অংশগ্ৰহণকাৰী: ৩০ জন সময়: ৩০ মিনিট সামগ্ৰী: কলম, কাগজ আৰু চিত্ৰ উদ্দেশ্য: দেখা বস্তুটো কথাৰে প্ৰকাশ কৰোঁতে পূৰ্ণতা নাপায়। কথা কেনেকৈ সলনি হৈ যায়। আমি কেনেকৈ নিৰ্দেশ দিওঁ আৰু ইয়াৰ প্ৰভাৱ কি পৰে। কেনেকৈ খেলিব: প্ৰশিক্ষকগৰাকীয়ে আগতেই এখন চিত্ৰ বাছি থ’ব। সকলোৱে ঘূৰণীয়াকৈ বহি লওক। গোটেইখিনি মানুহেৰে দুজন দুজনকৈ একোটা দল গঠন কৰক। প্ৰশিক্ষকগৰাকীয়ে প্ৰত্যেক দলৰে এজনক বাহিৰলৈ মাতি আনিব আৰু তেওঁক চিত্ৰখন দেখুৱাব। এতিয়া যিসকলে চিত্ৰখন দেখিছে, তেওঁলোকে নিজৰ সহযোগীজনৰ হতুৱাই চিত্ৰখন অঁকাব। যিজনে দেখিছে, তেওঁ থিয় হৈ চিত্ৰৰ বিৱৰণ দিব। চিত্ৰ অঁকাজনে প্ৰশ্ন সুধিব নোৱাৰিব, তেওঁ কৈ থকাজনৰ নিৰ্দেশ অনুযায়ী চিত্ৰ আঁকি যাব লাগিব। সাৱধানতা: প্ৰশিক্ষকগৰাকীয়ে স্পষ্ট নিৰ্দেশ দিব লাগে যাতে দেখি আৰু নেদেখাকৈ চিত্ৰ অঁকা, এই দুয়োটা স্থিতি স্পষ্ট হয়। লেখিকাৰ নাম: বৰ্ণালী শৰ্মা