সৌন্দৰ্যৰ প্ৰতাৰণা সাহিত্যত সৌন্দর্য-লিপ্সা নানানভাবে প্রকাশ পায়। যিসকলৰ মনত সৌন্দর্য কেৱল জগত জুৰি থকা অতীন্দ্রিয় সত্তা, তেওঁলোকৰ প্ৰতি সুন্দৰী তিৰোতা কেৱল আদর্শ সৌন্দৰ্যৰ প্রতীক মাথোন। সেই আদৰ্শৰ উচ্চতা অনুসাৰে কবি বা চিত্ৰকৰসকলৰ সৌন্দৰ্য-বুভুক্ষা বিৰাট বিশ্ব-সপোনত পৰিণত হয়। সাহিত্যত তাৰ উদাহৰণ ডাল্টে-বিয়েট্ৰীছৰ প্রীতি। চিত্রবিদ্যাত তাৰ উদাহৰণ ৰাফেলৰ বিশ্বকৰণামণ্ডিত মাতৃমূর্তি। কিন্তু সৌন্দর্য বুভুক্ষা যেতিয়া ইন্দ্ৰিয়-সেৱাৰ নামান্তৰ মাথোন, তেতিয়াই দানহ মূর্তি ধাৰণ কৰি মনত বিভীষিকাপূর্ণ ধুমুহা মেলি দি আদর্শ আৰু আকাংক্ষাৰ পুলি-পোখা মষিমূৰ কৰে; নাইবা সাধুকথাৰ তেজপিয়া সাপৰ দৰে চকুৰ দৃষ্টিৰেই অতর্কিতভাবে শক্তি, উদ্যম, আদর্শ সকলোৰে হ্রাস জন্মায়। সৌন্দৰ্য-বুভুক্ষাৰ ধুমুহাৰ পৰিণতিৰ উদাহৰণ এন্টনি-ক্লিওপেট্রাৰ আখ্যান সকলো বুৰঞ্জী পঢ়োতাৰ জনাজাত। কিন্তু সৌন্দৰ্যৰ ধাউতিয়ে কেনেকৈ মায়াবিনীৰ নাগপাশত মেৰ খাই মনুষ্যত্ব ক্ষীণ কৰি সকলো শক্তি আৰু আদর্শ অপহৰণ কৰে তাৰ কৰুণ ছবি এটি তলত দিয়া হ'ল। খ্রীষ্টীয় পঞ্চদশ শতিকাত ইটালী দেশত যেতিয়া চিত্রবিদ্যাৰ চৰম উৎকৰ্ষৰ যুগ আৰম্ভ হয়, যেতিয়া মাইকেল এগুলো, বাফেল, লিওনার্ডো আদি বিশ্ব-বিশ্রুত চিত্ৰকৰসকলে কবিৰ বিশ্ব-সপোনক দৃশ্য মূর্তি দিবলৈ আৰম্ভ কৰে, তেতিয়া এজন দুখীয়া দৰ্জীৰ ঘৰত ১৪৮৬ খ্রীষ্টীয় শকত এটি ল'ৰা ওপজে। ল'ৰাটিৰ নাম এন্ড্রিয়া। দুখীয়া বাপেকে সাত বছৰ বয়সলৈ ল'ৰাটিক সামান্য লিখা-পঢ়া শিকাই সোণাৰি এজনৰ লগত সোণাৰিৰ কাম শিকিবলৈ থৈ দিলে। ল'ৰাটিয়ে কিন্তু সোণাৰিৰ কামলৈ আওহেলা কৰি ছবি আঁকাতহে বেছি সময় নিয়াবলৈ ধৰিলে। এদিনাখন বেৰিলে নামৰ এজন চিত্ৰকৰে চিত্ৰবিদ্যাত ল'ৰাটিৰ নিপুণতা দেখি তেওঁৰ নিজৰ তত্ত্বাৱধানলৈ আনি সোণাৰিৰ কামৰ পৰা এৰুৱাই একাণপতীয়াকৈ ছবি আঁকিবলৈ দিলে। তিনি বছৰ নিজৰ লগত ৰাখি এই ক্ষেত্ৰত ল'ৰাটিৰ বিশেষ প্রতিভাৰ উন্মেষ দেখি বেৰিলেই কছিমো বুলি এজন নামজ্বলা চিত্ৰকৰৰ চিত্রশালাত তেওঁৰ ভৰ্তি কৰাই দিলে। তাত তেওঁ অলপ দিনৰ ভিতৰতে নিজৰ যত্ন আৰু প্ৰতিভাৰ গুণত অশেষ সুখ্যাতি লাভ কৰিলে আৰু ডেকা চিত্ৰকৰ সকলোতকৈ বিশেষ বিচক্ষণ বুলি তেওঁৰ যশ বিয়পি পৰিল। আন এজন ছাত্ৰ চিত্ৰকৰৰ সৈতে লগ লাগি এন্ড্রিয়াই এতিয়া স্বাধীনভাবে চিত্রবিদ্যাৰ দ্বাৰা জীৱিকা অৰ্জনৰ পথ মোকোলাবৰ চেষ্টা কৰিলে। মধ্যযুগত গির্জাবোৰত বেৰত চিত্র আঁকাৰ প্ৰথা আছিল আৰু এই কামত নামজ্বলা চিত্ৰকৰসকলহে নিয়োজিত হৈছিল। ইয়াৰ পৰা এফালে যেনেকৈ ধনাগম হৈছিল, আনফালে তেনেকৈ নিপুণ চিত্ৰকৰসকলৰ শিল্পনিপুণতাও সোনকালে চকুত পৰাৰ সুবিধা হৈছিল। ফ্লোৰেন্স নগৰত গির্জাঘৰ এটিৰ চিত্র আঁকি সমসাময়িক চিত্ৰকৰসকলৰ মাজত এন্ড্রিয়াও এজন লেখত ল'বলগীয়া কলা-বিশাৰদ হৈ উঠিল। এন্ড্রিয়াৰ ধন-মান কোনোটোৰ অভাৱ নাছিল আৰু দুখীয়া মাক-বাপেককো ধনেৰে পোহ-পাল দি সুখ-সন্তোষত ৰাখিব পাৰিছিল। ৰেখা-বিদ্যাত তেওঁ এনে সিদ্ধহস্ত আছিল যে তেওঁৰ নাম হ'ল 'অভ্রান্ত চিত্ৰকৰ'। (faultless painter)। এনে সময়ত এণ্ড্ৰিয়াৰ ভাগ্য-আকাশত সৌন্দর্য-পিপাসার কুঁৱলি উঠিবলৈ ধৰিলে। ফ্লোৰেন্স নগৰত সেই সময়ত লুক্ৰেজীয়া বুলি ছোৱালী এজনী আছিল। দুখীয়া আৰু অসহজ বাপেকৰ ছোৱালী হ'লেও সৌন্দর্য আৰু আত্মজৰী গুণত তেওঁ সকলোৰে চকুত পৰা ধৰণৰ আছিল। যদিও টুপীবালা এজনৰ লগত তেওঁৰ বিয়া হৈছিল তথাপি বিবাহিতাৰ কর্তব্যৰ প্রতি বিমুখ হৈ ঘৰচীয়া মেকুৰীয়ে চৰাই-চিৰিকটি ধৰি ধেমালি কৰাৰ দৰে লুক্রেজীয়ায়ো নগৰৰ ডেকাসকলৰ মন ধৰি খেলা কৰাত অতিশয় পার্গতালি দেখুৱাইছিল। প্ৰেমৰ ছলনাত এন্ডিয়া ভালকৈয়ে বিভোল হ'ল আৰু লুক্রেজীয়াৰ সৌন্দৰ্য আৰু চতুৰালিত বিমুগ্ধ হৈ শিল্পচর্চাৰ প্রতি আওহেলা কৰিবলৈ ধৰিলে, আৰু লাহে লাহে মাক-বাপেকক আগৰ দৰে পোহ-পাল দিবলৈকো এৰিলে। হঠাৎ এদিন টুপীবালাই টান নৰিয়াত পৰি শয্যা ললে। এন্ড্রিয়াই বন্ধু-বান্ধৱ কাৰো পৰামর্শ নোলোৱাকৈ আত্মীয়-কুটুম কাকো নোসোধাকৈ সমাজত নিজৰ ঠাঁই, নিজৰ মান, শিল্পবিখ্যাত নিজৰ গৌৰৱ, সন্মান একোৰে প্ৰতি ভ্রূক্ষেপ নকৰি লুক্ৰেজীয়াক স্ত্রীৰূপে চপাই ল'লে। ফ্লোৰেন্স নগৰত যেতিয়া এই কথা প্ৰচাৰ হ'ল, এন্ড্রিয়াৰ প্ৰতি আগেয়ে যিসকলে প্রীতি আৰু শ্রদ্ধাৰ ভাব ৰাখিছিল তেওঁলোকে এতিয়া তেওঁৰ প্ৰতি ঘৃণা আৰু তাচ্ছিল্যৰ ভাব দেখুৱাবলৈ ধৰিলে। বন্ধুপ্রীতিৰ লগে লগে এন্ড্রিয়াই মনৰ শান্তিও হেৰুৱালে। ঈর্ষাৰ জুয়ে মনত ভুমুকিয়ালে। তেওঁ বুজিলে, এজনী খেলুৱাই তিৰোতাৰ হাতত পৰিছে আৰু তাইৰ ইচ্ছা মতে নিজে সকলো কামতে চলিব লাগে। এন্ড্রিয়াই নিজৰ মাক-বাপেকক এৰি দি ঘৈণীয়েকৰ মাক আৰু ভনীয়েকহঁতক চপাই ল'ব লগাত পৰিল। এইবোৰ দেখি-শুনি আগেয়ে যিসকলে তেওঁৰ সংসর্গ গৌৰৱৰ কাৰণ বুলি ভাবিছিল সেইসকল আঁতৰি পৰিল। এন্ড্রিয়াৰ প্রতিভাৰ গুণত কেতবোৰ ছাত্ৰ তেওঁৰ লগত থাকিল সঁচা; কিন্তু তেওঁলোকো লুক্ৰেজীয়াৰ কথা আৰু কামৰ দ্বাৰা নির্যাতিত নোহোৱাকৈ নাছিল। সময়ে সময়ে তেওঁলোকৰ পিঠিত কিল-ভুকুও পৰিছিল। এইদৰে প্ৰপীড়িত হৈও এন্ড্রিয়াই নিজক সৌভাগ্যবান বুলি ভাবিছিল। ইন্দ্রিয়ৰ ক্ষোভ এনে মাদক বস্তু বা মদপীৰ মদৰ দৰে ই জাগ্ৰত আত্ম-চৈতন্যৰ বল সঞ্চাৰ হ'বলৈ নিদিয়ে। সৌন্দর্যই এন্ড্রিয়াক আমুৱাবলৈ ধৰিলে, জীৱন-পদ্ধতি তেওঁৰ পক্ষে দুৰ্বল হৈ উঠিছে। নিজৰ ভুল নিজৰ চকুত ধৰা পৰিল, পৰিশ্ৰম অনুপাতে যথেষ্ট আয় হয় যদিও এন্ড্রিয়া অভাবগ্রস্ত হৈয়ে থাকিব লগাত পৰিল। আদর্শ আৰু আকাংক্ষাৰ সিদ্ধিলাভ কৰিব লাগিলে যি স্বর্গীয় সপোনত উটি ফুৰা ভাব মনত থাকিব লাগে তাৰ ঠাইত তেওঁৰ মন সাংসাৰিক অভাৱৰ পংকিলতাত পোত খালে। ঘৈণীয়েকৰ বাপেক-ভনীয়েকে তেওঁৰ সকলো আর্জোন খাই সাং কৰে, নিজে দৰিদ্ৰ হৈয়ে থাকিল। মানুহ হিচাপে নহ'লেও শিল্পী হিচাপে তেওঁৰ প্রতি শ্রদ্ধা বখা দুই-এজন বন্ধুৰ পৰামৰ্শ অনুসাৰে তেওঁ দুখন চিত্ৰ ফৰাছী দেশৰ ৰাজসভালৈ পঠিয়াই দিলে। ফৰাছী ৰজা ফ্রান্সিছে চিত্ৰ দুখনৰ সৌন্দৰ্যত মুগ্ধ হৈ পাৰিষদসকলৰ মন্ত্ৰণা অনুসাৰে এন্ড্রিয়াক ৰাজসভালৈ মাতি পঠিয়ালে আৰু ৰাজসভাত যাতে এন্ড্রিয়াৰ কোনো অসুবিধা নঘটে সেই বাবে পাৰিষদসকলক আদেশ দি বাট-খৰচৰ বাবে এন্ড্রিয়ালৈ ভালেমান ৰূপ পঠিয়াই দিলে। বন্ধুসকলৰ পৰামৰ্শ অনুসাৰে কিছুমান দিনলৈ বুলি ঘৈণীয়েকক ফ্লোৰেন্সত এৰি এন্ড্রিয়াই ফৰাছী দেশলৈ যাত্রা কৰিলে। ৰজা ফ্রান্সিছে অতি সম্মানেৰে প্ৰতিভাৰ মৰ্যাদা অনুসাৰে বিখ্যাত চিত্ৰকৰক গ্ৰহণ কৰিলে। চিত্ৰকৰে গৈয়ে কেঁচুৱা ৰাজকুমাৰৰ চিত্ৰ এখনি আঁকি ৰজা, পাৰিষদ সকলোৰে মন মুহি পেলালে আৰু বানচ বুলি তিনিশ সোণৰ মুদ্রা লাভ কৰিলে। এন্ড্রিয়াৰ গুণ আৰু নিৰীহ স্বভাৱত প্রীত হৈ পাত্ৰ-মন্ত্ৰী-ৰজা সকলোৱে তেওঁক মৰম আৰু শ্ৰদ্ধাৰ চকুৰে চাবলৈ ধৰিলে। সোণ-ৰূপ বৰষুণৰ পানীৰ দৰে চিত্ৰকৰৰ কাষলৈ ব'বলৈ ধৰিলে। প্ৰতিভাৰ পূর্ণবিকাশৰ বাবে ইয়াতকৈ সাৰুৱা ক্ষেত্র পাবলৈ টান। কিন্তু বিধাতাৰ অভিসম্পাতে যাৰ অন্তৰত তিৰোতাৰ সৌন্দর্যৰ উন্মাদনা ৰূপে অতর্কিতভাবে বিহ সঞ্চাৰ কৰি থাকে তাৰ পক্ষে বিধাতাৰ যুঁজত জয়-পৰাজয় নিজৰ মনৰ কল্পনাৰ ওপৰত নিৰ্ভৰ কৰে। এন্ড্রিয়াৰ উদ্ভ্রান্ত চিত্তই বিধাতাৰ শাও বেছি টনকিয়াল কৰিলে। এন্ড্রিয়াই ঘৈণীয়েকৰ আন আন বহুত চিঠিৰ পিছত এদিন এখন চিঠি পালে। চিত্রকৰে লুক্ৰেজীয়াক কোনো অভাৱত ৰখা নাছিল। নতুনকৈ পকী ঘৰ এটি সজাবলৈ যোগাৰ-পাতিও দি আছিল। কিন্তু লুক্রেজীয়াই আত্মীয়-কুটুম আৰু চাৰিওফালে গুঞ্জৰি ফুৰা মৌ-পিয়া ভোমোৰাসকলক আগৰ দৰে হাত উবুৰিয়াই ৰূপ-বান দি বহতীয়া কৰি ৰাখিব নোৱৰাটো বৰ বিষম যেন পালে। লুক্রেজীয়াই চিঠি লিখিলে, এন্ড্রিয়া যাবৰ পৰা তেওঁৰ চকুৰ পানীৰ ছেদ নাই আৰু চৰাইৰ কুমলীয়া নোমৰ তলিচাতো কোনোবাই গজাল ভৰাই থৈছে যেন লাগে। চিঠি পোৱা মাত্রেই যদি তেওঁ উভতি নাহে তেনেহ'লে লুক্রেজীয়াক আৰু জীয়াই থকা তেওঁ নেদেখে। খেলুৱৈ লুক্ৰেজীয়াই দুৰ্ভগীয়া শিল্পীৰ চিত্তৰ দুৰ্বলতাক লক্ষ্য কৰি এই নিৰ্মম নিষ্ঠুৰ শেল মাৰি পঠিয়ালে। এন্ড্রিয়াই ফ্লোৰেন্স নগৰলৈ যাবলৈ ৰজাৰ অনুমতি খুজিলে। তেওঁ বাইবেল শাস্ত্র চুই শপত খালে যে ঘৰুৱা কামৰ এটি সংগতি লগাই ঘৈণীয়েকক লগত লৈ নির্দিষ্ট সময়ৰ মূৰত আকৌ ৰাজসভালৈ ঘূৰি আহিব। ৰজাই এন্ড্রিয়াৰ দৰে গুণী পুৰুষক অবিশ্বাস কৰিবলৈ কোনো কাৰণ নেদেখিলে আৰু ইটালী দেশৰ আন আন প্রসিদ্ধ চিত্ৰকৰসকলৰ চিত্ৰ কেতবোৰ লগত লৈ আহিবলৈ এন্ড্রিয়াক আগধন স্বরূপে বহুত সোণ-ৰূপ দিলে। 'পতঙ্গবৎ বহ্নিমুখং বিবিক্ষুঃ?' -জুইত সোমাব খোজা পৰৱাৰ দৰে এন্ড্রিয়া আহি আকৌ ফ্লোৰেন্স নগৰত ওলাল। ঘৈণীয়েকৰ মন যোগাই পকীঘৰ সজাই অলপ দিনৰ মূৰতে এন্ড্রিয়াই নিজৰ আৰ্জোনৰ ধনৰ লগে লগে চিত্ৰ কিনিবলৈ দিয়া ৰজাৰ আগধনো ভগন কৰি হাত শুদা কৰিলে। তথাপি নিজেই ধর্মশাস্ত্র চুই কঢ়া শপত মনত কৰি ফৰাছী দেশলৈ উভতি যাবলৈ মন বান্ধিলে। আকৌ লুক্রেজীয়াৰ কাকৃতি, লুক্ৰেজীয়াৰ চকুলোৰ ঢলপানীত শিল্পীৰ সংকল্প, শিল্পীৰ ধৰ্ম-শপত সকলো উটি গ'ল। এন্ড্রিয়াৰ ফৰাছী দেশলৈ যোৱা নহ'ল। এই বিশ্বাসঘাতকতাত ৰজা ফ্রান্সিছ খঙত আপোন-পাহৰা হ'ল; কিছুমান দিনলৈ ফ্লোৰেন্স নগৰৰ কোনো শিল্পীৰ চিত্রকেই তেওঁ আগত উলিয়াবলৈ হাক দিলে, আৰু কৈ পঠিয়ালে যে আগলৈ কেতিয়াবা যদি এন্ড্রিয়া তেওঁৰ হাতত পৰে তেনেহ'লে তেওঁৰ প্ৰতিভাৰ মৰ্যাদা নাৰাখিব আৰু আগেয়ে যি উপকাৰ কৰিছিল তাৰ সলনি পাৰ্যমানে এন্ড্রিয়াৰ অমংগল সাধিবলৈ যত্ন কৰিব। সম্মানৰ উজ্জ্বল ওখ শিখৰৰ পৰা বাগৰি এন্ড্রিয়া দুৰ্যশ আৰু দৰিদ্ৰতাৰ এন্ধাৰ বাটৰ বাটৰুৱা হ'ল। তিৰোতাৰ বাবে আদর্শ আকাংক্ষা সম্পদ ত্যাগ কৰিও যদি তিৰোতাৰ মন পালেহেঁতেন, তথাপি দুর্ভগীয়া মনলৈ শান্তি আহিলহেঁতেন। কিন্তু লুক্ৰেজীয়াৰ হিয়া মৌ-পিয়াসকলৰ গুঞ্জনত মতলীয়া; এন্ড্রিয়া কেবল ধন ঘটি অনা চপনীয়াহে মাথোন। দিন যাবলৈ ধৰিলে। নিজৰ অতীত, বিশেষতঃ ফৰাছী ৰজাৰ প্ৰতি নিজৰ অসজ ব্যৱহাৰৰ সোঁৱৰণীত শিল্পীৰ হিয়া বিদাৰি কেতিয়াবা কেতিয়াবা দীঘল হুমুনিয়া উঠে। সোণৰ শিকলিত বান্ধ খোৱা অপ্রকাশিত প্ৰতিভাৰ কৰুণ বিননি কবিৰ কল্পনাগ্রাহ্য- চৰিতলেখকৰ বিশ্লেষণৰ সামগ্ৰী নহয়। ধূলিত লুটি-বাগৰ লোৱা পপীয়া তৰাৰ দৰে এন্ড্রিয়াৰ নিষ্প্রভ প্রতিভাৰ আত্মলাঞ্ছনাত ব্যথিত হৈ ইংৰাজ কবি ব্রাউনিঙে এটি অপূর্ব কবিতা লিখিছে। তাকা সাৰমৰ্ম তলত দিয়া হ'ল। হেমন্ত কাল। বাহিৰা প্ৰকৃতিত কোনো উন্মাদনা নাই। সন্ধিয়া সময়। এন্ধাৰ-পোহৰ মিহলি হৈ সম্মুখ মৰেলো পৰ্বতক পাতল ধোঁৱাই আগুৰিছে। এন্ড্রিয়া চিত্রশালাৰ খোটালিত বহি আছে, ওচৰত ঘৈণীয়েক। বেৰত বাফেলৰ চিত্ৰ এখন আঁৰি থোৱা। বাটৰ পৰা সুহুৰিৰ শব্দ আহি মাজে মাজে কাণত পৰে। সুহুৰিৰ শব্দত লুক্রেজীয়া উচপিচকৈ চঞ্চল হৈ উঠে। গিৰিয়েকক আগেয়ে কৈ থোৱা হৈছে যে সুগুবি বজোৱাজন লুক্রেজীয়াৰ সম্বন্ধীয়া ভায়েক। সম্বন্ধীয়াসকলক বিনা বানচে এন্ডিয়াই চিত্র আঁকি দিব লাগে। আগেও দিছে। আজিও সেই লৈয়েই লুক্রেজীয়াৰ ঠেহ। বাহিৰৰ নিবিড় প্রকৃতিৰ নিস্তব্ধতাই আহি এন্ড্রিয়াৰ মন আক্রমণ কৰিছে। মনত আশা নাই, উদ্বেগো নাই। মৰেলো পর্বতখন যেন চুঁচৰি আহি তেওঁৰ হিয়াত থিতাপি লৈছে। লুক্রেজীয়াৰ ঠেহত অতীত, বর্তমান, ভবিষ্যৎ -আটাইবোৰ স্মৃতি, চেতনা আৰু সপোন লগ লাগি মনত এটি বিৰাট নিষ্ফলতা জগাই তুলিছে। স্বগতোক্তিব সুৰেৰে লুক্ৰেজীয়াক লক্ষ্য কৰি এন্ড্রিয়াই ক'ব লাগিছে- বাৰু আমি আৰু কাজিয়া নকৰোহঁক, নাই নকৰোঁ। অ' মোৰ লুক্ৰেজীয়া, এবাৰলৈ তুমি ধৈর্য ধৰি শুনা। এবাৰ শান্তভাবে মোৰ ওচৰত বহা, মোৰ কথা শুনা। সকলো কাম তোমাৰ মতেই চলিব। বাৰু, মোৰ পিনে মুখ ঘুৰাইছা, তোমাৰ মনো ঘুৰিছেনে? তেনেহ'লে তোমাৰ বন্ধুৰ সম্বন্ধীয়াজনৰ কামো মই কৰি দিম, তেওঁৰ ইচ্ছামতে দিয়া বানচেই হ'ব, আৰু সেইখিনি আনি তোমাৰ অকণি হাতৰ মুঠিত সুমুৱাই দিম। হ'বনে? তোমাৰ বন্ধুৰ বন্ধুক সন্তুষ্ট কৰিম, কিন্তু কাইলৈ প্রিয়তমে। বহুত সময়ত মোৰ মনত ভাগৰ লাগে, আজি আন আন দিনতকৈও মন বেছি ভাৰাক্ৰান্ত। মোৰ ভাব, যদি মই তোমাৰ ওচৰত বহিবলৈ পাওঁ, তোমাৰ হাত মোৰ মুঠিৰ ভিতৰত, দুয়োৰো এক মন এক প্রাণ, বিবাহিত পুৰুষ-তিৰোতাৰ দৰে সন্ধিয়া কালডোখৰ যদি এইদৰে নিয়াব পাৰোঁ, নিবিড় শান্তিত কাইলৈ পুৱা কামলৈ মোৰ নতুন বল, নতুন শক্তিৰ সঞ্চাৰ হ'ব। দুয়ো চেষ্টা কৰি চাওঁইকচোন। মোৰ ওচৰত থকা সময়খিনি মিছাতে যোৱা যেন ভাবিছা? তোমাক আৰ্হি কৰিয়েই আমাক লগা পাঁচোখন চিত্র আঁকিব পাৰিম। বেলেগ আর্হি নালাগে। ভাল, সেইদৰেই চাই থাকা, অ' মোৰ নাগিনী, নাগপাশধাৰিণী, তুমি মোৰ জোন, তুমি আটাইবে জোন, সকলোৱে তোমাৰ আৰ্হিৰ গঢ়োৱা মূর্তিকেই নিজৰ বুলি সাবটি লয়। তুমি হাঁহিছা? এবা, মোৰ চিত্ৰ সম্পূৰ্ণ হ'লেই!" "এই যে হেমন্তৰ সন্ধিয়া দেখিছা, ই মোৰ জীৱন-প্রবাহৰ দৃশ্যমূর্তি। আৰু ওৰে জীৱন, ওবে জীবন-প্রবাহ কেৱল হেমন্ত-সন্ধিয়াৰ মূৰ্তিচিত্র মাথোন। অ' মোৰ প্রিয়ে, আমি ঈশ্বৰৰ হাতৰ পুতলা মাথোন! তেওঁ আমাক যেনেকৈ চলাইছে সেইটো কেনে অনাভুৱা যেন লাগে। নিজৰ এনে মুকলিমূৰীয়া ভাবো অথচ এনকৈ শিকলিৰে মেৰ খাই আছোঁ। তেৱেঁই শিকলি দিছে, বাৰু, শিকলি থাকক।" "তুমি মোৰ শিল্প-কুশলতা বুজি নোপোৱা। বুজিবলৈও চেষ্টা নকৰা কিন্তু আনে কি কয় বুজিব পাৰা। সৌ যে বেৰত আঁৰি থোৱা ৰাফেলৰ অংকিত মাতৃমূর্তি দেখিছা- কি সুন্দৰ, কি অপৰূপ! চিত্র তেনেকুৱাই হ'ব লাগে। কিন্তু তথাপি এই চিত্ৰৰো অকণমান দোষ আছে। মোক পেন্সিল এডাল দিয়া; বাহুখন এইদৰে থাকিব লাগিছিল। কিন্তু এই চিত্ৰৰ ভিতৰেদি যি তেজঃপুঞ্জ ফুটি ওলাইছে, যি বিশ্বমানৱৰ হৃদয়স্পর্শী সৌম্য কৰুণাব প্রভা বিৰিঙি ওলাইছে; সেই প্রভা, সেই তেজ মোৰ অনুভূতিৰ বহুত ওপৰত। "আনে যি চিত্ৰ কঠোৰ পৰিশ্ৰম কৰি মূৰৰ ঘাম মাটিত পেলায়ো আঁকিব নোৱাৰে, সেই চিত্র অতি অবলীলাক্রমে মই বাঁওহাতেৰে আঁকি দিব পাৰোঁ। সেইটো অহংকাৰ নহয়। তথাপি মই সিহঁতৰ বহুত তলত। সিহঁতৰ কঠোৰ শ্ৰমত যি অন্তৰৰ সংযোগ, যি খৰতৰ তেজৰ চলাচল, আশা-নিৰাশাৰ যি তুমুল সংগ্রাম, তাৰ ভিতৰেদিয়েই সিহঁতে ঈশ্বৰে দিয়া শক্তিৰ সফলতা লাভ কৰে। সেই শক্তিৰ সহস্ৰ কণাৰ একণায়ো মোৰ হাত নচলায়। সিহঁতে কামত সম্পূর্ণতা লাভ কৰিব নোৱাৰে, কিন্তু শক্তিৰ সফলতা লাভ কৰিছে। মোৰ কাম অভ্রান্ত, সম্পূর্ণ, কিন্তু মোৰ শক্তি জড় সুপ্ত।" "মোক কি লাগে, মই কি কৰিব পাৰোঁ মই জানো। জানিলেই বা কি, হুমুনিয়া কাঢ়িলেই বা কি লাভ। মোৰ জীবনত হেমন্তৰ সন্ধিয়াই বোল বোলাইছে। তুমি মোৰ কামত উদ্যম সঞ্চাৰ কৰাহেঁতেন, যদি কেতিয়াবা ক'লাহেঁতেন- 'গৌৰৱ আৰু ঈশ্বৰৰ কৰুণাক লক্ষ্য কৰি কাম কৰা, লাভ-লোকচানৰ চিন্তা মনলৈ নানিবা'-কেতিয়াবা যদি তোমাৰ সুন্দৰ মুখেৰে এইদৰে ক'লাহেঁতেন, ৰাফেলৰ ওখ আসনত তুমি-মই-দুয়ো উঠিব পাৰিলোঁহেঁতেন। তোমাৰ সৌন্দৰ্যৰ লগত যদি তোমাৰ হিয়া মনৰ যোগ থাকিলেহেঁতেন- কেতবোৰ তিৰোতাৰ থাকে, বাফেল, মাইকেল এঞ্জেলো তেওঁলোকৰ আসন হ'ব পাৰিলোহেঁতেন। নহ'ব পাৰে। সকলো বিধাতাৰ নির্দেশ।" "তোমাৰেই বা দোষ কি? সকলো শক্তিৰ ভঁৰাল নিজৰ অন্তৰেই। বাফেল, এঞ্জেলো- তেওঁলোকৰ দেখো তিৰোতাই নাছিল। মই দেখিছোঁ সংসাৰত যি ভাল কাম কৰিব পাৰে, সি নকৰে, যাৰ কৰিবলৈ একান্ত আগ্রহ, সি নোৱাৰে। তথাপি ইচ্ছা আৰু শক্তি- ইও আধা সফলতাই!" "ফৰাছী ৰাজসভাত যেতিয়া আছিলোঁ, বজা ফ্রান্সিছে যেতিয়া এখন বাজবাহু মোৰ কান্ধত থৈ কামত উৎসাহ দিছিল, মোৰ হৃদয়ৰ অন্তৰতম প্ৰদেশত যেতিয়া তোমাক গৌৰৱমণ্ডিত কৰাৰ ইচ্ছা ফল্গুনদীৰ দৰে বৈ আছিল, তেতিয়া বাফেলৰ তেজঃপুঞ্জৰ উষ্ণতা কেতিয়াবা কেতিয়াবা অনুভৱ কৰিছিলোঁ। তুমি অধীৰ নোহোৱাহেঁতেন থাওক, তুমি মাতি পঠিয়ালা, মই আহিলো। "মাজে-সময়ে বাতি যেতিয়া চিত্র আঁকাৰপৰা ক্লান্ত চকুৰে ঘৰৰ বেৰৰফালে চাওঁ, ইটাবোৰৰ পৰা প্রদীপ্ত জুই জ্বলি উঠা যেন দেখোঁ। ইটাবোৰৰ পৰা যেন চুণ-চুৰকি খহি পৰিছে, তাৰ ঠাইত যেন প্রচণ্ড ভাস্কৰ বৰণীয়া সোণ লেও খাই আছে। ৰজা ফ্রান্সিছে ছবি কিনিবলৈ আগধন বুলি দিয়া সোণ!" "তুমি ছটফটাইছা কিয়? তোমাৰ সম্বন্ধীয় ভাইজান আহিছে? তোমাক বাহিৰলৈ মাতিছে। অকলে মোৰ লগত নহয়? জুৱাখেলৰ ধাৰ সাধিবলৈ আহিছে? সেই কাৰণে হাঁহিছিলা? ভাল তোমাৰ হাঁহিৰেই নিজক বেচিছোঁ। যেতিয়ালৈ হাত-চকু আৰু অকণমানিও হিয়াৰ স্পন্দন থাকে তেতিয়ালৈকে কামেই মোৰ গতি, মোৰ পুতলাৰ বেচ শোধাব লাগিব। সন্ধিয়াৰ বাকীখিনি তুমি কোৱাৰ দৰে এলাহতে বহি কটাওঁ, ফৰাছী দেশলৈ উভতিব পাৰিলে কি কৰিলোঁহেঁতেন তাৰেই সপোন দেখোঁ?" "আজি মই বুঢ়া বয়সৰ দৰে নিৰ্বিকাৰ নিস্তব্ধ। মোৰ অনুতাপ নাই, জীৱনত কোনো সাল-সলনিও ঘটাব নোখোজো, অতীত জীৱন ছায়াপথৰ দৰে উদ্ভাসিত হৈ পৰি আছে, তাক আৰু সলাব লাগিছে কিয়? ফৰাছী ৰজাৰ টকা লৈছিলোঁ, প্রলোভনত পৰি খৰচ কৰিছোঁ, ঘৰ বান্ধিছোঁ-পাপেই কৰিছোঁ। আৰু ক'বলগীয়া কি আছেও আই-বোপাই খাবলৈ নাপাই মৰিল, মোৰ ধন আছিল জানো? তুমিয়েই জানা ধন কেনেকৈ আহে। সকলোকে নিজ নিজ ভাগ্যফল ভোগ কৰিব লাগে। তেওঁলোক জন্মত দুখীয়া, কর্মত দুখীয়া আৰু দুখতেই মৰিছে। মই পৰিশ্ৰম কৰিছিলোঁ, সেই অনুসাৰে মোৰ উপাৰ্জন হোৱা নাই।" "আজি ভাবিছোঁ, তুমি মোক যথেষ্ট ভাল পাইছা। তাতে মই সন্তুষ্ট থকা উচিত। আৰু কি লাগে? হয়তে স্বৰ্গৰাজ্যত আকৌ মোৰ প্ৰতিভাৰ জোখেৰে কাম কৰিবলৈ সুচল আহিব। স্বৰ্গৰ দেৱ-মন্দিৰত চিত্র আঁকিবৈ দেৱদূতে ৰাফেল, এঞ্জেলো, লিওনার্ডো আৰু মোক-চাৰিওকো চাৰিখন দেৱাল ভগাই দিব। প্রথম তিনিওজনকে তিৰোতা নাই, মোৰ আছে। তাতে সেই দেখি তেওঁলোকে মোক চেৰ পেলাব; কিয়নো তুমি মোৰ লুক্রেজী আছা- মোৰে অভিমত অনুসাৰে।" "আকৌ 'সম্বন্ধীয়া' ভাৰ সুহুৰি, যোৱা মোৰ সোণাই!" ওপৰত তুলি দিয়া কথাবোৰ কবিৰ কল্পনাপ্রসূত হ'লেও এন্ডিয়াৰ অন্তৰৰ পোৰণি সম্পূর্ণভাবে প্রকাশ কবে। নিজব শক্তিব সম্পূর্ণ জোখ উপলব্ধি কৰিব পৰা প্ৰতিভাশালী পুৰুষৰ অপ্রকাশিত প্রতিভাৰ ব্যৰ্থতাত কি নৈৰাশা, কি অশান্তি, কি ক্ষোভ। এই ব্যর্থতাৰ কাৰণ কোন? যাৰ ৰূপত মন-প্রাণ গৌবর মর্যাদা সম্পদ সকলো বিসর্জন দিছে, কিন্তু যাৰ মনত তেওঁৰ মূল্য কেবল 'সম্বন্ধীয় 'সকলক দিব পৰা জোখাৰে টকা আর্জিব পৰা ক্ষমতা অনুসাৰে। ১৫২৩ খ্রীষ্টীয় শকত ফ্লোরেন্স নগৰত প্লেগ মহামাৰীয়ে আহি দেখা দিলত এন্ড্রিয়াই মুগলো নামৰ ঠাইলে সপৰিবাৰে যাত্ৰা কৰে। ভাত মঠাধিশ্রিতা ভিক্ষু-ভিক্ষুণীসকলৰ বাবে যীশুখ্ৰীষ্টৰ চৰিতবিষয়ক কেতবোৰ ছবি আঁকে। মঠৰ কাম কৰি এটালত ৰং আৰু চিত্ৰৰ আহিলা-পাতি বহুত অতিৰিক্তহে থাকিল। এন্ড্রিয়াই এদিন লুক্রেজীয়াক মাতি ক'লে, "তুমি এখন্তেক ধীৰভাৱে মোৰ ওচৰত বহা; এইবোৰ বং যে বেছিকৈ আছে তাৰে তোমাৰ ছবি এখন আঁকিম। এই বয়সতো তোমাৰ চকুৰ জেউতি কেনেকৈ লৰচৰ নোহোৱাকৈ আছে মানুহে দেখক। আৰু আগৰ ছবিবোৰতকৈ এইখনত তোমাৰ চেহেৰাৰ কি পৰিবৰ্তন ঘটে সেইটোৱেই ৰিজাবলগীয়া।” কিন্তু লুক্রেজীয়াৰ মন আন কিবা ভাবত তোলপাৰ- শান্তভাবে বহি থাকিব নোৱাৰে। চিৰ-নৈৰাশ্যপীড়িত এন্ড্রিয়াৰ মনত ভৱিষ্যদ্বাণীৰ দৰে উদয় হ'ল- তেওঁৰ আৰু সংসাৰত সৰহ দিন নাই। এহাতেৰে দাপোণ আৰু আনহাতেৰে তুলিকা ধৰি নিজৰ চিত্ৰ এনে হুবহু কৰি আঁকিলে- সেইটো জানিবা তেওঁৰ জীৱন্ত-মূর্তি। তেওঁ মৰাৰ পিছত ছবিখন ভালেমান দিনলৈ লুক্ৰেজীয়াৰ হাতত আছিল। ইয়াৰ কিছুদিন পিছত এন্ড্রিয়াৰ নৰিয়া হ'ল। তেওঁ শয্যাত পৰিয়েই ভাবিলে তেওঁৰ আৰু নিস্তাৰ নাই। তেওঁৰ নৰিয়াৰ কোনো ঔষধ বিচাৰি পোৱা নগ'ল। লুক্রেজীয়াই পাৰে মানে বেমাৰীৰ পৰা আঁতৰে আঁতৰে থাকে, কেনেবাকৈ তেওঁৰো গাত ব্যাধি সোঁচৰে বুলি। কোনোৱে গম নোহোৱাকৈয়ে মঠৰ ভিক্ষুসকলে তেওঁক সমাধিস্থ কৰে। সৰুকালত ভাৰাতীয়া হিচাপে যেতিয়া এন্ড্রিয়াই কাম কৰি ফুৰে তেতিয়া তেওঁৰ প্ৰতিভাক লক্ষ্য কৰি মাইকেল এঞ্জলোৱে এদিনাখন বাফেলক কৈছিল, 'ৰাফেল, এই নগৰত যে অকণমানি ল'ৰা এটি ঘূমুটিয়াই ফুৰা দেখা, সি তোমাৰ দৰে ৰজা-মহাৰজাৰ আশ্ৰয়ত থাকি ডাঙৰ কামত হাত দিবৰ সুবিধা পোৱা হ'লে তোমাৰ কপালৰ ঘাম ভৰিত পৰিলহেঁতেন।" এন্ড্রিয়াৰ ভাগ্যতো ৰজা-মহাৰজাৰ কৃপা লাভ ঘটিছিল। "স্বপ্নো নু মায়া নু মতিভ্রমো নু"- কিন্তু সপোন নে মায়া নে মতিভ্রম। কিহৰ বাবে তেওঁৰ জীৱন বিৰাট নিষ্ফলতাত পৰিণত হ'ল?