সাহিত্যত কৰুণ ৰস চৈতন্যৰ উদয়ৰ পৰা মৰণলৈকে মানৱ জীৱন এটা সুদীর্ঘ কাৰুণ্যৰ আৱেগ মাথোন; নাইবা গভীৰ নৈৰাশ্যব দীর্ঘ নিশ্বাস। ইচ্ছা, আকাংক্ষা, অতৃপ্ত বাসনা, হাঁহি-কান্দোন, মানসিক প্রবৃত্তি মোহৰ লগ লাগি কেৱল করুণ ধ্বনিত পৰিণত হয়। সূর্যোদয়ৰ লগে লগে মনত যি অদম্য আশাৰ সঞ্চাৰ হয়, হৃদয়ত যি শূন্যৰ লগতে মিহলি হৈ যাবৰ আবেগ হয়, সূর্যাস্তৰ সময়ত আত্ম-বিশ্লেষণ কৰি চালে সেই উদ্দাম-উৎসাহৰ শতাংশৰ এভাগো কামত পৰিণত নহয়। পুৱাৰ নৱ-বিকশিত জীৱনোচ্ছ্বাস সকলোৰে জীৱনত সন্ধিয়াৰ নৈৰাশ্যৰ দীর্ঘ-নিশ্বাস স্বৰূপে বাহিৰ হয়। জীৱনৰ এই ভীষণ নৈৰাশ্যৰ হাত সাৰিবলৈকে যোগীসকলে শূন্যত আশাৰ কণিকা বিচাৰি বিচাৰি জীৱন অতিবাহিত কৰে। জগতৰ অমৰ কাব্যবোৰ অনেক সময়ত জীৱন শ্মশানৰ হাহা-ধ্বনি, অনেক সময়ত গভীৰ নৈৰাশ্যৰ মৰ্মভেদী শ্বাস। এই নিশ্বাসেই প্রকৃত জীৱন-শ্বাস আৰু এই নিশ্বাসতেই সকলো সুকুমাৰ কলাৰ উৎপত্তি হয়। নব্য জগতৰ সুবিখ্যাত চিত্ৰকৰ ইটালী দেশীয় মাইকেল এঞ্জিলোৰ চিত্ৰবোৰ কেৱল বিষাদৰ ভিন্ন ভিন্ন অৱস্থাৰ প্রতিমূর্তি মাথোন। তেওঁৰ চিত্ৰবোৰ পঢ়ি চালে জগতত আশা, আনন্দ আদি নাই যেন লাগে। তেওঁ আঁকা ছবিত কোমল শিশুৰ হাঁহি বা হাস্যময় মুখৰ পিনে চাই থাকিও মাকৰ মুখত কেৱল ভীষণ নিৰাশাৰ ভাব এটাহে পৰিস্ফুট হয়, অথচ মাইকেল এঞ্জিলোৰ নিচিনা যশ, গৌৰৱ, ধন-সম্পদ, অক্ষুণ্ণ স্বাস্থ্য আৰু সুদীর্ঘ জীৱন অলপ মানুহৰ ভাগ্যতহে কেতিয়াবা কদাচিত ঘটে। দিব্য চকুৰে তেওঁ জগতত বিষাদত বাজে অইন একো পদার্থ বা ভাব বাস্তৱ নেদেখিলে। সংস্কৃত সাহিত্যৰ শ্লোক-ছন্দৰ জন্ম-কাহিনী সকলোৰে মনত আছে। নির্মল সূর্য কিৰণ-বিধৌত পুণ্যতোয়া তমসাৰ তীৰত মহামুনি বাল্মীকিয়ে স্নান-তর্পণাদি কৰিবলৈ গৈ নিকৰুণ ব্যাধৰ শৰত ক্রৌঞ্চ পক্ষী এটা গছৰ পৰা পৰি যোৱা দেখিলে। তেতিয়াই নিজৰ অতর্কিতভাবে ইয়াৰ আগেয়ে ভাব নোহোৱা, এনেকি মহামুনিয়ে নিজেই নজনা, শ্লোকছন্দেৰে নিজৰ কৰুণ ভাব বিস্ফুৰিত হৈ গ'ল - মা নিষাদ প্রতিষ্ঠাংত্বমগমঃ শাশ্বতীঃ সমাঃ। যৎ ক্রৌঞ্চ মিথুনাদেকমরধীঃ কামমোহিতম্।। নভবা-নিচিন্তাকৈ এই শ্লোকটো হঠাৎ উচ্চাৰণ কৰিয়েই মুনিয়ে ভাবিব ধৰিলে, "শোকার্ত্তেনাস্য শকুনেঃ কিমিদং রাহৃতং ময়া।" তেওঁ নিজে ভাবি-চিন্তি একো ঠিক কৰিব নোৱাৰি তেওঁৰ শিষ্যসকলক গৈ ক'লে। তেওঁলোকেও বিশেষ ভাবি-চিন্তি একো অর্থ বুজিব নোৱাৰি বাৰে বাৰে সেই শ্লোকটো গাবলৈ ধৰিলে। তস্য শিষ্যাস্ততঃ সর্বে জগুঃ শ্লোকমিমং পুনঃ মুহুর্মুহুঃ প্রীয়মানাঃ প্রাহুশ ভূয়ো বিস্মিতাঃ।। কিন্তু বৰ আচৰিত কথা যে যি ভাবটো তেওঁলোকে চেষ্টা কৰিও বুজিব নোৱাৰিছিল, বাৰে বাৰে গাওঁতে গাওঁতে সেই ভাবটো যেতিয়া হৃদয়ংগম হ'ল, তেতিয়া দেখিলে যে ঋষিৰ শোক গৈ এটা নতুন ছন্দত পৰিণত হৈছে: সমাক্ষবৈশ্চতুর্ভির্যৎ পাদৈর্গীতো মহর্ষিণা। সোহনুব্যাহৰণাভুয়ং শোকঃ শ্লোকত্বমাগতঃ।। অর্থাৎ ঋষিৰ শোকভাব শ্লোক ৰূপে প্রকাশ পাইছে অথবা ঋষিব শোকেই শ্লোক। দুয়ো দুটা ভিন্ন পদার্থ নহয়। অলপ বহলাই নক'লে, এইখিনি বুজা টান। মহামুনি বাল্মীকি বিষয়ক এই উপাখ্যানটোৰ নিগূঢ় অর্থ আছে। প্রথমতঃ সাহিত্য বা মহাকাব্য বা কবিতা বোলা বস্তুটো মানুহে ইচ্ছা কৰিলেই মেজ, মাচিয়া আদিৰ দৰে সাজিব নোৱাৰে। কবিতা প্রকৃত মানুহৰ হৃদয়ত আপোনা-আপুনি সৃষ্ট হয়, আৰু বাহ্য-জগতৰ বা অন্তর্জগতৰ কোনো এটা উদ্দেশ্য লৈ মহামুনি মনুবে হাঁচি মাৰোঁতে ইক্ষাকু জন্মাৰ দৰে জন্মে। দ্বিতীয় প্রসংগটো এই প্রবন্ধত বহলাব লাগিব। শ্লোকছন্দ বা শোকজনক ঘটনাৰপৰাহে উদ্ভূত হ'লে, ইটো আনন্দজনক ঘটনাৰ পৰাও সম্ভূত হ'ব পাৰিলেহেঁতেন? ছন্দঃশাস্ত্র পঢ়ি অনেক সময়ত মানুহৰ ভুল ধাৰণা হয় যে ছন্দবোৰ কেৱল বিশেষ নিয়ম অনুসাবে ভাগ কৰা অক্ষৰ সমষ্টি। কিন্তু সেইটো প্রকৃত অর্থ নহয়। সকলো ছন্দ নানা তৰহৰ ভাব তৰংগ পৰিমাপক সংগীতৰ সুৰ মাথোন। মানুহৰ শৰীৰ আৰু মনৰ আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ লগত সিহঁতৰ অতীৱ ঘনিষ্ঠ সম্বন্ধ। সেইদৰে শ্লোকছন্দও ভাব-তৰংগ-পৰিমাপক ভৰহে। কিন্তু প্রথমেই শোকৰ লগত সংশ্লিষ্ট হ'ল কিয়? শোক বস বা করুণ বসেই প্রকৃত জীৱন ৰস। পৃথিৱীত আহি পৰোঁতেই ক্রন্দন ধ্বনিৰ দ্বাৰা মানুহে নিজৰ আগমন-সম্বাদ জনায়। তর্কিত বা অতর্কিতভাৱে সমস্ত জীৱন প্রবাহৰ লগতে এই কৰুণ ৰস মিহলি হৈ থাকে। আমি যিমানেই নাহাঁহো, যিমানেই চাৰিওফালৰ আনন্দ-উৎসৱত আমাক বুৰাই ৰাখিব নোখোজোঁ, আমাৰ মগ্ন-চৈতন্যত (submerged consciousness) কৰণ প্রবাহ চলি থাকে। মগ্ন-চৈতন্যৰ এই করুণ ধ্বনি লক্ষ্য কৰিয়েই তরুণ ইংৰাজ কবি শ্যেলীয়ে কি গৈছে, Our sincerest laughter with some pain is fraught, Our sweetest songs are those that tell of saddest thought. (আমাৰ অতি মুকলি মনৰ হাঁহিতো বেদনাৰ চেক আছে, আমাৰ সুৱদি গীত সেইবোৰ যিবোৰত বিষাদব কাহিনী আছে।) এই নিখুঁত শোকৰ সুৰকে লক্ষ্য কৰি দার্শনিক কবি মেথিউ আর্নল্ডে Buried Life বা মগ্ন জীবন নামে কবিতাত কৈ গৈছে, Yet still, from time to time, vague and forlorn, From the soul's subterranean depth upborne, As from an infinitely distant land, Come airs and floating echoes and convey A melancholy into all our day. (তথাপি সময়ে সময়ে অতি দূৰণিৰ পৰা বতাহত উটি অহাৰ দৰে আমাৰ অন্তৰাত্মাৰ নিগূঢ়তম তলিৰ পৰা ৰূপহীন নিৰাশাৰে সুৰ আৰু প্ৰতিধ্বনি ওপৰলৈ উঠি আহি আমাৰ সকলো দিনৰ ওপৰতেই বিষাদৰ কালিমা ঢালি দিয়ে।) জনমৰ পৰা মৰণলৈকে জীবন যেন শোকৰ উচ্ছ্বাস, জন্মিয়েই মানুহে যেনেকৈ কান্দি উঠে, সাহিত্য বা মহাকাব্যত তেনে শোকৰ উচ্ছ্বাস মাথোন আৰু সাহিত্যতো জন্ম-মুহূর্ততে শোক সংশ্লিষ্ট শ্লোক-ছন্দেৰে গভীৰ বেদনা জনাইছে। মহামুনি বাল্মীকি জগতৰ আদিকবি আৰু মহাকাব্য ৰামায়ণো জগতৰ আদি, আৰু জগতৰ আদি কবিতা 'মা নিষাদ' ইত্যাদি পদফাকি। আৰু এই সকলো এক করুণ বসতে আবদ্ধ। এই যুক্তিবোৰ বহুতে অদ্ভুত বুলি ভাবিব পাবে। কিন্তু এই অদ্ভুতত্ত্বৰ আমাৰ যুক্তিৰ নহয়, জগতৰ সাহিত্য-ববঞ্জীতহে। প্রতীচ্য জগতৰ সাহিত্যৰ উন্মেষ হয় কবিগুক হোমাৰৰ ইলিয়াদত আৰু ইলিয়াদ মহাকাব্য একে ককণ বসতেই লিখা নহয়, এনেকি একে কৰণ বসাত্মক বিষয় লৈ লিখা। তাৰ পিছত ইউৰোপৰ সাহিত্যই মধ্যযুগৰ অন্ধকাৰত আধা মৰা হৈ থাকি নবীন যুগৰ আদিতে গভীৰ মৰ্মভেদী হৃদয়-বিদাৰক আৰ্তস্বৰেৰে ইটালীৰ মহাকবি ডাল্টেৰ Divina Comedia নামক মহাকাব্য শোকতেই থকা নাই, ধুমুহাৰ দৰে জগততে বিয়পি পৰিছে। এই ভীষণ বসতেই সাহিত্যৰ জীৱন। কেতিয়াবা উত্তাল তৰংগৰ দৰে, কেতিয়াবা কুলু-প্রবাহিনী শ্রোতৰ দৰে নানা মূর্তিৰেই সাহিত্যত প্রকাশ পায়। মুঠতে ক'বলৈ গ'লে কৰুণ ৰস সাধাৰণতঃ তিনি ৰকমে প্রকাশ পায়- ৰুদ্র বা প্রচণ্ড মূর্তিৰে, অসংযত অথচ কোমল প্রকৃতিৰে আৰু সংযত অথচ সহনীয় প্রকৃতিৰে। ইয়াৰ ভিতৰত অসংযত আৰু সংযত প্ৰকৃতিৰ বিষয় লৈহে এই প্ৰবন্ধত দুই-একাষাৰ কথা কোৱা হ'ব। প্রচণ্ড কৰুণ ৰসৰ কথা ইয়াত ক'ব নোৱাৰি। সি ইমান জটিল যে, মহতোপি মহীয়ান কবিসকলেহে তাক প্রকাশ কৰিবলৈ সমর্থ হয়। সাধাৰণতঃ নাটকতহে তাক কবিসকলে প্রকাশ কৰিবলৈ সমর্থ হয়। প্রচণ্ড কৰুণ ৰস দেখুৱাই কৃতকার্য হ'ব খোজা কবিসকলৰ দৈবশক্তি বা genius লাগে। মুঠতে প্রচণ্ড কৰুণ ৰসৰ সেই ভীষণত্বৰ কথা ইংগিতকৈ ক'ব খুজিলে ইয়াকে ক'ব পাৰি যে সংসাৰৰ ঘাত-প্রতিঘাতত ই এবাৰ মানৱ হৃদয়ত উপজিলে মানৱ জীৱন প্রমথ্যমানো গিৰিণেব ভূঃ যেন হৈ উঠে, ফেনে-ফোটোকাৰে মানৱ জীৱন ছিন্ন-বিচ্ছিন্ন হৈ যায়। সাহিত্যত অসংযতন শোকৰস কৰুণ ৰস বেলেগ বেলেগ প্ৰকৃতিৰ কবিৰ মনত বেলেগ বেলেগ শ্ৰেণীৰ কাব্যত সংযত-অসংযতভাবে প্রকাশ পায়। তাত বাজেও জাতীয় জীৱন আৰু জাতীয় সভ্যতাৰ বেলেগ বেলেগ উদ্দেশ্য অনুসাৰে সংযত-অসংযত নানা রূপ শোক ৰস সাহিত্যত প্রতিফলিত হয়। এক শ্ৰেণীৰ কবি আছে তেওঁলোকে বতাহত উৰি ফুৰাৰ দৰে ভাব-বতাহত উৰি ফুৰে। তেওঁলোকৰ মনৰ ওপৰত কোনো সংযম নাই। তেওঁলোকক ভাবে কোবাই লৈ ফুৰে। যেতিয়া যি ভাব মনত খেলায়, তেতিয়া তেওঁলোকে জগতখনকে হয় সেই ভাবময় দেখে, নাইবা সেই ভাব জগতত পূর্ণ ৰূপে বিৰাজ নকৰে বুলি বাস্তৱ জগতত কোনো আনন্দৰ প্ৰতিমূর্তি নেদেখা হয়। সংস্কৃত কানন কবিতাবোৰত (pastoral poems) কীচক বুলি এবিধ বেণুৰ উল্লেখ পোৱা যায়। গ্রীকসকলৰ কানন-কবিতাতো এই নিচিনা এবিধ বেণুৰ উল্লেখ আছে। তাক Aeolian harp বোলে। এইবোৰ ৰেণু বতাহ লাগিলে আপোনা-আপুনি বাজি উঠে। এই শ্ৰেণীৰ কবিবিলাকক সেই ৰেণুৰ লগত পূর্ণভাৱে তুলনা কৰিব পাৰি। ভাব আহিলে তেওঁলোক আপোনা-আপুনি উথলি উঠে, গাত চেতনা নাই, মনত সংযম-ধৈর্য একোৱেই নোহোৱা হয়। কাজেই শোক ৰসত আপ্লুত হ'লে আৰ্তস্বৰেৰে তেওঁলোকে অসহ্য যন্ত্রণা জনাই প্রয়াস জনাই স্বেচ্ছাবিহাৰী বতাহক সম্বোধন কৰি ক'ব লাগিছে: Oh lift me as a wave, a leaf, a cloud I fall upon the thorms of life, I bleed. A heavy weight of hours has chained and bowed one too like thee, tameless, swift and wild. (অ' বতাহ, মোকো তুলি লোৱা এটি টৌ, এটি গছৰ পাত, এটি ডাৱৰৰ দবে। জীবন-পথৰ কাঁইটৰ আঁচোৰত তেজেৰে ৰঙা হৈছোঁ। তোমাৰেই নিচিনা এদিনাখন ময়ো বান্ধ নোহোৱা, মুকলিমূৰীয়া বেগশীল আছিলোঁ। সময়ৰ হেঁচাই আজিৰ দিনত মোক লৰিব নোৱাৰাকৈ থুপুৰি কৰিছে।) লোকৰ শোক বর্ণাব লাগিলেও তেওঁলোকে শোক-প্রকাশক সকলো সংকেতকে শেষ কৰিব। তথাপি তেওঁলোকে ভাবে যেন শব্দ, সংকেত, বাহ্য জগত সকলো শোক-প্রকাশ শক্তি লগ কৰিলেও তেওঁলোকৰ হহৃদয়ৰ অসহ্য বেদনা অপ্রকাশ হৈয়েই থাকে। আৰু এজন তরুণ কবিয়ে নায়কৰ মৰণ সম্বাদত নায়িকাৰ দুখ বর্ণনা কৰিছে। যেনেঃ And she forgot the stars, the moon, the sun, And she forgot the blue above the trees. (তৰা, বেলি, জোন আটাইবোৰকেই তাই পাহৰিলে। আকৌ পাহৰিলে গছৰ ওপৰৰ পৰা বিয়পি থকা নীল-বৰণীয়া আকাশখণ্ড।) ইত্যাদি ইত্যাদি ধৰেণ আঠ-ন শাৰী কৈয়েই গৈছে। সংস্কৃত নাটবোৰত এই অসংযত করুণ বসে বানপানীৰ দৰে সকলোকে উটাই লৈ যায়। উন্মাদ, চিত্ত-বিভ্রম আদি নানা আকাৰেই সংস্কৃত নাটক সাহিত্যত প্রকাশ পায়। শকুন্তলা, উত্তৰ ৰামচৰিত, বিক্রমোর্বশীয়, মালতী-মাধৱ আদিৰ নায়কসকলৰ কম-বেছি সকলোৱে আপোন-পাহৰা হৈ বলিয়াৰ দৰে অনেক সময়ত এনে অসংযতভাবে শোক প্রকাশ কৰিছে যে কোনোবা ঠাইত তেওঁলোকলৈ সহানুভূতি নহ'বই খোজে। কিন্তু অতীতৰ জাতীয় জীৱনৰ অথবা সাহিত্য-জীৱনৰ লক্ষণ বুজিহে এইবোৰ বিচাৰ কৰিব পাৰি। ইয়াতে অইন অইন দেশৰ দৃশ্য-কাব্যতো শোক-ৰস কেনেকৈ প্রকাশ পায় তাৰ কথা সংক্ষেপে কোৱা যাওক। মহাকবি শ্বেইক্সপীয়েৰৰ নাটকবোৰতো শোকৰ অসংযত ভাবেই বেছি ভাগ প্রকাশ পায়। এজন পুত্রই শোকাকুল জননীক সান্ত্বনা দি কৈছে Patience, good lady, comfort gentle constance (ধৈর্য ধৰা আইদেউ, সান্ত্বনা লোৱা) জননীৰ অসংযত শোক-সংজ্ঞাপক উত্তৰ: No, I defy all counsel, all redress, But that which ends all counsel, true redress. Death, death: O amiable lovely death! Thou odoriferous stench, sound rottenness! Arise forth from the couch of lasting night. (নামানো উপদেশ, নেমানো কোনো প্রতিকাৰ। লাগে মাথোন মোক মৃত্যু, য'ত সকলো উপদেশ আৰু প্ৰতিকাৰৰ ওৰ পৰে। অ' ৰমণীয় কমনীয় মৰণ, তই গোন্ধময়, বাষ্পময়, পূৰ্ণ গলনৰ নৱৰূপ। উটি আহ, চিব এন্ধাৰৰ শয়নতলিৰ পৰা।) কিন্তু একে বিৰহিণী জননীৰ চিত্ৰকে গ্রীক মহাকবিসকলে একেবাৰেই ভিন্ন ৰূপে চিত্রিত কৰিছে। প্রাচীন গ্রীকসকল অতীব ধৰ্মপৰায়ণ আৰু কৰ্তব্যনিষ্ঠ আছিল। তেওঁলোকৰ মনত কৰ্তব্য আৰু ধৰ্মৰ প্রভেদ নাছিল। যি অৱস্থাৰ যি কাম তাক কৰিবলৈ চেষ্টা কৰি সফল কৰা বা সেই চেষ্টাতেই মৰাটোকে তেওঁলোকে জীৱনৰ উদ্দেশ্য বুলি ধৰি লৈছিল। কাজেই শত্রুৰ হাতত অন্যায় হত্যা খবৰ শুনি তেওঁলোকে দুআষাৰ শোকব্যঞ্জক কথাৰে অন্তৰ্বেদনা জনাই গভীৰ প্ৰশান্ত মূৰ্তিৰে কৰ্তব্য পথত আগুৱান হ’ল। জননীক সম্বোধন কৰি এজনে কৈছে- Look up. O queen looks up. O mistress-dear! Look up and see thy friends who comfort thee. (চোৱাচোন ৰাণী মাও, চোৱাচোন বাইদেউ, সান্ত্বনা দিবলৈ তোমাৰ বন্ধুসকল আহিছে।) জননীয়ে কেৱল উত্তৰ দিছে: Ah....... Ah.........Ah......... me? (অ’....... অ......... অ......... অ) সাহিত্যত সংযত কৰুণ ৰস অসংযত শোক ৰস প্রকাশ কৰোঁতে কবিসকলে অনেক সময়ত বহির্জগতকো শোকৰ প্রতিমূর্তি রূপে চিত্রিত কৰে। নায়ক-নায়িকাসকলৰ গভীৰ মানসিক অশান্তিত, প্রকৃতি দেবীয়েও বিদ্যুৎ ধুমুহা-বৰষুণতে নিজৰ অশান্তিৰ পৰিচয় দিয়ে। কিন্তু সংযত শোকৰ স্থাৱৰ প্ৰকৃতি একেবাৰেই অন্ধকাৰৰ প্ৰতিমূৰ্তি স্বরূপে কল্পিত নহয়। এইবিধ কৰুণ ৰসত পোহৰ আৰু এন্ধাৰৰ প্ৰতিমূৰ্তি লগ লগাকৈ থাকে। শোক থাকে, কিন্তু মানুহৰ ধৈৰ্যচ্যুতি নহয়। গভীৰ অশান্তি থাকে, কিন্তু মানুহে কর্তব্যনিষ্ঠা নাপাহৰে। সাধাৰণতঃ সংযত শোক কোনেও নেদেখা চকুলো আৰু অন্তর্ভেদী দীঘলীয়া হুমুনিয়াহেৰেই প্রকাশ পায়। জীৱন ৰসৰ প্রধান লক্ষ্য আনন্দৰ মূলস্বরূপ মানসিক সংযমৰ ওপৰত প্ৰতিফলিত হৈ ভীষণ মর্মদাহ স্বৰূপেই জ্বলি থাকে। এইবিধ কৰণ বস দেখুৱাওঁতেহে মহাকবিসকলে বিচিত্র কৌশল ব্যৱহাৰ কৰে। কবিৰ বিশেষ শক্তি নাথাকিলে, কৰুণ-ৰসাত্মক বিষয়েই পাঠকসকলৰ চকুলো নুলিয়ায় তেওঁলোকক ইঁহুৱাবহে। সংযত শোক প্রকাশ কৰিবলৈ ইমান টান, অথচ প্রকাশ কৰিব পাৰিলে মানুহৰ মনত ইমান লাগি যায়। সাধাৰণতঃ সংযত হৃদয় বেদনা সংযমৰ পোহৰেৰেই দেখুওৱা হয়। সংযম আৰু কাৰুণ্য একেলগে থাকিলে ইটোৱে সিটোৰ বুকুত জ্বলি ভয়াৱহ প্রকৃতি ধাৰণ কৰে। অলপ পোহৰ থাকিলেহে অন্ধকাৰ আৰু গভীৰ আৰু ভীষণ হৈ উঠে। এনে অৱস্থাব পোহৰক পোহৰ নুবুলি কেৱল অন্ধকাৰ প্ৰকাশক ভাষা বা সংকেতহে বুলিব পাৰি। গভীৰ নিশা শ্মশানৰ জুয়ে জগতৰ অন্ধকাৰ শতগুণে ঘনীভূত কৰি তোলে। মৃত্যুশয্যাৰ ওপৰত শিশুৰ কোমল হাস্য ধ্বনিয়ে সেই মুহূৰ্তৰ অন্ধকাৰক পুঞ্জীকৃত কৰিহে তোলে। আমি বাস্তৱিকে দৈনিক জীৱনত যিমানেই লক্ষ্য কৰি থাকোঁ আমাৰ ভাল পোৱা-বেয়া পোৱা সকলো মানসিক আৱেগক আমাৰ অবিৰাম, অশ্রান্ত কল্পনা-শক্তিয়ে উদগাই দিয়ে। মানুহৰ আশা যেনেকৈ অতৃপ্ত অন্তর্নিহিত অনেক সময়ত অপৰিজ্ঞেয় ভৱিষ্যৎ বাসনা লক্ষ্য কৰিহে থাকিব পাৰে, সেইদৰে মানুহৰ সৌন্দৰ্যৰ অনুসন্ধিৎসা বাস্তৱ-জ্ঞানৰ বাহিৰত থকা বস্তুৰ উদ্দেশ্যেহে, নাইবা অপূর্ণ পৰিস্ফুট আৱেগক লক্ষ্য কৰিহে নিজে নজনাকৈ নিজতে লুকাই থাকে। অপৰিস্ফুট কুসুম কলিকা লৈ কল্পনা শক্তিয়ে যিমানে খেলা কৰিব পাৰে বা আনন্দ বা নিৰ্বানন্দ পাব পাৰে, পূর্ণ বিকশিত কুসুমত সেই আনন্দ বা নিবানন্দ ভাব অকণো নাথাকে, অন্ততঃ কল্পনা শক্তিয়ে বিচাৰি নাপায়। কিয়নো ইয়াৰ ভবিষ্যৎ নাই অথবা যি আছে সি জ্ঞানগম্য। জ্ঞানৰ অগম্য সংযত শোক পৰিমাণ কৰিবলৈ গৈ কল্পনা-শক্তিয়ে অনন্ত লীলা, অনন্ত খেলা খেলিবলৈ অৱকাশ পায়। কিন্তু হৃদয়নিহিত প্রশান্ত গভীৰ বেদনা প্রকাশ কৰিবলৈ কল্পনা-শক্তিও অসমৰ্থ। সাগৰৰ পাৰত থিয় হৈ মানুহে সাগৰৰ অনন্ত প্রকৃতিব কথা ভাবি ভাবি আপোন-পাহৰাহে হ'ব পাৰে। কি ভাবিলে, কি বুজিলে, ভাষাবে প্রকাশ কৰি ক'ব নোৱাৰে। কবিব কল্পনা-শক্তিও মানৱ জীৱনৰ অনন্ত শোক পাৰাবাৰৰ তীৰত নিজেই বিহ্বল হ'বহে পাৰে আৰু আনক নিজৰ ভাবাকূল অবস্থাত পেলাবহে পাৰে। কিন্তু নিজৰ বহস্যময় ভাব আনক স্পষ্টকৈ ক'ব নোৱাৰে। দুই-এটা উদাহৰণ নিদিলে বুজিবলৈ বৰ জটিল: মহাকবি কালিদাসৰ ৰঘুবংশত সীতাৰ বনবাস সকলোৱে পঢ়িছে। সকলোৰে মনত আছে লক্ষ্মণে এবি অহাৰ পিছত সীতাই নিজৰ ভূত-ভবিষ্যৎ-বর্তমান আদি ভাবি ভাবি বাৰে বাৰে কেনেকৈ উদ্বিগ্না কুৰুৱা পক্ষীৰ নিচিনাকৈ ৰাও কাঢ়ি উঠিছিল। সেই আটাইবোৰ শ্লোক অতীব কাৰুণ্যসূচক, কিন্তু সেই আটাইবোৰৰ ভিতৰত অতীব গভীৰ প্ৰশান্ত হৃদয়-দ্রাৱক এই এটা শ্লোকৰ আধাখিনিহেঃ ভুয়ো যথা মে জননান্তৰেইপি ত্বমেব ভর্তা ন চ বিপয়োগঃ। সীতাৰ মনৰ তীব্ৰ যাতনা বুজিবলৈ আগৰ শ্লোকবোৰ নপঢ়িলেও হয়, যদিও অমৰ সৌন্দর্যেবে সেইবোৰ ভৰপূৰ। কিন্তু সেইবোৰত সেই তীব্ৰ মুহূৰ্তৰ সীতাৰ উক্তি বুলি বিশেষ কোনো চিন নাই। তেনে অৱস্থাত প্রায় সকলোৱে তেনেকৈ বিলাপ কৰিব পাৰে। অথচ বিলাপ কৰ্তাৰ মনৰ ক্ৰিয়া তেনে শোক ধ্বনিৰ পৰা অলপো কমাব নোৱাৰি। মানুহ যেতিয়া সংকুল অৱস্থাত আহি পবে তেতিয়া আশা, ভৰসা, ভাব, বাসনা, সুখ, দুখৰ স্মৃতি বা কাল্পনিক ভৱিষ্যৎ-যিবোৰ সূক্ষ্ম প্রভাব লগ লাগি জীৱন প্রবাহত পৰিণত হয়, অৱস্থাৰ বিপৰ্যয় অনুসাৰে সেই সকলো নিশাৰ সপোনৰ দৰে উৰি যায়, তেতিয়া মানুহৰ পক্ষে কেৱল দুটা বাট মুকলি হৈ থাকে। হয় তেওঁ অসহ্য তীব্র যাতনাতে মৰি যায়, নহয় সকলো দুখ-শোক হৃদয়ত বান্ধি থৈ প্রশান্তভাৱে নতুন কর্তব্য-পথত নিমগ্ন হয়। কিন্তু বুকু ভৰা শোকৰ পৰিমাণ আনে দূৰৰ কথা নিজেই ক'ব নোৱাৰে। তেতিয়া অনেক যি যি কাৰণৰ নিমিত্তে বর্তমান দুৰৱস্থা হৈছে, সেই কাৰণবোৰ নাথাকিলে কি অৱস্থা হ'লহেঁতেন, সেই দুখৰ ছবি কল্পনা কৰে, নাইবা ইহ জনমত যি নোপোৱাৰ কাৰণে জীৱন ব্যর্থ হৈ গ'ল, পৰজনমত সেই বস্তুকে পাম বুলি সুখৰ কাল্পনিক ছবি মনত আঁকি মনত সান্ত্বনা দিবৰ চেষ্টা কৰে। কিন্তু সেই কাল্পনিক সুখৰ ছবিৰ পোহৰে কেৱল বৰ্তমানৰ বাস্তৱ নিষ্ঠুৰতা শতগুণে বঢ়াই দিয়ে। বৰ্তমানৰ যন্ত্রণা অসহ্য নহয় মানে কোনেও ভবিষ্যৎ কাল্পনিক সুখৰ ছবিত আত্ম-বিস্মৃত হ'ব নোখোজে। এইবোৰ ভৱিষ্যৎ মৰীচিকাই কেৱল আৰ্চিৰ দৰেই বৰ্তমানৰ বিষম যন্ত্রণাক দেখুৱাইহে দিয়ে। সীতাৰ যে মনত কিমান বিষাদ, তাক তেওঁ নিজেই কল্পনা কৰিব নোৱাৰে, ভাষাৰে বৰ্ণাব নোৱাৰে কেবল মাত্র "পুনৰায় যেন তোমাকে পতি ৰূপে পাওঁ, কিন্তু বিৰহ যেন আৰু নাথাকে।" "বিৰহ নেথাকে" এই কথাষাৰেই তেওঁৰ মনৰ সকলো যন্ত্ৰণাৰ পৰিচয় দিছে। তেওঁৰ সকলো শোকৰ মূল বিৰহেই। বিবহবিহীন ৰামৰ সংগেই তেওঁৰ জীৱনৰ কেন্দ্ৰ। সংযত শোক সংযত ভাষাৰে অথচ গভীৰ বেদনাসূচক কৰি প্ৰকাশ কৰিবলৈ প্ৰায়ে মহাকবিসকলহে সমর্থ আৰু সচৰাচৰ সংযত শোক ভাষাৰে প্ৰকাশ কৰা নহয়। প্রকৃতপক্ষে, শব্দই সকলো বিষয়ত সম্পূর্ণ মনোভার প্রকাশ কৰিব নোৱাৰে। শব্দ জ্ঞানগম্য, ভাব হৃদয়গম্য আৰু গভীৰ ভাববোৰ অনাদি অনন্ত। সংসাৰৰ ঘাত-প্রতিঘাতত সাগৰৰ ঢৌৰ নিচিনাকৈ ই নানা ৰূপে খেলা কৰি থাকে। সেই দেখি মহাকবিসকলে দৈর-শক্তিৰ দ্বাৰা মানৱ হৃদয়ৰ তত্ত্ববোৰ জানি লৈ, সেইবোৰ শোকৰ খুন্দাত যি যি ভাব ব্যক্ত হয়, সেই সেই ভাবে প্রকাশ কৰে। অনেক সময়ত তেওঁলোকে কাল্পনিক ভৱিষ্যৎ সুখৰ পোহৰত বৰ্তমানৰ অন্ধকাৰ পেলাই দিয়ে। অনেক সময়ত অতীতৰ বাস্তৱ সুখৰ স্মৃতিয়ে বিদ্যুতৰ নিচিনাকৈ বৰ্তমান ঘনান্ধকাৰ শতগুণে ঘনীভূত কৰি দিয়ে। ভবভূতিৰ নাটক উত্তৰ ৰামচৰিতত ৰাম যেতিয়া বনবাসৰ পৰা উলটি আহিল, তেতিয়া ল'বাকালত আকৌ এবাৰ সীতাক বিয়া কৰাই প্ৰৱাসৰ পৰা অহাৰ কথা তেওঁৰ মনত পৰিল। কিন্তু অতীতৰ সেই ভৰপূৰ জীৱন বস (life pulsation) আৰু বৰ্তমান এই ভীষণ ঔদাসীন্য। মহাকবি ভৱভূতিয়ে অকণমান শ্লোক এটাবে এই কোমল কৰুণ ৰস প্রকাশ কৰিছে: জীৱৎসু তাতপাদেযু নৱে দাৰপৰিগ্রহে। মাতৃভিশ্চিন্ত্যমানানাং তে হি নো দিৱসা গতাঃ।। অতীতৰ সেই সুখৰ ছবিয়ে কেৱল তেওঁক পিতাকৰ কথা সোঁৱৰাই দিলে, বামে চকুলো সামৰিব নোৱাৰিলে। ইয়াত বাজেও অসংখ্য রূপে সংযত শোক-বস সাহিত্যত প্রকাশ পায়। সেইবোৰ পুংখানুপুংখ ৰূপে এই প্রবন্ধত বিচাৰ কৰিব নোৱাৰি। এতিয়া কৰুণ বসৰ দুটা অসাধাৰণ মূৰ্তিৰ কথা সংক্ষেপে কোৱা যাওক। আমি ওপৰত কৈ আহিছোঁ, জগতত আশাৰ কণিকা নেদেখিলে মানুহ মৰি যায়, নহয় ধৈর্য আৰু ধর্মত আশ্রয় লয়। কিন্তু অনেক সময়ত দেখা যায় যে মানুহে ধর্মও নামানে, অথচ সংসাৰৰ কোনো ভাবনাতে সান্ত্বনা নাপায়, অথচ পাগলো নহয়। তেতিয়া মানুহে কি কৰে? অনেক সময়ত সমাজৰ চকুত মহাপাপত লিপ্ত হৈ থাকিও হৃদয়ত গভীৰ বেদনা মানুহে হেঁচি ৰাখিব খোজে আৰু অনেক সময়ত বাৰুণী দেৱীৰ আশ্রয় লয়। সকলোৱে পাৰস্যৰ কবি আৰু দার্শনিক পণ্ডিত ওমৰ খায়ামৰ ৰুবায়েৎ কবিতাৰ ইংৰাজী অনুবাদ পঢ়িছে। ওপৰে ওপৰে বিশেষ মনোযোগেৰে নপঢ়িলে- মদপীৰ কবিতা যেন লাগে, যদিও মাজে মাজে দুটা এটা দার্শনিক ভাব আছে। কিন্তু সাহিত্যতো দর্শন নহয়। সাহিত্য হিচাপে ইয়াৰ মূল্য কি? সাহিত্য হিচাপে ইয়াৰ মূল্য ইয়াৰ গভীৰ শোকত। ইয়ে মহাবিজ্ঞানী পণ্ডিত এজনৰ বুকুৰ তেজেৰে লিখা। পণ্ডিতে জগতৰ তথ্য বিচাৰি বিচাৰি নাপাই জগতত কোনো শক্তিৰ ছায়াকে নেদেখিলে। হৃদয়ৰ ভীষণ অশান্তিৰ ধুমুহা অলপ সময়ৰ নিমিত্তে পাহৰিবলৈও এহাতেৰে মদৰ গিলাচ হাতত লৈ এহাতেৰে সংসাৰ বিষয়ক তেওঁৰ জ্ঞান তেওঁ জগতক জনাইছে। কবিতাটো এইভাবে লিখা হৈছে যে দার্শনিক তথ্যবোৰ কৈ থাকোঁতে মনত যেতিয়া বিস্মৃত শোকাসুৰ জাগি উঠে, তেতিয়াই মানসিক উদ্বেগ থমাবলৈ তেওঁ মদ এগিলাচ খাই লয়। তলত এফাকি কবিতা দিয়া হ'ল: Ah fill the cup, what boots it to repeat, How time is slipping under our feet? (ভৰোৱাঁ, অহ, বাটিটো ভৰোৱাঁ। কৈ থাকিলে কি হ'ব, সময় কেনেকৈ দুভৰিৰ ফাঁকেৰে সৰকি যাব লাগিছে।) কৰুণ ৰসৰ আৰু এবিধ অসাধাৰণ মূৰ্তিৰ কথা আমি উল্লেখহে কৰিব পাৰোঁ। তাক বিশ্লেষণ কৰি দেখুৱাব লাগিলে প্রবন্ধ বহু দীঘল হৈ পৰে। তাৰ কেৱল নামহে কোৱা যাব। শোকৰ সেই অসাধাৰণ মূর্তি হৈছে- হাঁহি। আদিতে হাঁহি আৰু কান্দোনৰ একো পাৰ্থক্য নাই। যি কাৰণেই আমি হাঁহো, সেই কাৰণেই আমি কান্দো। কোনো এটা পদাৰ্থৰ ভাব আমাৰ মনৰ ভাবৰ লগত নিমিলিলে যি অসামঞ্জস্য ঘটে, সেই অসামঞ্জস্য-জ্ঞান হাঁহি ৰূপে বাহিৰত পৰিস্ফুট হয়। কিন্তু সেই অসামঞ্জস্যৰ কথা ভাবি যদি তাৰ কাৰণ হৃদয়ংগম কৰি সহানুভূতি দেখুৱাবৰ ১৫ চেষ্টা কৰোঁ, তেনেহ'লে নাকান্দি নোৱাৰি। বিকলাংগ মানুহ দেখিলে সৰু ল'ৰাই হাঁহে, কিন্তু ডাঙৰ মানুহৰ কৰণাৰহে উদ্রেক হয়। ইয়াত বাজেও আত্মীয়-বিয়োগ আদি ঘটনাবোৰ যিবোৰ কৰুণ ভাবৰ লগত সংশ্লিষ্ট হয়, সেইবোৰতে যথেষ্ট হাঁহিৰ কাৰণ আছে। কিন্তু সেইবোৰ কথা ইয়াত বিশ্লেষণ কৰিব নোৱাৰি। হাঁহি-কান্দোনৰ এই ঐক্যভাব লৈয়েই মহাকবিসকলে অনেক সময়ত হাঁহিৰে ৰস প্রকাশ কৰে। হাঁহিৰে প্ৰকাশ কৰা শোক-ৰস সচৰাচৰ প্ৰচণ্ডতকৈ প্রচণ্ড। শেহত ইয়াকে কোৱা যাওক যে, হাঁহি প্রকৃত জীৱন-ৰস নহয়, অন্ততঃ আমি যি ভাবত বুজো। জীৱনৰ সীমাবদ্ধতাৰ নিমিত্তে, হৃদয়ৰ বাসনার অসীমতাৰ নিমিত্তে আৰু সংসাৰৰ বাধা-বিখিনিৰ নিমিত্তে মানর-হৃদয় সদায় উতলা অৱস্থাতেই থাকে: Infinite passion, and the pain Of finite heart that yearn. (অসীম বাসনা আৰু সসীম হিয়াৰ আকাংক্ষাৰ বেদনা।) জীৱনৰ সীমাবদ্ধতাৰ নিমিত্তে হৃদয়ৰ অসীম ভাব শূন্যত মিহলি হৈ যাব নোৱাৰিলেই যুগে যুগে হৃদয়ৰ গভীৰ বেদনা মহাকাব্যবিলাকৰ ভিতৰেদি আৰ্তৰাও কৰি উথলি উঠে- Again- Thou hearest Eternal passion, Eternal pain, (আর্নল্ড) (আকৌ শুনিছা: অনন্ত বাসনা, অনন্ত বেদনা) সংগ্ৰহ : বাণীকান্ত ৰচনাৱলী