অংশগ্ৰহণকাৰী: ৩০-৪০ জন সময়: ৬০ মিনিট সামগ্ৰী: এখন কাগজ, পেঞ্চিল বা কলম। পূৰ্ৱ প্ৰস্তুতি: কিছুমান জ্যামিতিক চিত্ৰ কাগজত আঁকি থওক। উদ্দেশ্য: নিৰ্দিষ্ট শব্দৰ লগত সংলগ্ন হৈ থকা ধাৰণা সলোৱা। কথাটো ঠিকমতে বুজাবলৈ কেনেকৈ ক’ব লাগে। আমি কেনেকৈ নিৰ্দেশ দিওঁ আৰু ইয়াৰ কি প্ৰভাৱ পৰে। কেনেকৈ খেলিব প্ৰথম ভাগ: সকলোৱে ঘূৰণীয়াকৈ বহি লওক। প্ৰশিক্ষকগৰাকীয়ে যিকোনো এগৰাকী ব্যক্তিক মাতি আনিব আৰু তেওঁক আঁকি থোৱা চিত্ৰ এখন দিব। সেই ব্যক্তিজনে সকলোৰে ফালে পিঠি দি থিয় হৈ ল’ব। যেনেদৰে তেওঁ নিৰ্দেশ দি যাব বাকীবোৰে ঠিক তেনেকৈ ছবি আঁকিব। কোনোৱে প্ৰশ্ন সুধিব নোৱাৰিব। চিত্ৰখনৰ সম্পূৰ্ণ বিৱৰণ দিয়াৰ পাছত তেওঁ চাব, কাৰ ছবিখন ঠিক্ হৈছে। দ্বিতীয় ভাগ: এতিয়া সেইজন মানুহে সকলোৰে ফালে মুখ কৰি ছবিখনৰ বিৱৰণ দিব। এতিয়া তেওঁ সকলোৰে ফালে চাব পাৰে বা তেওঁক সোধা যিকোনো প্ৰশ্নৰো উত্তৰ দিব পাৰে। সকলোবোৰ নিৰ্দেশ দি উঠাৰ পাছত, তেওঁ চাব কাৰ ছবিখন সঠিক হৈছে। দুয়োটা স্থিতিৰে তুলনা কৰিলে দেখা যাব যে সকলোৰে ফালে মুখ কৰি বিৱৰণ দিয়া চিত্ৰখন বেছি সঠিক হৈছে। তৃতীয় ভাগ: এতিয়া প্ৰশিক্ষকগৰাকীয়ে সকলোৰে মাজৰ পৰা এজনক মাতি আনিব আৰু তেওঁক চিত্ৰখন দেখুৱাব। চিত্ৰখন কেনেকৈ তৈয়াৰ কৰাব লাগে, সেই কথাটো প্ৰশিক্ষকগৰাকীয়ে নকয়।পাছত অহা মানুহজনে যিকোনো উপায়ে চিত্ৰখন তৈয়াৰ কৰোৱাবলৈ যত্ন কৰিব। কোনো বাধা নিষেধ নাথাকিব। প্ৰায়ে দ্বিতীয়জন ব্যক্তিয়ে প্ৰথমজনৰ পদ্ধতিকে লোৱা দেখা যায়। প্ৰথমজনক যি নিৰ্দেশ দিয়া হৈছিল, সেই অনুসাৰে এইজনে নিৰ্দেশ দিয়া দেখা যায়। আলোচনা: ইয়াত মন কৰিবলগীয়া কথা হ’ল যে, দ্বিতীয়জন ব্যক্তিয়ে সকলোকে চিত্ৰখন দেখুওৱাত কোনো বাধা নথকা সত্বেও তেওঁ সেইখন নেদেখুৱায়। সাধাৰণতে সকলোৰে নিৰ্দেশ অনুযায়ীহে কাম কৰাৰ মানসিকতা থাকে। সেইবাবে কোনো বাধা নিষেধ নথকা সত্বেও চিত্ৰখন নেদেখুৱায়। সাৱধানতা: এইটো খেলত এটা উত্তেজনাৰ পৰিৱেশ সৃষ্টি হয়। লেখিকাৰ নাম: বৰ্ণালী শৰ্মা