কাণ-খোৱা কাণ-খোৱা পুথি সকলোৰে মাজত জনাজাত। ওপৰে ওপৰে চালে ইয়াক সাধাৰণ ল'ৰা নিচুকোৱা গীত যেন লাগে আৰু বাস্তৱিকতে ইয়াক নিচুকনি গীতৰ ঠাঁচত লিখা হৈছে। কিন্তু ই বৈষ্ণৱ কবিৰ অন্তর্মুখী কল্পনাৰ মনোৰম ৰচনা। ই অতিশয় মনোমোহা, সৰল অথচ নিৰুপম কৌশলপূর্ণ। এপিনে ইয়াত শিশু-জীৱনৰ নিকপটীয়া প্ৰাণৰ প্ৰতিবিম্ব পৰিছে, আনপিনে প্রশান্ত ভক্তি-ভাব পূর্ণচন্দ্ৰৰ নিচিনাকৈ বিৰাজ কৰিছে। কাণ-খোৱা কবিতা বৈষ্ণৱ কবি শ্রীধৰ কন্দলি-বিৰচিত। এওঁ শঙ্কৰদেৱৰ সমসাময়িক আৰু তেওঁৰ প্রিয়পাত্র আছিল। কীৰ্তন-ঘোষাৰ অন্তৰ্গত 'ঘুনুচা-যাত্রা' শ্রীধৰ কন্দলিৰ ৰচিত। শঙ্কৰদেৱৰ প্রিয়জনাৰ ৰচনা বুলি 'ঘুনুচা যাত্রা'ক কীৰ্তনৰ অন্তৰ্গত কৰি লোৱা হৈছে। তাত বাজেও মহাভাৰতৰ অশ্বমেধ-পর্ব এওঁৰেই ভাঙনি। কাণ-খোৱা কবিতাটো শিশু-জীৱনৰ মনোৰম ঘটনা এটি লৈ লিখা। সকলো দেশতে সকলো সময়তে ল'ৰাক শুৱাবলৈ নিচুকনি গীত গোৱাৰ ৰীতি আছে। কান্দুৰা ল'ৰাক ভয় খুৱাবলৈ ঠাই আৰু সময়-বিশেষে বাস্তৱ বা কাল্পনিক ভয়াৱহ জীৱ-জন্তুৰ নাম লোৱা হয়। সেই অনুসাৰে যশোদাদেৱীয়ে এদিনাখন শিশু কৃষ্ণক টোপনি যোৱাবলৈ কাণ-খোৱা আহিব লাগিছে বুলি গীত জুৰিলে- ঘুমটি যায়োৰে অৰে কানাই হুৰে কাণ-খোৱা আসে। সকল শিশুবে কাণ খাই খাই আসয় তোমাৰ পাশে।। বিষয়-বস্তু এইখিনিয়েই। ভাগৱত, হৰিবংশ আদি মূল গ্রন্থত অনুরূপ কোনো ঘটনাৰ উল্লেখ নাই। সেই হিচাপে কবিতাটো নিতান্তই মৌলিক। কিন্তু বৈষ্ণৱ কবিয়ে যি নিপুণতাৰে সাধাৰণ ঘটনাত অসাধাৰণ ভাব ব্যঞ্জনা কৰিছে, সি অতি বিস্ময়কৰ। কাণ-খোৱা নাম শুনি কৃষ্ণই ভয় খালে, কিন্তু মাক ওচৰত আছে বুলি কৌতুকপূর্ণ হাঁহি এটি মাৰি মাকা ওচৰ চাপি আহি ভীতি-বিহ্বলভাবে সুধিলে- মাৱৰ বচন শুনি পাশ চাপি হাসিয়া বোলে কানাই। কেনেকুৱা গোটে কাণ খাই ফুৰে চিনোৱা হাৰলী আই।। তাৰ নাম শুনি ঘুমটি নাসয় ডৰে কাম্পে মোৰ বুক। দেখিলে লৱৰি পলাইবাক পাৰি সত্বৰে চিনোৱ মোক।। ইয়াৰ পিছতেই ভক্ত কবিৰ সমস্যা বৰ জটিল হৈ পৰিল। এপিনে শ্রীকৃষ্ণ অখণ্ড জ্ঞান-স্বরূপ পূর্ণরাখ আনপিনে অন্ততঃ লৌকিক দৃষ্টিত একান্ত মায়াবদ্ধ মানর শিশু। বালা-জীবনৰ ভয়, কাৰুণ্য, কৌতূহল সকলে তেওঁৰ প্রাণত বর্তমান। কৃষ্ণক সর্বতোভাবে জ্ঞানব স্বৰূপ ঈশ্বৰ বলি ধৰি ল'লে, কাণ-খোৱাৰ কল্পনাত কোনো অর্থই নাথাকে, অথচ নিতান্ত শিশু বুলি ধৰি ল'লেও, ল'ৰাই ভয় পালতেই কবিতাৰ উদ্দেশ্য শেষ হোবা যেন হয়। এই দুয়োটা ফালৰ সামঞ্জস্য কবিয়ে যি অতুলনীয় কৌশলেৰে কৰিছে, সি অতি নিৰুপম। পৰমাৰ্থ হিচাপে বিচাৰ কৰি চালে শ্রীকৃষ্ণ পূর্ণব্রহ্মা, অথচ মায়াত অবতীর্ণ। সেই দেখি পর্ণজ্ঞান থাকিলেও মায়াত অবরুদ্ধ বুলি তেওঁৰ মনুস্যসুলভ ভয় আছে। নির্মুক্ত পূর্ণব্রহ্ম বুলি জ্ঞানৰ বিচাৰ আছে, কিন্তু মায়াৰ গুণত ভয়ৰ সুৰ বিকম্পিত হৈ উঠে। অনাদি-স্বৰূপে জগত স্ৰজিলো চৰাচৰ ভেদ কৰি। সমস্তে জগত প্রতিপাল কৰি আত্মা-ৰূপে আছো ধৰি।। ব্রহ্মা মহেশ্বৰ আদি কৰি যত সমস্তে মোৰ স্ৰজনা। মই নাজানিলো সিটো কাণ-খোৱা স্ৰজিলেক কোনজনা।। এইদৰে বিষ্ণুৰূপী নিজৰ যিমান অৱতাৰ হৈছিল, শিশু-কৃষ্ণই সকলোকেই মনত সুঁৱৰিব ধৰিলে। তেওঁৰ নানান অৱতাৰত নানা দৈত্য-দানৱ আদিৰ লগত সংঘর্ষ হৈছে, কিন্তু কাণ-খোৱা বীৰৰ কথা কেতিয়াও শুনা নাই। সকলো অৱতাৰৰ বৃত্তান্তবোৰ এটি এটিকৈ আহি স্মৃতিৰ কৰুণ পটত পৰিল, কিন্তু কাণ-খোৱা বীৰৰ কথাতো মনত নপৰে। মায়াদেবীয়ে আকৌ আশংকা উদগাই দিলে। হলিবাম-ৰূপে লাঙ্গল ধৰিলো সম কৰি খাল-বাম। সমস্তে পৃথিবী বাই-বটি থৈলো লৈলো হৰধৰ নাম।। সিওকালে মই লাগ নাপাইলোহো আৱে মনে মনে গুণো। কাণ-খোৱা নামে বীৰগোট আছে আজি তযু মুখে শুনো।। ভাবি-চিন্তি শিশু-কৃষ্ণই একো থিৰ কৰিব নোৱাৰিলে। জানোচা কাণ-খোৱা ভুলে-চুকে ক'ৰবাত ৰৈ গ'ল। শিশুৰ মনত নৈৰাশ্য আহি দেখা দিলে। মায়াদেবীৰেই খন্তেক জয় হ'ল। অতি কৰুণ সুৰে কৃষ্ণই মাকক সুধিব ধৰিলে- আসিয়া ইবাৰ কৃষ্ণ অৱতাৰ হুয়া আছো তযু ঘৰে। কাণ-খোৱা নাম শুনি মোৰ গাৱ তৰতৰি কম্পে ডৰে।। ঘুমটিৰ ছলে নিচুকিয়া মই চকু মেলি থাকো চাই। কেনেকুৱা গোটে কাণ খাই ফুৰে চিনায়োক মোক আই।। যশোদাদেবীয়ে কৃষ্ণৰ মনত সন্দেহ, বিষাদ, আশংকা দেখি তধা লাগি চাই আছে। শেহত সন্তান-প্রেমত বিকল হৈ "মিছায়ে বুলিয়া মুখে স্তন দিয়া কৃষ্ণক সাবটি ধৰে।" কবিতা হিচাপে আগৰ অৱতাৰবোৰৰ সোঁৱৰণি অতুলনীয় সৌন্দর্য-প্রকাশক। বেলেগ বেলেগ যুগত বিষ্ণুৰ বেলেগ বেলেগ অৱতাৰবোৰৰ মাজত শিশু-কৃষ্ণৰ জীৱনৰ এক মুহূৰ্তৰ ভিতৰেদি সামঞ্জস্য স্থাপন কৰি লোৱা হৈছে। গোটেই কবিতাটোৰ ভাব ঐক্য-সূত্র হৈছে এই পদফাকি- সিও কালে মই লাগ নাপাইলোহো কাণ-খোৱা কেনেকুৱা। সকলো অৱতাৰৰেই ক্ষুদ্রাতিক্ষুদ্র সকলো ঘটনা মনত পৰে, কিন্তু- কাণ-খোৱা নামে বীৰগোট আছে নুশুনিলো সিও কালে। বৈষ্ণৱ কবিৰ ৰচনা-কৌশল কেনে চমক লগোৱা। ভক্ত কবিয়ে বিষ্ণুৰ নানান অৱতাৰৰ গুণ-গৰিমাত ভক্তিত আপ্লুত হৈ সেইবোৰ ধ্যান কৰিবৰ ছলেৰে কবিতাটো লিখিছে। কিন্তু, মানৱ হিয়াৰ স্বাভাৱিক স্নেহেৰে উপলব্ধি কৰিব পৰা নিঃসহায় বাল্য-ভাব উপাস্য দেৱতাত আৰোপ কৰি বাৎসল্য-ৰসৰ ভিতৰেদি প্ৰাণৰ একান্তিকা গভীৰ ভক্তি সেই আটাইবোৰলৈ নিৱেদন কৰিছে। সংগ্ৰহ: বাণীকান্ত ৰচনাৱলী