিশেষে সমগ্র জাতীয়-হৃদয়কেই স্পর্শ কৰা। এই বিৰাট জাতীয় আন্দোলনৰ পৰিচালিকা শক্তি যি কৃষ্ণ-চৰিত্ৰই বৈষ্ণৱ আদর্শ প্ৰচাৰৰ অংগ স্বৰূপে চিত্র-বিদ্যাক অৱহেলা নকৰিলেও ইয়াক প্রধান অৱলম্বন ৰূপে আশ্রয় কৰা নাছিল। এই বিষয়ত ৰাজপুতনা প্ৰদেশৰ অলপ বিশিষ্টতা দেখা যায়। তাত যেতিয়া বৈষ্ণৱ আন্দোলন জাগি উঠে, তেতিয়া তাক চিত্র-বিদ্যাৰেও প্ৰচাৰ কৰিবৰ চেষ্টা এটি চলিছিল। কিন্তু শেষ ফল প্রায় একে ধৰণৰেই হ'ল। অংকিত চিত্ৰবোৰ বৈষ্ণৱ মঠবোৰতেই আবদ্ধ থাকিল। এতিয়াহে অনুসন্ধিৎসু পণ্ডিতসকলে লোক-সমাজত সেইবোৰ প্ৰচাৰ কৰিব লাগিছে। বুৰঞ্জীৰ এইটো নির্ঘাত সত্য যে, যেতিয়া কোনো ঐশ্বৰিক পুৰুষৰ চৰিত্ৰ মহাজাতীয় উদ্বোধনৰ কেন্দ্ৰস্থ শক্তিৰূপে পৰিগৃহীত হয়, তেতিয়া গীত, কাব্য, ভাওনা, চিত্র-বিদ্যা, ভাস্কর্য, সুকুমাৰ শিল্পৰ সকলো অংগই সেই ঐশ্বৰিক পুৰুষৰ চৰিত্ৰ-মাহাত্ম্য-প্রকাশত নিয়োজিত হয়। বৌদ্ধধর্ম যেতিয়া গোটেই এছিয়া মহাদেশত বিয়পি পৰে, তেতিয়া চিত্র, কাব্য- বিশেষতঃ ভাস্কৰীবিদ্যাৰ সহায়েৰে বুদ্ধদেৱৰ চৰিত্ৰ-মাহাত্ম্য প্রকাশেই বৌদ্ধ আন্দোলনৰ পৰিচালিকা শক্তিৰূপে বিৰাজমান আছিল। ফলত, প্রস্তৰ-খোদিত বুদ্ধ-মূর্তি যিমান ওলাইছে বা আছে পৃথিৱীৰ ইতিহাসত ঐতিহাসিক বা পৌৰাণিক কোনো পুৰুষৰ সিমান মূর্তি ওলোৱা নাই। সেইদৰে য়ুৰোপৰ মধ্য-যুগত যীশুখ্ৰীষ্টৰ শিশু-লীলাই চিত্র-বিদ্যাক সমুজ্জ্বল কৰি তোলে। এক কৃষ্ণ-চৰিত্ৰকে অৱলম্বন কৰি ভাৰতীয় প্রাদেশিক ভাষাবোৰত যিমান তৰহৰ সাহিত্য আছে, বোধহয় পৃথিৱীৰ কোনো মহাপুৰুষৰ বিষয়েই তেনে সাহিত্য এটি গঠিত হোৱা নাই। এই বিশাল বৈষ্ণৱ সাহিত্যৰ এক উদ্দেশ্য কৃষ্ণ-চৰিত্ৰ জনসমাজৰ আগত সমুজ্জ্বল কৰি ধৰা। কিয়নো, ভাৰতীয় মহাজাতীয় বৈষ্ণৱ আন্দোলনত কৃষ্ণৰ শিকনিতকৈ তেওঁৰ চৰিত্ৰ বেছি ডাঙৰ উদ্বোধন-শক্তি আছিল। পুৰণি অসমীয়া বৈষ্ণৱ সাহিত্যত অঙ্কীয়া ভাওনাই অতি অপূর্ব ঠাই অধিকাৰ কৰি আছে। কীৰ্তন আদি ধর্মাত্মক কাব্যৰ ভিতৰেদি কৃষ্ণ-চৰিত ব্যক্ত কৰা হৈছে, নানা পৌৰাণিক মূলৰ পৰা সংগৃহীত হৰণ আৰু বধ-কাব্যবোৰত কৃষ্ণ-চৰিত্ৰ ব্যক্ত কৰা হৈছে। পিছৰ কালত ভট্টদেৱে গদ্য-পুথিৰে কৃষ্ণ-চৰিত্ৰ ব্যক্ত কৰিছে। কিন্তু জাতীয় উদ্বোধনৰ ভাব প্ৰচাৰ কৰাত গীত আৰু ভাওনাৰ ঠাই সকলোৰে ওপৰত। গীতৰ সহায়েৰে মানুহৰ নিৰুদ্ধ চৈতন্যক জগাই গীতকেই সেই চৈতন্য-প্রভাৱৰ উপায়-স্বৰূপ কৰি লোৱা হয়। সকলো বিষয়েই সকলো মানুহৰেই অলপ নহয় অলপ অস্পষ্ট ধাৰণা আছেই; গীত বা কবিতাৰ সহায়েৰে সেই অস্পষ্ট ধাৰণাক স্পষ্টভাৱে প্রকাশ কৰি সেই ধাৰণা-প্রকাশক ভাষা ৰূপে নিৰ্ধাৰিত কৰি দিয়া হয়। এই গীত বা কবিতাই বিশেষ জাতীয় আন্দোলনৰ বিষয়ত জনসমাজৰ সাধাৰণ ভাষা ৰূপে পৰিগৃহীত হয় আৰু আগেয়ে যিটো স্পষ্ট ধাৰণা আছিল সি গীতৰ সহায়ত ফুটি উঠি প্রাণ-চৈতন্যৰ লগত মিহলি হৈ যায়। কেইবছৰমান আগত বঙ্গদেশত যেতিয়া জাতীয় জাগৰণৰ সূত্রপাত হয়, তেতিয়া কবিবৰ দ্বিজেন্দ্ৰলাল ৰায়ৰ জাতীয় গীতবোৰে সমগ্র বঙ্গদেশকেই মুখৰিত কৰি তোলে আৰু সেই জাতীয় আন্দোলনৰ বিষয়ত সেই গীতবোৰেই জনসাধাৰণৰ ভাব-প্রকাশক উমৈহতীয়া ভাষা যেন হ'ল, এই জাতীয় ভাব সকলোৰে মনত বিস্তাৰ কৰিবলৈ তেওঁৰ ঐতিহাসিক নাটকবোৰেও কম প্রভাৱ বিস্তাৰ কৰা নাছিল। জাতীয় চৈতন্য জগাই দিবলৈ দ্বিজেন্দ্রলালৰ সংগীতে যি কাম কৰিছিল, আধ্যাত্মিক চৈতন্য জগাই তুলিবলৈ শঙ্কৰদেৱৰ গীতবোৰে তাতোকৈ বেছি কাম কৰিছিল। জাতীয় ভাবতকৈ আধ্যাত্মিক ভাবে সমাজত বেছি সোনকালে প্রবেশ লাভ কবে। জনসাধাৰণৰ প্ৰাণ অতি সোনকালে স্পর্শ কৰে বুলিয়েই যে বৈষ্ণব আন্দোলনত আধ্যাত্মিক গীতৰ প্রাচুর্য হৈছিল তাত অকণো সন্দেহ নাই। ভাওনাৰ উদ্দেশ্য প্রায় সমান হ'লেও বেছি প্রশস্ত শঙ্কৰদেবধ প্রচাৰিত আদি মূল অসমীয়া বৈষ্ণর মতত প্রতিমা-পূজাৰ বিশিষ্ট ঠাই নাই। মূর্তি-পূজাৰ লগত প্রকৃত ধৰ্মৰ সম্বন্ধ থাকক নাথাকক, ই ধর্মৰ পৰিদ্রশ্যমান ভাগ প্রকাশ কৰে। বিষয়াই আড়ম্বৰ হৈ চৈ এটি লগাই দি, ধৰ্মৰ বিষয়ত ই জনসাধাৰণৰ বাহ্যিক দৃষ্টি আকর্ষণ কৰে। প্ৰথমবাৰ তীৰ্থৰ পৰা ঘুৰি আহি শঙ্কৰদেৱে নিজেই জগন্নাথ-মূর্তি প্রতিষ্ঠা কৰাই আন আন উদ্দেশ্যৰ লগতে নতুন যুগ-প্রবর্তন সূচনা কৰে। কিন্তু মানুহৰ মন ধৰিবলৈ শঙ্কৰদেৱে প্রতিমা-পজাতকৈ আন এটি বেছি ফলদায়ক উপায় আবিষ্কাৰ কৰিলে। সেয়ে হৈছে ভাওনাৰ প্ৰচলন। প্রায় সকলো দেশতেই ভাওনাই নৱধর্ম প্রচলনৰ বাহন স্বৰূপে কাম কৰি আহিছে। পুৰণি গ্ৰীচ দেশত নাটা-সাহিত্যৰ ভিতৰেদি জাতীয় আৰু আধ্যাত্মিক আদর্শ ব্যক্ত কৰা হৈছিল। খ্রীষ্টধর্ম প্রথমে প্রচলিত হ'বলৈ ধৰাত, নাট্য-সাহিত্যই ইয়াৰ বিস্তাৰত সহায় কৰিছিল। সেই একে উদ্দেশ্যৰ বশৱতী হৈয়ে শঙ্কৰদেৱে প্রথমে নাট-সাহিত্য ৰচনা কৰে। মানুহ স্বভাৱতে আমোদ-প্রিয় আৰু ভাওনাৰ এটি সুবিধা এই যে, ৰং-ধেমালিৰ লগে লগে ই মানুহক শিক্ষা দিয়ে। পুৰণি বৈষ্ণৱ সাহিত্যত ভাওনাৰ ঠাই লোক-ৰঞ্জক, লোক-সংগ্রহ, লোক-স্থিতিত; আকৌ, ভাওনাৰে যিমান সোনকালে কোনো এটা বিষয় মানুহৰ মনত সুমুৱাই দিব পাৰি, আন একোৰে নোৱাৰি। 'তৈলবিন্দুবৎ' পানীত তেলৰ টোপাৰ দৰে নাটৰ প্ৰতিপাদ্য বিষয় বিৰাট জনসংঘত বিয়পি পৰে। অসমীয়া নাটৰ নিৰ্মাণৰ কৌশলো ইয়াৰ উদ্দেশ্যৰ অনুৰূপ। সূত্ৰধাৰেই ইয়াৰ মধ্যস্থ পুৰুষ। সূত্ৰধাৰ নামটো সংস্কৃত নাটৰ পৰা ধাৰ কৰি অনা হ'লেও ভাওনাত ইয়াৰ কাম সম্পূর্ণ স্বতন্ত্র। সংস্কৃত নাটত সূত্ৰধাৰৰ কাম আছিল কেৱল গ্রন্থকাৰৰ পৰিচয় দি কি উপলক্ষে নাটখন প্ৰৱৰ্তন কৰা হ'ল, মাথোন এইখিনি কৈ দিয়া। তাৰ পিছত সূত্ৰধাৰ ওলাই যায় আৰু নাটৰ কাম আপোনা-আপুনি আৰম্ভ হয়। অসমীয়া নাটত সূত্ৰধাৰ গুৰিৰ পৰা শেষলৈকে দোহাৰত উপস্থিত থাকে আৰু এই সূত্ৰধাৰক কেন্দ্ৰস্থ কৰিয়েই চকৰিৰ দৰে ঘূৰে। এই সূত্ৰধাৰজন নাটকৰ প্ৰতিপাদ্য বিষয় আৰু দর্শকমণ্ডলীৰ ভিতৰত মধ্যৱৰ্তী লোক। নাটৰ ঘটনাৱলীৰ সকলো সম্ভাৱিত অর্থ উদ্ধাৰ কৰি সূত্ৰধাৰে 'আহে সামাজিক লোক' বুলি দর্শকসকলক বুজাই দিয়ে। গোটেই ভাওখন জানিবা বেৰত আঁৰি থোৱা ছবিৰ মানচিত্র। সূত্ৰধাৰে সেই চিত্ৰবোৰ আঙুলিৰে বুজাই দিয়াৰ দৰে নাটৰ ঘটনা-পৰম্পৰা আৰু সেইবোৰ তাৎপর্য ৰাইজক বুজাই দিয়ে। এই সূত্ৰধাৰৰ অনুৰূপ কল্পনা পুৰণি ভাৰতীয় সাহিত্যত নাই। ইয়াক দেখা যায় মাথোন পুৰণি গ্ৰীক্ নাটৰ কোৰাছৰ কল্পনাত। গ্ৰীক্ নাটে চৰম অভিব্যক্তি লাভ কৰিছিল বুলি মুখামুখিকৈ সমজুৱাসকলক লক্ষ্য কৰি গ্ৰীক্ কোৰাছে কথা নকয়, কেৱল নাটৰ ঘটনাবোৰৰ অৰ্থ দর্শকমণ্ডলীক উপলক্ষ্য কৰি গীতৰ সহায়েৰে ব্যক্ত কৰে। অসমীয়া নাটত সূত্ৰধাৰৰ গীত আৰু সমজুৱাসকলক লক্ষ্য কৰি কোৱা গীতার্থব্যঞ্জক কথাও আছে। পুৰণি অসমীয়া নাটৰ নিৰ্মাণত দুটি খলপা পোৱা যায়। নাটত গদ্য আৰু পদ্য দুয়োটা আছে। গদ্য-কথাবোৰ একেবাৰে এৰি দিলেও কেৱল গীত আৰু পদৰ ভিতৰতেই বচন আৰু উত্তৰ স্বৰূপে নাটৰ ঘটনাৱলী পোৱা যায় আৰু গীত-পদ এৰি দিলেও কেৱল কথাৰ পৰাই গোটেই নাটখন উদ্ধাৰ কৰিব পাৰি। গদ্য-কথাবোৰ এৰি দিলে নাট হ'বই নোৱাৰে; কিন্তু কবিসকলৰ প্ৰতিভাৰ বিকাশ হৈছে গীত আৰু পদবোৰৰ ভিতৰেদি। কথাবোৰেৰে নাটৰ ঘটনা-পৰম্পৰাক সবলভাবে সমজুৱাসকলক বুজুওৱা হৈছে মাথোন। কিন্তু সাহিত্য হিচাপে নাটবোৰৰ সাকবা অংশ হৈছে গীতবোৰেই। পুৰণি অসমীয়া নাটৰ নিজ নাম হৈছে অঙ্কীয়া ভাওনা। সংস্কৃতত ভাগ নামে এবিধ নাটক আছে, তাত মাথোন একেটি অঙ্ক থাকে। অসমীয়া নাটতো গুৰিৰ পৰা আগলৈকে একেটি 'অঙ্ক' মাথোন। সংস্কৃতৰ এক অঙ্ক থকা ভাগৰ লগত আমাৰ অঙ্কীয়া ভাওনাৰ কিবা সম্বন্ধ থাকিব পাৰে। এইটোও অলপ মন কৰিবলগীয়া যে পুৰণি গ্ৰীক্ নাটবোৰতো একেটি মাথোন অঙ্ক থাকে। সূত্ৰধাৰৰ অভিনব ভাও-কল্পনাৰ লগত নাটৰ এক অঙ্কৰ এটি ডাঙৰ সম্বন্ধ আছে। আধুনিক আৰু পুৰণি নাটবোৰো বেলেগ বেলেগ অঙ্কত বিভক্ত। সূত্ৰধাৰৰ নতুন ৰূপ কল্পনাৰ পৰা অঙ্কীয়া নাটক বেলেগ বেলেগ অঙ্কত বিভাগ কৰাৰ প্ৰয়োজনীয়তা উঠি গ'ল। আধুনিক নাটৰ দুটি অঙ্কৰ মাজডোখৰত যি ঘটনা-পৰম্পৰা হয়, অঙ্কীয়া নাটত সূত্রধাবে গীত আৰু কথাৰ সহায়েৰে সমজুৱাসকলক সেই ঘটনাবলীক সংক্ষিপ্ত কৰি দিয়ে। পৰৱৰ্তী 'কথা' বুজিবলৈ সূত্ৰধাৰৰ বচনে পাতনিৰ কাম কৰে। যেনে চোৰধৰা নাটত এপিনে যেতিয়া গোৱালিনীসকলে কৃষ্ণক চোৰ ধৰি শাস্তিস্বৰূপে নাচিবলৈ দিছে, তেতিয়া আনপিনে যশোদাদেবীয়ে কৃষ্ণ হেৰাল বুলি বাটকরা মানুহবোৰক সুধি ফুৰিব লাগিছে। আধুনিক নাটত এই দুটা দৃশ্য বেলেগ বেলেগ স্বতন্ত্র দৃশ্যত দেখুওৱা হ'লহেঁতেন। কিন্তু অঙ্কীয়া নাটত সূত্ৰধাৰৰ কথাৰ সূতাৰে দুয়োটা ঘটনাক একেলগে গাঁঠি পেলোৱা হৈছে- কথা সূত্ৰধাৰ বোল: ঐছন প্ৰকাৰে শ্রীকৃষ্ণ গোপীসৱক মনোৰথ পূৰিয়ে নানাবিধ কৌতুক-নৃত্য কবিয়ে আনন্দে তথি থিক। তদনন্তৰে যশোদা আপুনি বালক ঘৰে নাহি পেখিয়ে পুত্র-স্নেহে আকুলিত হুয়া যমুনাক তীবে তীবে চায়া বেড়াইতে জৈছে পথিক জনত বাত পুছত তা দেখহ শুনহ নিৰন্তৰে হৰিবোল হৰিবোল। কথাখিনি মন দি চালে দেখা যাব, আধুনিক নাটকৰ যিখিনি ঠাইত বন্ধনী চিনৰ ভিতৰত দৃশ্য আদিৰ কথা উল্লেখ থাকে, অঙ্কীয়া নাটত সূত্ৰধাৰৰ কথাই সেই বন্ধনী চিনৰ কামো কৰে। তাৰ বাহিৰেও পৰৱৰ্তী ঘটনাৰ যি সূচনা দিয়ে, তাৰ পৰা সমজুৱাসকলৰ পক্ষে নাটৰ ঘটনা-পৰম্পৰা ধৰিবলৈ সুবিধা হয়। আজিকালিৰ দিনত দর্শকসকলৰ মাজত বিলাই দিয়া ছপোৱা কাকত কেইডুখৰিমানে এই সূচনাৰ কাম কৰে। যেতিয়া ছপা-যন্ত্র নাছিল আৰু বিশেষতঃ নাটবোৰ যেতিয়া সাধাৰণ জনসমাজক এটি আদর্শ বুজাবলৈ ৰচিত হৈছিল, সূত্ৰধাৰৰ অভিনৱ ৰূপ-কল্পনা যে কিমান সফল, সহজে অনুমান কৰিব পাৰি। মুঠ কথা, সূত্ৰধাৰৰ কথাবোৰৰ ঘটনা-ক্ৰমৰ লগৰীয়াৰ পাতনিস্বৰূপ আৰু নাটৰ ঘটনাৱলীৰ অন্ততো সূত্ৰধাৰে সমজুৱাসকলক লক্ষ্য কৰি নাটৰ অভিপ্রেত অর্থ বুজাই দিয়ে।