অংশগ্ৰহণকাৰী:৩০ জন সময়:৩০ মিনিট সঁজুলি: এটা বল। উদ্দেশ্য: নাম সোনকালে মনত ৰখা। নামটো মনত ৰাখিবলৈ পাছৰ দিনাও এই খেলত খেলিব লাগে। কেনেকৈ খেলিব: সকলোৱে ঘূৰণীয়াকৈ বহি লওক। এজনে বলটো ল’ব। নিজৰ দুয়োকাষৰ মানুহ দুজনক বাদ দি আন এজনৰ নামটো কৈ বলটো তেওঁলৈ দলিয়াওক। যিজনে বলটো পাব, তেওঁ এইটোকে কৰিব। এইদৰে প্ৰত্যেকেই এবাৰ এবাৰ বলটো পাব। দুই তিনিবাৰমান বলটো ঘূৰাৰ পাছতে যাতে সকলোৰে নাম কোৱা হৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সাৱধানতা: বলটো যাতে সকলোৱে পায়, প্ৰশিক্ষকগৰাকীয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। নামটো সুধি ল’ব পাৰিব। ইজনে সিজনৰ বিষয়ে জনা খেল অংশগ্ৰহণকাৰী:২০-৩০ জন সময়: ৪৫-৬০ মিনিট উদ্দেশ্য: সহযোগীসকলৰ মাজত চিনাকি বঢ়োৱা। ইজনে সিজনৰ বিষয়ে জনা। সহযোগীজনে কোৱা কথাবোৰ মনত ৰখা। সেইবোৰ সকলোৰে আগত কোৱা। কেনেকৈ খেলিব: সকলোৱে ঘূৰণীয়াকৈ বহি লওক। দুজন-দুজনকৈ বহি একোটাকৈ দল গঠন কৰক। যিজনৰ বিষয়ে বিশেষ নাজানে তেনে লোকৰ লগতহে দলটো গঠন কৰিব। ঘৰ, পৰিয়াল, অভিৰুচি আদিৰ বিষয়ে ১০ মিনিটকৈ কথা পাতি ইজনে সিজনৰ বিষয়ে জানি লওক। এতিয়া সকলোৰে আগত প্ৰত্যেকে নিজৰ সহযোগীজনৰ বিষয়ে জানি উঠা কথাখিনি ক’ব লাগে। সকলোৰে আগত যিকোনো সহযোগীয়ে প্ৰশ্ন কৰিব পাৰে। টোকা: সময় কম হ’লে শেষৰ ভাগটো বাদ দিব পৰা যায়। লিখকৰ নাম: বৰ্ণালী শৰ্মা।