অংশগ্ৰহণকাৰী: ৩০-৩৫ জন। সময়: ৩০-৪৫ মিনিট। উদ্দেশ্য: খেলৰ লগে লগে একাগ্ৰতাৰ বিকাশ সাধন কৰা। পৰিৱেশটো আনন্দময় কৰা। কেনেকৈ খেলিব: প্ৰত্যেকে ঘূৰণীয়াকৈ বহি লওক। এজন ব্যক্তি মাজত থাকিব। তেওঁ যিকোনো এজনৰ ওচৰলৈ গৈ শিয়াল বা সিংহৰ সংকেত কৰিব। সিংহৰ সংকেত হ’ল জোৰকৈ ‘হোৱাও’ বুলি কোৱা আৰু শিয়ালৰ সংকেত হ’ল দুয়োখন হাত কাণৰ ওপৰলৈ নি আগফালে আৰু পিছফালে লৰোৱা। যদি সিংহৰ সংকেত হয়, তেতিয়াহ’লে আনজনে বন্দুক মৰাৰ প্ৰতিক্ৰিয়া দেখুৱাব আৰু শিয়ালৰ সংকেত হয়, তেতিয়াহ’লে আনজনে হুৰৰৰ কৈ শিয়ালটোক খেদাৰ প্ৰতিক্ৰিয়া দেখুৱাব। যেতিয়ালৈকে কোনেৱে ভুল প্ৰতিক্ৰিয়া নেদেখুৱায়, তেতিয়ালৈকে মজত থিয় হৈ থকাজনে শিয়ালআৰু সিংহৰ সংকেত দি ফুৰিব। কোনোৱে যদি প্ৰতিক্ৰিয়া দেখুওৱাত ভুল কৰে, সেইজন ব্যক্তি মাজলৈ উঠি আহিব আৰু আগতে থিয় হৈ থকাজন বহি যাব। লেখিকাৰ নাম: বৰ্ণালী শৰ্মা