এলবার্ট আইনষ্টাইনৰ ল'ৰালিকাল এলবার্ট আইনষ্টাইনৰ নাম শুনিছানে? তেওঁ আছিল পৃথিৱী বিখ্যাত এজন পদাৰ্থ বিজ্ঞানী। এই মহান বিজ্ঞানীজনাই পদার্থ বিজ্ঞানৰ প্রচলিত ধাৰণাৰ এক ব্যতিক্রমী শাখা আপেক্ষিকতাবাদৰ (Relativity) জন্ম দিছিল। ইউৰোপ মহাদেশৰ শক্তিশালী দেশ জার্মানী। এই জার্মানী দেশৰে দক্ষিণ ফালে থকা এখন সুন্দৰ মনোমোহা ঠাই হৈছে বেভেৰিয়া। বেভেৰিয়াৰে এটি মনোমোহা অঞ্চল ভিৰটেমবার্গ আৰু এই ভিৰটেমবাৰ্গৰে এখন সক চহৰ উলম। এই চহৰতে ১৯৭৯ চনৰ ১৪ মার্চ তাৰিখে এটি সৰু পৰিয়ালত এটি দেৱশিশুৰ জন্ম হৈছিল। এই দেৱশিশুটিৰ নাম হ'ল এলবার্ট আইনষ্টাইন। তেওঁৰ দেউতাকৰ নাম হাৰম্যান আইনষ্টাইন আৰু মাকৰ নাম প'লিন কোচ। হাৰম্যানৰ এটি সৰু ব্যৱসায় আছিল। প'লিনেও মাজে সময়ে তেওঁ ব্যৱসায়ত সহায় কৰিছিল। এলবাৰ্টৰ জন্মৰ ছয় সপ্তাহৰ পিছতে হাৰম্যানলৈ ভায়েক জেকবে চিঠি এখন লিখি গোটেই পৰিয়ালটোক উলমৰপৰা মিউনিখ চহৰলৈ মাতি পঠালে। মিউনিখত জেকবৰ এটা বিদ্যুৎ ৰাসায়নিক কাৰখানা আছে। কাৰখানাৰ লাভালাভো ভাল। গতিকে ককায়েক হাৰম্যানে তালৈ গৈ তেওঁক সহায় কৰিব লাগে। আর্থিক অনাটনৰ পৰা হাত সৰাৰ কথা চিন্তা কৰি প'লিনৰ সম্মতি লৈ উলমৰ ঘৰ-বাৰী বিক্ৰী কৰি পৰিয়ালটি মিউনিখলৈ গুছি গ'ল। মিউনিখত আন সুবিধাও বেছি। ডাঙৰ হ'লে এলবার্টে তাত পঢ়াশুনা কৰাৰ বাবে সুবিধাও উলমতকৈ বেছি পাব। হাৰম্যানে এইবোৰ কথাও লগতে ভাবিছিল। প্রথমতে জেকবৰ লগ এটি সৰু ভাড়াঘৰতে থাকিব ল'লে। তাৰ কিছুদিন পিছত মিউনিখৰে এটি সম্ভ্রান্ত অঞ্চলত এটি সৰু ঘৰ কিনি ল'লে। হাৰম্যান-প'লিনৰ এখন সুখৰ সংসাৰ আৰম্ভ হ'ল। বৰ আনন্দমনে এলবার্টক ডাঙৰ-দীঘল কৰিবলৈ ধৰিলে। বছৰ বাগৰিল। এলবার্ট খোজকাঢ়িব পৰা হ'ল। দুবছৰমানলৈ এলবাৰ্টৰ মাত ওলোৱা নাছিল। ১৮৮১ চনৰ ১৮ নৱেম্বৰত এলবাৰ্টৰ ভনীয়েক মাৰিয়াম (মাজা)ৰ জন্ম হ'ল। এলবার্টে খেলাৰ লগৰী পালে। আনন্দত হিয়া নধৰা অবস্থা। মা-দেউতা, খুড়া-মাজা এলবাৰ্টৰ খেলৰ লগৰী। খুড়াক জেকবে সাধু কয়। এৰিষ্ট 'টল, গেলিলিঅ', নিউটনৰ জীৱনৰ গল্প কয়। দেউতাক হাৰম্যানে শ্বেলী, বাখ, গেঠেৰ গল্প কয় । মাক প'লিনে বেহেলা আৰু পিয়ানোত সুৰ তোলে । সন্ধিয়া মজলিছ বহে। গান গায় প'লিনে। এলবার্ট আইনষ্টাইনে প্রাণ ঢালি শুনে আৰু ভায়োলিনৰ স্বৰত সৰগৰ অমিয়া পান কৰে। দিনৰ দিনটো মাজাৰ লগত খেলে। ঘৰৰ চাৰিওফালে থকা উদ্যানখনৰ ফুল, পখিলা, আকাশ, বতাহ, গছ-গছনি আদিৰ লগত অকলে অকলে কথা পাতে আৰু এই বম্যতাত আত্মবিভোৰ হৈ যায়। এলবার্ট এনেকৈয়ে পাঁচ বছৰীয়া হ'ল। ১৮৮৪ চনত ঘৰতে শিক্ষা আৰম্ভ কৰাই ১৮৮৫ চনত ওচৰতে থকা কেথলিক স্কুল (পিটার্চ স্কুল)ত প্রাথমিক শ্রেণীত নাম লগাই দিয়ে। এই সময়তে ভায়োলিন শিক্ষাও আৰম্ভ কৰে। ইয়াৰ তিনি বছৰ পাছত মিউনিখৰে লুইটপণ্ড জিম্নাছিয়ামত নামভর্তি কৰায়। স্কুললৈ যাবৰ বাবে কোনো কাৰণতে মন নাই। প্রকৃতিৰ এনে স্বাচ্ছন্দ্য সুখক জলাঞ্জলি দি স্কুলৰ এই শুকান কড়া শাসনৰ চেঁপাত নিজকে নিঃশেষ কৰি দিয়া যেন অনুভৱ কৰিবলৈ ধৰিলে। শিক্ষকে দিয়া পাঠবোৰৰ কোনো ৰস নাই। বাধ্যবাধকতাইনো কিমান মানসিক সুখ দিব। স্কুললৈ নাযাওঁ বুলি কেতিয়াবা জেদ ধৰে। ঘৰতে মাজাৰ লগত খেলি-মেলি থাকিবৰ মন। মাকৰ কড়া শাসন। ল'ৰাই স্কুললৈ নগ'লে কি কৰি খাব। মানুহক কি বুলি ক'ব। নানান দুঃশ্চিন্তা। এদিন হঠাতে তীব্রভাবে এলবাৰ্টৰ জ্বৰ উঠিল। একো নাখায়। একো নকয়। এদিন দুদিনকৈ কেইবাদিনো পাৰ হ'ল। এলবাৰ্টৰ শৰীৰ বৰ দুৰ্বল হৈ পৰিল। লাহে লাহে জ্বৰ কমিল যদিও দেহত বল নাই। হাৰম্যানে এটি দিগদর্শন যন্ত্র কিনি আনি দিলে। কিজানি খেলনা এটা পালে পুতেকৰ মনটো অলপ ভাল লাগে। সঁচাকৈ দিগদর্শন যন্ত্রটো পাই এলবাৰ্টৰ মনত বৰ স্ফূৰ্তি লাগিল বাৰে বাৰে ঘূৰাই দি চাবলৈ ধৰিলে। যিমান নুঘূৰালেও দিগদর্শন যন্ত্ৰৰ চুম্বকডালে একে ঠাইতে আহি একে দিশতে থাকে। ইয়াৰ ৰহস্যনো কি তাকে ভাবিব ধৰিলে চিন্তাৰ খোৰাক এটা পাই বৰ আনন্দিত হ'ল। আন এদিনৰ কথা। খুড়াক জেকবৰ কোঠাত সোমাই দেখে যে তাত এখন বীজগণিত (এলজেব্রা) কিতাপ। পাটিগণিত কৰি ভাল পোৱা এলবার্টে খুড়াকক সুধিলে- "এলজেব্রা মানে কি?" খুড়াকে এলজেব্রাৰ কথা গল্পৰ দৰে বুজাই দিয়াত এলবার্টে আনন্দত বিভোৰ হৈ পৰিল। স্কুললৈ গৈ কেৱল গণিত আৰু জ্যামিতিৰ বিষয়ে ভবাৰ বাহিৰে আন কোনো পাঠেই এলবাৰ্টৰ মূৰত নোসোমায়। তথাপি ক্লাছত বহি থাকে অন্যমনন্তভাবে। শিক্ষকে গালি-শপনি পাৰি নানান শাস্তি দিয়াৰ উপৰিও ঘৰলৈ এলবাৰ্টৰ ওপৰত আপত্তিজনক কথাৰে চিঠি লিখে। মাক-দেউতাক অতিষ্ঠ হৈ পৰে। কি কৰিব কি নকৰিব একো উপায় নাপায়। এলবার্টেও স্কুলত তিক্তভাবে দিন পাৰ কৰিব ধৰিলে। হাৰম্যানৰ লাহে লাহে ব্যবসায় বেয়া হৈ আহিবলৈ ধবিলে। ব্যৱসায়ৰ বাবে পুনৰ বাসস্থান সলাই ইটালিলৈ যাবলৈ ওলাল। তাতে ব্যৱসায় কৰিব। নহ'লে ঘব নচলে। যথা সময়ত এলবার্টক মিউনিখৰ জিমনাচিয়ামৰ হোষ্টেলতে থৈ ইটালীৰ মিলানলৈ গুছি গ'ল। এলবার্টক মৰমেৰে বুজালে যে আৰু দুটি বছৰ সেই মিউনিখৰ জিমনাছিয়ামতে পঢ়ি শিক্ষান্ত পৰীক্ষাৰ চার্টিফিকেটখন ল'ব লাগিব। তেওঁলোকে মাজে মাজে চিঠি লিখি থাকিব আৰু টকা-পইচা সময় মতে পঠাই থাকিব। অসন্তুষ্টিৰ মাজেৰে এলবার্টে সন্মতি জনালে। ভাবিলে মাক-দেউতাকৰ আশাৰ সকলো কথা। আর্থিক অনাটনৰ কথাওঁ। অশেষ চেষ্টা কৰিলে বছৰ দুটি সুকলমে পাৰ কৰাৰ। কিন্তু এলবাৰ্টৰ বাবে সম্ভৱ নহ'ল। কেনেকৈ পাৰে জিমনাছিয়াম এবি মিলানলৈ যাব পাৰি তাৰে উপায় চিন্তা কৰিবলৈ ধৰিলে। হোষ্টেলৰ ৰূমতে বহি খিৰিকীৰে চাই থাকে মিউনিখৰ আলপ আল্পচ্ পৰ্বতৰ সৌন্দর্য। জানুৱাৰী মাহত মিউনিখত প্রচণ্ড ঠাণ্ডা। খাল-বিল-নৈৰ পানী সকলো বৰফ হৈ পৰে। প্ৰচণ্ড চেঁচা বতাহে শৰীৰ ঠেৰেঙা লগায়। এদিন এলবাৰ্টৰ গা বেয়া। বুধি এটা উলিয়ালে যে ডাক্তৰৰ পৰা এখন শৰীৰ বেয়া বুলি চার্টিফিকেট লৈ জিমনাছিয়ামৰ পৰা ছুটী ল'ব। তাকে কৰিলে। ডাক্তৰে স্নায়ুৰ বিকাৰ হোৱা বুলি লিখি দিলে। ডাক্তবেও এলবার্টৰ মানসিকতা বুজি পাইছিল। ডাক্তৰৰ চার্টিফিকেট দি ছুটী ল'বলৈ গৈ শিক্ষকসকলৰ গালি-শপনি খালে। বিৰক্তিৰ সুৰত সকলোৱে ক'লে যে "যোৱা তোমাৰ বাবে আমাৰো শান্তি নোহোৱা হৈছে। নিজেও বিপথে গৈছা আৰু লগৰ ছাত্ৰ-ছাত্রীবোৰক পঢ়াশুনাত অশান্তি দিছা। তোমাৰ দৰে ছাত্র ইয়াত নথকাই ভাল।" পেটে পেটে এলবাৰ্টৰ বৰ আনন্দ লাগিল। ওলাই অহা হাঁহিটো জোৰকৈ বন্ধ কৰি ৰাখি তাৰ পৰা অনুমতি পাই কেনেবাকৈ ওলাই আহিল। ৰাতি টালি-টোপোলা বান্ধিলে। টোপোলা বুলিবলৈ কেইখনমান বিজ্ঞান আৰু গণিতৰ কিতাপৰ বাহিৰেনো কি আছিল। ৰাতিপুৱাই কাকো মাতবোল নিদি ৰেলত উঠিল। তৃতীয় শ্ৰেণীৰ দবাটোৰ খিৰিকীৰ কাষত বহি লৈ মিউনিখৰ পৰা মিলানলৈ এই দীঘলীয়া বাটটোত প্রকৃতিৰ সৌন্দৰ্য হিয়া জুৰাই উপভোগ কৰিলে। নিজকে বহুদিনৰ বন্দিত্বৰ পৰা মুক্তি পাই মুকলি আকাশৰ তলত পাখি মেলি উৰা বিহংগৰ দৰে লাগিল। কোন মুহূর্তত গৈ বেল মিলানৰ ষ্টেচন পালে ধৰিবই নোৱাৰিলে। ষ্টেচন পায়ে দৌৰ মাৰি ঘৰৰ দুৱাৰত ঢকিয়ালে। দুৱাৰ খুলি মাক প'লিনে পুতেকক দেখি হতবাক। দেউতাক, ঘুড়াক আৰু মাজাও দৌৰি আহি এলবার্টক সাবতি ধৰিলে। কি যে স্বর্গসুখতু দেউতাকে সুধিলে- "হঠাতে কিয় কাকো একো আগতীয়াকৈ খবৰ নিদিয়াকৈ এনেকৈ আহিলি। তথাপি পুত্রস্নেহত হাৰম্যান আৰু পলিন মন্ত্রমুগ্ধ হৈ পৰিল।" মাজা-জেকব আৰু মা-দেউতাকৰ লগত আকৌ আগৰ দিনবোৰৰ দৰে সন্ধিয়া মজলিছ। দিনত প্ৰকৃতিৰ ৰূপত মুগ্ধ। তাৰ মাজে মাজে জেকবৰ গল্প বীজগণিত আৰু বিজ্ঞানব গল্প এনেকৈয়ে ছমাহমান পাৰ হোৱাত দেউতাকে এলবার্টক জিমনাছিয়ামলৈ ঘুৰি যোৱাৰ কথা ক'লে। এলবার্টে ঘূৰি যোৱাৰ নামেই নলয়। উপায়হীন হৈ ১৮৯৫ চনৰ অক্টোবৰ মাহৰ এটি দিনত ছুইজাৰলেণ্ডৰ জুৰিখৰ পৃথিৱী বিখ্যাত পলিটেকনিক (এডেন 'রেছিক প'লিটেকনিছ স্কুল) স্কুলত নামভৰ্তিৰ পৰীক্ষা দিলে। পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত সর্বোচ্চ নম্বৰত বাহিৰে বাকী বিষয়ত বেয়া। অধ্যক্ষই কথাটোত গুৰুত্ব দি ক'লে যে নামভর্তি তথাপি হ'ব কিন্তু তাৰ আগতে বাকী বিষয়বোৰত অধ্যয়ন কৰি এখন স্কুলীয়া শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা চার্টিফিকেট ল'ব লাগিব। তাৰ বাবে ওচৰতে থকা "আৰাউ' চহৰৰ 'কেণ্টন স্কুল'ত পঢ়িব লাগিব। তাতে পঢ়াৰ বাবে অধ্যক্ষই সেই স্কুলৰ অধ্যক্ষকক মাস্তি কৰাব । কথা মতে কাম হ'ল। এলবার্টে আবাউৰ গাঁৱলীয়া পৰিবেশৰ মাধ্যমিক স্কুলখনত নাম লগালে। অতি উচ্চমানব শিক্ষা-দীক্ষা দিয়া এই আৰাউৰ স্কুলখনৰ অধ্যক্ষ আছিল এক আদর্শবাদী অধ্যাপক 'ভিন্টিলাৰ'। এজাক ল'ৰা-ছোৱালীবে ভেন্টিলাবৰ এটি অতি সুখী পৰিয়াল। ঘৰখনত শিক্ষা-সুৰ-সংগীতৰ সততে এক মনোমোহা পৰিৱেশ বিৰাজমান। ভিপ্টিলাবে এলবাৰ্টক তাতেই থকাৰ সুবিধা কৰি দি পঢ়াবলৈ ধৰিলে। ক'ত মিউনিখৰ পলিটেকনিক্ আৰু ক'ত ছুইজাৰলেণ্ডৰ আৰাউৰ এই সুন্দৰ পৰিবেশ। অৱশেষত ১৮৯৬ চনত এলবার্টে স্কুল লিভিং চার্টিফিকেট লৈ আবাউৰ পৰা জুৰিখ পালে আৰু হর্ষোচিত্তে জুৰিখৰ পলিটেকনিক্ত নাম ভর্তি কৰিলে। ইয়াতে জীৱনৰ গতি আৰম্ভ হ'ল। ল'ৰালিৰ সেউজসনা দিনবোৰ যেন লাহে লাহে সোণসেৰিয়া। হৈ আহিবলৈ ধৰিলে। পৃথিৱীত আজিলৈ যিমানগৰাকী প্রবাদ-পুৰুষে জন্ম লভিছে তাৰ ভিতৰত এগৰাকী হ'ল বিশ্বববেণ্য বিজ্ঞানী এলবার্ট আইনস্টাইন। দ্বিতীয় মহাসমৰৰ পাছত পৃথিবীত হতাশাবাদী লোকৰ বাবে তেওঁ হৈ পৰিছিল সাক্ষাৎ 'ঈশ্বৰ'। এই মহান বিজ্ঞানীজনাই জন্ম দিছিল পদার্থ বিজ্ঞানৰ প্রচলিত ধাৰণাৰ এক ব্যতিক্রমী শাখা আপেক্ষিকতাবাদ (Relativity)। গণিত তথা পদার্থ বিজ্ঞানৰ গৱেষণাই নহয়, তেওঁৰ বিশ্বমানৱতাই তেওঁক জীৱনকালতে ই খ্যাতিৰ উচ্চ শিখৰলৈ উত্তোৰিত কৰিছিল । তেওঁৰ বাগ্মিতা, আপোচবিহীন সত্যচর্চা, জ্ঞানান্বেষণ তথা মানৱতাবোধেই পৃথিৱীৰ সকলো মনীষীক আজিও বিষ্ময়ত হতবাক কৰি ৰাখিছে। মহান বিজ্ঞানী হৈয়ো নিজকে একনিষ্ঠ মানৱতাবাদীৰূপে প্রতিষ্ঠা কৰা এইগৰাকী সিদ্ধপুৰুষৰ শিশু কালো এক সাধাৰণ শিশুৰ দৰেই অনিন্দ্য সুন্দৰ আছিল। মাথো দুই-এটা ব্যতিক্ৰমৰ বাহিৰে।