সহৃদয় পঢ়ুৱৈ ৰাইজৰ সৰহভাগৰ বাবেই হয়তো শিৰোনামাত উল্লিখিত শব্দটিৰ অৰ্থ বোধগম্য হোৱা নাই। পিছে সেই বিষয়ে আদ্যোপান্ত আলচ কৰাৰ পূৰ্বে মানুহৰ বিভিন্ন ধৰণৰ আসক্তিৰ বিষয়ে দুআষাৰমান কোৱা সমীচীন হ’ব। ভাল-বেয়া বিভিন্ন বস্তুৰ প্ৰতি (আনকি জীৱ বা মানুহৰ প্ৰতিও) নাৰী-পুৰুষ-বয়স-ধৰ্ম নিৰ্বিশেষে একোজন ব্যক্তিৰ আসক্তি জাগিব পাৰে। এনেধৰণৰ আসক্তি ক্ষন্তেকীয়া বা দীৰ্ঘদিনীয়া ধৰণৰ হ’ব পাৰে। আঢ্যবন্ত মানুহ একোজন অলেখ ধন-সম্পত্তিৰ গৰাকী হ’লেও লটাৰী খেলি বা জুৱা খেলি নিজৰ সম্পত্তি দুগুণ কৰাৰ সপোন দেখে। সমাজৰ ৯৯ শতাংশ মানুহেই জীৱনত অন্ততঃ এবাৰৰ বাবে হ’লেও জুৱা খেলিছে। একাংশ নিচেই মুষ্টিমেয় মানুহৰ বাবে আকৌ জুৱা খেলাই হৈছে জীৱন সুধা এইবাবেই যে ইয়াৰ জৰিয়তে আহৰণ কৰা ধনৰ জৰিয়তে তেওঁলোকে পেটৰ ভাত মোকলায়। এই ধৰিত্ৰীৰ বুকুত থকা যিকোনো বস্তু বা বিষয়ৰ ওপৰতে তেওঁলোকে বাজী ধৰিবলৈ ইচ্ছুক। সৌ তাহানিখনৰে পৰাই বাজী খেলা বা জুৱা খেলাৰ প্ৰচলন মানৱ সমাজত আছে বুলি বুৰঞ্জীয়ে সকীয়াই কয়। পঞ্চ পাণ্ডৱ যুধিষ্ঠিৰৰ এইক্ষেত্ৰত থকা আসক্তি আৰু তাৰ ফলাফলৰ বিষয়ে সৰ্বজনবিদিত। সহস্ৰাধিক বছৰ পূৰ্বেই এনে প্ৰথাৰ প্ৰচলন আছিল বুলি জনা যায়। বৈদিক যুগৰ পূৰ্বেই এনেবোৰ প্ৰথাৰ প্ৰতি আসক্তি থকা মানুহৰ বিড়ম্বনাৰ ওপৰত লেটিন ভাষাত ৰচিত এটা কবিতাৰ ইংৰাজী অনুবাদ হৈছে ‘গেম্বলাৰ্ছ লেমেণ্ট।‘ এইখিনিতে প্ৰসংগক্ৰমে এজন চিকিৎসক তথা এজন লেখক হিচাপে উত্থাপন কৰিব খোজা বিষয়টি হৈছে যে মদ্যপান বা ড্ৰাগছৰ প্ৰতি থকা আসক্তিৰ লেখীয়াকৈ জুৱা খেলা বা বাজী মৰাৰ প্ৰতি থকা আসক্তি হৈছে একপ্ৰকাৰ নিচা। চিকিৎসা বিজ্ঞানৰ পৰিভাষাত এনেধৰণৰ বিকৃত মানসিক অৱস্থাকে ‘লুডোমেনিয়া’ বোলে। ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় তিনি শতাংশ মানুহ (ঘাইকৈ পুৰুষ) এইবিধ ৰোগত (!) আক্ৰান্ত বুলি এটা পৰিসংখ্যাৰ জৰিয়তে জনা গৈছে। যিহেতু আমাৰ দেশখন হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম জনবহুল দেশ, গতিকে এই ৰোগাক্ৰান্ত ব্যক্তিৰ সংখ্যা অভাৱনীয়ভাৱে বেছি আৰু সমাজৰ প্ৰতিটো স্তৰতে (ধনী-দুখীয়া নিৰ্বিশেষে) এনেধৰণৰ মানুহ পোৱা যায়। লুডোমেনিয়া ৰোগবিধ নিৰ্ণয় কৰা উজু নহয়। আক্ৰান্ত ব্যক্তিসকলে এই সন্দৰ্ভত ওজৰ-আপত্তি এইবাবেই নকৰে যে তেওঁলোকে এইবিধ ৰোগ বুলি গণ্য নকৰে বা অৱগত নহয়। ইয়াৰ কোনোধৰণৰ বাহ্যিক চিহ্ন বা উপসৰ্গ নাথাকে। কোনোবা আত্মীয় বা সম্পৰ্কীয় মানুহে কেতিয়াবা হঠাতে এই বিষয়ে উল্লেখ কৰিলেহে অৱস্থাটোৰ বিষয়ে দৃষ্টিগোচৰ হয়। আসক্ত ব্যক্তি একোজনে মনতে অনবৰতে জুৱা খেলাৰ বাবে উচপিচনি অনুভৱ কৰে। কাৰ্ড বা অন্যান্য ধৰণৰ জুৱা খেলৰ উপকৰণ সহজলভ্য নহ’লে এনেধৰণৰ আসক্ত ব্যক্তিসকলে নিচেই যৎসামান্য তথা হাস্যস্পদ বস্তুৰ ওপৰত ভিত্তি কৰিয়েই বাজী ধৰাৰ প্ৰয়াস কৰে। উদাহৰণস্বৰূপে সন্মুখৰ বাটেদি কেইখন ৰঙা বা মুগা বৰণীয়া গাড়ী পাৰ হৈ গ’ল তাৰ ওপৰতে বাজী ধৰিব। আসক্তিৰ এটা উপসৰ্গ হৈছে যে আৰ্থিক ক্ষয়ক্ষতি হোৱা স্বত্ত্বেও মানুহজনৰ জুৱা খেলাৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ অব্যাহত থাকে। এনেবোৰ ব্যক্তিৰ শৰীৰত ছেৰ’টনিন আৰু ন’ৰ এডৰেনেলিন নামৰ দ্ৰব্য দুবিধৰ মাত্ৰাত স্বাভাৱিকতকৈ বেছি নিৰিখত থাকে। গতিকে তেওঁলোকে অৱসাদ আৰু হতাশা অনুভৱ নকৰে। ষ্ট্ৰেছ বা উত্তেজনাময় পৰিৱেশত এনেবোৰ দ্ৰব্যৰ নিঃসৰণ ঘটে। বাজী মৰাৰ লগে লগে মগজুলৈ এনেবোৰ দ্ৰব্য প্ৰৱাহিত হয়। কোকেইন বা অন্যান্য দ্ৰব্য গ্ৰহণ কৰিলে যি উৎফুল্লিত অৱস্থাৰ শৰীৰত সৃষ্টি হয় অনুৰূপ ধৰণৰ এক অৱস্থা দেহত বিৰজিত হয়। ৰাসায়নিক দ্ৰব্যবোৰৰ শৰীৰত পৰিপাক ঘটাৰ পাছত এইবোৰৰ মাত্ৰা টুটি যায় আৰু ফলত সংশ্লিষ্ট ব্যক্তিগৰাকীৰ মানসিকতাত জুৱা খেলাৰ প্ৰৱণতা বাঢ়ে। শৰীৰত এই জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াটো ভালদৰে থিতাপি লোৱাৰ পাছত পৰিপাক ঘটিবলৈ প্ৰয়োজনীয় সময়ৰ পৰিমাণ কমি যায়। তুলনামূলকভাৱে তাকৰীয়া সময়ৰ বিৰতিৰ ভিতৰতে আসক্ত ব্যক্তিজনে ওপৰত বৰ্ণিত দৈহিক উত্তেজনাৰ সোৱাদ লভিবলৈ বেছি ডাঙৰ ধৰণৰ বাজী লগায়। কৈশোৰ অৱস্থাৰ শেহৰ পিনৰ পৰাই এনে আসক্তিয়ে মানৱ মনত গা কৰি উঠে। সামাজিক তথা চৌদিশৰ পৰিৱেশেও ইয়াৰ সৃষ্টি তথা উৎকৰ্ষ সাধনত অৰিহণা যোগায়। বাজী ধৰিলেই যে কোনো এজন ব্যক্তি সদায়ে জিকিব তাৰ কোনো মানে নাই। ক্ৰমবৰ্দ্ধিত হাৰত পৰাস্ত হোৱাৰ পাছত আসক্তিৰ তাড়নাত পৰি ব্যক্তিগৰাকীয়ে নিজৰ ধন-সোণ বিক্ৰী কৰে বা ধাৰ ল’বলগীয়া হয় বা আনকি অপৰাধমূলক কাৰ্যও সংঘটিত কৰে। ফলত ঘৰুৱা অশান্তিৰ সূত্ৰপাত হয় আৰু হতাশাই মানুহজনৰ মন আগুৰি ধৰে। শেহান্তৰত আৰ্থিকভাৱে সৰ্বস্বান্ত হৈ মানুহজনে আত্মহত্যাৰ পথো বাছি ল’ব পাৰে। সমীক্ষাৰ জৰিয়তে দেখা গৈছে যে ভাৰতত ঘটা মুঠ আত্মহত্যাৰ ১৫ শতাংশৰ কাৰণ হৈছে জুৱা খেলত সৰ্বস্বান্ত হোৱাৰ ফলত সৃষ্টি হোৱা বিলাই-বিপত্তি। এই ৰোগৰ চিকিৎসা কিছু কঠিন বুলিয়েই ক’ব লাগিব। প্ৰথম কথাটি হ’ল যে আক্ৰান্ত ব্যক্তি আৰু তেওঁৰ পৰিয়াল তথা বন্ধু-বান্ধৱসকল কেতিয়াও পতিয়ন নাযায় যে জুৱাৰ প্ৰতি মানুহজনৰ আসক্তি হৈছে আৰু ই প্ৰকৃততে এটা ৰোগ। গতিকে ভালেখিনি মূল্যৱান সময় পাৰ হৈ যায় আৰু আসক্ত ব্যক্তিগৰাকীৰ দৰব অথবা পৰামৰ্শৱলীৰ প্ৰতি প্ৰতিৰোধী ক্ষমতা গঢ় লৈ উঠে। হয়তো তাহানিখন মানুহজনে স্বেচ্ছাই এই বদ অভ্যাস পৰিহাৰ কৰিবলৈ কেইবাবাৰো ব্যৰ্থ প্ৰয়াস চলাইছিল। সমস্যাটিৰ আশু সমাধানৰ বাবে মনস্বত্ত্ববিদ তথা কাউণ্সেলৰৰ সহায় তথা পৰামৰ্শ অতিকৈ অপৰিহাৰ্য। জুৱা খেলাৰ বাবে মনত জাগি উঠা প্ৰৱণতা এৰুৱাবলৈ সঘনাই কাউণ্সেলিং (পৰামৰ্শ) ছেছনৰ দৰকাৰ হয়। ধাৰ বা ঋণৰ পৰা সকাহ লভিবলৈ পৰিয়াল বা বন্ধু-বান্ধৱে কৰা আৰ্থিক সহায়ৰ ফলত মানসিক হতাশা প্ৰশমিত হয়। পিছে সমস্যাটিৰ আন এক পৰিসৰ হৈছে যে ভুক্তভোগীজনে আৰ্থিকভাৱে সুস্থিৰ হোৱাৰ পাছত পুনৰ জুৱা খেলাৰ নিচাৰ কৰাল গ্ৰাসত পৰিব পাৰে। চিকিৎসা পদ্ধতি প্ৰকৃততে অন্যান্য আসক্তিজনিত অৱস্থাৰ নিৰাময় প্ৰণালীৰ সৈতে সাইলাখ একেই। বিভিন্ন ধৰণৰ দৰব ব্যৱহাৰ কৰা হয়। হতাশা নিবাৰক শ্ৰেণীভুক্ত দৰবৰ সৈতে মন-মেজাজ স্থিৰতা প্ৰদানকাৰী দৰব আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধাচৰণকাৰী দৰব এইক্ষেত্ৰত প্ৰয়োগ কৰাৰ স্থল আছে। ভাৰতৰ আটাইবোৰ গুৰুত্বপূৰ্ণ মহানগৰীতে ‘গেম্বলাৰ্ছ এন’নিমাছ’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ শাখা স্থাপন হৈছে। আক্ৰান্ত ব্যক্তিক সঠিক পথেদি আগবাঢ়িবলৈ এনেবোৰ সংস্থাই পথ-প্ৰদৰ্শকৰ লেখীয়াকৈ কাম কৰে। বাজী মৰাৰ প্ৰবৃত্তি নাশ কৰাৰ ইচ্ছা নিজৰ মনৰ পৰা জাগ্ৰত হ’ব লাগিব। ভুক্তভোগীজনে এষাৰ কথা উপলব্ধি কৰা উচিত যে ‘পৰিস্থিতি ইমানেই প্ৰতিকূল’ যে পিছৰ বাৰ জিকাৰ আশা বা সম্ভাৱনা তেওঁৰ পক্ষে তেনেই ক্ষীণ। গতিকে মনত বাজী মৰাৰ ইচ্ছা জাগ্ৰত বা উদ্ৰেককাৰী পৰিস্থিতি বা ব্যক্তি পৰিহাৰ কৰাই সমীচীন। শেহত সচেতন পঢ়ুৱৈসকলৰ প্ৰতি বিনীত দুটা প্ৰশ্নৰে নিৱন্ধটি সামৰিব খুজিছো। জুৱাৰীৰূপে খ্যাত যুধিষ্ঠিৰ এই লুডোমেনিয়া ৰোগাক্ৰান্ত আছিল নেকি (যদিহে মহাভাৰতৰ এই চৰিত্ৰটিৰ ঐতিহাসিক ভিত্তি আছে)। দ্বিতীয়তে প্ৰয়াত সত্যজিৎ ৰায়ৰ অনবদ্য অৱদান ‘শতৰঞ্জ কি খিলাড়ী’ৰ জুৱাত আসক্ত নায়কসকলৰ দেশ তথা সমাজৰ প্ৰতি কিমানখিনি দায়বদ্ধতা আছিল ? কিমধিকম। আজিৰ ৰাজনৈতিক নেতাসকলো প্ৰকৃততে লুডোমেনিয়াত আক্ৰান্ত নহ’লেও তেওঁলোকৰ কাৰ্য তথা কথাই বিপৰীত চিত্ৰহে প্ৰতিফলিত কৰে। (উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।