অসম সাহিত্য সভা পৰিচয়: অসম সাহিত্য সভা হৈছে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতি সাধনৰ অৰ্থে গঠিত অসমৰ বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান । ১৯১৭ চনৰ ২৬ ডিচেম্বৰত পদ্মনাথ গোহাঞি বৰুৱাৰ সভাপতিত্বত অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয়। তেতিয়া ইয়াৰ নাম আছিল 'সদৌ আসাম সাহিত্য সম্মিলনী'। ১৯২৪ চনৰ ৫ মে'ত ই আসাম সাহিত্য সভা হিচাপে পঞ্জীয়নভুক্ত হয় আৰু ১৯৪৪ চনত সভাৰ নাম 'অসম সাহিত্য সভা' কৰা হয়। উদ্দেশ্যঃ অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি কৰা, অসমৰ থলুৱা ভাষা-সাহিত্য, সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰাই হ'ল অসম সাহিত্য সভাৰ উদ্দেশ্য। প্রতীক: অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীকটো ১৯৬০ খ্ৰীষ্টাব্দৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হয়। প্রতীকটো আঁকিছিল শিল্পী যুগল দাসে। প্রতীকটো এনেধৰণৰঃ এখন ঠগাত থকা সাঁচিপতীয়া পুথিৰ ওপৰত মাটিৰ চাকি, তাৰ চাৰিওফালে 'চিৰ চেনেহী মোৰ ভাষা জননী' লিখা আছে, তলত এটি তৰা। ঠগাৰ তলৰ ভূমিত 'অসম সাহিত্য সভা' লিখা আছে। প্রতীকৰ বেদীত অসম সাহিত্য সভা নামটো থাকি সভাক ধৰি ৰাখিছে। সংগীত: লক্ষ্মীনাথ বেজবৰুৱাৰ 'অসম সংগীত'ৰ প্ৰথম স্তৱকটি সভাৰ পতাকা-উত্তোলনৰ গীত হিচাপে ব্যৱহাৰ কৰা হয়। মিত্ৰদেৱ মহন্ত ৰচিত 'চিৰ চেনেহী মোৰ ভাষা জননী' গীতটি সভাৰ অনুষ্ঠানৰ আৰম্ভণি গীত হিচাপে আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ 'অ' মোৰ আপোনাৰ দেশ' গীতটি সভাৰ সামৰণি গীত হিচাপে ব্যৱহাৰ কৰা হয়। ১৯৩৩ চনত অসম সাহিত্য সভাই ইয়াৰ প্ৰকাশন গোটৰ পৰা 'চন্দ্রকান্ত অভিধান' প্রকাশ কৰি উলিয়ায়। সভাই অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি সম্বন্ধীয় প্রায় আঢ়ৈশখন মূল্যবান পুথি প্রকাশ কৰাৰ লগতে প্রথম অসমীয়া শিশু বিশ্বকোষৰ ('শিশু জ্ঞানকোষ') পাঁচটা খণ্ড প্রকাশ কৰি উলিয়াইছে। তদুপৰি অসম সাহিত্য সভাৰ মুখপত্র 'অসম সাহিত্য সভা পত্রিকা' প্রকাশ কৰে। ২০০১ চনৰ পৰা সভাই এলানি অসমীয়া বিষয়-বিশ্বকোষ প্রকাশৰ এক অভিলাসী আচঁনি গ্ৰহণ কৰে। সেই অনুসৰি বৰ্তমানলৈকে বিজ্ঞান, সাহিত্য, ইতিহাস, সমাজ আৰু সংস্কৃতি বিষয়ৰ বিশ্বকোষ প্রকাশ কৰি উলিয়াইছে। ইয়াৰ পাছত পর্যায়ক্রমে আন বিভিন্ন বিষয়ৰ বিশ্বকোষ প্ৰকাশৰ কাম কৰা হ'ব। অসম সাহিত্য সভাৰ শতবার্ষিকী উৎসৱ উদ্যাপনৰ সময়তে বা তাৰ আগতে আটাইবোৰ বিষয়ৰ বিশ্বকোষ প্রকাশ হৈ ওলোৱাৰ কথা। সভাই অনা-অসমীয়াসকলৰ বাবে প্ৰাথমিক, মাধ্যমিক, প্রাক্ মাধ্যমিক, প্রাক্ ভাৰতী আৰু ভাৰতী এই পাঁচটা ভাগত অসমীয়া ভাষা-জ্ঞান পৰিচালনা কৰে। প্ৰতিবছৰে (বর্তমানে প্রতি দুবছৰৰ মূৰত) বিশাল আয়োজনেৰে অনুষ্ঠিত সভাৰ অধিবেশনসমূহ অসমৰ এক উল্লেখযোগ্য তথা জনপ্রিয় অনুষ্ঠানৰূপে পৰিগণিত হৈছে। ১৯৫২ চনৰপৰা অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি আৰু অসমৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে এক আন্দোলনৰ সূত্ৰপাত হৈছিল। ভাষাক কেন্দ্ৰ কৰি ভাৰতৰ ৰাজ্য গঠন ‘ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬’ বলবৎ হোৱাৰ পিছত এই আন্দোলন অধিক সবল হয়। অসম সাহিত্য সভায়ে অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ দাবী জনায়। পৰৱৰ্ত্তী সময়ত ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’[1] প্ৰণয়ন কৰা হয় আৰু অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। ভাষা আইন প্ৰণয়ন হোৱাৰ পিছত বৰাক উপত্যকাত এই আইনৰ বিৰোধিতা কৰা হৈছিল। অসমীয়া ভাষাৰ এই দুৰ্যোগ কালৰ পিছত ১৯৬২ চনত অসম সাহিত্য সভায়ে অসমীয়া ভাষা শিক্ষা পৰীক্ষা বুলি অসমীয়া নজনা লোকে শিকিবৰ বাবে এটি পাঠ্যক্ৰম আৰম্ভ কৰিছিল। এই পাঠ্যক্ৰম কিমান দিন চলিল তাৰ তথ্য পোৱা হোৱা নাই। পিছত অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাই সভাৰ সংবিধানৰ ৭ নং পৰিচ্ছেদৰ ৪২ নম্বৰ দফা অনুসৰি ২০০৯ চনত ‘অসম সাহিত্য সভা মুক্ত শিক্ষা পাঠ্যক্ৰম সংসদ’ গঠন কৰে। এই সংসদৰ মুখ্য উদ্দেশ্য আছিল— · অসমৰ ভৌগলিক চাৰিসীমাৰ ভিতৰত আৰু অসমৰ বাহিৰত বসবাস কৰি থকা অনা-অসমীয়া যিসকল লোকে অসমীয়া ভাষাটো ক’ব আৰু লিখিব নাজানে তেনে লোকক অসমীয়া ভাষা-শিক্ষা প্ৰদান কৰা। · মাতৃভাষাৰ প্ৰচাৰ আৰু সংবৰ্ধন কৰা। · প্ৰশাসনিক স্তৰত অসমীয়া ভাষাৰ প্ৰণয়ন সুচল কৰা। · সামাজিকভাৱে অসমীয়া আৰু অনা-অসমীয়া লোকৰ মাজত সমন্বয় সেতু গঢ়ি তোলা। লগতে যিসকল অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰি বিভিন্ন কাৰণত অসমীয়া ভাষাৰ শিক্ষা গ্ৰহণৰপৰা বঞ্চিত হ’ল, সেই ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ভাষাশিক্ষা দিয়াটো সংসদৰ জাতীয় দ্বায়িত্ব বুলি ধৰা হৈছে। প্ৰণালীবদ্ধভাৱে অসমীয়া ভাষাৰ কথন, পঠন আৰু লেখনৰ শিক্ষা প্ৰদানৰ কাৰণে অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ অধীনত ২০১৭ চনৰপৰা এবছৰীয়া ভাষাশিক্ষা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হয়। এই সংসদৰ অধীনত অৰুণাচল প্ৰদেশৰ নাহৰলগুনত এটা কেন্দ্ৰ মুকলি কৰি ইচ্ছুক লোকে অসমীয়া ভাষা শিক্ষা গ্ৰহণ কৰিব পৰাকৈ তিনিমহীয়া পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছে। বৰ্তমান অসমত ৬ টা কেন্দ্ৰত মুক্ত শিক্ষা সংসদৰ অসমীয়া ভাষাৰ পাঠ্যক্ৰম সুকলমে চলি আছে। [1] The Assam Official Language Act, 1960, https://www.indiacode.nic.in