হোমেন বৰগোহাঞিৰ চমু জীৱনী জন্মঃ ১৯৩২ চনৰ ৭ ডিচেম্বৰ তাৰিখে অবিভক্ত লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ কাষৰীয়া বালিগাঁৱত হোমেন বৰগোহাঞিৰ জন্ম হৈছিল । তেওঁৰ পিতৃৰ নাম আছিল ইন্দ্ৰধৰ বৰগোহাঞি আৰু মাতৃৰ নাম আছিল আইতা বৰগোহাঞি। শিক্ষাঃ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ শিক্ষা ঢকুৱাখনাতে গ্ৰহণ কৰাৰ পিছত ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰপৰা ১৯৫০ চনত প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল । ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ১৯৫২ চনত কটন কলেজৰপৰা আই.এছ.চি (Intermediate Science) পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাৰ পাছত ১৯৫৪ চনত কটন কলেজৰপৰাই ইংৰাজী বিষয়ত দ্বিতীয় শ্ৰেণীৰ অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে। কৰ্মজীৱনঃ স্নাতক উত্তীৰ্ণ হোৱাৰ পাছতেই হোমেন বৰগোহাঞিয়ে শিক্ষকতা বৃত্তিত নিয়োজিত হৈ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে। কিন্তু কিছুদিন শিক্ষকতা কৰাৰ পাছত ১৯৫৫ চনত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ উপ-প্ৰতিসমাহৰ্তা হিচাপে (SDC) হিচাপে চৰকাৰী চাকৰিত যোগদান কৰে। কিন্তু নানা তিক্ত আৰু মধুৰ অভিজ্ঞতাৰে পূৰ্ণ হৈ ১৯৬৮ চনত চাকৰি ইস্তাফা দিয়ে। হোমেন বৰগোহাঞিয়ে ‘সাপ্তাহিক নীলাচল’ নামৰ এখন কাকতত প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে আৰু এইখন কাকততে ১৯৭৭ চনলৈকে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ‘সাপ্তাহিক নাগৰিক’ নামৰ এখন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৮০ চনত হোমেন বৰগোহাঞিয়ে ‘লোকায়ত’ নামৰ এখন কাকতৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ১৯৮১ চনত কলিকতাৰপৰা প্ৰকাশিত ‘আজকাল’ নামৰ এখন দৈনিক বাংলা বাতৰিকাকতত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ প্ৰতিনিধি হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ পিছত হোমেন বৰগোহাঞিয়ে একেধাৰে তিনিখন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। আলোচনীকেইখন হৈছে— ‘সমকাল’ (১৯৮৭), ‘সূত্ৰধাৰ’ (১৯৮৯) আৰু ‘কিশোৰ’ (১৯৯১)। ইয়াৰ পৰৱৰ্তী সময়ত তেখেতে ১৯৯৩ চনত ‘অসম বাণী’ৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৯৭ চনত অসম বাণীৰ সম্পাদক পদৰপৰা পদত্যাগ কৰি ‘আমাৰ অসম’ নামৰ দৈনিক কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ২০০৪ চনত ‘আমাৰ অসমৰ কাকত’ৰ সম্পাদকৰ দায়িত্বৰপৰা পদত্যাগ কৰি ‘দৈনিক বাতৰি’ নামৰ অসমীয়া দৈনিক কাকত খনৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। ২০০৫ চনত দৈনিক বাতৰি কাকত খনৰপৰা পদত্যাগ কৰি কিছুদিনৰ বাবে পষেকীয়া চিন্তামূলক সাহিত্যধৰ্মী আলোচনী ‘সাতসৰী’ৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব বহন কৰে আৰু ইয়াৰ পিছত ২০০৬ চনত হোমেন বৰগোহাঞিয়ে পুনৰ ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। হোমেন বৰগোহাঞিয়ে ‘নিয়মীয়া বাৰ্তা’ কাকতৰ মুখ্য সম্পাদক পদত ২০১৫ চনত অধিষ্ঠিত হৈ মৃত্যুলৈকে এইখন কাকতৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেখেতে চেটেলাইট চেনেল ‘নিউজ লাইভ’ৰ পূৰ্বতে সম্প্ৰচাৰ হোৱা ‘মুখামুখি’ অনুষ্ঠানতো গুৰি ধৰাৰ লগতে মৃত্যুৰ আগলৈকে নিউজ লাইভৰ ‘কথা–বাৰ্তা’ অনুষ্ঠানৰ আঁত ধৰিছিল। সাহিত্য-কৰ্মঃ চুটিগল্পঃ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়তে হাতত কলম তুলি লোৱা হোমেন বৰগোহাঞিৰ প্ৰথমটো চুটি গল্প “আৱেলি আলিবাটৰ গান“ প্ৰকাশ পায় কটন কলেজৰ মুখপত্ৰ কটনিয়ানত। গল্প ৰচনাৰে অসমীয়া কথা-সাহিত্যৰ ভঁৰাল চহকী কৰা বৰগোহাঞিৰ প্ৰথমটি গল্প সংকলন হ’ল- ১৯৫৫ চনত প্ৰকাশিত ‘বিভিন্ন কোৰাচ’। ইয়াৰ উপৰি তেওঁৰ প্ৰকাশিত গল্প সংকলন সমূহ হৈছে- ‘প্ৰেম আৰু মৃত্যুৰ কাৰণে’ (১৯৫৮), ‘গল্প আৰু নক্সা’ (১৯৬৬), ‘স্বপ্ন স্মৃতি বিষাদ’ (১৯৮৯), ‘অস্তিত্বৰ জ্যোতিৰ্ময় চেতনা’ ( সম্পাদনা, তীৰ্থ ফুকন, ১৯৯১)। উপন্যাস উপন্যাসিক হিচাপে হোমেন বৰগোহাঞিৰ ১৯৬৩ চনৰপৰা ২০০৩ চনলৈকে মুঠ বাৰ খন উপন্যাস প্ৰকাশিত হৈছে। এইসমূহ হৈছে- ‘সুবালা’ (১৯৬৩), ‘তান্ত্ৰিক’ (১৯৬৭), ‘কুশীলৱ’ (১৯৭০), ‘হালধীয়া চৰায়ে বাওধান খায়’ (১৯৭৩), ‘পিতা–পুত্ৰ’ (১৯৭৫), ‘তিমিৰ তীৰ্থ’ (১৯৭৫), ‘অস্তৰাগ’ (১৯৮৬), ‘মৎস্যগন্ধা’ (১৯৮৭), ‘সাউদৰ পুতেকে নাও মেলি যায়’ (১৯৮৭), ‘নিসংগতা’ (২০০০), ‘বিষন্নতা’ (২০০২), ‘এদিনৰ ডায়েৰী’ (২০০৩)। ইয়াৰ উপৰি নিৰুপমা বৰগোহাঞিৰ সৈতে হোমেন বৰগোহাঞিৰ একেলগে ৰচনা কৰা “পুৱাৰ পুৰৱী সন্ধিয়াৰ বিভাস”নামৰ এখন উপন্যাস প্ৰকাশ পাই ১৯৭১ চনত। কবিতা বৰগোহাঞিৰ একমাত্ৰ কবিতা সংকলনটো হ’ল ১৯৮৭ চনত প্ৰকাশ পোৱা ‘হৈমন্তী’। আত্মজীৱনীমূলক গ্ৰন্থ হোমেন বৰগোহাঞিয়ে লিখা আত্মজীৱনীমূলক টোকা আৰু আত্মজীৱনীমূলক গ্ৰন্থৰ মাজেদিও তেওঁৰ সবল ব্যক্তিত্ব প্ৰতিফলিত হৈছে। তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ সমূহ হৈছে- ‘আত্মানুসন্ধান’ (১৯৮৮), ‘মোৰ সাংবাদিক জীৱন’ (১৯৮৯), ‘ধুমুহা আৰু ৰামধেনু’ (প্ৰথম খণ্ড ১৯৯৭ আৰু ‘দ্বিতীয় খণ্ড’ ১৯৯৮), ‘মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ’। অন্যান্য ৰচনা গল্প, উপন্যাসৰ উপৰি হোমেন বৰগোহাঞিয়ে ৰচনা কৰা বিভিন্ন ৰচনাই দশক দশক ধৰি পাঠক সমাজত চিন্তাৰ খোৰাক জোগাই আহিছে। এইসমূহ হ’ল- ‘জিজ্ঞাসা’, ‘আনন্দ আৰু বেদনাৰ সন্ধানত’, ‘ধূসৰ দিগন্ত’, ‘ইতিহাসৰ সাক্ষী’, ‘স্বৰ্গ আৰু নৰক’, ‘জীৱনৰ মধুৰতম সময়’, ‘সুখ–দুখ’, ‘জীৱনৰ সাধনা’, ‘পাঠকৰ টোকাবহী’, ‘প্ৰজ্ঞাৰ সাধনা’, ‘আত্মো দীপো ভৱ’,‘কথা–বাৰ্তা’, ‘আমাক কিতাপ লাগে’, ‘বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি’, ‘জীৱনৰ পৰা আমি কি বিচাৰোঁ’, ‘অন্তহীন প্ৰেৰণাৰ উৎস– নু ই পেষ্টিঅ‘ৰ‘, ‘মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ’ ইত্যাদি। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে হোমেন বৰগোহাঞিয়ে বিভিন্ন গ্ৰন্থ ৰচনা কৰিছিল। এইসমূহ হ’ল- ‘অ আ ক খ’, ‘কিতাপ পঢ়াৰ আনন্দ’, ‘মানুহ হোৱাৰ গৌৰৱ’, ‘বেঞ্জামিন ফেংকলিন’ ইত্যাদি। হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা উল্লেখযোগ্য গ্ৰন্থ সমূহ হৈছে ‘বিংশ শতাব্দীৰ অসমীয়া সাহিত্য’,‘অসমীয়া গল্প সংকলন’ (প্ৰথম আৰু দ্বিতীয় খণ্ড),‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (ষষ্ঠ খণ্ড), ‘অসমীয়া প্ৰেমৰ কবিতা’ (যুটীয়াভাৱে), ‘গদ্যৰ সাধনা’, ‘মালিক’, ‘এশ বছৰৰ অসমীয়া কবিতা’ ইত্যাদি। নাট্য সাহিত্য নাট্য সাহিত্যৰ ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়োৱা হোমেন বৰগোহাঞিয়ে ৰচনা কৰা একাংকিকা নাটক হ’ল- ‘ৰতনপুৰত গধুলি’ আৰু ‘নট বাই ব্ৰেড এলোন’। ইয়াৰ উপৰি তেওঁ ৰচনা কৰা অনাতাঁৰ নাটক হ’ল- ‘হঠাৎ গধূলি’। গুৰুত্বপূৰ্ণ কথা যে অসম সাহিত্য সভাৰ সভাপতি হিচাপে হোমেন বৰগোহাঞিয়ে ২০০১ চনত ডিব্ৰুগড় অধিৱেশনত আৰু ২০০২ চনৰ কলগাছিয়া অধিৱেশনত সভাপতিৰ দায়িত্ব বহন কৰিছিল। হোমেন বৰগোহাঞিৰ সাহিত্য কৃতিসমূহ কেৱল অসমীয়া ভাষাতে সীমাবদ্ধ হৈ থকা নাই। এইসমূহ ইংৰাজী ভাষাৰ লগতে আন আন ভাৰতীয় ভাষালৈ অনুদিত হৈছে। তেওঁৰ উপন্যাস ‘অস্তৰাগ’ ইংৰাজী, উড়িয়া, হিন্দী, নেপালী, বড়ো আৰু বাংলা ভাষালৈ অনুদিত হৈছে। তেওঁৰ ‘মৎস্যগন্ধা’ উপন্যাসখন হিন্দী আৰু নেপালী ভাষালৈ অনুদিত হৈছে। ইয়াৰ উপৰিও ‘পিতা পুত্ৰ’ উপন্যাসখন ইংৰাজী আৰু হিন্দীকে ধৰি মুঠ ২১ টা ভাৰতীয় ভাষালৈ অনুদিত হৈছে। হোমেন বৰগোহাঞিৰ চুটি গল্প সমূহো বিভিন্ন ভাৰতীয় ভাষালৈ অনুদিত হৈছে। কীৰ্তিস্তম্ভ নিজৰ সৃষ্টিশীল প্ৰতিভাৰ বাবে বিভিন্ন বঁটাৰে বিভূষিত হোৱা হোমেন বৰগোহাঞি ১৯৭৭ চনত ‘পিতা পুত্ৰ’ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰাৰ লগতে ১৯৭৮ চনত এইখন উপন্যাসৰ বাবেই সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৯২ চনত হোমেন বৰগোহাঞিয়ে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। ইয়াৰ উপৰি তেখেত লাভ কৰা বঁটা সমূহ হৈছে – জয়কৃষ্ণ ৰামদয়াল বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা, হৰনাথ ঘোষ পদক ইত্যাদি। ‘বিশ্বকোষ’ আৰু ‘বিজ্ঞানকোষ’ প্ৰকাশ কৰিছিল। সামৰণি অসমীয়া সাহিত্যৰ এক জীৱন্ত পুথিভঁৰালস্বৰূপ হোমেন বৰগোহাঞিৰ জন্মদিন অৰ্থাৎ সাত (৭) ডিচেম্বৰৰ দিনটো সমগ্ৰ অসমত ‘প্ৰজ্ঞাৰ দিন’ ৰূপে পালন কৰা হয় । প্ৰায় পাঁচটা দশক অসমীয়া সাহিত্য তথা সংবাদ জগতৰ সেৱাতে নিমগ্ন হৈ থকা হোমেন বৰগোহাঞিয়ে ৮৯ বছৰ বয়সত ২০২১ চনৰ ১২ মে’ তাৰিখে কোভিড ১৯ মহামাৰীত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে।