অংশগ্ৰহণকাৰী: ৩০ জন সময়: ৩০ মিনিট উদ্দেশ্য উত্তেজনা কম কৰা। সংকোচ দূৰ কৰা। একতাৰ ভাব বঢ়োৱা। আলস্য আতঁৰোৱা। কেনেকৈ খেলিব: অংশগ্ৰহণকাৰীসকল দুটা দলত ভাগ লৈ ল’ব। এই দুয়োটা দলে মাজত ছফুট মানৰ ব্যৱধান ৰাখি দুটা শাৰীত থিয় হৈ ল’ব। দুয়োটা শাৰীৰ পিছফালে দৌৰিব পৰাকৈ খালী ঠাই থাকিব লাগে। এটা দল ৰাম আৰু আনটো ৰাৱণ। এজনে কাষৰীয়াকৈ থিয় হৈ চিঞৰিব; ৰা…ম বা ৰা…ৱ..ণ। যদি তেওঁ ৰাম বুলি কৈ চিঞৰে, তেতিয়া ৰাম দলটো পলাব আৰু ৰাৱণ দলে সিহঁতক ধৰিব। যদি তেওঁ ৰাৱণ বুলি চিঞৰে তেন্তে ৰাৱণ দলটো পলাব আৰু ৰাম দলে সিহঁতক ধৰিবলৈ খেদিব। লেখিকাৰ নাম: বৰ্ণালী শৰ্মা