মামণি ৰয়ছম গোস্বামী মামণি ৰয়ছম (জন্ম:১৯৪২ – মৃত্যু:২০১১) হৈছে অসমৰৰ এগৰাকী বিশিষ্ট লেখিকা। তেওঁ অসমৰ দ্বিতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। শৈশৱকাল আৰু শিক্ষা: দক্ষিণ কামৰূপৰ আমৰঙাত জন্ম লাভ কৰা ইন্দিৰা গোস্বামীৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল গুৱাহাটীৰ ফতাশিল প্রাথমিক স্কুলত। পিতৃৰ কৰ্মসূত্রে তেওঁৰ হাইস্কুলীয়া শিক্ষা আৰম্ভ হৈছিল শ্বিলঙৰ 'পাইন মাউন্ট' স্কুলত। দেউতাক শিক্ষাধিকাৰ আছিল যদিও তেওঁলোকে অতি সাধাৰণভাৱে জীৱন যাপন কৰিছিল। সহজ-সৰল জীৱন আৰু উচ্চ শিক্ষায়ে আছিল তেওঁ শৈশৱতে দেউতাকৰ পৰা পোৱা শিক্ষা। শ্বিলঙৰ 'পাইন মাউন্ট'ত ইন্দিৰা গোস্বামীয়ে কেইবাগৰাকী ব্রিটিছ শিক্ষয়িত্ৰীৰ সান্নিধ্য লাভ কৰিছিল। তেওঁলোক আছিল মিছেছ ক'লমেন, মিছেছ পাবেল, মিছ আরেব, মিছ ড্যুৰপ, মিছ নীল, মিছ হলটিন, মিছ ছুইনি আদি। এই শিক্ষয়িত্ৰীসকলৰ পৰা তেওঁ ছবি আঁকা, সাঁতোৰা, ইংৰাজী গীত, ৰচনা লিখা আদি শিকিছিল। এইসকল শিক্ষয়িত্রীয়ে তেওঁৰ মনত মচিব নোৱৰা দাগ বহুৱাই এটা সময়ত আঁতৰি গৈছিল। শৈশৱতে বাইবেলৰ কাহিনীয়ে তেওঁক অত্যন্ত সংবেদনশীল কৰি তুলিছিল। শ্বিলঙৰ ক্রিনোলিন ফলছ, হাইদৰী পৰ্কিৰ মোলায়েম ঘাঁহনি, ঘৰৰ সন্মুখৰ শাৰী শাৰী পাইন গছ, মাজ ৰাতি সাৰ পাই বতাহত কঁপি উঠা গাইনৰ শব্দ, ঘৰৰ ওচৰৰ নাচপতি গছবোৰ এই সকলোবোৰ মনৰ জগতত বহুদিনলৈ ৰঙে-বসে তেওঁৰ মনত সজীব হৈ আছিল। কৈশোৰকাল শৈশৱৰ দুঃখবোধ আৰু হতাশাই তেওঁৰ লগত ছাঁব দবে ঘবি ফৰিছিল। স্কুল আৰু কলেজৰ পাঠ্যপুথিয়ে তেওঁক কোনোদিনে অনুপ্রেৰণা দিয়া নাছিল। ১৯৬১ চনত এদিন দুপৰীয়া গুৱাহাটী চিভিল হস্পিতালৰ পৰা তেওঁ ওলাই আহিছিল। টোপনি অহা দৰব খাই আত্মহত্যাৰ প্ৰচেষ্টা কৰা বাবে হস্পিতালত কেইবাদিনো অচেতন হৈ পৰি আছিল। এনে কাম কৰাৰ বাবে বহুতৰপৰা ককৰ্থনা আৰু অপমানজনক মন্তব্য শুনিব লগা হৈছিল। এদিন এজন জ্যোতিষীয়ে সোঁৱৰণী চাই মাকক কৈছিল, "এইজনী ছোৱালী বিয়া দিয়াতকৈ দুটুকুৰা কৰি কাটি পানীত ভহাই দিয়াই ভাল আছিল। জ্যোতিষীৰ এই কথা শুনি মাক দুখত ভাগি পৰিছিল আৰু জীয়েকৰ বিয়াৰ বাবে চিন্তান্বিত হৈছিল। মনৰ এই দুখ আৰু হতাশা আঁতৰাবলৈ তেওঁ সাহিত্য-চর্চাত মগ্ন হৈছিল। এটা সময়ত এনে হৈছিল যে একমাত্র সাহিত্যই তেওঁৰ বাবে অমৃতত পৰিণত হৈছিল আৰু সংসাৰৰ সকলো দুখৰ পৰা আঁতৰি আহি একমাত্র সাহিত্যৰ মাজতে আশ্রয় বিচাৰি পাইছিল। শ্বোইক্সপীয়েৰৰ নাটকৰাজিৰ লগতে হিউগো আৰু আলেকজেণ্ডাৰ ডুমাণ্ডৰ সাহিত্যৰাজিয়ে তেওঁক অনুপ্রাণিত কৰিছিল। জ্যোতিষীৰ কথা মতে মাকে ইন্দিৰাৰ বিয়াৰ বাবে বগলা দেৱীক বলি-বিধান দি পূজা কৰিছিল। তথাপি বহুদিনলৈ বিয়াৰ কোনো খবৰ নাহিল। ১৯৬২ চনৰ ব'হাগ মাহত এদিন মহীশুৰৰ ইঞ্জিনিয়াৰ মাধবেন ৰয়ছম আয়েঙ্গাৰৰ লগত ইন্দিৰা গোস্বামীৰ দেখাদেখি হয়। তেওঁ হিন্দুস্থান কনষ্ট্রাকশ্বন কোম্পানীৰ ইঞ্জিনিয়াৰ হৈ ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলং বান্ধিবৰ বাবে গুৱাহাটীলৈ আহিছিল। তেওঁ ইন্দিৰাৰ পিতৃগৃহৰ ওচৰতে থাকিবলৈ লৈছিল। সেই সময়ত ইন্দিৰা আছিল স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্রী। অধ্যয়নৰ লগে লগে তেওঁ সাহিত্য-চর্চাও সমানে কৰি আছিল। ইতিমধ্যে বিভিন্ন কাকত-আলোচনীত তেওঁৰ কেবাটাও গল্প প্রকাশ পাইছিল। পঢ়াৰ সময়ছোৱাৰ মাজতো মাকে তেওঁৰ বিয়াৰ বাবে অহৰহ প্ৰচেষ্টা কৰিয়েই আছিল। বৈবাহিক জীবন: মাধবেন ৰয়ছমে ইন্দিৰাৰ লগত চিনা পৰিচয় হৈছিল আৰু দূৰৰ পৰাই সকলো নিৰীক্ষণ কৰি আছিল। লাহে লাহে ইন্দিৰাৰ ব্যক্তিত্বই তেওঁক আকৰ্ষণ কৰিছিল। ১৯৬৩ চনৰ এটা বিশেষ দিনত মাধৱেন ৰয়ছমে ইন্দিৰাৰ ওচৰত বিয়াৰ প্রস্তাৱ দিলে যদিও মাকে এই প্রস্তাৱ প্রত্যাখান কৰিলে। এদিন মাকে বিয়াৰ বাবে চলোৱা অহৰহ প্ৰচেষ্টাত অতিষ্ঠ হৈ ৰাস্তালৈ ওলাই আহোঁতে তেওঁৰ চিনাকি এজন প্রেমিকে গাড়ীত উঠাই তেওঁৰ নিজৰ ঘৰলৈ ইন্দিৰাক লৈ গৈছিল। উকীল এজনৰ সন্মুখত সেইজন প্ৰেমিকৰ লগত বিবাহ পত্ৰত চহীও কৰিছিল। ইয়াৰ পিছত ঘৰলৈ উভতি আহিছিল পুনৰ সেই মানুহজনৰ ওচৰলৈ ঘুৰি যোৱাৰ প্রতিশ্রুতিৰে। মানুহজনৰ সকলো আছিল যদিও ইন্দিৰাই মানুহজনৰ ওচৰত আত্মসমর্পণ কৰিব পৰা নাছিল। কিয়নো একে সময়তে তেওঁ মাধৱেনক অত্যন্ত ভাল পাইছিল। কি অৱস্থাৰ পৰিপ্ৰেক্ষিতত তেওঁ এনেকুৱা কাম কৰিছিল পিছত তেওঁ নিজেই উপলব্ধি কৰিব পৰা নাছিল। এজনৰ স'তে যুগ্ম জীৱন কটোৱাৰ উদ্দেশ্যে বিবাহপত্ৰত চহী কৰিছে আৰু সমান্তৰালভাবে আন এজনৰ লগত অন্তৰেৰে সম্পৃক্ত হৈছে, তাকো ঘৰৰ মানুহে নজনাকৈ। এই দুঃচিন্তাই তেওঁক যথেষ্ট মনোকষ্ট দিছিল। অৱশেষত মনক বুজাব নোৱাৰি তেওঁ সেই মানুহজনৰ লগত বিবাহ বিচ্ছেদৰ পত্ৰত চহী কৰিহে মনলৈ প্ৰশান্তিৰ ভাব ঘূৰাই আনিছিল। ১৯৬৫ চনত তেওঁলোকে জগলীয়াৰ পাৰৰ সত্ৰত থাকিবলৈ লৈছিল। সেই বছৰৰে অক্টোবৰ মাহত মাধৱেন ৰয়ছম আয়েঙ্গাবৰ লগত ইন্দিৰাৰ হিন্দু নিয়মমতে বিয়া হৈছিল। অসমীয়া সাহিত্য জগতত ইন্দিৰা তেতিয়াৰ পৰা হৈ পৰিছিল মামণি ৰয়ছম গোস্বামী। 'মানুহেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে, মানুহেই মানুহক নতুন জীৱন দান দিব পাৰে। পৃথিবীত প্রেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে'-এই উপলব্ধি তেওঁৰ মাধৱেন (মাধু)ৰ সান্নিধ্যত হৈছিল। এক বুজাব নোৱৰা পৰিৱৰ্তন আহিছিল স্বামী মাধৱেনৰ সান্নিধ্যত-যিটো প্রকাশৰ কোনো ভাষা নাই বুলি তেওঁ উপলব্ধি কৰিছিল। মাধৱেনৰ লগত বিয়াৰ পিছত চাকৰি সংক্ৰান্তত মামণি ৰয়ছম গোস্বামীয়ে ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ঘুৰি ফুৰিছিল। এনেদৰে ঘুৰি ফুৰোঁতে তেওঁৰ বিভিন্ন বিচিত্র অভিজ্ঞতা হৈছিল। এই অভিজ্ঞতাবোৰৰ ভিত্তিত তেওঁ বিভিন্ন উপন্যাসৰ জন্ম দিছিল। এনেদৰে ঘুৰি ফুৰোঁতে তেওঁ এবাৰ ৰাণ মৰুভূমিৰ কোঁৱৰ বেদৰ খাওদা গাঁৱত কিছুদিন আছিল। ইয়াত থাকোঁতে তেওঁ মৰুভূমিত বাস কৰা মানুহৰ বিচিত্র মানসিক পৰিস্থিতিৰ লগত চিনাকি হৈছিল। অতি কষ্ট কৰি মাধবেনৰ সৈতে তেওঁ মৰুভূমিৰ কেম্পলৈ গৈছিল তেওঁলোকৰ জীৱনৰ লগত পৰিচিত হ'বলৈ। কেম্পৰ সৈনিকসকলে সমস্বৰে তেওঁক কৈছিল "মৰুভূমিৰ এই মিলিটেৰী কম্পবোৰলৈ অহা আপুনিয়েই প্রথম মহিলা। মৰুভূমিৰ 'এনজেল'।" ৰাজৌৰি পুঞ্চ আৰু আখনূৰৰ বিভিন্ন স্থানসমূহ মেজৰ সিংহৰ 'জোঙ্গা'ত উঠি তেওঁ আৰু মাধৱেন ঘুৰি ফুৰিছিল। এনেদবে ঘূৰি ফৰোঁতে ক্ষন্তেকৰ বাবে আন পুৰুষৰ প্ৰতি তেওঁৰ অনুৰাগ জন্মিলেও সেয়া নিমিষতে মাৰ গৈছিল। কাৰণ তেওঁ কৈছিল, "মাধুৱে মোব মস্ত মানসিক জগত অধিকাৰ কৰি বহি আছে। মোৰ বাবে তেওঁৰ হৃদয় পৃথিবীৰ আটাইতকৈ নিবাপদ স্থান। শিশুব হবে মাতৃৰ কোলা যেনে নিৰাপদ, ঠিক তেনেধৰণেই নিৰাপদ।" ১৯৬৭ চনৰ জানুৱাৰী মাহৰ কোনোবা এটা দিনত মামণি বয়ছমে পোন প্রথমবাৰৰ বাবে স্বামী মাধবেনৰ পূৰ্বপুৰুষসকলৰ বাঙ্গালোৰৰ ঘৰলৈ যাত্ৰা কৰিছিল। মাধৱেনৰ মাক-দেউতাক নাছিল। ককায়েক, বৌয়েক আটায়ে তেওঁক যথেষ্ট মৰম কৰিছিল। মাধবেনৰ জিৰণিবিহীন জীৱনটোত যেন বিশ্রামৰ কোনো অৱকাশ নাছিল। যেতিয়াই তেতিয়াই কোম্পানীৰ বিভিন্ন কামত য'লৈ ত'লৈ যাবলগীয়া হৈছিল। সেই বাট-পথবোৰ দুর্গম আছিল। এনেকুৱা দুৰ্গম বাট-পথেৰে দিনটোত কেতিয়াবা দুই তিনিবাৰ অহা-যোৱা কৰি কাম কৰিবলগীয়া হৈছিল। শ্রমিক আৰু ইঞ্জিনিয়াৰৰ মাজত মাধৱেনে কামৰ কোনো পার্থক্য ৰখা নাছিল। এনেকৈ দুর্গম পথত কাম কৰি থাকোঁতে উধামপুৰৰ এটি জীপ দুর্ঘটনাত মাধৱেনৰ আকস্মিক মৃত্যু ঘটিছিল। এই মৃত্যুৱে মামণি ৰয়ছম গোস্বামীৰ জীৱনৰ স্থিতিয়েই নিঃশ্চিহ্ন কৰি পেলালে। কৰ্মজীৱন মাধৱেন ৰয়ছমৰ মৃত্যুৰ পিছত কিছুদিন অ'ত ত'ত ঘুৰি ফুৰি মামণি বয়ছমে কিছুদিন গোৱালপাৰাৰ সৈনিক স্কুলত কাম কৰিছিল। মনত এক অদ্ভুত প্রতিক্রিয়াই অহৰহ ক্রিয়া কৰিছিল। মাধবেন থাকোঁতে যি ভেনিটি বেগত আতৰৰ সুগন্ধি বটল আছিল এতিয়া তাত এটা এটাকৈ নিদ্রাৰ বড়ি গোট খাবলৈ ধৰিলে। এনে এক মানসিক যন্ত্রণা লৈয়ে তেওঁ জীয়াই থাকিল। কোনো ধর্মগ্রন্থ তেওঁ পঢ়া নাছিল; কিন্তু দেউতাকৰ ডায়েৰী পঢ়ি তেওঁ অতিশয় অনুপ্রাণিত হৈছিল। মাধৱেনৰ মৃত্যুৰ দুখ পাহৰিবলৈ তেওঁ দেউতাকৰ ডায়েৰী প্ৰায়ে পঢ়িছিল। মাধবেনক লগ পোৱাৰ পিছত মনৰ পৰা সম্পূৰ্ণ ৰূপে আঁতৰি যোৱা আত্মহত্যাৰ ইচ্ছাই আকৌ মনৰ গোপন কক্ষত ফেঁটী সাপৰ দৰে যেন ফণা তুলিছিল। অহৰহ হৃদয়ত এক সংজ্ঞাহীন বোজা কঢ়িয়াই এনে এক অৱস্থা হৈছিল যে বহু বছৰ পাছতো কিবা এক আনন্দৰ খবৰ আহিলে তেওঁ হৃদয়ভৰা আনন্দেৰে গ্ৰহণ কৰিব পৰা নাছিল। গোৱালপাৰাৰ সৈনিক স্কুলত থাকোঁতে তেওঁ কিছুমান বিচিত্র মানুহক লগ পাইছিল। সেই মানুহবোৰে অকলশৰীয়া তিৰোতাৰ লগত সময় কটোৱাৰ সুযোগ বিচাৰি ফুৰিছিল। পুৰুষ চৰিত্ৰৰ মাজত যে নাৰী চৰিত্ৰতকৈ পশু প্রবৃত্তি সৰহ এই সম্পর্কে তেওঁৰ বদ্ধমূল ধাৰণা আছিল। অৱশ্যে জ্ঞানী গুণী পুৰুষে এই প্রকৃতিক ৰূপান্তৰ ঘটাব পাৰে। সৈনিক স্কুলৰ 'জুনিয়ৰ উইংছৰ' ইংৰাজী অধ্যাপক সিঙৰ তেওঁৰ প্ৰতি অশেষ অনুকম্পা আছিল। আনকি বৃন্দাবনলৈ যোৱাৰ পিছতো পঞ্জাৱৰ পৰা বাটকুৰি বাই তেওঁ মামণি ৰয়ছম গোস্বামীক লগ ধৰিবলৈ গৈছিল। কাশ্মীৰৰ ৰামবান্ধ ব্রীজৰ মুৰব্বী ইঞ্জিনিয়াৰ বাইকাউছ বৰ্জোৰ সতাৰাৱালাও সুদূৰ কাশ্মীৰৰ পৰা গোৱালপাৰালৈ তেওঁক লগ পাবলৈ আহিছিল। গোৱালপাৰাৰ সৈনিক স্কুলত কাম কৰি থাকোঁতে তেওঁৰ শিক্ষাগুৰু উপেন্দ্র নাথ লেখাৰুৱে গৱেষণা কৰিবৰ বাবে বৃন্দাবনলৈ আমন্ত্রণ জনাই তেওঁলৈ চিঠি দিছিল আৰু টেলিগ্রামো কৰিছিল। শিক্ষাগুৰুৰ আমন্ত্ৰণ ক্ৰমে সৈনিক স্কুলৰ চাকৰি ইস্তাফা দি তেওঁ বৃন্দাবনলৈ যাত্ৰা কৰিলে। ১৯৭০ চনৰ অক্টোবৰ মাহৰ কুৰি তাৰিখে মামণি ৰয়ছম গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এখন চিঠি পালে। দিল্লী বিশ্ববিদ্যালয়ৰ 'আধুনিক ভাৰতীয় ভাষা বিভাগ'ৰ অসমীয়া ভাষাৰ প্ৰবক্তা পদৰ ইন্টাৰভিউৰ কাৰণে তেওঁক মাতিছে। গৱেষণাৰ কাম আধৰুৱা কৰি তেওঁৰ দিল্লীলৈ যাবলৈ অলপো মন নাছিল। বৰং সুবিধা পালে সাধু-সন্ন্যাসীৰ লগত হিমালয়লৈ যোৱাৰ ইচ্ছাহে মনত পুহি ৰাখিছিল; কিন্তু লেখাৰু ছাৰে দিল্লীলৈ যাবলৈ তেওঁক অনেক বুজালে, আনকি ছাৰে নিজে তেওঁক ইন্টাৰভিউ দিবলৈ দিল্লীলৈ লৈ গ'ল। একমাত্র লেখাৰু ছাৰৰ অনুপ্ৰেৰণা আৰু সহযোগতে ইন্টাৰভিউত বহিবলৈ মামণি ৰয়ছম গোস্বামীয়ে সাহস পালে আৰু দিল্লী বিশ্ববিদ্যালয়ত প্রবক্তা পদব বাবে তেওঁ নির্বাচিত হ'ল। লেখাৰুছাৰৰ বাবে তেওঁ ১৯৭০ চনৰ ২ নবেম্বৰত দিল্লীৰ দৰে এখন বিশ্ববিদ্যালয়ত এনে সম্মান পূর্ণ এটা পদবীত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ল। এই কথা দস্তাবেজত তেওঁ বাৰম্বাৰ উল্লেখ কৰিছে। মামণি ৰয়ছম গোস্বামীৰ জীৱন মৰহা কলিৰ পৰা প্ৰাণ পাই উঠাৰ মূলতে হ'ল উপেন্দ্র নাথ লেখাৰু। তেখেতে সকলো মানবীয় গুণেৰে বিভূষিতা হ'বলৈ মামণিক প্ৰেৰণা দিছিল। মনুষ্যত্বৰ সম্মুখত সকলো গুণেই তুচ্চ। মানুহতকৈ শ্রেষ্ঠ এই সংসাৰত একো নাই। এই শিক্ষা তেওঁ লেখাৰুছাৰৰ পৰা পাইছিল। তেওঁ নিজৰ জীৱনতো এই সাধনা কৰিয়েই অতিবাহিত কৰিছিল। মামণি বয়ছম গোস্বামীৰ হৃদয়ে সদায় নিঃস্ব আৰু দুখীজনৰ প্ৰতি কান্দিছিল। নিজৰ সংঘাতময় জীৱনত অনেক দুখ-যন্ত্রণা থাকিলেও তেওঁ সদায় হাঁহিৰে জীৱন ৰঙীন কৰি তুলিব বিচাৰিছিল। ৰঙা ৰং তেওঁৰ বৰ প্ৰিয় আছিল। ৰঙা বঙৰ তীব্রতাৰে বাহিৰখন সজাই পৰাই তেওঁ অন্তৰৰ দুখ ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল। বৈধব্যক তেওঁৰ জীৱনৰ পৰা সদায়েই আঁতৰাই ৰাখিছিল। নিজৰ জীৱনৰ সকলো দুখ-যন্ত্রণা জেতুকা পাতৰ দৰে ঢাকি ৰাখি তেওঁ আনৰ হিতৰ বাবে নিজক উছর্গা কৰিছিল। মামণি ৰয়ছম গোস্বামীৰ জীৱনটো প্রতি গৰাকী নাৰীৰ বাবে আদর্শ আৰু পথ প্রদর্শকস্বৰূপ।