নিশাদূত প্ৰেমৰ দূতকাব্য স্বৰূপে কালিদাসৰ মেঘদূত জাগতিক সাহিত্যত জনাজাত আৰু পণ্ডিতসকলে মেঘদূতৰ ছায়া দেশী-বিদেশী নানান কাব্য-সাহিত্যত লক্ষ্য কৰিছে। সংস্কৃত সাহিত্যত মেঘদূতক অনুকৰণ কৰি বহুত কবিতা ৰচিত হৈছে। তাৰ ভিতৰত ধোয়ী কবিৰ পৱনদূত, ৰূপ গোস্বামীৰ হংসদূত, কৃষ্ণ সার্বভৌমৰ পদাংকদূত, মাধৱ কবীন্দ্ৰৰ উদ্ধৱদূত উল্লেখযোগ্য। দূত কবিতাৰ চলতি কিন্তু ভাৰতীয় সাহিত্যত বৈদিক যুগৰ পৰাই আছে। ঋগ্বেদৰ এটি সূক্ত প্ৰণয়ৰ দূত কবিতা হিচাপে লিখা হৈছিল বুলি আখ্যান আছে। ঋষিয়ে নিশাদেৱীক তেওঁৰ প্রণয়ৰ দূত হিচাপে পঠিয়াইছিল। শৌনকৰ বৃহদ্দেৱতা গ্রন্থত এই আখ্যানটো আছে। পুৰণি কালত দা্য ৰথৱীতি নামে এজন সকলোৰে জনাজাত বাজর্ষি আছিল। তেওঁ যজ্ঞ কৰিবলৈ মানস কৰি অত্রি ঋষিৰ ওচৰলৈ গ'ল আৰু আত্ম-পৰিচয় দি কামনা জনাই অত্রিপুত্র অর্চনানসক পুৰোহিতৰ ঠাইত বৰণ কৰিলে। অৰ্চনানসে নিজৰ ল'ৰা শ্যাবাশ্বক লগত লৈ যজ্ঞলৈ গ'ল। শ্যাবাশ্বো সাংগোপাংগ সমস্ত বেদ-বিদ্যাত সুশিক্ষিত আছিল। যজ্ঞ চলি থাকোঁতেই পুৰোহিত অর্চনানসে যশস্বিনী ৰাজকুমাৰীক দেখিলে; আৰু মনতে ভাবিলে ৰাজকুঁৱৰী যদি তেওঁৰ বোৱাৰী হ'লহেঁতেন। শ্যাবাশ্বয়ো কুঁৱৰীক দেখিলে আৰু মন কুঁৱৰীতেই লাগি ব'ল (সক্তমাসীওদা মনঃ)। শ্যাবাশ্বই ৰজাক ক'লে, "ৰাজন। মোলৈ ছোৱালী দিয়া হওক।" শ্যাবাশ্বক ছোৱালী দিবলৈ বুলি অন্তৰত ইচ্ছা কৰি ৰাণীৰ মত সুধিবলৈ গ'ল। ৰজাই ছোৱালী দিবলৈ নিজৰ ইচ্ছা আছে বুলি কৈ ৰাণীৰ মত সুধিলে আৰু ক'লে, "অত্রিপৌত্র আমাৰ পক্ষে একেবাৰে হীন জোঁৱাই নহ'ব।" আভিজাত্য-গর্বিতা ৰাণীয়ে উত্তৰ দিলে, "মোৰ ৰাজর্ষি কুলত জন্ম, মোৰ কুলৰ ৰজাসকলে বেদমন্ত্র দর্শন কৰিছিল, সেই কাৰণে যি বেদমন্ত্র দৰ্শন কৰি ঋষিপদ পোৱা নাই সি আমাৰ জোঁৱাই হ'ব নোৱাৰে। এই অত্রিকুমাৰ বেদমন্ত্র দেখোতা নহয়। মোৰ কন্যাক কোনোবা মন্ত্র দেখোতা ঋষিলৈ দিয়ক, যেন বেদমাতা হ'ব পাৰে। কিয়নো, মন্ত্র দেখোতাসকলক বেদপিতা বুলি কোৱা হয়।" ৰাণীৰ লগত এই পৰামৰ্শ কৰি ৰজাই পুৰোহিতক উত্তৰ দিলে, "বেদমন্ত্র দেখোতাত বাজে অইন কোনো আমাৰ জোঁৱাই হ'বলৈ লায়ক নহ'ব।" (অনুষির্ণৈব জামাতা কশ্চিন্তবিতুমর্হতি।) এইদৰে বিয়াৰ প্ৰস্তাৱ অগ্রাহ্য হ'লত যজ্ঞৰ শেষত পুৰোহিত উভতি গ'ল। কিন্তু শ্যাবাশ্বৰ হ'লে কুমাৰীৰ পৰা মন উভতি নাহিল (শ্যাবশ্বস্য তু কন্যায়া মনো নৈব ন্যৱৰ্ত্তত)। বাটত যাওঁতে বাপেক-পুতেকে তৰন্ত আৰু পুৰুমীলহ নামেৰে ৰাজর্ষি দুজনাক মাত লগাই গ'ল। তৰন্ত-মহিষী শশীয়সীয়ে মৰম কৰি শ্যাবাশ্বক ছাগলী, গৰু আদি ভালেমান বস্তু উপহাৰ দিলে। এইদৰে ৰাজৰ্ষিসকলৰ পৰা মান-সম্মান পাই বাপেক-পুতেক অত্ৰিৰ আশ্ৰমলৈ গ'ল আৰু মহর্ষি অত্রিক সেৱা জনালে। শ্যাবাশ্বৰ মনত বিষাদ। হাবিলৈ গৈ নিজৰ অযোগ্যতাক লক্ষ্য কৰি তেওঁ ভাবি আছে- "হায়, মই নিজে মন্ত্ৰ দেখিব নোৱাৰাৰ কাৰণেহে এনে সর্বাংগসুন্দৰী কন্যা নেপালোঁ। মই মন্ত্র দেখিবলৈ পোৱাহেঁতেন আনন্দত উপচি পৰিলোঁহেঁতেন।" এইদৰে অবণাত চিন্তা কৰি থাকোঁতে তেওঁৰ কাষত আছি অকস্মাৎ মরুৎ দেবতাসকল উপস্থিত হ'ল। দেখৌতে দেৱতাসকল তেওঁৰ সমান বয়সিয়াল, তুল্যরূপ; তেওঁলোকৰ সোণ খটোবা বুকু আৰু পকষ আকৃতি। তেওঁলোকক দেখি বিস্মিত হৈ শ্যাবাশ্বই সুধিলে, "তোমালোক কোন?" তাৰ পিছত বুজিলে যে এওঁলোক করপুত্র মঞ্চৎগণ। তেতিয়া তেওঁ 'য ঈং বহস্তে' ইত্যাদি সুক্তেৰে তেওঁলোকৰ স্তৱ কৰিলে। অতিত সন্তুষ্ট হৈ মরূৎসকলে যাবৰ সময়ত নিজ নিজ বুকুৰ পৰা সোণ খহাই শ্যাবাশ্বক দি গ'ল। এইদৰে (সদ্য-অষি) অর্থাৎ অভিনর মন্ত্র দেখোতা হৈ শ্যাবাশ্বই বথবীতিৰ কুঁৱৰীৰ কথা মনেৰে ধ্যান কৰিলে। (ৰথবীতেষু হিতৰমগঞ্জম্মনসাতদা), আৰু নিজৰ এই অভিনৱ ঋষিত্ব পদৰ কথা ৰাজর্ষি বথৱীতিক জনাবলৈ নিশাদেরীক দূত নিয়োগ কৰিলে। "এতৎ মে ড্রোমমুৰ্ম্মো দা্যায় পৰা ৱহ গিৰো দেবি ৰথীৰিৱ। উত মে বোচতাদিতি সুতসোমে বথৱীতৌ ন কামো অপবেতি মে।" ঋগ্বেদ ৫/৬/১৭-১৮ "হে নিশাদেবী, মোৰ এই স্তোত্রটো দার্জ্য বথৱীতিৰ ওচৰলৈ লৈ যোৱা আৰু মোৰ কথাৰে তেওঁক ক'বা তেওঁৰ কন্যাৰ পৰা মোৰ প্ৰণয় উলটি অহা নাই।" নিশাদেৱীয়ে বথৱীতিক দেখা নাই আৰু তেওঁ ক'ত থাকে নাজানে বুলি মনত ঠাৱৰ কৰি ঋষিয়ে ক'লে-"এষ ক্ষেতি বথৱীতির্মঘবা গোমতীৰণু পৰ্বতেষু পাশ্রিতাঃ।" ঋগ্বেদ ৫/৬১/১৯ "এখেতে হিমালয় পর্বতক আশ্ৰয় কৰি গোমতী নৈৰ তীৰত থাকে।" নিশাদেৱীৰ পৰা অভিনৱ ঋষিৰ সম্ভাষণ বাতৰি পাই ৰথৱীতিয়ে কন্যাক লগত লৈ অত্রি ঋষিৰ আশ্ৰমত উপস্থিত হ'ল, আৰু নিজৰ পৰিচয় দি অৰ্চনানসক স্তুতি কৰি ক'লে, "আপুনি আগেয়ে মোৰ লগত সম্বন্ধ কৰিব খুজিছিল; আপোনাৰ প্ৰস্তাৱ তেতিয়া গ্রহণ কৰিব নোৱাৰিলোঁ বুলি খং নকৰি ক্ষমা কৰিব। আপুনি ঋষিপুত্র, স্বয়ং ঋষি আৰু ঋষি-পিতা। এতেকে মোৰ কন্যাক বোৱাৰী স্বৰূপে গ্ৰহণ কৰক।" এইবুলি পাদ্য-অর্ঘ্য আদিবে অর্চনা কৰি এশ বগা ঘোঁৰা যৌতুক হিচাপে দান কৰি তেওঁলোকক ঘৰলৈ বিদায় দিলে। অভিনর ঋষি শ্যাবাশ্বয়ো শশীয়নী বাণী, তবন্ত আৰু পুৰুমীলহ ৰাজর্ষিক ছটা বৈদিক মন্ত্ৰেৰে স্তৱ কৰি ঘৰলৈ গ'ল। প্রণয়ৰ এই দৌত্য কবিতাত আদিম যুগৰ সকলো সৰলতা, কোমলতা, নিষ্পাপতাৰ সমাৱেশ আছে। পিছৰ কালৰ উদ্দাম বাসনা, প্রণয়িনীৰ অংগী-ভংগীৰ লোলুপ ধ্যান আদি ইয়াত নাহে। সমস্ত আখ্যানটো যেন পুৱাৰ নিয়ৰত তিতি থকা বগা শেৱালি ফুল এপাহি। বেদৰ ঋষি পদবীৰ বিষয়ে ইয়াতে অলপ কোৱা যুগুত। বেদবিদ্যাত অতি পৈণত আছিল যদিও শ্যাবাশ্বৰ প্রণয়ৰ প্ৰস্তাৱ অগ্রাহ্য হৈছিল তেওঁ ঋষি পদ নোপোৱাৰ বাবে। যিসকল মহাপুৰুষে আধ্যাত্মিক সত্য উপলব্ধি কৰি ভাষাক আশ্রয় কৰি, সেই সত্য প্ৰচাৰ কৰিছিল, তেওঁলোকক ঋষি বোলা হৈছিল। ঋষি শব্দৰ ধাতুগত অর্থ হৈছে দ্রষ্টা, দেখোঁতা। সেই কাৰণে বেদমন্ত্র ৰচোঁতা ঋষিসকলক মন্ত্রদ্রষ্টা বোলা হয়। সাধাৰণ পুথিক লক্ষ্য কৰি আমি কওঁ যে অমুকটো কবিতা অমুকৰ ৰচিত। কিন্তু, বেদৰ মন্ত্ৰৰ বিষয়ে এইদৰেহে কোৱা হয় যে অমুক মন্ত্ৰৰ দ্রষ্টা অমুক ঋষি অর্থাৎ অমুক মন্ত্রত যি তত্ত্ব বা সত্যৰ বিকাশ হৈছে সেই তত্ত্ব বা সত্য সনাতন; কিন্তু অমুক ঋষিয়ে ধ্যানত দেখি প্ৰচাৰ কৰিছে। আজিকালিৰ কথাৰ সহায়েৰে বুজিব লাগিলে বৈজ্ঞানিক আৱিষ্কাৰবোৰৰ কথা ধৰিব পাৰি। সৃষ্টিৰ আদিৰ পৰাই পৃথিৱীৰ মাধ্যাকর্ষণ শক্তি চলি আছে। এই শক্তি-তত্ত্ব প্রথমে নিউটনে জ্ঞানচকুৰে দেখি মানুহে বুজিব পৰা ভাষাত প্ৰচাৰ কৰে। বেদৰ পৰিভাষাৰে ক'ব লাগিলে এই মাধ্যাকর্ষণ তত্ত্বৰ ঋষি (দেখোঁতা আৰু প্ৰচাৰ কৰোঁতা) নিউটন। সেইদৰে সৃষ্টিৰ আদিৰ পৰা অভিব্যক্তি শক্তি চলিয়েই আছে। ডাৰরিনে এই তত্ত্বজ্ঞান চকুৰে দেখি সকলোৱে বুজিব পৰা ভাষাত প্ৰচাৰ কৰে। বিজ্ঞান জগতত অভিব্যক্তি মন্ত্ৰৰ ঋষি হৈছে ডাৰবিন্। সেইদৰে যেতিয়া কোৱা হয় যে গায়ত্রী মন্ত্ৰৰ ঋষি বিশ্বামিত্র, আমি বুজিব লাগিব যে মাধ্যাকর্ষণ তত্ত্বৰ দৰে গায়ত্ৰী-তত্ত্বও অনাদি অপৌরুষেয়; বিশ্বামিত্র ঋষিয়ে সেই তত্ত্বজ্ঞান চকুৰে দেখি লৌকিক ভাষাত প্ৰচাৰ কৰে। যিসকল মহাপুৰুষে আধ্যাত্মিক সত্য আৱিষ্কাৰ কৰি মন্ত্ৰ ৰচনা কৰিছিল তেওঁলোকক বৈদিক যুগত ঋষি বোলা হৈছিল; আৰু তেওঁলোকৰ মনো স্যীগোপাংগ বেদবিদ্যাত পৈণত অথচ ঋষি নহয়- তেনেকুৱা বিদ্বান পণ্ডিততকৈ বহুত ওপৰত। শ্যাবাশ্ব পণ্ডিত আছিল; কিন্তু ঋষিত্ব পোৱা নাছিল, সেই কাৰণে তেওঁৰ প্ৰণয় প্রস্তাব অগ্রাহ্য হৈছিল।