ড° ভূপেন হাজৰিকাৰ গীতত চাহ জনগোষ্ঠীৰ জনজীৱন অসমৰ বিহুগীতৰ দৰেই চাহ জনগোষ্ঠীৰ মাজত প্রচলিত ঝুমইৰ লোকগীতসমূহেও তেওঁলোকৰ জাতীয় জীবনৰ আশা-আকাংক্ষা, দৈনন্দিন জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন, প্রেম-বিৰহ আদি প্রকাশ কৰে। সকলোৰে মাজত জনপ্রিয় হোৱা ঝুমিইৰ নৃত্য-গীতক ড° ভূপেন হাজৰিকাই চাহ বাগিচাৰ সমাজ জীৱনৰ পৰা বুটলি আনি পোন প্ৰথমবাৰৰ বাবে অসমৰ কথাছবি জগতত স্থান দি অসমবাসী তথা ভাৰতবাসীক চিনাকি কৰি দিছিল। তেখেতে গীত ৰচনা আৰু সংগীত পৰিচালনা কৰা এৰাবাটৰ সুৰ (১৯৫৬), কেঁচা সোণ (১৯৫৯), চামেলী মেমচাহাব (১৯৭৫), মনপ্রজাপতি (১৯৭৮), চিৰাজ (১৯৮৮) আদি কথাছবিত ইয়াৰ সফল প্রয়োগ কৰা পৰিলক্ষিত হয়। ড° হাজৰিকাৰ সফল সংগীত পৰিচালনাৰে ভাৰতৰ কথাছবিৰ ইতিহাসত আলোড়নৰ সৃষ্টি কৰা আব্দুল মজিদ পৰিচালিত 'চামেলী মেমচাহাব' কথাছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ স্বর্ণকমল বঁটা আঁজুৰি আনি সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল। ড° ভূপেন হাজৰিকা দুৰন্ত তৰুণ আৰু চিৰসেউজ প্রেমিক আছিল। সেইবাবে হয়তো চাহ জনগোষ্ঠীৰ বাবে ৰচিত গীত-মাত আৰু চাহ জনজীৱনৰ পৰা বুটলি অনা লোকগীতসমূহত জুন্নু, বুধু, লচমী, ৰাধিকাহঁতৰ প্ৰেম-ভালপোৱাৰ অনুভূতি অতি তীব্রভাবে প্ৰকাশ কৰিব পাৰিছে। তদুপৰি তেখেতৰ গীতসমূহত চাহ শ্রমিক জীৱনৰ দৈনন্দিন পৰিক্ৰমা, চাহাব বাবুসকলৰ শাসন-শোষণ আৰু অত্যাচাৰ-উৎপীড়ন, ভাদ মাহৰ কৰম পৰৱ, চাহ বাগিচাত সৰু-ডাঙৰ, ধনী-দুখীয়া আৰু নিজ জাতি-কুল পাহৰি নতুনকৈ সৃষ্টি হোৱা সমাজখন আৰু তেওঁলোকৰ সংস্কৃতিৰ প্ৰতিফলন ঘটিছে। ড° হাজৰিকাই ১৯৫০ চনত গুৱাহাটীত ৰচনা কৰা ৰতনপুৰ চাহ বাগিচাৰ 'এটি কলি দুটি পাত' শীর্ষক গীতটিয়েই তেখেতক শিল্পী আৰু গীতিকাৰ হিচাপে প্রতিষ্ঠা কৰাত এক মাইলৰ খুঁটি বুলি বহু লোকে অভিহিত কৰে। প্ৰবীণ সাহিত্যিক শিৱ প্ৰসাদ বৰুৱাই তেখেতৰ গ্রন্থত প্রকাশ কৰিছে- 'সম্ভৱ ১৯৫০ চনৰ কথা। মই তেতিয়া ভূপেন হাজৰিকাৰ গান গোৱা শুনিছিলো আৰু তেওঁৰ নাম প্রায় ঠাইতে শুনা গৈছিল। মই 'বৰদৈচিলা'ত তেওঁৰ এটি গীত ছপাবৰ কাৰণে চেষ্টা কৰিছিলো। ১৯৫০ চনত তেওঁ গুৱাহাটীৰ চেনিকুঠীত এটা চাপৰ দুমহলীয়া ঘৰ ভাড়া কৰি আছিল। ভাড়া ঘৰৰ মজিয়াত তুলীৰ দলিচা পাৰি ঘৰটো সজাই-পৰাই ৰাখিছিল আৰু কেউফালে হাৰমনিয়াম, তবলা সজাই-পৰাই ৰাখিছিল। মই তেওঁৰ ঘৰলৈ গৈ উদ্দেশ্যৰ কথা ক'লো আৰু তেওঁৰ এটা গান শুনাৰ ইচ্ছা প্রকাশ কৰিলো। তেতিয়া ভূপেন হাজৰিকা ডেকা ল'ৰা। শুৱনি মুখ, চকুৰ চাৱনি মনোমোহা আৰু মোহনীয় ব্যক্তিত্ব। তেওঁ হাৰমনিয়ামখন লৈ এটি গীত 'এটি কলি দুটি পাত ৰতনপুৰ বাগিচাত' অতি সুন্দৰকৈ গালে। মই বৰ সন্তোষিত হ'লো আৰু এখন ছবি আঁকিবলৈ অনুৰোধ কৰিলো। এই গীতটো এটা সময়ত গুৱাহাটীৰ বাটে-পথে, সভাই-সমিতিয়ে বৰ জনপ্রিয় হৈছিল। সম্ভব এই গীতটোৱেই ভূপেন হাজৰিকাক এজন গীতিকাৰ হিচাপে প্রতিষ্ঠা কৰিলে।' ড° হাজৰিকাই গীত ৰচনা আৰু সংগীত পৰিচালনা কৰা চাহ জনজীৱনৰ কথা প্রকাশ পোৱা বোধ হয় প্রথমখন কথাছবি হ'ল ১৯৫৬ চনত নিৰ্মাণ কৰা 'এৰাবাটৰ সুৰ'। এই কথাছবিখনৰ 'জনকপুৰৰ জানকী' গীতটিৰ যোগেদি তেখেতে জনকপুৰৰ জানকী আৰু ৰতনপুৰৰ বুধুৰ দেহ, ৰূপ-যৌৱন আৰু দুর্দান্ত প্ৰেমৰ এক সাৰ্থক চিত্র অংকন কৰিছে- বুধুৰ গলত ৰঙা ৰুমাল/বাহুত তামৰ তাবিজ ক'লা চুলিত কত যে ভাঁজ/দেহত ৰঙীন কামিজ। আকৌ কাজল সনা চকু দুটাই হাঁহে/জানকীৰে লাহি কঁকাল বতাহতে হালে। ১৯৬০ চনত ড° হাজৰিকাই গোৱালপাৰা জিলাৰ ৰূপচী নৈৰ পাৰৰ কৃষ্ণকলি চাহ বাগিচাৰ অপৰূপ দৃশ্য চাই সৃষ্টি কৰা "ৰুম ঝুম বজাই’’ গীতটিৰ মাজেদি চাহ-বাগিচাৰ এগৰাকী ৰঙা পাৰি আৰু হালধীয়া শাড়ী আৰু ভৰিত ঝুমুৰ পৰিহিতা ভৰ যৌৱনা চাওতালী গাভৰুৰ ৰূপ-লাৱণ্য সাৱলীল ৰূপত প্ৰকাশ কৰিছে- রুম ঝুম নেপুৰ বজাই ঝুম ঝুম ঝুমকা কঁপাই ৰূপচী নৈৰ পাৰেদি কোন চাঁওতালী গাভৰু যায়। ১৯৭৫ চনত প্রখ্যাত কথাশিল্পী নিৰোদ চৌধুৰীৰ কাহিনী আৰু ড০ হাজৰিকাৰ গীত ৰচনা আৰু সংগীত পৰিচালনাৰে নিৰ্মাণ কৰা 'চামেলী মেমচাহাব' কথাছবিখনত চাহ বাগিচাৰ সমাজ জীৱনক তুলি ধৰা কেইবাটাও গীত সংযোজন কৰা হৈছে। তাৰে 'ক খ গ ঘ' গীতটিৰ যোগেদি শিক্ষা-দীক্ষাত একেবাৰে পিচপৰি থকা চাহ জনগোষ্ঠীৰ লোকসকলক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ আহ্বান জনাইছে- ক খ গ ঘ চ ছ জ ঝ দুয়ে দুয়ে চাৰি গো এ দেশেৰ স্কুল পঢ়ি গিয়ানী বনিব গো সেইদৰে 'অসম দেশৰ বাগিচাৰ ছোৱালী' গীতটিৰ যোগেদি চাহ বাগিচাৰ দৈনন্দিন মেহনতি জীৱনৰ কথা স্পষ্ট ৰূপত উপস্থাপন কৰা হৈছে এইদৰে- শিৰীষ তলে ধৰব পাহি/পাতা লম্বা পাবি বলি নাকে পিন্ধি নাক ফুলি জোৱান ভুলালি চম্পা নহয়, মোৰে নাম চামেলী "চামেলী মেমচাহাব" কথাছবিৰ মূল নায়িকা সহজ-সৰল চামেলীক প্রেম সাগৰত হাবু-ডুবু খুৱাই প্ৰতাৰণা কৰা ব্ৰিটিছ চাহাবজনক উদ্দেশ্যি "অ' বিদেশী বন্ধু” গীতটিৰে প্ৰকাশ কৰিছে- অ' বিদেশী বন্ধু! দুর্ভগীয়া! আজি কিয়নো বন্ধু! অকলশৰীয়া প্রতিধ্বনি শুনো কান্দোনৰ। আকৌ চিৰসেউজীয়াতে চামেলী দেখিলি অতি মনোমুগ্ধকৰ লিৰিকি-বিদাৰি সুগন্ধি লওঁতেই চামেলী হ'লগৈ পৰ।। সেইদৰে ১৯৭৮ চনত ড° হাজৰিকাই সংগীত পৰিচালনা কৰা 'মন প্রজাপতি' কথাছবিৰ গীতটিৰ যোগেদি অসমৰ চাহ বাগিচালৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ, ভিন্ ভিন্ ধৰ্মৰ, নানা জাতি-উপজাতি আৰু ভাষা-কৃষ্টিৰ লোক চাহ বাগিচাসমূহত উচ্চ-নীচ, ধনী-গৰিব আৰু জাতিকুল বাদ দি এখন নতুন সমাজ গঢ়ি উঠাৰ কথা অতি স্পষ্ট আৰু সাৱলীলভাৱে পৰিস্ফুট হৈছে- ধম্ ধমা ধম্ ধম্ ধমা ধম্ জীৱন মাদল বাজে আজি নতুন নতুন মানুহ নতুন ভাবে সাজে। আকৌ গিজিতা গিজাওঁ গিজিতা গিজাওঁ ৰঙা জবা ফুল আহিন মাহৰ দুর্গা পূজাৰ সময়ত চাহ বাগিচাৰ জুগনু-লচমীহঁতৰ নতুন প্রাণ সঞ্চাৰ হয়, ডেকা গাভৰুহঁতে ন সাজ পিন্ধি প্রেমত উন্মনা হৈ পৰে, সুযোগ পালে পুৰণা পিৰীতি এৰি নতুনত মজে। "আশ্বিন মাসে দুর্গা পূজা” গীতটিৰ যোগেদি চাহ জনগোষ্ঠীৰ মাজত প্রচলিত কেইবাটাও লোকগীত তুলি আনি প্রেম-ভালপোৱাৰ এখন সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিব বিচৰা হৈছে- আশ্বিন মাসে দুর্গা পূজা ঢাকেৰ কেমন গুড় গুড়ি তাৰেই মাঝে ঝিলমিল কৰে মোৰ প্ৰাণেৰ সুন্দৰী।। জনতাৰ শিল্পী ড° ভূপেন হাজৰিকাই অসম তথা উত্তৰ-পূর্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা সুপ্ত সুপ্ত প্রতিভাসমূহক বিচাৰি উলিয়াব পাৰিছিল। চাহ জনগোষ্ঠীৰ মেটমৰা টিমৰা সাংস্কৃতিক সাংব সম্ভাবক তেখেতে সদায় গুরুত্ব প্রদান কৰিছিল আৰু সুযোগ পালে তেওঁলোকৰ প্রতিভাৱান শিল্পীসকলক উৎসাহিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। এবাৰ নগাঁও জিলাৰ নেহৰুবালিত কিশলয় গোষ্ঠীয়ে আয়োজন কৰা এক বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত কলিয়াবৰৰ শিল্পী পেলনাৰ প্ৰয়াত বীৰচা ওৰাঙৰ ঝুমইৰ নৃত্য-গীত প্রদর্শনত আপ্লুত হৈ ড° ভূপেন হাজৰিকাই তেখেতক ৰাজহুৱাভাৱে ভূয়সী প্রশংসা কৰি 'ঝুমইৰ সম্রাট' আখ্যা দিছিল আৰু নিজ হাতে এখন প্রশস্তি পত্র প্রদান কৰিছিল। সেইদৰে চাহ জনগোষ্ঠীৰ অতিকৈ জনপ্ৰিয় আৰু দৰদী শিল্পী ডিব্ৰুগড়ৰ শিৱচৰণ দাসক ড° ভূপেন হাজৰিকাই পোন প্রথমবাৰৰ বাবে 'অকলশৰীয়া মই এটি ছাঁয়া' গীতটি কলিকতাৰ ষ্টুডিঅ'লৈ নি বাণীবদ্ধ কৰাৰ সুযোগ প্রদান কৰি চাহ জনগোষ্ঠীৰ নতুন প্রতিভাক উৎসাহিত কৰাৰ আন এক চানেকী দি যায়। চাহ জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানসমূহক উপজীব্য হিচাবে লৈ ড° হাজৰিকাদেৱে অসমত জনগোষ্ঠীটোক সাংস্কৃতিকভাবে প্রতিষ্ঠা হোৱাত গীত ৰচনা, সুৰ আৰু কণ্ঠদান কৰি যি অতুলনীয় অৱদান আগবঢ়ালে তাব বাবে জনগোষ্ঠীটো সুধাকণ্ঠগৰাকীৰ ওচৰত সদায়েই চিৰকৃতজ্ঞ হৈ থাকিব। এই কৃতজ্ঞতাৰ চিনস্বরূপে অসম চাহ জনজাতি সাংস্কৃতিক মঞ্চৰ হৈ সভাপতি পৃথিৱী মাঝি যুটীয়া সম্পাদকদ্বয় ৰাম চাচনী আৰু দুলাল মানকী, অন্যান্য বিষয়ব্বীয়াসকল- মহেশ্বৰ গোৱালা, চাজন নায়ক, কমলেশ্বৰ কুৰ্মী, ৰাজীৱ কৈৰী, ৰাজেশ মাহত্বই ২৪/০৫/২০১০ তাৰিখে সুধাকণ্ঠগৰাকীক চাহ গছেৰে তৈয়াৰী চাহপাত ছিঙি থকা এগৰাকী মহিলাৰ শিল্পকৃতি, সংগীতৰ "জগত ৰত্ন” উপাধি প্রদান কৰি লিখা প্রশস্তি পত্র এখন প্রদান কৰে। এই প্রশস্তি পত্ৰখন গ্রহণ কৰি সুধাকণ্ঠগৰাকীয়ে ঝুমইৰ সম্রাট দুলাল মানকীৰ গাত হাত বুলাই আশিস বাণী দি কৈছিল- 'শিল্পীয়ে সমাজ গঢ়ে, তোমালোকেহে ধৰণীৰ খনিকৰ, শান্তিৰ কপৌ উৰুৱাই থাকিবা। সংস্কৃতিক মণি-মুকুতা সমুদ্র তলিৰ পৰা উদ্ধাৰি আনি ইয়াৰ চিকিমিকনি মানৱ সমাজত বিলাই দিবলৈ যত্ন কৰা আৰু তোমালোকৰ মাজত লুকাই থকা কৌটিকলীয়া যোজনাভৰা সংস্কৃতিৰ সমলবিলাক জাৰি-জোকাৰি জগত মতি থাকা হেলা নকৰিবা। মই সদায় আছোঁ তোমালোকৰ লগত।’’ লেখক: নকুল কুৰ্মী প্ৰকাশ : সাদিন, ৭/৯/২০২৫