অংশগ্ৰহণকাৰী:৩০-৫০ জন সময়:৩০ মিনিট উদ্দেশ্য একাগ্ৰতাৰ বিকাশ কৰা। স্মৃতি শক্তি বঢ়োৱাৰ চেষ্টা কৰা। এজনে আনজনৰ নাম মনত ৰখা। কেনেকৈ খেলিব: সকলোৱে ঘূৰণীয়াকৈ বহিব। এজনে নিজৰ নামটো প্ৰথমে ক’ব। তেওঁৰ ওচৰত বহাজনে প্ৰথমজনৰ নামটো কৈ পাছত নিজৰ নামটো ক’ব। তৃতীয়জনে প্ৰথম আৰু দ্বিতীয়জনৰ লগতে নিজৰ নামটো ক’ব। এনেদৰে প্ৰত্যেকেই আগৰ কেইজনৰ লগতে নিজৰ নামটো ক’ব। শেষত, প্ৰথমে নিজৰ নাম কোৱাজনে সকলোবোৰৰ নাম ক’ব। সাৱধানতা: কিছুমান ক্ষেত্ৰত কিছুমানে নাম মনত ৰাখিব নোৱাৰে। বিশেষকৈ বয়সস্থ পুৰুষ আৰু মহিলাসকলে। এনে ক্ষেত্ৰত প্ৰশিক্ষকগৰাকীয়ে পৰিস্থিতি বুজি খেলটো চলাবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। পৰিচয় খেল-১ অংশগ্ৰহণকাৰী: ২০ জন মুঠ সময়: ৩০ মিনিট উদ্দেশ্য: অংশগ্ৰহণকাৰীসকলৰ মাজত আত্মীয়তা বঢ়োৱা। ৰচনাত্মাক পদ্ধতিৰে এজনে আনজনৰ পৰিচয় লোৱা। কেনেকৈ খেলিব: সকলোৱে ঘূৰণীয়াকৈ বহি লওক। প্ৰত্যেকে নিজৰ নাম আৰু নামটোৰ অৰ্থ কওক। লগতে, নিজৰ ভাল লগা বস্তু, কাম, ফল আদিৰ নাম কওক আৰু কিয় ভাল লাগে কোক। টোকা: এই খেলটো নৱসাক্ষৰসকলৰ লগতো খেলিব পাৰিব। এইটো খেলত আখৰ চিনাকি সোনকালে হয়। নামৰ প্ৰথম আখৰটোৰে কোনো বস্তুৰ নাম কওক। ধৰাহ’ল, নামটো মনবৰ। তেতিয়া ‘মম্ৰে আৰম্ভ হোৱা কোনো কাম বা বেলেগ নাম ক’ব পাৰে। লেখিকাৰ নাম: বৰ্ণালী শৰ্মা