অংশগ্ৰহণকাৰী: ২০-৩০ জন সময়: ৩০ মিনিট উদ্দেশ্য: মনোৰঞ্জনৰ লগতে একাগ্ৰতাৰ বিকাশ কৰা। পৰিৱেশটো আনন্দদায়ক কৰি তোলা। কেনেকৈ খেলিব: সকলোৱে ঘূৰণীয়াকৈ থিয় হৈ লওক। প্ৰশিক্ষকগৰাকীয়ে ‘ভাটৌৱে কয়’ এই বাক্যটোৰ খেল আৰম্ভ কৰিব। তেওঁ প্ৰত্যেকটো কথা কোৱাৰ আগতে ‘ভাটৌৱে কয়’ এই বাক্যটো ক’ব। তেওঁ যদি কয়, ভাটৌৱে কয় বহি যোৱা, তেতিয়া সকলোৱে বহিব। তেওঁ যদি কয়, ভাটৌৱে কয় নাচা, তেতিয়া সকলোৱেই নাচিব। এই কামবোৰ সকলোৱে দৌৰাদৌৰিকৈ কৰিব লাগিব। যদি ‘ভাটৌৱে কয়’, এই বাক্যটো নকয়, তেতিয়া যি কাম কৰিব দিয়া হয়, সেই কামটো কোনেও কৰিব নালাগে। যদি কেৱল কোৱা হয়, বহা তেতিয়া কোনেও বহিব নালাগে। যিসকলে কেৱল বহা বুলি কওঁতেই বহি দিয়ে, তেওঁলোক খেলটোৰ পৰা বাহিৰ হৈ যাব। এই খেলটোত খুব সোনকালেই বহুত মানুহ খেলৰ পৰা বাহিৰ হৈ যায়। কিয়নো ‘ভাটৌৱে কয়’ এই বাক্যটো বাৰে বাৰে আৰু সোনকালে সোনকালে কয়। ‘ভাটৌৱে কয়’ বাক্যটো শুনি শুনি সকলোবোৰ ইমান অভ্যস্ত হৈ পৰে যে, সেইবুলি নকলেও সকলোৱে কোৱা বুলি ধৰি লয় আৰু যি কৰিবলৈ কোৱা হয় তাকে কৰে। লেখিকাৰ নাম: বৰ্ণালী শৰ্মা