সাতখন মহাদেশ পৃথিৱীৰ মহাদেশৰ সংখ্যা সাতখন। সেই কেইখন হ'ল: এছিয়া, আফ্রিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু এন্টার্কটিকা বা কুমেৰু মহাদেশ। এছিয়া মহাদেশ এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ। এইখন মহাদেশে পৃথিৱীৰ স্থলভাগৰ প্রায় এক-তৃতীয়াংশ ঠাই আগুৰি আছে। ইয়াৰ মাটিকালি: ৪,৩৯,৯৯,০০০ বর্গ কিলোমিটাৰ (পৃথিৱীৰ মুঠ মাটিকালিৰ ২৯.৫ শতাংশ)। জনসংখ্যা (২০২৩): ৪৭৫.১৯ কোটি (পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৫৯.৩৬ শতাংশ)। ২৫ ডিগ্রী পূব দ্রাঘিমাৰ পৰা ১৭০ ডিগ্রী পূব দ্রাঘিমালৈ এছিয়া মহাদেশ বিস্তৃত। কেইটামান পূব ভাৰতীয় দ্বীপৰ বাহিৰে এছিয়া মহাদেশৰ বাকী অংশ উত্তৰ গোলার্ধত অৱস্থিত। আফ্রিকা মহাদেশ আকাৰত আফ্রিকা পৃথিৱীৰ দ্বিতীয় বৃহৎ মহাদেশ। আফ্রিকা মহাদেশ এছিয়াৰ প্ৰায় দুই-তৃতীয়াংশৰ সমান। কর্কট ক্রান্তি আৰু মকৰ ক্ৰান্তি দুয়োডাল ৰেখা এই মহাদেশৰ মাজেদি গৈছে। তদুপৰি বিষুৱ ৰেখাই আফ্রিকা মহাদেশক প্রায় দুটা সমান অংশত ভাগ কৰিছে। আফ্রিকা মহাদেশ ৩৭২ ডিগ্রী উত্তৰ অক্ষৰেখাৰ পৰা ৩৪২ ডিগ্রী দক্ষিণ অক্ষৰেখা আৰু ৫১ ডিগ্রী পূব দ্রাঘিমাৰ পৰা ১৭ ডিগ্রী পশ্চিম দ্রাঘিমালৈ বিস্তৃত। ভূমধ আৰু লোহিত সাগৰে আফ্রিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে। ইউৰোপ মহাদেশ ইউৰোপ মহাদেশ এছিয়াৰ পশ্চিমে অৱস্থিত। আন মহাদেশ কেইখনৰ তুলনাত (অষ্ট্ৰেলিয়া আৰু এন্টার্কটিকাক বাদ দি) ইয়াৰ মাটিকালি কম যদিও এই মহাদেশ অতি ঘনবসতিপূর্ণ। এই মহাদেশখনৰ ৰাষ্ট্ৰবোৰে বহু বছৰ ধৰি বিশ্বৰ ৰাজনৈতিক ক্ষেত্ৰত বিশেষ প্রভাৱ বিস্তাৰ কৰি আহিছে। ইউৰোপৰ মাটিকালি পৰা ৩৬ ডিগ্রী দক্ষিণ অক্ষৰেখা আৰু ৯: ডিগ্রী পশ্চিম দ্রাঘিমাৰ পৰা ৬৬ ডিগ্রী পূব দ্রাঘিমালে বিস্তৃত। চাৰিসীমা: উত্তৰে উত্তৰ মহাসাগৰ; পূবে এছিয়া মহাদেশ; দক্ষিণে ভূমধ্য সাগৰ, কৃষ্ণ সাগৰ আৰু আফ্রিকা: পশ্চিমে আটলান্টিক মহাসাগৰ। মঠ দেশঃ ৪৫ খন। সমুদ্রপৃষ্ঠৰ পৰা সর্বোচ্চ বিন্দু : মাউন্ট এলব্ৰুছ (ৰাছিয়া), ৫,৬৩৩ মিটাৰ। সমুদ্রপৃষ্ঠৰ পৰা সৰ্বনিম্ন বিন্দু। কাস্পিয়ান সাগৰ (ৰাছিয়া-ইৰাণ), ২৮ মিটাৰ। উত্তৰ আমেৰিকা উত্তৰ গোলাৰ্ধৰ অন্যতম মহাদেশ উত্তৰ আমেৰিকা। এইখন মহাদেশ পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ। খনিজাত দ্রব্য আৰু বনজ সম্পদত চহকী উত্তৰ আমেৰিকা কৃষি আৰু উদ্যোগতো এখন আগশাৰীৰ মহাদেশ। এই মহাদেশ ৮৩ ডিগ্রী উত্তৰ অক্ষৰেখাৰ পৰা ৭ ডিগ্রী উত্তৰ অক্ষৰেখা আৰু ২০ ডিগ্রী পূব দ্রাঘিমাৰ পৰা ১৬৮ ডিগ্রী পশ্চিম দ্রাঘিমালৈ বিস্তৃত। বেৰিং প্রণালী আৰু পানামা খালে উত্তৰ আমেৰিকাক ক্রমে এছিয়া মহাদেশ আৰু দক্ষিণ আমেৰিকাৰ পৰা পৃথক কৰিছে। দক্ষিণ আমেৰিকা ই দক্ষিণ গোলাৰ্ধৰ এখন অন্যতম মহাদেশ। ইয়াৰ ৰাষ্ট্ৰবোৰ অৰ্থনৈতিকভাবে দুর্বল। আকৃতিত ত্রিভুজ এটাৰ দৰে এইখন মহাদেশ ১১'-, ডিগ্রী উত্তৰ অক্ষৰেখাৰ পৰা ৫৫ ডিগ্রী দক্ষিণ অক্ষৰেখা আৰু ৩৫ ডিগ্রী পূব দ্রাঘিমাৰ পৰা ৮২ ডিগ্রী পশ্চিম দ্রাঘিমালৈ বিস্তৃত। এই মহাদেশৰ মাজেৰে মকৰ ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। এই মহাদেশৰ উত্তৰৰ উপকূলীয় অঞ্চলৰ বাহিৰে বাকী সৰহভাগেই দক্ষিণ গোলার্ধত অৱস্থিত। এই মহাদেশক আটলান্টিক আৰু প্রশান্ত মহাসাগৰে আগুৰি আছে। মহাদেশখনৰ প্ৰায়বোৰ দেশেই দীর্ঘদিন ধৰি স্পেনিছ আৰু পর্তুগীজ ঔপনিৱেশিকৰ অধীনত থকাৰ পিছত বৰ্তমান স্বাধীন হৈছে আৰু আন আন উন্নতি অভিলাসী দেশৰ দৰে এইবোৰ দেশেও অর্থনৈতিক তথা সাংস্কৃতিক উন্নতিৰ পথত আগবঢ়াৰ প্ৰয়াস কৰিছে। অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়া পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ। ইয়াক এক বৃহৎ দ্বীপ-মহাদেশ বুলিব পাৰি। অষ্ট্ৰেলিয়া আৰু ইয়াৰ লগতে নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আৰু প্রশান্ত মহাসাগৰীয় দ্বীপপুঞ্জক একেলগে অষ্ট্ৰেলেছিয়া বা ওচেনিয়া বুলি কোৱা হয়। মুঠ দেশঃ ১৪ খন। সমুদ্রপৃষ্ঠৰ পৰা সর্বোচ্চ বিন্দুঃ পানকাক জয়া (ইণ্ডোনেছিয়া), ৪,৮৮৪ মিটাৰ। সমুদ্রপৃষ্ঠৰ পৰা সৰ্বনিম্ন বিন্দুঃ আয়াৰ হ্রদ (দক্ষিণ অষ্ট্ৰেলিয়া), ১৫.৮ মিটাৰ। কুমেৰু বা এন্টার্কটিকা মহাদেশ কুমেৰু মহাদেশ মাটিকালিৰ দিশত পৃথিৱীৰ পঞ্চম স্থানাধিকাৰী। এই মহাদেশৰ ভূভাগ বৰফেৰে আৱৰা। ইয়াৰ ভূভাগৰ ওপৰত থকা বৰফৰ আচ্ছাদন প্রায় দুহাজাৰ মিটাৰ। পৃথিৱীৰ ভূভাগৰ প্রায় ১০ শতাংশ এই মহাদেশে আৱৰি ৰাখিছে। এই মহাদেশ বিশ্বৰ আটাইতকৈ শীতল অঞ্চল। সমগ্র পৃথিৱীৰে মুঠ বৰফৰ ৯০ শতাংশ ইয়াত আছে। এই মহাদেশ জনবসতিহীন। পেংগুইন, তিমি, ছীল আদিয়েই ইয়াৰ প্ৰধান অধিবাসী। তদুপৰি ইয়াত ৪০০ প্রজাতিৰ বিভিন্ন গছ আৰু প্ৰায় ৪৫টা প্ৰজাতিৰ চৰাইৰ সন্ধান পোৱা গৈছে।